top of page

ৰঙা সেন্দুৰৰ ফোঁট

নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ মান দুৰত্বত মাহৰোল গাওঁ খন । গাওঁ খনৰ বুকুত আছে ঐতিহ্য মণ্ডিত এখন পুৰণি কলীয়া বিল । বিলখনৰ নামো মাহৰোল বিল । বিলখনৰ নাম  অনুসৰিয়েই ঠাই খনৰ নাম মাহৰোল হয় । নল , খাগৰি , বিৰিণা আদি তৃণ জাতীয় উদ্ভিদেৰে আৱৰি থকা মাহৰোল বিলৰ লগত মূল পথৰ পৰা স্ংলগ্ন তিনিটা সৰু সৰু আলিবাট । প্ৰতিটো আলিবাটৰ মুৰে মুৰে একোটাকৈ ৰাজহুৱা পানী অনা ঘাট । গাওঁ খনৰ জীয়ৰী - বোৱাৰী বোৰে এসময়ত পুৱা , আবেলি এই বিলৰ পৰা কলহ ভৰাই পানী আনে , আটায়ে এই পানী অনা ঘাটত বহি সুখ- দুখ ,ভূত- ভৱিষ্যতৰ কথা পাতে ,বিহুৱে-স্ংক্ৰান্তিয়ে গাৱঁৰ ৰাইজে আনন্দ- উল্লাসেৰে জাক পাতি জাকৈ , পল লৈ বিলত মাছ ধৰে , গা ধোৱে , কাপোৰ ধোৱে । কি অপূৰ্ব দৃশ্য! বৰ্ননা কৰিব নোৱাৰি । মাহৰোল বিলৰ পানী অনা ঘাটতে এদিন মুখা-মুখি হয় বিলৰ ঘাটৰ পৰা পানী নিবলৈ অহা অনামিকা আৰু দুপৰীয়া ঘাটত গা ধুবলৈ অহা দীপকৰ । অকলশৰীয়া অৱস্থাত দুয়োৰে চাৰি চকুৰ মিলন ঘটে যদিও লাজতে ৰঙা চিঙা পৰি দুয়ো দুফালে আতৰি যায় । দীপক আৰু অনামিকাৰ ঘৰ একেখন গাঁৱতে যদিও দুয়োখন ঘৰৰে দুৰত্ব প্ৰায় এক কিলোমিটাৰ । সৰুৰে পৰাই দুয়ো দুয়োকে দেখিছে ; অথচ সেই দিনাৰ দৰে অকলশৰে লগ পোৱা নাছিল । গাওঁ খনৰ পৰিসৰ ডাঙৰ হোৱাত ৰাজহুৱা নামঘৰ , পুথিভঁৰাল আদি ৰাজহুৱা অনুষ্ঠানবোৰো পৃথক আছিল । যাতায়তৰ ব্যৱস্থাও দুয়োৰে বিপৰীত দিশে । পানী অনা , গা ধোৱা ঘাটো আছিল দুয়োৰে পৃথক । সেয়ে দুয়োৰে মাজত দেখা দেখিও প্ৰায় কমেই হয় । অনামিকাৰ বান্ধবী মালবিকাৰ ঘৰ দীপকৰ চুবুৰীতে । দুটা পদূলিৰ ইফাল সিফাল । দীপকৰ ওচৰ সম্বন্ধীয় ভনীয়েক হয় মালবিকা । সেই সূত্ৰে দীপক , মালবিকা হঁতৰ ঘৰলৈ প্ৰায়েই আহ-যাহ কৰে । গতিকে অনামিকাৰ বিষয়ে মালবিকাৰ মুখেৰ সি প্ৰায় কথাই জানে । অনামিকা এজনী অতি অমায়িক সৎ স্বভাৱৰ ছোৱালী । দেখাই শুনায়ো ছোৱালী জনী বেছ চকুত লগা । দেউতাকৰ অতি মৰমৰ ডাঙৰ ছোৱালী । এজন মাত্ৰ সৰু ভায়েক আৰু এজনী সৰু ভণীয়েক । ভণীয়েকৰ জন্মৰ এবছৰ পাছতে মাক ঢুকায় । যেতিয়া মাকে ইহ সংসাৰ ত্যাগ কৰে তেতিয়া অনামিকা হাইস্কুলৰ নৱম মান শ্ৰেণীৰ ছাত্ৰী । বয়স তেতিয়া চৈধ্য কি পোন্ধৰ বছৰ । ভায়েক , ভণীয়েকক চোৱা চিতাকে ধৰি ঘৰখনৰ সকলো দায়িত্ব লব লগা হোৱাত নৱম মানতেই তাই স্কুল এৰিব লগা হয় । ভায়েক আৰু ভনীয়েকে ওচৰৰ মাজপাথৰি হাই স্কুলত পঢ়ে । সিহঁতহালক অনামিকাই ঘৰৰ কোনো কাম কৰিবলৈ দিয়া নাছিল । অনামিকাৰ একান্ত ইচ্ছা -- " সিহঁত হালে যিমান পাৰে পঢ়ক । কোনো কাম বনত সিহঁত হালক তাই কষ্ট নিদিয়ে ।" দেউতাক হৰকান্তয়ো সিহঁত হালৰ পঢ়াত কোনো কৃপণালি কৰা নাছিল । দেউতাকৰো একেই ভাৱনা-- " জানোছা সিহঁত হালৰ জৰিয়তে ভগৱন্তই ঘৰ খনৰ দুখ মুক্ত কৰেইবা । " খাটি খোৱা মানুহ হ'লেও, বছৰটো ভালদৰে জোৰাই খাব পৰাকৈ হাল , মাটি নাছিল হৰকান্তৰ । আনৰ মাটি আধি- বন্ধুৱা , সৰু-সুৰা বেপাৰ- বাণিজ্য কৰি কোনোৰকম পৰিয়ালটো চলিব পৰা । দীপকৰ বিষয়েও মালবিকাৰ মুখেৰে অনামিকাই সকলো জানিছিল । মালবিকাৰ মতে- " দীপক এটা সৎ , নিৰ্জু, অমায়িক স্বভাৱৰ লৰা । কোনো লোকৰ লগত দ্বন্দ - খৰিয়াল নাই । সকলোকে সি আপোন কৰি লব পাৰে । মাকৰ বাহিৰে আপোন বুলিবলৈ তাৰ কোনো নাই । সি সৰু থাকোঁতেই দেউতাক ৰতি কান্তৰ মৃত্যু হয় । সি ডাঙৰ হৈ অহাৰ লগে লগে ঘৰখনৰ সকলো দায়িত্ব সিয়েই চম্ভালিব লগা হয় । মাকৰ ঔষধ পাতি , খেতি পথাৰ সকলোতে ব্যস্ত থাকিব লগা হোৱাত মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈও সি বি, এ, ত নাম লগাব নোৱাৰিলে। অৱশ্যে ভগৱানৰ কৃপা দৃষ্টিত প্ৰাইমেৰী স্কুলৰ শিক্ষকৰ চাকৰি এটা সি যোগাৰ কৰিবলৈ সক্ষম হয় । ,মাহৰোল বিলৰ গা ধোৱা ঘাটত সেইদিনা দীপক আৰু অনামিকা মুখামুখি হোৱাৰ পাছৰে পৰা দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হৈ পৰে । দীপকৰ লগত প্ৰথম মুখা মুখি হোৱাৰ পাছত ঘৰত আহি তাৰ কথা ভাবি ভাবি যিদৰে নিশা এপৰলৈকে অনামিকাৰ টোপনি অহা নাছিল , ঠিক একেই পৰিৱেশ সৃষ্টি হৈছিল দীপকৰ ক্ষেত্ৰতো । দুপৰীয়া বিলৰ ঘাটত অনামিকাৰ সৈতে মুখামুখি হোৱাৰ পাছত ঘৰত আহি তাইৰ কথা ভাবি ভাবি গোটেই নিশাটোৱেই প্ৰায় সি উজাগৰে কটালে । বিচনাত পৰি টোপনিটো আনিবলৈ সি বহুত চেষ্টা কৰিলে । কিন্তু বাৰে বাৰে তাইৰ প্ৰতিচ্ছবিখনহে তাৰ চকুৰ সন্মুখত জিলিকি উঠে ।


