top of page

দুৰ্গা পূজাৰ স্মৃতি -- বেলুন আৰু জিলাপি


দুৰ্গা পূজা আহিলেই বিভিন্ন ঠাইৰ ভিন্ন সময়ৰ পূজাৰ পৰিবেশবোৰ মনলৈ আহে । সৰু কালৰ পৰা এতিয়ালৈকে অসমৰ বাহিৰে-ভিতৰে কিমান ঠাইত পূজা চালোঁ তাৰ অন্ত নাই। চিলঙৰ লাবান , বিষ্ণুপুৰ , ধানখেতি আদি ঠাইৰ পূজা চাইছিলোঁ বৰদাদা পুলিন গোস্বামীৰ লগত। চাকৰি সূত্ৰে বৰদাদা তেতিয়া সপৰিয়ালে চিলঙত থাকে । দাদাৰ লগত চিলঙৰ অলিয়ে-গলিয়ে ঘূৰি-পকি পূজা চোৱা , লাবানৰ পূজাত খিচিৰি ভোগ খোৱা, গধূলি পুলিচ বজাৰৰ "দিল্লী চুইটচ"ত লাইন পাতি জিলেপী কিনি খোৱা আদি কথাবোৰ পূজাৰ সময়ত সদায় মনত পৰে ।


চাকৰি কৰিবলৈ গৈ প্ৰায় ১২ বছৰ নাজিৰাত আছিলোঁ । সেইসময়ত নাজিৰাৰ পূজাৰ মাদকতা ইমান বেছি আছিল যে আজিকোপতি সেই মাদকতা মনৰ মাজত সজীৱ হৈ আছে। নাজিৰাৰ নাট্য মন্দিৰৰ লগতে থকা পূজা মণ্ডপত হোৱা পূজাভাগেই আছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আমাৰ চিকিৎসালয়খন আছিল পূজামণ্ডপৰ সীমাতে । সেইবাবে প্ৰস্তুতি পৰ্বৰ পৰা শেষলৈকে আমি সকলোধৰণে জড়িত হৈ পৰিছিলোঁ । সৰু নগৰখনৰ বাট-পথবোৰৰ দুয়োকাষে নানাধৰণৰ দোকানবোৰ বহি মেলাময় পৰিবেশ এটা সৃষ্টি হৈছিল । নাজিৰাত পূজাৰ বতৰৰ আন এক আকৰ্ষণ আছিল এম্ চি ক্লাবৰ লটাৰী খেল । লটাৰী খেলৰ বাবে ক্লাবৰ চোতালত ডাঙৰকৈ ৰভা দিছিল আৰু সেই ৰভা দেৱালীৰ পিছতহে ভাঙিছিল। প্ৰয়াত ডা: বিপুল হাতীকাকতী দাদাৰ লগত নাজিৰাৰ দুৰ্গাপূজা আৰু পূজাৰ কেইদিনত পতা এম্ চি ক্লাবৰ লটাৰী খেল উপভোগ কৰা কথাবোৰ মোৰ জীৱনৰ সুখদায়ক স্মৃতি সমূহৰ অন্যতম হৈ আছে ।


তেজপুৰৰ পূজাৰ সোৱাদো মই কেতিয়াও পাহৰিব নোৱাৰোঁ । বামপৰ্বতীয়াৰ দুখনমান পূজাত শহুৰ দেউতা , শাহু মা , খুড়া শহুৰ, জেঠেৰী, খুলশালী আদিৰে পৰিবেষ্টিত হৈ খিচিৰি ভোগ খাবলৈ যোৱাটো বহুবছৰলৈ এটা অভ্যাসৰ দৰেই হৈ পৰিছিল।


