top of page

মা দূৰ্গাৰ আৰাধনাৰ পৰা নিজৰ আত্মবিশ্বাসলৈ

Updated: Oct 5


দূৰ্গাপূজা আহিলেই যেন শৈশৱৰ দুৱাৰ খন আপোনা আপুনি খুলি যায়। সেই দুৱাৰৰ সিপাৰে থাকে শেৱালিৰ সুবাস, নতুন কাপোৰ পোৱাৰ আনন্দ, সন্ধিয়াৰ আলোকসজ্জা, ঢাকৰ শব্দ, প্ৰতিমাৰ আগত আৰতিৰ সৈতে ধুনাৰ ধোঁৱাত মিলি যোৱা এক অপাৰ আনন্দৰ উন্মাদনা। অসমত দুৰ্গাপূজা কেৱল পূজা নহয়; ই যেন ঋতু সলনিৰ বতৰা, গাওঁ-চহৰ সজীৱ হৈ উঠাৰ এক আনন্দদায়ক মুহূৰ্ত।


মনত পৰে—সন্ধিয়া নামিলেই ঘৰৰ ওচৰতে থকা পূজাৰ মণ্ডপলৈ দৌৰি যোৱাৰ কথা ,সন্ধিয়াৰ আৰতিৰ সময়লৈ অপেক্ষা কৰা, দেৱীৰ আগত ভক্তৰ নৃত্যৰ ছন্দত মুগ্ধ হোৱা, অষ্টমীৰ অঞ্জলিৰ পবিত্ৰতা আৰু নৱমীৰ ভোগৰ সোৱাদৰ কথা ।তাৰ পিছত আহে বিসৰ্জনৰ সেই আৱেগ বিহ্বল ক্ষণ।“ অহা বছৰ আকৌ দেৱী আহিব ” বুলি মনটোক বুজাই দেৱীক বিদায় দিয়া মুহূৰ্ত। মা দুৰ্গা বছৰত এবাৰ আহে আৰু গুছি যায়।


শৈশৱত পৃথিৱীখন বৰ সহজ আছিল। মা দুৰ্গা আছিল মাতৃ, ৰক্ষক, আশ্ৰয়। তেওঁৰ দহখন হাতত যেন আমাৰ সকলো ভয়ৰ উত্তৰ আছিল। তেওঁৰ চকুত আছিল মমতা, হাতত অস্ত্ৰ আৰু মুখত আছিল এক অদ্ভুত শান্তি। কিন্তু বয়স বাঢ়িল। পৃথিৱীখনক অলপ বেছি ওচৰৰ পৰা দেখিলোঁ। সমাজৰ মুখখনো অলপ অলপকৈ পঢ়িবলৈ শিকিলোঁ। তেতিয়া মনত এটা প্ৰশ্নই জন্ম ল’লে—মা দূৰ্গাক

সমাজে শক্তিৰ প্ৰতীক বুলি পূজা কৰে, সেই একেখন সমাজতে কিয় এগৰাকী নাৰীয়ে নিজৰ শক্তিৰে জীয়াই থাকিবলৈ ইমান কষ্ট কৰিবলগীয়া হয়? মা দুৰ্গাৰ সন্মুখত আমি প্ৰণাম কৰোঁ। কিন্তু ঘৰৰ ভিতৰত কেতিয়াবা এগৰাকী নাৰীৰ কণ্ঠ ৰুদ্ধ কৰি দিওঁ। দেৱীক শক্তি বুলি মানোঁ, অথচ নিজৰ ঘৰৰ ছোৱালীজনীক সিদ্ধান্ত লোৱাৰ অধিকাৰ দিবলৈ সংকোচ কৰোঁ। নাৰীৰ স্বাধীনতাক ভয় কৰোঁ, কিন্তু দেৱীৰ হাতত ত্ৰিশূল দেখি গৌৰৱ অনুভৱ কৰোঁ।এই বৈপৰীত্যই মনক কেতিয়াবা অশান্ত কৰি তোলে।


