কৃতঘ্নৰ চিতাজুই আৰু সেউজৰঙী উপত্যকা
- প্ৰীতিমণি দাস
- Jun 20
- 1 min read
তুমি মৌনতাৰ ভাষা শুনানে?
নুশুনা, তুমি বধিৰ।
শূণ্যতাত ওলমি ৰোৱা অবাক চাৱনিবোৰ
তুমি পঢ়িব পাৰানে?
নোৱাৰা, তুমি নিৰক্ষৰ।
চকুৰ পোহৰো যে ক'লা হ'ব পাৰে
তুমি ভাবানে সপোনতো?
নাভাবা ,তুমি নিৰ্বোধ।
তেজৰঙী হিয়াঁবোৰ কিয় লাহে লাহে
ফুটছাই বৰণীয়া হয়
সিও তোমাৰ সপোনৰ অগোচৰ
সেই সৰু কলিজাবোৰত চিতা গজে
তাত তোমাৰ চিতাজুই জ্বলে ।
তুমি নেদেখাকৈ নভবাকৈ নিজে জ্বলি ছাই হৈ আছা ।
আৰু লাহে লাহে কলিজাবোৰ সলনি হৈছে
সেউজৰঙী উপত্যকালৈ
ঠিক বেলি যেনেকৈ পূবে ওলায়।
প্ৰীতিমণি দাস
দূৰভাষ নং ৮৬৩৮১ ৮১১৪৬





Comments