এবাৰ সপৰিয়ালে গৈছিলোঁ পূজাৰ ভিতৰতে কোচবিহাৰলৈ । মধুপুৰ সত্ৰত ৰাতি আছিলোঁ । সত্ৰৰ গেটৰ ঠিক বাহিৰতে দুৰ্গা পূজা হয় । সমগ্ৰ আলিপুৰ দুৱাৰ আৰু কোচবিহাৰত অগনন পূজামণ্ডপ দেখিছিলোঁ আৰু সেই পূজাসমূহৰ জাকজমকতা আজিও চকুৰ আগত জিলিকি আছে। কোচবিহাৰৰ পৰা উভতি আহোঁতে ধুবুৰীৰ মহামায়া মন্দিৰৰ পূজাত সোমাই ভোগ খোৱাৰ কথা মনত পৰিলে মনটো আজিও ভাল লাগি যায়। নলবাৰীৰ বিল্লেশ্বৰ মন্দিৰৰ পূজালৈও গৈছোঁ আৰু তাৰ উদ্যোক্তা সকলৰ আতিথ্যত পুলকিত হৈ পৰাৰ কথা বিভিন্ন ঠাইত কৈছোঁ ।কিন্তু এই সকলোবোৰ পূজাৰ স্মৃতিতকৈও মোৰ মনক সবাতোকৈ বেছি ৰোমাঞ্চিত কৰি তুলিব পৰা পূজাভাগ হৈছে "ন-গোসাঁই হাউলী"ৰ পূজা । সম্প্ৰতি উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ ন-গোসাঁই হাউলীৰ ঐতিহ্যমণ্ডিত দুৰ্গা পূজা ভাগে প্ৰায় দুটা শতিকা সফলতাৰে অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে ।


মাতুল পৰিয়ালৰ এই পূজাভাগৰ বাবে আমিও গৌৰৱবোধ কৰোঁ । আমাৰ শৈশৱ-কৈশোৰৰ অলেখ মিঠা স্মৃতি এই পূজাভাগৰ লগত জড়িত হৈ আছে । সুদূৰ কলিয়াবৰৰ পৰা আমি মাহঁতৰ লগত গৈছিলোঁ ন-গোসাঁই হাউলীৰ পূজালৈ । আমাৰ আটাইকেইজন মামা , মামী , মাহী , জেঠাই আৰু ল'ৰা-ছোৱালী তথা আন সম্পৰ্কীয় মানুহৰে ন গোসাঁইৰ হাউলী উপচি পৰে । সকলোৰে মধ্যমণি আছিল "আইতা" ।মামাহঁতৰ মূল ঘৰৰ প্ৰকাণ্ড চোতালখনত পূজা উপলক্ষে ৰাতি কামৰূপীয়া যাত্ৰা পাৰ্টি হৈছিল । সেই যাত্ৰা চাবলৈ ইমানেই বেছি মানুহ আহিছিল যে হেঁচা-ঠেলা নিয়ন্ত্ৰণ কৰিবলৈ দুবাৰ মান পুলিচ আহিব লগা হৈছিল । মই মামাহঁতৰ কোলাত উঠি যাত্ৰা চোৱা এতিয়াও ৰিণিকি ৰিণিকি মনত পৰে । কেৱল দেৱী বিসৰ্জন চাবলৈ নদীৰ পাৰলৈ যাবলৈ নিদিছিল আমাক । সন্মুখৰ বিশাল ব্ৰহ্মপুত্ৰ খন সেই সময়ত মোৰ বাবে অপাৰ বিস্ময়ৰ বিষয় আছিল । আমি সৰু-সৰু নাৱৰে , যিবোৰত মানুহে হাতেৰে ব'ঠা মাৰিছিল, তেনে নাৱত বহি ব্ৰহ্মপুত্ৰ পাৰ হৈছিলোঁ উমানন্দৰ কাষেদি । দক্ষিণ গুৱাহাটীৰ পৰাও তেনেকৈয়ে বহু মানুহ নাৱেৰে নদী পাৰ হৈ এই পূজাভাগত সেৱা জনাবলৈ গৈছিল । পূজাৰ ভোগৰ সেই তাহানিৰ সোৱাদ এতিয়াও অনুভৱ কৰোঁ মই ।