শৈশৱৰ সেই আনন্দময় দুৰ্গাপূজা আৰু আজিৰ বাস্তৱ পৃথিৱীৰ মাজৰ এই দূৰত্বই মোক মা দুৰ্গাক নতুনকৈ চাবলৈ,নতুনকৈ বিচাৰিবলৈ শিকাইছে। এতিয়া তেওঁ কেৱল মণ্ডপৰ প্ৰতিমা নহয়; তেওঁ যেন প্ৰতিগৰাকী নাৰীৰ ভিতৰত জ্বলি থকা সাহসৰ এক অদৃশ্য শিখা।আধ্যাত্মিক গুৰু শ্ৰীঅৰবিন্দৰ মতে দুৰ্গাপূজা মানে কেৱল মূৰ্তিৰ আৰাধনা নহয়; নিজৰ ভিতৰৰ ভয়, দুৰ্বলতা আৰু অন্ধকাৰক জয় কৰি শক্তি, জ্ঞান, সত্য আৰু সাহসেৰে জীৱনক আগুৱাই নিয়া। তেওঁৰ মতে মা দুৰ্গাৰ মাজত আমি শক্তি আৰু কৰুণাৰ এক অনুপম সমন্বয় দেখিবলৈ পাওঁ। ই আমাক সোঁৱৰাই দিয়ে যে প্ৰকৃত শক্তি কেৱল বিজয়ত নহয়, বৰং সকলোৰে জীৱনক সুৰক্ষা প্ৰদান আৰু লালন-পালন কৰাৰ মাজতেই নিহিত হৈ থাকে।


দেৱীৰ লগত থকা অসুৰ কেৱল মহিষাসুৰ নহয় ; সেইঅসুৰ কেতিয়াবা আমাৰ চিন্তাত থাকে, কেতিয়াবা আমাৰ আচৰণত, কেতিয়াবা পৰিয়ালৰ নীৰৱতাত, কেতিয়াবা কৰ্মক্ষেত্ৰৰ বৈষম্যত। কেতিয়াবা আকৌ সেই অসুৰজন আমাৰ নিজৰ ভিতৰতো লুকাই থাকে—ভয়ৰ ৰূপত, হীনমন্যতাৰ ৰূপত, অন্যায় দেখিও নেদেখাৰ ভাও ধৰাৰ ৰূপত।এগৰাকী নাৰীক কোৱা হয়—“অলপ সহ্য কৰা”, “নিয়ম মানি চলা”, “সমাজে কি ক’ব?”


কিন্তু কিয় সদায় নাৰীয়েই সকলো মানি চলিব লাগে ?


তাইৰোতো সপোন আছে। তাইৰো নিজৰ এখন আকাশ আছে। তাইৰো নিজৰ জীৱনটোক নিজৰ মতে গঢ়াৰ অধিকাৰ আছে। আশ্চৰ্যকৰ কথাটো হ’ল—কেতিয়াবা নাৰীয়েই নাৰীৰ বিৰুদ্ধে থিয় হয়। এগৰাকী গৃহিণীক আন এগৰাকীয়ে সৰু কৰে, কৰ্মজীৱী নাৰীক আন এগৰাকীয়ে বিচাৰ কৰে, নিজৰ বাবে সিদ্ধান্ত লোৱা নাৰীগৰাকীক “বেছি স্বাধীন” বুলি আঙুলিয়াই দেখুৱায়।যি সমাজে নাৰীক দুৰ্গাৰূপে পূজা কৰে, সেই একেখন সমাজত নাৰীৰ জীৱন কিয় এতিয়াও নিৰাপদ, স্বাধীন আৰু সন্মানজনক নহয়?


বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ 'দঁতাল হাতীৰ উঁয়ে খোৱা হাউদা" উপন্যাস খন এই প্ৰশ্নটোৰ এক গভীৰ সাহিত্যিক দলিল। সত্ৰীয়া সমাজৰ কঠোৰ সামাজিক বিধি, ধৰ্মীয় অনুশাসন, জাত-পাত আৰু পুৰুষতান্ত্ৰিক মূল্যবোধৰ মাজত উপন্যাসখনৰ নাৰী চৰিত্ৰসমূহে নিজৰ অস্তিত্বৰ বাবে কৰা সংগ্ৰাম অত্যন্ত কৰুণ। নাৰীৰ জীৱনত ধৰ্ম আছে, সামাজিক নিয়ম আছে, সংস্কাৰ আছে—কিন্তু নিজৰ জীৱন বাছি লোৱাৰ অধিকাৰ কিমান? এই প্ৰশ্নটোৱেই উপন্যাসখনৰ অন্তৰাত্মাত যেন নিৰন্তৰ প্ৰতিধ্বনিত হয়।

প্ৰতিদিনে বাতৰি কাকতত ভাৰতত বৰ্ধিত ধৰ্ষণৰ ঘটনা প্ৰকাশ হয় ।দিল্লী, কলকাতাৰ দৰে চহৰবোৰ অভাৱনীয়ভাৱে অসুৰক্ষিত হৈ পৰিছে। বন্ধ দুৱাৰৰ ভিতৰত মহিলাসকলে ঘৰুৱা হিংসাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনকি ভাৰতৰ টায়াৰ ১/২ চহৰতো মহিলাসকলে কৰ্পৰেট স্থানত নিজৰ অধিকাৰৰ বাবে যুঁজি আছে। বিয়াৰ পিছত বহুতো নাৰীয় মানসিক হাৰাশাস্তি, হতাশা, উদ্বেগ সহ্য কৰিবলগীয়া হয়। নাৰীয়ে প্ৰতি দিনে নিজৰ বাবে সংগ্ৰাম কৰিব লাগে ।এই কঠোৰ বাস্তৱবোৰে দূৰ্গাপূজাৰ সময়ত অনুভৱ কৰা আনন্দ নিমিষতে ম্লান কৰে ।মই উপলব্ধি কৰো ,এফালে মানুহে নাৰীবাদৰ প্ৰতীকক পূজা কৰে, আনফালে নাৰীক এতিয়াও দুৰ্বল বুলি গণ্য কৰা হয়।সন্মান, সমতা, নিৰাপত্তাৰ যুঁজখন শেষ হোৱাৰ পৰা আশা সূদুৰ গৰাহত।


আজি আমি যুঁজি থকা অসুৰ প্ৰাচীন কাহিনীৰ পৰা অহা অসুৰ নহয়। ই আমাৰ অফিচত, আমাৰ ঘৰত, আমি গভীৰ নিশা লোৱা কেবখনত থাকে। আমাক “এডজাষ্ট”

কৰিবলৈ কোৱা হয় । নাৰীক সমাজৰ নিয়ম অনুসৰি জীয়াই থাকিবলৈ কোৱা হয় ।আমি ক’লৈ যাম, কি পিন্ধিম, আনকি আমি কেনেকৈ জীৱনটো কটাবলৈ বাছি লওঁ, সেইবোৰৰ সিদ্ধান্ত সমাজ দ্বাৰা বিচাৰ কৰা হয়। যদি আমি আমাৰ মনৰ কথা ক’বলৈ সাহস কৰো তেন্তে আমাক “ভাল পত্নী বা ভাল ছোৱালী নহয়” বুলি ব্ৰেণ্ড কৰা হয়।

