top of page

দেৱী দুৰ্গা: শক্তিৰ আৰাধনাৰ পৰা অহংকাৰ বধলৈ


শৰতৰ নীলা আকাশত যেতিয়া শুকুলা মেঘে  পাখি মেলি দিয়ে, কঁহুৱাৰ কোমল ঢৌৱে বতাহত মূৰ দোঁৱায় আৰু শেৱালিৰ সুবাসে পুৱাৰ বাট ভৰাই তোলে, তেতিয়া প্ৰকৃতিয়েই যেন কোনো এক মহাশক্তিৰ আগমনৰ বতৰা দিয়ে। ধূপৰ সুগন্ধ, মন্দিৰৰ ঘণ্টাধ্বনি, ঢাকৰ ছন্দ আৰু ভক্তিৰে নত হোৱা অগণন ভক্তৰ মাজত উচ্চাৰিত হয় এটাই নাম—দুৰ্গা মা।কিন্তু দেৱী দুৰ্গাৰ আৰাধনা কেৱল এটি ধৰ্মীয় আচাৰ বা উৎসৱ নহয়। ইয়াৰ অন্তৰালত নিহিত হৈ আছে মানুহৰ অন্তৰ্জগতৰ এক চিৰন্তন কাহিনী। সেইয়া হৈছে অশুভৰ বিৰুদ্ধে শুভৰ, অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ আৰু অহংকাৰৰ বিৰুদ্ধে আত্মজ্ঞানৰ সংগ্ৰাম। সেয়েহে দুৰ্গাৰ মূৰ্তিৰ সন্মুখত জ্বলোৱা প্ৰতিটো চাকি যেন বাহিৰৰ অন্ধকাৰ আঁতৰোৱাৰ লগতে নিজৰ অন্তৰৰ অন্ধকাৰলৈও পোহৰ বিলোৱাৰ এক প্ৰতীকী প্ৰয়াস।


দেৱী দুৰ্গা ভাৰতীয় সভ্যতা আৰু হিন্দু পৌৰাণিক পৰম্পৰাত শক্তি, সাহস, সুৰক্ষা আৰু ন্যায়ৰ এক মহৎ প্ৰতীক। তেওঁ ঐশ্বৰিক নাৰীশক্তিৰ প্ৰকাশ; কিন্তু সেই শক্তি কেৱল ধ্বংসৰ শক্তি নহয় বৰং ই সৃষ্টিৰ, পালন-পোষণৰ, সুৰক্ষাৰ আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ শক্তিও। সেইবাবেই দেৱীৰ হাতত থকা অস্ত্ৰ, তেওঁৰ সিংহবাহন আৰু মহিষাসুৰৰ সৈতে হোৱা যুদ্ধৰ প্ৰতিটো উপাদানৰ মাজত গভীৰ প্ৰতীকী তাৎপৰ্য নিহিত হৈ আছে।

দেৱী দুৰ্গাৰ সৈতে জড়িত আটাইতকৈ প্ৰসিদ্ধ পৌৰাণিক আখ্যান হৈছে মহিষাসুৰমৰ্দিনীৰ কাহিনী। পৌৰাণিক বৰ্ণনা অনুসৰি মহিষাসুৰে কঠোৰ তপস্যাৰ ফলত শক্তি লাভ কৰি দেৱতাসকলক পৰাস্ত কৰিছিল আৰু স্বৰ্গৰাজ্যত আধিপত্য বিস্তাৰ কৰিছিল। তেওঁৰ অত্যাচাৰত বিপৰ্যস্ত দেৱতাসকলৰ সামূহিক শক্তিৰ পৰা আবিৰ্ভাৱ ঘটিছিল মহাশক্তি দুৰ্গাৰ। বিভিন্ন দেৱতাৰ পৰা লাভ কৰা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ সিংহৰ পিঠিত আৰোহণ কৰি তেওঁ মহিষাসুৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল। অৱশেষত মহিষাসুৰৰ বধৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্য পুনৰ প্ৰতিষ্ঠিত হৈছিল।


