জীৱন নদী
- যশ গৌৰৱ বৰদলৈ

- Jun 20
- 1 min read
জীৱন এখন নদী,
নীৰৱে বৈ যায় দিনে-নিশাই।
কেতিয়াবা শান্ত স্নিগ্ধ সোঁত,
কেতিয়াবা প্ৰচণ্ড বেগে বৈ যায়।
নিজৰ পথ নিজেই গঢ়ি,
আগুৱাই যায় অবিৰাম;
বাধা-বিপত্তি নেওচি লৈ,
ধৰে আশাৰ নতুন ধাম।
কেতিয়াবা শুকান বালিচৰ,
কেতিয়াবা অতল গহীন সাগৰ,
শিলৰ কঠিন আঘাত পাইও
নহয় কেতিয়াও ক্লান্ত বা পৰাজিত।
সপোনবোৰ নাও হৈ ভাঁহে,
আশাবোৰ মলয়া পৱনৰ গান;
ভাগ্যৰ ঘূৰণীয়া পাকতো
হেৰাই নাযায় হৃদয়ৰ টান।
অন্ধকাৰৰ মাজতো জ্বলি থাকে
বিশ্বাসৰ ক্ষীণ পোহৰ;
সেই পোহৰক সঙ্গী কৰি
আগুৱাই যায় জীৱনৰ সোঁতধাৰ।
শেষত সাগৰৰ বিশাল বুকুত
মিলি যায় সকলো সোঁত,
জীৱন নদীয়ে শিকাই যায়—
নিৰন্তৰ আগবঢ়াই হ'ল সফলতাৰ পথ।
যশ গৌৰৱ বৰদলৈ
নগাঁও বিশ্ববিদ্যালয়
দূৰভাষ নং ৬০০০৯ ৪৩৭৪৮


Comments