দশভুজা দুৰ্গাৰ দহখন হাতত দহবিধ অস্ত্ৰ আছে। কিন্তু আজিৰ নাৰীৰ হাতত হয়তো অস্ত্ৰ নাই—আছে শিক্ষা, আত্মবিশ্বাস, আইন, অৰ্থনৈতিক স্বাধীনতা আৰু নিজৰ অধিকাৰৰ সচেতনতা। এই শক্তিবোৰক সমাজে স্বীকাৰ আৰু সুৰক্ষিত কৰিব লাগিব।দুৰ্গাৰ মূৰ্তি গঢ়ি পূজা কৰাটো সহজ; কিন্তু নিজৰ ঘৰৰ, সমাজৰ আৰু মনৰ ভিতৰত থকা পুৰুষতান্ত্ৰিক ‘মহিষাসুৰ’ক পৰাস্ত কৰাটোহে কঠিন।সেয়ে এই দুৰ্গোৎসৱত প্ৰশ্নটো কেৱল—‘দেৱী কেতিয়া আহিব?’এইটো হব নালাগে।

প্ৰশ্ন হওক—আমি কেতিয়া নাৰীক দেৱী হিচাপে নহয়, প্ৰথমে এগৰাকী পূৰ্ণ মানুহ হিচাপে সন্মান কৰিবলৈ শিকিম?কাৰণ নাৰীক সদায় ‘দেৱী’ কৰি দূৰৈত ৰখাৰ প্ৰয়োজন নাই।তেওঁক মানুহ হিচাপে সমান অধিকাৰ, মৰ্যাদা আৰু স্বাধীনতা দিয়াটোহে আজিৰ সমাজৰ প্ৰকৃত দুৰ্গাপূজা।


আমি যদি দেৱীক সঁচাকৈয়ে শক্তিৰ প্ৰতীক বুলি বিশ্বাস কৰোঁ, তেন্তে প্ৰথমে ইজনে সিজনৰ শক্তিক সন্মান কৰিবলৈ শিকিব লাগিব।মা দুৰ্গাৰ শক্তি কেৱল ত্ৰিশূলত নাই।তেওঁৰ শক্তি মমতাতো আছে।তেওঁৰ শক্তি সাহসত আছে।তেওঁৰ শক্তি অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাৰ ক্ষমতাত আছে। আটাইতকৈ ডাঙৰ কথা—তেওঁৰ শক্তি নিজক বিশ্বাস কৰাৰ ভিতৰতো আছে।


সেয়ে এই নৱৰাত্ৰিত দেৱীৰ পূজাত মোৰ প্ৰাৰ্থনা অলপ বেলেগ হওক।কেৱল মন্দিৰত চাকি জ্বলোৱাৰ আগতে নিজৰ অন্তৰত এগচি চাকি জ্বলাই লওঁ। কেৱল দেৱীৰ সন্মুখত হাত জোৰ কৰাৰ আগতে নিজৰ বিবেকৰ সন্মুখত থিয় হওঁ। অন্যায় দেখিলে প্ৰশ্ন কৰিবলৈ শিকোঁ। ভয় লাগিলেও সত্যৰ পক্ষত থিয় হ’বলৈ শিকোঁ।


মা দুৰ্গাক বিশ্বাস কৰাৰ লগতে নিজৰ ভিতৰত থকা শক্তিকো বিশ্বাস কৰিব লাগিব। কাৰণ কেতিয়াবা আমি যিগৰাকী দুৰ্গাক পূজা মণ্ডপত বিচাৰি ফুৰোঁ, সেই দুৰ্গা হয়তো আমাৰ নিজৰ ভিতৰতে বহি আছে।এগৰাকী মাকে নিজৰ সন্তানৰ বাবে ৰাতি উজাগৰে থকা সাহসত দুৰ্গাক দেখা পোৱা যায়।এগৰাকী ছোৱালীক নিজৰ সপোনৰ বাবে সমাজৰ প্ৰশ্নৰ সন্মুখীন হোৱা দৃঢ়তাত দুৰ্গাক দেখা যায়।এগৰাকী বৃদ্ধা মহিলাক জীৱনৰ বহু ধুমুহাৰ পিছতো হাঁহি থকা মুখখনত দুৰ্গাক দেখা যায়।এগৰাকী নাৰীক আন এগৰাকী নাৰীয়ে হাতত হাত থৈ কোৱা কথাষাৰত—“মই তোমাৰ লগত আছোঁ”—সেইখিনিতো দুৰ্গাক দেখা পোৱা যায়।