এই কাহিনীক কেৱল পৌৰাণিক যুদ্ধৰ আখ্যান হিচাপে চালে ইয়াৰ গভীৰ তাৎপৰ্য উপলব্ধি কৰা কঠিন। মহিষাসুৰক মানুহৰ অন্তৰত জন্ম লোৱা অহংকাৰ, ক্ষমতাৰ মদমত্ত হোৱা, লোভ, হিংসা, নিষ্ঠুৰতা আৰু আত্মম্ভৰতাৰ প্ৰতীক হিচাপেও ব্যাখ্যা কৰিব পাৰি। মানুহৰ ভিতৰত যেতিয়া ক্ষমতাৰ অহংকাৰ ন্যায়বোধক ঢাকি পেলায়, যেতিয়া লোভে বিবেকক পৰাস্ত কৰে আৰু যেতিয়া আত্মম্ভৰতাই আনৰ অধিকাৰক অস্বীকাৰ কৰে, তেতিয়াই যেন অন্তৰৰ মহিষাসুৰ জাগি উঠে।


সেই অৰ্থত দুৰ্গাৰ যুদ্ধ বাহিৰৰ কোনো অসুৰৰ সৈতে হোৱা যুদ্ধৰ লগতে মানুহৰ নিজৰ সৈতে হোৱা যুদ্ধ। দেৱীৰ হাতৰ অস্ত্ৰবোৰ যেন আত্মসংযম, বিবেক, জ্ঞান, সাহস আৰু ন্যায়ৰ প্ৰতীক। মহিষাসুৰৰ বধ সেয়ে কেৱল এজন অসুৰৰ পৰাজয় নহয়; ই অহংকাৰৰ ওপৰত আত্মজ্ঞানৰ বিজয়।


ভাৰতীয় দৰ্শনত শক্তিৰ ধাৰণাৰ এক গভীৰ স্থান আছে। বিশ্বব্ৰহ্মাণ্ড স্থিৰ কোনো জড় বস্তু নহয়; ইয়াৰ ভিতৰত অহৰহ চলি আছে সৃষ্টি, পালন আৰু পৰিৱৰ্তনৰ প্ৰক্ৰিয়া। সেই গতিশীলতাক শক্তিৰ ৰূপত অনুভৱ কৰা হৈছে। দেৱী দুৰ্গা সেই মহাজাগতিক শক্তিৰ এক দৃশ্যমান প্ৰতীক।দেৱীৰ  হাতত থকা বিভিন্ন অস্ত্ৰৰ মাজেৰে মানুহে বিভিন্ন গুণ আৰু সামৰ্থ্যৰ প্ৰতীক বিচাৰি পায়। ত্ৰিশূলে প্ৰকৃতিৰ তিনিটা গুণৰ ওপৰত নিয়ন্ত্ৰণৰ ধাৰণা প্ৰকাশ কৰে বুলি ব্যাখ্যা কৰা হয়; শংখই পবিত্ৰ ধ্বনি আৰু জাগৰণৰ প্ৰতীক বহন কৰে। সিংহ তেওঁৰ সাহস, শক্তি আৰু অদম্য মনোবলৰ প্ৰতীক। দেৱীৰ উজ্জ্বল অলংকাৰ আৰু দীপ্তিময় ৰূপে মহিমা আৰু ঐশ্বৰিক শক্তিৰ প্ৰকাশ ঘটায়।


এই প্ৰতীকবোৰৰ মূল শিক্ষা বাহ্যিক জগতৰ সৈতে শেষ নহয়। মানুহৰ জীৱনত শক্তি তেতিয়াহে অৰ্থপূৰ্ণ হয়, যেতিয়া সেই শক্তি ন্যায় আৰু কল্যাণৰ বাবে ব্যৱহৃত হয়। শক্তিৰ সৈতে যদি বিবেক নাথাকে, তেন্তে শক্তিয়েই অত্যাচাৰৰ কাৰণ হ’ব পাৰে। সেয়ে দুৰ্গাৰ হাতৰ অস্ত্ৰৰ অন্তৰালত শক্তিৰ লগতে সংযম আৰু নৈতিক দায়িত্বৰ শিক্ষাও নিহিত হৈ আছে।


