top of page

অনু গল্প: মৰ্গ

Updated: Dec 2, 2025

সময় তেতিয়া ৰাতি ১০.৪৫ মিনিট , হঠাতে আই চি ইউ ত থকা ডাক্তৰ জনে বাহিৰলৈ ওলাই আহি দুৱাৰ মুখত উৎকণ্ঠাৰে ৰৈ থকা মোৰ লৰা ছোৱালী দুটালৈ চাই কলে"sorry,she is no more ".....তাৰ মানে মোৰ বুজিব বাকী নাথাকিল যে ইতিমধ্যে মোৰ প্ৰাণ বায়ু ওলাই গৈছে । ডাক্তৰ জনৰ কথা শুনি ইহঁত দুটাই জোৰেৰে চিঞৰ মাৰি আই চি ইউ ৰ ভিতৰত সোমাই মোক শুৱাই থকা বিচনা খনৰ ওচৰলৈ গৈ মোৰ গাৰ ওপৰত পৰি দুয়ো ফেকুঁৰি ফেকুঁৰি কান্দিব ধৰিলে।কান্দিবটো সিহঁত দুটাই ,এইকেইদিন মোৰ লগত কম লাগি আছেনে ? টকা পইচাৰ মুখলৈ চোৱা নাই মোৰ লৰাটোৱে, ডাক্তৰ সকলে যেনেকৈ কৈছে তেনেকৈয়ে সি মেডিচিন আনি দিছে, মুঠতে মই ভাল হব লাগে। কান্দি থকা দেখি মোৰ সিহঁতক বুকুত সুমুৱাই লব মন গৈছিল, মই যেন চিঞৰি চিঞৰি কম "কিয় কান্দিছা তোমালোকে , মই তোমালোকৰ ওচৰতে আছো "। ইতিমধ্যে এগৰাকী নাৰ্চে মোৰ গাৰ পৰা ল'ৰা ছোৱালী দুটাক আতঁৰাই সিহঁতক বাহিৰলৈ যাব দিলে। তাৰপিচত নাৰ্চগৰাকীয়ে মোৰ নাকত লাগি থকা অক্সিজেন মাস্ক টো খুলি বগা কাপোৰ এখনেৰে গোটেই শৰীৰটো ঢাকি দিলে আৰু এজন ৱাৰ্ড বয়ৰ সহায়ত মোক ঢাকি ৰখা বগা কাপোৰ খনেৰে মেৰিয়াই টানকৈ বান্ধি এখন ট্টেচাৰত উঠাই আই চি ইউ ৰ পৰা বাহিৰলৈ উলিয়াই আনিলে। ইতিমধ্যে লৰাই কন্দা কটা এৰি Nursing Home খনৰ billing counter ত মোৰ চিকিৎসাত ব্যয় হোৱা বিলখন আদায় দিছে। এতিয়া সমস্যাটো আহিল মোক ঘৰলৈ নিয়াটো, এতিয়া লৈ যাবনে , ৰাতিপুৱা নিব? কাৰণ, ঘৰত সিহঁতৰ ৮২ বছৰীয়া একেবাৰে অসুস্থ দেউতাক আছে অৰ্থাৎ মোৰ স্বামী য়ে মই ভাল হৈ ঘৰলৈ ঘূৰি অহাটো আগ্ৰহেৰে বাট চাই আছে। তাতে তেখেত হাৰ্টৰ ৰোগী , গতিকে ৰাতি মোৰ মৰাশ টো নিনিয়াৰ সিদ্ধান্ত লৈ মৰ্গতে ৰাখিব বুলি নাৰ্চিং হ'মখনক জনাই দি মোক মৰ্গত ৰখাৰ বাবে আকৌ মোৰ লৰাই ৫০০০ টকা বিল আদায় দিলে। দুটা ৱাৰ্ড বয় মিলি মোক বস্তা ডঙা দি দাঙি লৈ মোৰ মৰমৰ ল'ৰা ছোৱালী দুটাৰ কাষেৰে মৰ্গ লৈ আনি এখন বিছনাত পেলাই দিলে । মৰ্গত মোৰ বাহিৰে আৰু তিনিগৰাকী এনেদৰে পৰি আছে। হয়তু কালিলৈ ৰাতিপুৱা মোৰ দৰে তেওঁলোককো ঘৰলৈ ambulance ত লৈ যাব, তাৰপিছত.......


মৌচুমী কাকতি, তেজপুৰ

মো:নং ৯১০১১ ৭২১৩০

Comments


bottom of page