top of page

সময় বাগৰে

এটা সুন্দৰ সময়। যিসময়য়ত অসমৰ আকাশ বতাহ ফৰকাল বতৰৰ দৰেই ঘূৰ্ণীয়মান। সুন্দৰ সুন্দৰ পৰিৱেশেৰে পৰিৱেষ্টিত অসম, অপ্ৰদুষিত স্বচ্ছ জলবায়ু কেওফালে সেউজীয়া আৰু সেউজীয়া। দিচাং ,দিহিং ধনশিৰি, ভোগদৈ, বৰলুইতকে ধৰি অসমৰ সৰু বৰ সকলো নদ-নদী প্ৰদুষণ মুক্ত হৈ লাহি গাভৰুজনীৰ দৰে তড়িৎ গতিৰে বৈ গৈছিল। সেইসময়ৰ সহজ সৰল মনৰ মানুহবোৰৰ অভাৱ নাছিল। শস্যে-মৎস্যে, ফলে-ফুলে জাতিষ্কাৰ অসম । কল-কাৰখানা দূৰৰে কথা গাড়ী মটৰকে ধৰি দোকান পোহাৰৰ ইমান পয়োভৰ নাছিল। সীমিত ব্যৱস্থাত চলিছিল সকলোবোৰ। সেই সময়তে জন্ম হৈছিল এটা সম্ভ্ৰান্ত পৰিয়ালত এজনী কণ্যা ।


তাইৰ নাম ৰখা হৈছিল অৰুণি। সেই ভোগদৈ নদীৰ বালিত খেলিধুলি ডাঙৰ হোৱা ছোৱালীজনীৰ চকুযুৰিত আছিল গভীৰ বিশ্বাস, যি বিশ্বাসে তাইৰ জীৱনকালত বহুত কিবা কিবি কৰিবলৈ সমৰ্থ কৰিছিল।


সম্ভ্ৰান্ত ঘৰৰ লগুৱা লিকচৌ যিমানেই নাথাকক সেই সময়ত ল’ৰাছোৱালীবোৰ ডাঙৰ হৈছিল প্ৰকৃতিৰ লগত সংপৃক্ত হৈ। হয়তো সেই সংপৃক্ততাই বহু প্ৰতিভা বিকাশত সহায়ক হৈ নিজৰ লগতে দহৰ উন্নতি কৰিবলৈ নিজকে সমৰ্থৱান কৰি তোলাত উদ্গণি জনাইছিল। সেয়াই হৈছিল অৰুণিৰ সৈতে, যি কম বয়সতে নিজৰ জন্মস্থান এৰি বেলেগ এঠাইলৈ অচিনাকী এজনৰ লগত বিয়া হৈ আহিছিল।


সেইসময়ত ছোৱালী কুৰিতে বুঢ়ী বুলি থকা প্ৰবাদ সম্পূৰ্ণকৈ ফলিয়াইছিল। দেউতাক ৰাজনীতিৰ লগত জড়িত হৈ থকা এজন ব্যক্তি,গতিকে অৰুণিক কৈছিল —


’মাজনি পঢ়াশুনা ভালকৈ কৰিবা, তেতিয়াহে ডাঙৰ মানুহ হ’ব পাৰিবা। জীৱনটো সুন্দৰ কৰিবলৈ হ’লে অকল পঢ়াশুনা কৰিলেই ন’হব আৰু বহুত কিবাকিবি কৰিব লাগিব।’


অৰুণিয়ে দেউতাকৰ কথাবোৰ মনে মনে শুনি মূৰ দুপিয়াই শলাগিছিল। দেউতাকে যিহেতু তাইক বেছি সময় দিব নোৱাৰিছিল। অনবৰতে ৰাজনীতি, দলীয় মানুহ,ৰাজহুৱা সভা এইবোৰতে সময় দিব লগা হৈছিল। অৰুণিৰ অকণমানি মনটোৱে অস্থিৰভাৱে পঢ়া শুনাৰ লগতে অন্য ক্ষেত্ৰখনো অনুসন্ধিৎসুৰে চিনাকি হ’বলৈ যত্ন কৰিছিল। দেউতাক ইমান ডাঙৰ ৰাজনীতিজ্ঞ যে কোনো বস্তুৰে অভাৱ তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল। এটা পখিলাৰ দৰেই প্ৰফুল্লিত জীৱন। কোনো আহুকাল নোহোৱাকৈ সৰুৰে পৰা ইটোৰ পিছত সিটো বসন্ত গৰকি গৈছিল।


 মাকে অৰুণিৰ কোনো কামত বাধা দিয়া নাছিল যদিও তাইৰ পঢ়াত তদাৰক কৰিছিল। যাতে তাই পঢ়ি শুনি এগৰাকী ভাল নাগৰিক হ’ব পাৰে।‘আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক’ আপ্ত বাক্যশাৰী সদায় মাকৰ মুখতে থাকে। সেয়ে মাকে অৰুণিক যিমান পাৰি স্বাৱলম্বী হোৱাৰ শিক্ষা সৰুৰে পৰা দিছিল। ৰাজনীতিৰে উখল মাখল এখন ঘৰত ডাঙৰ হোৱা ছোৱালী অৰুণিৰ কোমল মনত জাগি উঠিছিল-‘মানৱ সেৱা পৰম ধৰ্ম’ ।


গতিকে মানুহক উপকাৰ কৰিব লাগে,পঢ়ি শুনি দেউতাকে কোৱাৰ দৰে ডাঙৰ মানুহ হ’ব লাগে, নিজৰ ওপৰত নিজে নিৰ্ভৰশীল হ’ব লাগে,জীৱন নিৰ্বাহ কৰা বিভিন্ন পৰিৱেশৰ লগতে নিজকে খাপ খুৱাব লাগে আদি কথাই হৃদয়ৰ কোষে কোষে তাইক অনুৰণিত কৰি গৈছিল। কংক্ৰিতৰ গোন্ধ নথকা মাটি আৰু হাবিৰে আৱৰা সুজলা সুফলা শস্য শ্যামলা অসমত ওপজা অৰুণি অনন্য ব্যক্তিত্বৰে ভৰপূৰ। তাইৰ সুঠাম মুখখন সেই কণমানিজনী হৈ থাকোতেই সকলোৰে চকুত ভালকৈয়ে দেখা দিছিল।


অভাৱবিহীন আছিল যদিও চৌপাশৰ পৰিৱেশটোত তাই বিচৰণ কৰি বহুত অভিজ্ঞতা গোটাইছিল। সেই অভিজ্ঞতাই তাইক ভৱিষ্যত জীৱনটো কটোৱাত পৰিকল্পনাৰ ৰেখাডাল আঁকি দিছিল ।।



লখিমী মহন্ত

নগাঁও, অসম।

ফোনঃ৯৪৩৫৭-০৩১১৩


Comments


bottom of page