দেৱী দুৰ্গাৰ অন্যতম তাৎপৰ্য হৈছে তেওঁৰ নাৰীশক্তিৰ প্ৰতিনিধিত্ব। তেওঁ একে সময়তে মাতৃ, ৰক্ষক আৰু যোদ্ধা। তেওঁৰ কোমলতাত আছে সৃষ্টিৰ সম্ভাৱনা, মাতৃস্নেহত আছে পালন-পোষণৰ শক্তি আৰু ৰণৰূপত আছে অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস।দেৱীৰ বিভিন্ন প্ৰকাশ—পাৰ্বতীৰ কোমল ৰূপৰ পৰা কালী বা চামুণ্ডাৰ উগ্ৰ ৰূপলৈকে—নাৰীশক্তিৰ বহুমাত্ৰিক স্বৰূপ প্ৰকাশ কৰে। ইয়াৰ মাজত এটা গভীৰ বাৰ্তা আছে।সেইয়া হৈছে নাৰীত্ব কেৱল কোমলতা বা সহনশীলতাৰ নাম নহয়; প্ৰয়োজনত অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ শক্তিও নাৰীৰ অন্তৰত নিহিত।সেয়েহে দুৰ্গা আজিও কেৱল পূজাৰ বেদীত স্থাপিত এগৰাকী দেৱী নহয়; তেওঁ আত্মমৰ্যাদা, সাহস আৰু সৱলীকৰণৰ প্ৰতীক।


চুবুৰীয়া ৰাজ্য পশ্চিমবংগত দুৰ্গা পূজা বাঙালী জীৱন আৰু শাৰদীয় সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত। সেইবাবেই এই উৎসৱক ‘শাৰদীয় উৎসৱ’ বা ‘শাৰদীয় দুৰ্গা উৎসৱ’ বুলি অভিহিত কৰা হয়। বাঙালী সমাজত দুৰ্গাৰ ৰূপটোৱে সময়ৰ সৈতে এক মানৱীয় পৰিৱৰ্তন লাভ কৰিছে। শক্তি-আৰাধনাৰ তান্ত্ৰিক পৰম্পৰাত দেৱীৰ ৰণৰূপ আৰু মহিষাসুৰমৰ্দিনী ৰূপৰ প্ৰাধান্য থাকিলেও ক্ৰমে মানুহৰ কল্পনা আৰু মাতৃভক্তিয়ে তেওঁক ঘৰৰ মাকৰ ৰূপ দিয়ে। লক্ষ্মী, সৰস্বতী, কাৰ্তিক আৰু গণেশক পুত্ৰ-কন্যাৰূপে দেৱীৰ সৈতে সংযুক্ত কৰি গঢ়ি উঠে এক সম্পূৰ্ণ পৰিয়ালৰ ছবি।আনকি লোক কল্পনাত দুৰ্গা হৈ উঠিল স্বামীৰ ঘৰলৈ যোৱা এগৰাকী মৰমৰ জীয়ৰী, যি বছৰত এবাৰ মাকৰ ঘৰলৈ আহে। সেয়ে বিজয়া দশমীৰ বিদায়ত ভক্তিৰ সৈতে জৰিত হয় কন্যা-বিচ্ছেদৰ বেদনা। দেৱীৰ বিসৰ্জন যেন মূৰ্তিৰ বিদায় নহয়, নিজৰ ঘৰৰ মৰমৰ জীয়ৰীক বিদায় দিয়াৰ এক আৱেগিক মুহূৰ্ত।


এই মানৱীয় ৰূপটোৱেই দুৰ্গোৎসৱক ধৰ্মৰ পৰিসৰৰ পৰা সংস্কৃতি, অনুভূতি আৰু সামাজিক সম্পৰ্কৰ বৃহৎ উৎসৱলৈ ৰূপান্তৰিত কৰিছে। পূজাৰ মণ্ডপত বিভিন্ন শ্ৰেণীৰ মানুহ একত্ৰিত হয়, শুভেচ্ছা বিনিময় কৰে আৰু কিছু সময়ৰ বাবে সামাজিক দূৰত্ব পাহৰি আত্মীয়তাৰ বন্ধনত আবদ্ধ হয়। সেইবাবেই দুৰ্গোৎসৱ হিন্দু সমাজত ভক্তিৰ লগতে হৈ পৰে মিলন, সম্প্ৰীতি আৰু ভাতৃত্বৰো উৎসৱ।