ভক্তি যদি হৃদয়ৰ ভাষা হয়, তেন্তে কৰ্ম তাৰ উত্তৰ। সেয়ে পূজাৰ মণ্ডপৰ পৰা উভতি অহাৰ সময়ত কেৱল প্ৰসাদৰ পাত এখন লগত লৈ নাহোঁ। লগত লৈ আহোঁ এটা সংকল্প—কোনো নাৰীক হেয় নকৰোঁ।অন্যায় দেখিও নীৰৱে নাথাকোঁ।ইজনে সিজনৰ সপোনক সন্মান কৰোঁ। নিজৰ ভয়ক জয় কৰিবলৈ চেষ্টা কৰোঁ।আৰু মানুহক মানুহ হিচাপে সন্মান কৰোঁ।

দেৱীৰ মূৰ্তি বিসৰ্জন হয়। ফুল মৰহে। ধূপৰ ধোঁৱা আকাশত মিলি যায়। ঢাকৰ শব্দ এদিন স্তব্ধ হয়। পূজাৰ পোহৰো এদিন নুমাই যায়।কিন্তু আমি দেৱীৰ ওচৰৰ পৰা এটা কথা হৃদয়ত লৈ আনিব পাৰোঁ সেইয়া হৈছে সাহস, মমতা, ন্যায় আৰু আত্মবিশ্বাস। এইখিনি কৰিব পাৰিলে দেৱীৰ পূজা শেষ নহয়।তেতিয়া মা দুৰ্গা আমাৰ মাজতেই সদায় থাকিব।আমাৰ কথাত,আমাৰ কৰ্মত,আমাৰ সাহসত,আমাৰ মমতাত।


এই নৱৰাত্ৰি আৰু দেৱীৰ পূজাত আমি মা দুৰ্গাক পূজা কৰাৰ লগতে মা দুৰ্গাই দেখুওৱা শক্তিৰ অৰ্থটো বুজিবলৈ চেষ্টা কৰোঁ আহক । নিজৰ অন্তৰত লুকাই থকা শক্তিক কওঁ—“মই পাৰিম।”কাৰণ মা দুৰ্গাক বিশ্বাস কৰাৰ লগতে নিজকে বিশ্বাস কৰাটোও এক প্ৰকাৰৰ পূজা।



পিংগলিকা বৰকটকী

গ্ৰেটাৰ নয়দা,উত্তৰপ্ৰদেশ

দূৰভাষ নং : ৯৯৫৮৩৭০৩৮৭

Recent Posts

See All
নাম আছিল আশা

আকাশখনৰ মনটো বুজিবলৈ বৰ কঠিন হৈ পৰিছে এই কেইদিন । কিবা সদ্য বিবাহিত লাজুকি কণ্যাৰ দৰে নিজৰ দুদিনমানৰ আগতে এৰি অহাগাওঁখনলৈ, ঘৰখনলৈ , মাক-দেউতাক, বাই-ভনীয়েকলৈ মনত পৰি অজানিতে চকুলো নিগৰি অহাৰ দৰে আকাশখন

 
 
 
প্ৰহসন

চিল্ মিলকৈ টোপনি আহিছিলহে , মোবাইলৰ শব্দত সাৰপাই উঠিলো। ডাক্তৰৰ ঘৈণীয়েক হ'লে এইটোৱেই সমস্যা।খোৱা-বোৱা, ফুৰা-চকা ক'তো শান্তি নাইকিয়া হয়। সকলোৱেই ডাক্তৰৰ টকা-পইচা সৰহ হোৱাহে দেখে , কিন্তু ঘৈণীয়েকজনী

 
 
 

Comments


bottom of page