অশান্ত জনতা
- জ্যোতিকা বৰা

- 1 day ago
- 1 min read
শাওনৰ সেমেকা নিশা
বাৰিষাৰ মেঘৰ আঁৰত
লুকাভাকু খেলা
দশমীৰ জোনটোৱে
পৃথিৱীৰ বুকুলৈ সিঁচি দিছে
ৰূপালী বিষাদৰ কিৰণ।
আকাশৰ বুকুত
বৰষুণৰ অন্তহীন ধাৰা
ভাব হয়
আকাশে যেন
নীৰৱে কান্দিছে।
কিমান কান্দিব আৰু!
এদিন এই চকুলোৰে
পৃথিৱীখন ডুবাই পেলাব
সৃষ্টি হ'ব বুকুৰ মাজত
এখন অন্তহীন
দুখৰ মহাসাগৰ ।
এইয়া
অকল আকাশৰ কান্দোন নহয়
এই কান্দোন মাটিৰ
পথাৰৰ বুকুত
ঘামৰ সলনি তেজ সিঁচা
কৃষক বন্ধুৰ কান্দোন।
মোৰ দেশৰ অগণন শ্ৰমিকে
নীৰৱে কান্দিছে
কান্দিছে
সপোন হেৰুওৱা পিতৃৱে
পুত্ৰ হেৰুওৱা মাতৃৱে
স্বামী হেৰুৱা পত্নীৱে
স্মৃতিক বুকুত সাৱটি।
আকাশে কান্দিছে
মাটিৱে কান্দিছে
নদীৱে কান্দিছে
আৰু কান্দিছে
দেশৰ অশান্ত জনতাই ।
মেঘ আঁতৰি যাব
বৰষুণ শেষ হব
দশমীৰ জোনে পোহৰ বিলাব
কিন্তু কেতিয়া
তেজেৰে ৰাঙলী পথাৰত
ফুলিব শান্তিৰ সেউজীয়া সপোন
কেতিয়া বন্ধ হব
অশান্ত জনতাৰ
হিয়াভগা কান্দোন ?
জ্যোতিকা বৰা ।
কামপুৰ, নগাঁও।
দূৰভাষ নং ৭৬৩৮০১১৫৮৩


Comments