top of page

ইলেক্ট্ৰনিক আৱৰ্জনা (ই-আৱৰ্জনা): সংশয় আৰু সমাধানৰ উপায়


মানৱ সভ্যতা যেন আজি বৌদ্ধিক আৰু বৈষয়িক বিকাশৰ চৰম সীমাত উপনীত হৈছে ।বিজ্ঞানৰ ন-ন আৱিস্কাৰ আৰু উন্নয়নে মানুহৰ দৈনন্দিন জীৱনযাত্ৰাক অধিক সহজ বা আৰামদায়ক কৰি তুলিছে । এনে ধৰণৰ নানা আধুনিক সা-সৰঞ্জামে পৃথিবীৰ অধিক উন্নত দেশবোৰৰ লগতে উন্নয়নশীল আৰু দৰিদ্ৰ দেশসমূহৰ জনগনকো সমানে আকৰ্ষিত কৰিছে । আজিৰ পৰা কিছুবছৰৰ আগলৈকে পৰিবেশ প্ৰদূষনৰ বাবে উদ্যোগিক আৱৰ্জনা , কৃষিজাত আৱৰ্জনা আদিকে ঘাইকৈ জগৰীয়া কৰা হৈছিল । কিন্ত্ত বৰ্তমান এই সমূহ কাৰকৰ লগতে পৰিবেশ প্ৰদূষণৰ নৱতম প্ৰত্যাহ্বান হিচাপে দেখা দিছে বৈদ্যুতিন সামগ্ৰীৰ আৱৰ্জনা বা ইলেক্ট্ৰনিক আৱৰ্জনা (e-Waste)।

ই-আৱৰ্জনা কি ?

   সহজ ভাষাৰে কবলৈ গলে সকলোপ্ৰকাৰৰ ব্যক্তিগতভাবে, ঘৰুৱা বা ৰাজহুৱা প্ৰতিস্হানে ব্যৱহাৰ কৰা, পেলনীয়া অৰ্থাৎ যাৰ জীৱনকাল শেষ হয় বা নষ্টহোৱা বৈদ্যুতিক আৰু বৈদ্যুটিন (ইলেক্ট্ৰিক আৰু ইলেক্ট্ৰনিক)সমগ্ৰীবোৰকে ইলেক্ট্ৰনিক আৱৰ্জনা (ই-আৱৰ্জনা) বুলি কোৱা হয় । ই- আৱৰ্জনাবোৰ ইয়াত ব্যৱহৃত বিভিন্ন বিষাক্ত ৰাসায়নিক দ্ৰব্য আৰু গধুৰ ধৰণৰ ধাতবীয় মৌলৰ বাবে ইয়াক যদি সঠিকভাবে নিষ্কাষণ কৰা নহয় তেন্তে ই পৰিবেশৰ বাবে অত্যন্ত বিষময় হৈ পৰে ।

    আমাৰ দৈনন্দিন জীৱনযাত্ৰাত অত্যন্ত লাগতীয়াল বুলি বিবেচিত হোৱা বিভিন্ন আচবাব, সা-সৰঞ্জাম যেনে-

 চেলফোন, মোবাইলফোন, ডেক্সটপ কম্পিউটাৰ, লেপটপ, কম্পিউটাৰ উপাংশবোৰ, ডিভিডি, ডিভিডি প্লেয়াৰ ,ষ্টেৰিও, টেলিভিজন, ফটোষ্টেত মেচিন,প্ৰিন্টাৰ মেচিন, ৰিমটকন্ট্ৰল, বৈদ্যুটিক বাল্ব, টিউব, ষ্মাৰ্ট লাইট, আধুনিক ব্যায়ামাগাৰ সজুঁলি , ষ্মাৰ্ট ৱাটচ, ৱাই-ফাই ডংগল,চিকিৎসাবিজ্ঞানত ব্যৱহৃত বিভিন্ন সজুঁলি, ৰাসায়ন শালাত ব্যৱহৃত সজুঁলি, ইত্যাদি এটা সময়ত ইয়াৰ কাৰ্যকাৰিতা সম্পুৰ্ণৰূপে নোহোৱা হয় বা সীমীত হৈ পৰে এই অৱস্হাত আমি সচৰাচৰ এই সামগ্ৰীবোৰ ঘৰতে পেলাই ৰাখো নাইবা আৱৰ্জনা হিচাপে নিক্ষেপ কৰোঁ , যি পৰিবেশলৈ প্ৰদূষণ কঢ়িয়াই আনে ।