সংযোজন : সপোন যেন এটা সোৱৰণীয়ে মোক পুনৰ দুটামান বাক্য লিখিবলৈ বাধ্য কৰিলে । সেইযে ওপৰত লেখিছিলোঁ মামাহঁতৰ চোতালৰ যাত্ৰা পাৰ্টিৰ দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ পুলিচ অহাৰ কথা ,-- এবাৰ সেই পুলিচৰ লগত এটা আমোদজনক ঘটনা ঘটিছিল । সেইনিশা দুজন পুলিচে হাতত লাঠি লৈ হুচেইল বজাই বজাই মানুহক অতিষ্ঠ কৰি তোলা দেখি টুনী মামা , পুতুল মামা আৰু অতুল মামাই পুলিচ দুজনক আগুৰি ধৰি মামাহঁতৰ কেম্পাছৰ পৰা বাহিৰলৈ উলিয়াই দিছিল আৰু কৈছিল ,--আপোনালোকে আমাৰ কেম্পাছৰ বাহিৰত যি কৰে কৰক , কিন্তু আমাৰ চোতালত হুচেইল বজাবলৈ নাহিব । পুলিচ দুজন আঁতৰি গৈছিল আৰু মামাহঁতক সেইদিনা মোৰ হিৰ' যেন লাগিছিল ।


সেইসময়ত সমগ্র উত্তৰ গুৱাহাটীৰ মানুহে আমাৰ আটাইকেইজন (৫জন) মামাক যথেষ্ঠ সমীহ তথা সন্মান কৰিছিল । মোৰ দৃষ্টিত মামাহঁতৰ ব্যক্তিত্ব সেইসময়ত তেওঁলোকৰ কেম্পাছৰ অসংখ্য নাৰিকল গছ আৰু চেগুন গছবোৰৰ দৰেই ওখ আৰু গাম্ভীৰ্যপূৰ্ণ আছিল...!!


দুৰ্গা পূজাৰ আন এক উল্লেখযোগ্য বিষয় হৈছে "পূজা সাহিত্য" ।গুৱাহাটীত পঢ়িবলৈ যোৱাৰ পিছৰ পৰা দুৰ্গা পূজা আহিলেই পূজাসংখ্যা আলোচনীবোৰ আমাৰ বাবে অতিশয় আকৰ্ষণীয় বিষয় হৈ পৰিছিল । পূজা সংখ্যা আলোচনী কিনি পঢ়াটো কিছুবছৰ আগলৈকে মোৰ এটা ৰাগীৰ নিচিনা আছিল । আলোচনীৰ সেই উন্মাদনা বিভিন্ন কাৰণত এতিয়া ক্ৰমে কমি আহিছে ।

---শেষত মোক যদি কোনোবাই সোধে দুৰ্গা পূজাৰ দুটা প্ৰিয় বস্তু কি ?


তিনিকুৰি বছৰ বয়স অতিক্ৰম কৰাৰ পিছতো মই একমূহুৰ্তও চিন্তা নকৰাকৈ কৈ দিম---বেলুন আৰু জিলাপি ।।



ডাঃ হেমন্ত কুমাৰ গোস্বামী

নগাঁও, অসম ।

দূৰভাষ নং ৯৪৩৫৩১৯৮৪৩

Recent Posts

See All
শ্ৰদ্ধাসিক্ত স্নেহ

আমি দুয়ো প্ৰকৃতি আৰু জীৱ-জন্তু, বিহঙ্গ আৰু ফুল বৰ ভাল পাঁও । পিছে পৰিবাৰৰ ফুলৰ প্ৰতি হেঁপাহ অধিক । য'তে যায় তাতেই ফুলত চকু ।চাকৰি জীৱনৰ কালচোৱাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৰকাৰি আৱাসত এদিন প

 
 
 

Comments


bottom of page