top of page

জীৱন সংলাপ

ধুমুহা ! বৰ কোবাল গতি তোৰথৰকাছুটি হেৰাই  গৈছে মোৰ 

ৰৈ যা এখন্তেক 

সামৰি -সুতৰি লও

খেলিমেলি বেমেজালি বোৰ


ভাগৰুৱা পথিক  মই

বহুদূৰ  বাটকুৰি বাই 

জুৰ ল'ম যেন 

বন বিৰিখৰ  শীতল  ছাঁত 

আজলি ভৰাই  পান কৰিম যেন

প্ৰেম  গঙ্গাৰ  সুশীতল জল

জুৰ মলয়া চাটি হৈ

দেচোন  বিলাই 

অনাঘ্ৰাত কেতেকীৰ 

আমোলন  নিৰ্যাস


কি কলি ?

সকলো চোন  পাৰ হৈ গ'ল

মাথো থমকি ৰ'লো  মই

যাওঁক দে

মইতো খেলা নাই

হাৰ-জিত খেল

আজুৰি আনিব  খোজা নাই 

আকাশ  কুসুম 

কাবৌ কৰিছোঁ ,হিলদল  ভাঙি নেযাবি

আথানি -আথানি ন'কৰিবি

আশৈশৱ  কঢ়িয়াই ফুৰা

আকলুৱা মনৰ শৃংখল 

নেলাগে ,নুশুনাবি তৰঙ্গ হীন

উত্তাল  সংগীত 

ভাল  পাও মই 

ৰৈ ৰৈ বাজি থকা

দুৰণিৰ  বাঁহীটিৰ গৰখীয়া গীত  ।



দীপ্তি দেবী

Recent Posts

See All
কৃতঘ্নৰ চিতাজুই আৰু সেউজৰঙী উপত্যকা

তুমি মৌনতাৰ ভাষা শুনানে? নুশুনা, তুমি বধিৰ। শূণ্যতাত ওলমি ৰোৱা অবাক চাৱনিবোৰ তুমি পঢ়িব পাৰানে? নোৱাৰা, তুমি নিৰক্ষৰ। চকুৰ পোহৰো যে ক'লা হ'ব পাৰে তুমি ভাবানে সপোনতো? নাভাবা

 
 
 

Comments


bottom of page