ই-আৱৰ্জনাৰ ভয়াবহতা –

   ব্যৱহাৰৰ অনুপযোগী বা নষ্ট হৈ পৰা ইলেক্ট্ৰিকেল অথবা ইলেক্ট্ৰনিকচ সামগ্ৰীবোৰ যেতিয়া ঘৰতে নাইবা কোনো পেলনীয়া সামগ্ৰী ৰাখা ভড়াল বা য'তে-ত'তে নিক্ষেপ কৰা হয়, তেতিয়া কেৱল এই সামগ্ৰীবোৰে বিশৃংখলতা সৃষ্টি কৰে এনে নহয় বৰং এইবোৰৰ পৰা বহুক্ষেত্ৰত কিছুমান বিষাক্ত ৰাসায়নিক দ্ৰব্য ওলাই পৰিবেশক ভয়ানক ভাবে বিষাক্ত কৰি তোলে ।২০২২ চনৰ এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষা মতে প্ৰায় ২২ নিযুত টন ই-আৱৰ্জনা প্ৰতি বছৰে বিশ্বত উৎপন্ন হয় আৰু ইয়াৰ পৰিমান প্ৰতিনিয়ত বৃদ্ধি হৈ আছে ।  এই বৃহৎ ই-আৱৰ্জনাবোৰৰ ২২.৩ শতাংশমানহে বিজ্ঞান সন্মত ভাবে সংগ্ৰহ নাইবা পুনৰাবৰ্তন (recycle) কৰা হয় আৰু অধিক অংশকে অবৈজ্ঞানিক ভাবে ঘৰতে বা অসংৰক্ষিত ভড়াল নাইবা নগৰ-চহৰৰ আৱৰ্জনা নিক্ষেপ কৰা স্হানসমূহত অথবা অনৈতিক ভাবে কোনো স্হানলৈ পৰিবহন কৰা হয় । অবৈজ্ঞানিক ভাবে অদক্ষ শ্ৰমিকৰ দ্বাৰা সংগ্ৰহ বা পুনৰাবৰ্তন কৰা ই-আৱৰ্জনাবোৰৰ পৰা প্ৰায় এহেজাৰ মান বিভিন্ন ৰাসায়নিক দ্ৰব্য পৰিবেশলৈ নিৰ্গমন ঘটে । ইয়াৰে বহুলাংশ সীহ আদিৰ দৰে নিউৰ’টক্সিকেন্ট বা স্নায়ুতন্ত্ৰৰবিষাক্তকাৰক দ্ৰব্য । বিভিন্ন বিষাক্ত অজৈৱিক ৰাসায়নিক দ্ৰব্যবোৰৰ ভিতৰত আৰ্চেনিক , কেডমিয়াম , পাৰা , গেলিনিয়াম ,ইৰিডিয়াম, বেৰিলিয়াম আদিৰ দৰে অন্যতম প্ৰদূষক দ্ৰব্য । এইবোৰৰ উপৰিও প্লাষ্টিকৰ নেন’ কণিকাবোৰেও জনস্বাস্হ্যৰ বিস্তৰ ক্ষতি সাধন কৰে ।

   এনে প্ৰদূষকৰ মাত্ৰা পৰিবেশত বৃদ্ধি পালে পৰ্যায়ক্ৰমিক ভাবে কিছুমান প্ৰতিক্ৰিয়া জৈৱিকতন্ত্ৰত দেখা দিয়ে ।যেনে-

১. বিসংগতি সম্পন্ন শিশুৰ জন্ম বা অপৈনত সন্তান প্ৰসৱ আদিৰ দৰে ঘটনা বৃদ্ধি পাই ।

     ২. বিশেষকৈ সীহ আদিৰ দৰে বিষাক্ত দ্ৰব্যৰ নিৰ্গমনে স্নায়ুতন্ত্ৰৰ বিকাশত বাধা দিয়ে যাৰ ফলত শিশুৰ 

        শিকন পদ্ধতিত বিসংগতিৰ সৃষ্টি কৰে ।

     ৩. হাওঁ-ফাওঁ জড়িত ৰোগ অথবা শ্বাস-প্ৰশ্বাসজনিতৰোগৰ বৃদ্ধি হয় ।

এই বিষাক্তকৰণ পৰিবেশত সাধাৰণতে শিশু আৰু সন্তানসম্ভবা মাতৃসকল অধিকভাবে আক্ৰান্ত হয় বাবে এই দুই শ্ৰেণীৰ ব্যক্তিসকল ই-আৱৰ্জনাৰ প্ৰতিক্ৰিয়াৰ অধিক বিপদজনক লক্ষ্য হৈ পৰে ।

 

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্হা (ILO)ৰ ২০২০ চনৰ এক সমীক্ষামতে ১৬.৫ নিযুত শিশু শ্ৰমিক ই-আৱৰ্জনাৰ অসংহত ব্যৱস্হাপনাৰ লগত  অবৈজ্ঞানিক পৰিবেশত প্ৰশিক্ষনহীন ভাবে জড়িত হৈ আছে ।