দুৰ্গা পূজাৰ পৰিৱেশ মন্ত্ৰোচ্চাৰণ, ঢাকৰ ছন্দ, ধূপৰ সুবাস আৰু ফুলৰ সৌন্দৰ্যৰে এক বিশেষ আধ্যাত্মিক আবহ সৃষ্টি কৰে। হিন্দু পৰম্পৰাত মন্ত্ৰক পবিত্ৰ ধ্বনি আৰু মন সংযোগৰ এক মাধ্যম হিচাপে গণ্য কৰা হয়। দুৰ্গা আৰাধনাৰ বিভিন্ন স্তোত্ৰ আৰু মন্ত্ৰত দেৱীক শক্তি, মাতৃ, শান্তি আৰু মঙ্গলৰ প্ৰতীক হিচাপে বন্দনা কৰা হৈছে।


“য়া দেৱী সৰ্বভূতেষু মাতৃৰূপেণ সংস্থিতা,

য়া দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা,

য়া দেৱী সৰ্বভূতেষু শান্তিৰূপেণ সংস্থিতা...”


এই প্ৰাৰ্থনাৰ অন্তৰ্নিহিত অৰ্থ অত্যন্ত তাৎপৰ্যপূৰ্ণ—মাতৃ, শক্তি আৰু শান্তিৰ ৰূপত যি ঐশ্বৰিক সত্তা সকলো জীৱৰ মাজত বিৰাজমান, তেওঁক প্ৰণাম। অৰ্থাৎ দেৱীৰ উপস্থিতি কেৱল মন্দিৰৰ প্ৰতিমাত সীমাবদ্ধ নহয়; জীৱন আৰু জগতৰ বিভিন্ন ৰূপতো সেই শক্তিক অনুভৱ কৰাৰ আহ্বান ইয়াত নিহিত।


পূজাৰ আধ্যাত্মিক লক্ষ্যও সেয়েহে কেৱল বাহ্যিক আচাৰ পালন নহয়; মনক শুদ্ধ কৰা, নেতিবাচক প্ৰৱণতাৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰা আৰু নৈতিক জীৱনৰ দিশে আগবঢ়াই নিয়া। ক্ৰোধ, হিংসা, লোভ, অহংকাৰ আৰু অসংযমে মানুহৰ বিবেকক আচ্ছন্ন কৰিব পাৰে। দেৱী-আৰাধনাই সেই অন্তৰ্দ্বন্দ্বৰ মাজত আত্মসংযম আৰু শুভবোধৰ জাগৰণৰ প্ৰতীকী পথ দেখুৱায়।ভগৱদ্গীতাৰ ষোড়শ অধ্যায়ত দৈৱী আৰু আসুৰী সম্পদৰ কথা উল্লেখ কৰা হৈছে। দম্ভ, অহংকাৰ, ক্ৰোধ, কঠোৰতা আৰু অজ্ঞানতাক আসুৰী প্ৰৱণতাৰ সৈতে জড়িত কৰা হৈছে। এই দৃষ্টিৰে চালে মহিষাসুৰ কোনো দূৰ অতীতৰ কাহিনীৰ চৰিত্ৰ হৈ নাথাকে; তেওঁৰ প্ৰতীকী অস্তিত্ব আজিও মানুহৰ আচৰণৰ মাজত দেখা দিব পাৰে।


