সময়ৰ উপহাৰ
- কামাৰুজ জামান
- Jun 20
- 1 min read
নেদেখাজনৰ জীৱন-কাহিনীৰ পৰিচালনাত
ৰংহীন ৰঙ্গমঞ্চত বুৰ্বকৰ চৰিত্ৰত ভাও দিছোঁ
দি আছোঁ।
সকলোকে বিশ্বাসত লৈছোঁ
সৰল বিশ্বাস।
খাবা বুলি জানিও তোমাক উপকাৰ কৰিছোঁ
অজগৰক এনেই দুষি আহিছোঁ আমি।
কেতিয়াও অধিকাৰ সাব্যস্ত কৰিবলৈ নাযাওঁ
ব্যতিব্যস্ত হৈ নপৰোঁ কাৰো বাবে
নকৰো জোৰ কাকো, কাৰোবাৰ ভাল হওক বুলি,
“ইটো কৰা,ভাল হব।”
হকা-বধাৰ নেমেলোঁ পাঠ “সিটো নকৰিবা; বেয়া হ'ব।”
আত্মীয়তাৰ বান্ধোনেৰে সাৱটা হৃদয়ক
কপটতাৰে খুলি খুলি খাব জনা,
অথচ আত্মাৰ ওচৰ চাপিব নজনা আত্মীয়ৰ,
অথবা সুযোগ-সন্ধানী মুখাপিন্ধা বন্ধু-বান্ধৱৰ
(যিয়ে শিশুপালৰ সংখ্যাক কেতিয়াবাই অতিক্ৰম কৰিলে)
লোলুপ-কপট চাৱনিক আৰু কিমান দিন দেখিও নেদেখাৰ ভাও জুৰোঁ?
সুদৰ্শন চক্ৰ আজি আইনৰ আওতাত
টিপুৰ তৰোৱালত সময়ৰ মামৰ।
কিমাননো আৰু দুমুখীয়া হৈ থাকিবা?
কিমান আৰু ভাল মানুহৰ ভাও দি থাকিবা?
ভিতৰৰ আচল চেহেৰা সকলোৱে গম পালেই যেতিয়া,
এতিয়া মুখাবোৰ খুলিবৰ হ’ল।
তোমাৰ হাজাৰ কুঠাৰাঘাত স্বত্তেও
হলা গছ আজি বৰ বৃক্ষ হৈছে,
মেৰুদণ্ডী হৈছে,
এয়া সময়ৰ উপহাৰ।
তোমাৰ কুঠাৰত মামৰ, নালত উঁই,
সেয়াও সময়ৰ উপহাৰ।
“সময়-ৰেখা"ত লিপিবদ্ধ
তোমাৰ হাজাৰ প্ৰতাৰণাৰ কাহিনী,
হাজাৰ হৃদয় ভঙাৰ কাহিনী,
আৰ্হি বিহীন উপদেশৰ কাহিনী,
অপমানৰ কাহিনী,মোহভঙ্গৰ কাহিনী,
ছলনাৰ কাহিনী,নিৰৱ উচুপনিৰ কাহিনী
চক্ৰান্তৰ কাহিনী,আশা-ভঙ্গৰ কাহিনী,
মোৰ মনৰ শিশুটোক কৰা হাজাৰ হত্যাৰ কাহিনী।
হাজাৰ উপেক্ষিত অভিমানৰ মৃতদেহৰ চৌদিশে
ছটফটাই থকা হাজাৰ হিমালয়ৰ নিঃসঙ্গতাৰ কাহিনী।
লুকুৱাবলৈ ক’ত প্ৰশান্তৰ গভীৰতা?
ক’ত আকাশৰ বিশালতা?
তোমাৰ মুখাৰ আঁৰৰ মুখ লুকুৱাবলৈ
ভাৱিছোঁ মনৰ ভিতৰৰ একোণত এটি ঝাড়ু ৰাখিম।
কামাৰুজ জামান
দূৰভাষ নম্বৰঃ: ৯৮৬৪০৮৮৫৭৬


Comments