ই- আবৰ্জনাৰ বিজ্ঞানসন্মত ব্যবস্হাপনাঃ-       

ই-আৱৰ্জনাবোৰৰ সৈতে বিভিন্ন প্ৰকাৰৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য প্ৰচুৰ পৰিমানে থাকে আৰু এইবোৰ অনুপযুক্ত পুনৰাবৰ্তন প্ৰক্ৰিয়াৰ জড়িয়তে পৰিবেশলৈ বিয়পি সমগ্ৰ জীৱকুলৰ বাবেই সংকট সৃষ্টি কৰিছে ।বিশ্বৰ সকলো দেশতে ই-আৱৰ্জনাৰ সমস্যা আছে । উন্নত দেশবোৰত প্ৰতিদিনে লাখ-লাখ টন ই-আৱৰ্জনা সৃষ্টি হয় । এই দেশবোৰৰ পৰা উন্নয়নশীল দেশ বা দৰিদ্ৰ দেশ সমূহলৈ কেতবোৰ বিশেষ চুক্তিৰ আধাৰত ই-আৱৰ্জনা পেলনীয়া সামগ্ৰী হিচাপে আমদানি কৰে আৰু এনে দেশত এইবোৰ অসংহত ভাবে অপ্ৰশিক্ষিত শ্ৰমিকৰ দ্বাৰা অবৈজ্ঞানিক পুনৰাবৰ্তন বা পুনঃপ্ৰচলন কৰা হয় । সেয়েহে বৰ্তমান বিশ্বৰ প্ৰয় সকলো দেশতে ই-আবৰ্জনাই ভয়াবহ ভবিষ্যতৰ ইংগিত বহন কৰিছে । অৱশ্যে ই-আৱৰ্জনাৰ সঠিক আৰু সংহত পুনৰাবৰ্তনৰ জড়িয়তে বহুতো মূল্যবান ধাতু বা মৌলৰ পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিব পৰা যায় ।

ইয়াৰ উৎকৃষ্ট উদাহৰণ হ'ল জাপানত অনুষ্ঠিত টকিও অলিম্পিকত পুৰস্কাৰ হিচাপে প্ৰদান কৰা সোণ , ৰূপ আৰু ব্ৰঞ্জৰ পদক সমূহৰ বাবে প্ৰয়োজনীয় এই ধাতুবোৰ ই-আৱৰ্জনাৰ পৰাই সংগ্ৰহ কৰিছিল বুলি জানিবলৈ পোৱা যায় ।

ই- আৱৰ্জনাৰ ব্যৱস্হাপনাঃ- 

ই-আৱৰ্জনাৰ সঠিক ব্যৱস্হাপনাই এখন দেশক অৰ্থনৈতিক ভাবেও সহায়ক হব পাৰে । সেয়ে সকলো দেশে ই-আৱৰ্জনাৰ বৈজ্ঞানিক পুনৰাবৰ্তনৰ বাবে নিজা-নিজা নীতি নিৰ্ধৰণ কৰিছে । ই-আৱৰ্জনাৰ ব্যৱস্হাপনাত তলত উল্লেখ কৰা দিশ সমূহ পালন কৰাতো নিশ্চিত কৰা উচিত :

 ১. সংগ্ৰহ – ই-আৱৰ্জনাবোৰৰ সংগ্ৰহৰ বাবে নিৰ্দিষ্ট সংগ্ৰাহক গোট থকাটো নিশ্চিত হব লাগে ।

 ২. পৃথকীকৰণ- এইবোৰক সঠিক ভাবে পুনৰাবৰ্তনৰ উপযুক্ত বা অনুপযুক্ত অংশ হিচাপে বৈজ্ঞানিক ভাবে

            পৃথক কৰিব লাগে ।

 ৩. ভঙ্গন – এই ই-আৱৰ্জনা সমূহ সঠিক প্ৰক্ৰিয়াৰে ভাঙি-চিঙি আহৰণ কৰাটো প্ৰয়োজন ।

 ৪. পুনৰাবৰ্তন- প্ৰয়োজনীয় দ্ৰব্যবোৰ পুনৰাবৰ্তন কৰিব লাগে ।

 ৫. তথ্যৰ বিলুপ্তিকৰণ- যদি কিছুমান ই-আৱৰ্জনাত তথ্য থাকে সেইবোৰ বিলুপ্তি কৰাটো প্ৰয়োজন ।

 

আন্তঃৰাষ্ট্ৰীয় টেলিকমিউনিকেচন ইউনিয়ন চমুকৈ ITU এ ই-আৱৰ্জনাৰ সঠিক ব্যৱস্হাপনা সম্পৰ্কে বিশেষ নীতি নিৰ্ধাৰণ কৰি থৈছে । এই নীতি সমূহ পালন কৰাটো সকলোৰে পক্ষে বাঞ্চনীয় । গতিকে সময় থাকোতেই ই-আৱৰ্জনাৰ পৰা আহিবলগীয়া প্ৰত্যাহ্বান বহনক্ষম ভাবে নিয়ন্ত্ৰন কৰিবৰ বাবে সকলো শ্ৰেণীৰ মানুহ সজাগ হোৱা প্ৰয়োজন ।এই ক্ষেত্ৰত সৰু কালৰ পৰাই সজাগ কৰাৰ স্বাৰ্থত বিদ্যালয় স্তৰতে ই-আৱৰ্জনাৰ প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰাটো শিক্ষাৰ লক্ষ্য হোৱা উচিত ।


হিৰণ্য শৰ্মা

9435984361


Comments


bottom of page