আজিৰ পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ ক্ষমতা বহুগুণে বৃদ্ধি কৰিছে। কিন্তু ক্ষমতাৰ সৈতে যদি নৈতিকতা নাথাকে, তেন্তে সেই শক্তিয়েই ধ্বংসৰ কাৰণ হ’ব পাৰে। ব্যক্তিগত জীৱনৰ পৰা ৰাজনীতি, সমাজ আৰু পৰিৱেশলৈকে অহংকাৰ, লোভ আৰু আধিপত্যৰ মানসিকতা বহু সমস্যাৰ শিপাত আছে। সেয়ে মহিষাসুৰ-বধৰ কাহিনী আধুনিক যুগতো প্ৰাসংগিক।উত্তৰ-আধুনিকতা, উত্তৰ-ঔপনিৱেশিক চিন্তা বা নাৰীবাদী তত্ত্বৰ উত্থানৰ যুগতো ভাৰতীয় দৰ্শন আৰু ইয়াৰ প্ৰতীকসমূহৰ মূল্য হ্ৰাস হোৱা নাই। বৰং বিশ্বায়ন আৰু আধুনিক জীৱনৰ জটিলতাৰ মাজত মানুহে যেতিয়া আত্মিক শান্তি, নৈতিক শক্তি আৰু অন্তৰ্দৃষ্টিৰ সন্ধান কৰে, তেতিয়া এনে দাৰ্শনিক পৰম্পৰাৰ নতুন অৰ্থ উন্মোচিত হয়।


ভৱিষ্যতে দেৱী-আৰাধনা আৰু ভাৰতীয় দৰ্শনৰ গুৰুত্ব আৰু বৃদ্ধি পাব পাৰে। কাৰণ ভক্তৰ বাবে দেৱী কোনো নিৰ্দিষ্ট মন্দিৰ, মূৰ্তি বা পূজাৰ বেদীত আবদ্ধ নহয়; তেওঁ সৰ্বব্যাপী পৰম শক্তিৰ প্ৰতীক। প্ৰকৃতিৰ প্ৰতিটো স্পন্দনত, জীৱনৰ প্ৰতিটো শুভ প্ৰচেষ্টাত আৰু মানুহৰ অন্তৰৰ সাহস, মমতা আৰু ন্যায়বোধত সেই শক্তিৰ প্ৰকাশ বিচাৰি পাব পাৰি।

সেইবাবেই দুৰ্গা পূজাৰ প্ৰকৃত তাৎপৰ্য হয়তো বছৰত এবাৰ মণ্ডপলৈ গৈ দেৱীৰ সন্মুখত সেৱা জনালেই শেষ নহয়। প্ৰকৃত আৰাধনা তেতিয়াহে সম্পূৰ্ণ হয়, যেতিয়া মানুহে নিজৰ ভিতৰৰ অহংকাৰক চিনাক্ত কৰে, লোভৰ ওপৰত সংযম স্থাপন কৰে, অন্যায়ৰ বিৰুদ্ধে থিয় হয় আৰু জীৱনত সত্য, ন্যায়, মমতা আৰু শুভবোধক স্থান দিয়ে।মহিষাসুৰৰ বধ সেয়েহে অতীতৰ কোনো যুদ্ধৰ অন্ত নহয়; এইয়া হৈছে প্ৰতিজন মানুহৰ অন্তৰত চলি থকা এক অবিৰাম যুদ্ধৰ প্ৰতীক। দেৱী দুৰ্গা এই যুদ্ধত জয়ী হ’বলৈ জাগ্ৰত হোৱা মানে আমাৰ অন্তৰশক্তিৰ জাগ্ৰত হোৱা। শৰতৰ আকাশত শুকুলা ডাৱৰ, মন্ত্ৰৰ ধ্বনিৰ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে এই আহ্বান প্ৰতিধ্বনিত হৈ থাকিব যে,অশুভক জয় কৰা, অহংকাৰক পৰাস্ত কৰা আৰু নিজৰ ভিতৰৰ পোহৰক জগাই তোলা। তাতেই দেৱী দুৰ্গাৰ আৰাধনাৰ চিৰন্তন সাৰ্থকতা বিচাৰি পোৱা যায়।



ড০ শৰৎ বৰকটকী

নগাঁও, অসম।

দূৰভাষ নং ৭০০২২৫৮১৭৩ 



Comments


bottom of page