top of page

ৰ'দৰ দৰে কথাবোৰ

কিশোৰটোৱে ধূলি -বালিৰ মাজতেই

জীৱনৰ সপোন আঁকিছিল।

চুবুৰীয়াৰ বাৰীত আম কঁঠাল বিচাৰি থাকোতে

হেৰুৱালে তাৰ পঢ়াশালিৰ বাট।

পিতাইৰ চহা জীৱনৰ ৰ'দে পোৰা পৃষ্ঠাবোৰে

শিকাব খুজিছিল তাক কঠিন জীৱনৰ প্ৰত্যয়ৰ খোজ।

পিছে কাহানিও লোৱা নহ'ল জীৱনৰ মাৰ্গ দৰ্শন।

আইৰ আঁচলৰ এমুঠিমান সাঁচতীয়া ধন-

"বোপাই, জীৱনত মিছা নামাতিবি।

সচাঁৰ বাটত খোজ দিবি।"

শিক্ষাগুৰুৰ চেকনিৰ কোবত

কিমান দিন চকুৰে নামিছিল বাৰিষাৰ ধল।

পূজ্য গুৰুৰ দিকদৰ্শী বাণী-

"নাকৰ পোনে পোনে বাট ল'বি,

তেহে শিপা মেলিব জীৱনে, ৰাগবোৰত

খোদিত হ'ব খোজৰ ভাস্কৰ্য। "

সেইয়া ৰ'দৰ দৰে আছিল কথাবোৰ ।

সময়ো আচলতে জীৱনৰ নিৰ্ণায়ক শিক্ষাগুৰু।

ৰ'দ, বৰষুণ ,অভিমান সকলো সামৰি

ঘূৰি চাইছো শৈশৱৰ ধূলিয়ৰি সপোনবোৰ।

মন ,মগজু আৰু হৃদয়ৰ সৈতে

সহবাস বিচাৰি আমন জিমনকৈ

আউজি আছে বুকুৰ উশাহ।

এতিয়া জীৱনৰ বিয়লি বেলাত বিষণ্ণতাৰ ডঁৰিয়লিত ওলমি ৰয় যুগৰ পৰা যুগলৈ

এটি শেলুৱৈ পৰা পুৰাতন প্ৰতীক্ষা ।



নবীন কলিতা

নগাঁও, অসম।

দূৰভাষ নং ৯৪৩৫০৬৪৭৭৭

Recent Posts

See All
জীৱন নদী

জীৱন এখন নদী, নীৰৱে বৈ যায় দিনে-নিশাই। কেতিয়াবা শান্ত স্নিগ্ধ সোঁত, কেতিয়াবা প্ৰচণ্ড বেগে বৈ যায়। নিজৰ পথ নিজেই গঢ়ি, আগুৱাই যায় অবিৰাম; বাধা-বিপত্তি নেওচি লৈ, ধৰে আশাৰ নতুন ধাম। কেতিয়াবা শুকান

 
 
 
সময়ৰ উপহাৰ

নেদেখাজনৰ জীৱন-কাহিনীৰ পৰিচালনাত ৰংহীন ৰঙ্গমঞ্চত বুৰ্বকৰ চৰিত্ৰত ভাও দিছোঁ দি আছোঁ। সকলোকে বিশ্বাসত লৈছোঁ সৰল বিশ্বাস। খাবা বুলি জানিও তোমাক উপকাৰ কৰিছোঁ অজগৰক এনেই দুষি আহিছোঁ আমি। কেতিয়াও অধিকাৰ স

 
 
 
জীৱন সংলাপ

ধুমুহা ! বৰ কোবাল গতি তোৰথৰকাছুটি হেৰাই গৈছে মোৰ ৰৈ যা এখন্তেক সামৰি -সুতৰি লও খেলিমেলি বেমেজালি বোৰ ভাগৰুৱা পথিক মই বহুদূৰ বাটকুৰি বাই জুৰ ল'ম যেন বন বিৰিখৰ শীতল ছাঁত আজলি ভৰাই পান কৰিম যে

 
 
 

Comments


bottom of page