           ফুৰিবলৈ যোৱা চলেৰে এদিন মালবিকাই দীপকক অনামিকা হঁতৰ ঘৰলৈ লৈ গল । প্ৰথম অৱস্থাত দীপকে কিছু সংকোচ কৰিছিল যদিও মালবিকাৰ অভয় বাণীত তাৰ সংকোচ দূৰ হয় । চাহ - তামোল খাই ঘৰলৈ আহিবৰ সময়ত দুয়োকে মালবিকাই পৰিচয় কৰাই দিয়ে । সেই দিন ধৰি দীপক অনামিকাহঁতৰ ঘৰলৈ প্ৰায়েই আহ- যাহ কৰা হ'ল । কেৱল আহ- যাহেই নহয় , এদিন দুয়ো দুয়োকে ভাল পাই পেলালে । একেখন গাঁৱৰে হোৱাত প্ৰথম অৱস্থাত সিহঁতৰ এই ভাল পোৱাত দীপকৰ মাকৰ কিছু আপত্তি আছিল । পাছত মালবিকাৰ মুখেৰে অনামিকাৰ স্বভাৱ- চৰিত্ৰ , আচাৰ - ব্যৱহাৰ, চাল- চলন আদি সকলো কথা জানিব পাৰি মাকে এই বিয়াত সন্মতি দিয়ে । দীপকৰ মাকে এদিন খুৰাক আৰু মোমায়েকৰ লগত আলোচনা কৰি অনামিকাৰ দেউতাকৰ ওচৰত বিয়াৰ প্ৰস্তাৱো আগবঢ়ালে । বিধিৰ বিধান , দীপক আৰু অনামিকাৰ এই ভাল পোৱা সুচল নাছিল । সিহঁতৰ এই ভাল পোৱাত হেঙাৰ হৈ থিয় দিলে , দীপকৰ একালৰ বন্ধু হেমন্ত । দীপক আৰু হেমন্তৰ ঘৰ মাহৰোলতে । হাইস্কুলত দুয়ো একেলগে পঢ়া । দীপকে মেট্ৰিকৰ উপৰিও হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে । দুবাৰকৈ পৰীক্ষাত বহিও হেমন্তই মেত্ৰিকৰ দেওনা পাৰ হব নোৱাৰিলে । পঢ়া শুনা সিমানতে সমাপ্ত কৰি শেষত সি লিপ্ত হয় অসৎ কাৰ্যত । মদ , ভাং, , ড্ৰাগছ খোৱাতো বাদেই , গাওঁ খনত যিকোনো আপত্তিজনক কাম কৰিবলৈ সি কুণঠাবোধ নকৰে । কেৱল মাথো মুখত অশ্লীল ভাষা । গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিগন্ত শইকীয়াৰ একমাত্ৰ পুত্ৰ হেমন্ত। অগাধ মাটি- সম্পত্তিৰ মালিক হেমন্তৰ দেউতাক । বিভাগীয় মন্ত্ৰীৰ ছাত্ৰ ছায়াত বহু চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ আছে তেওঁৰ । গাওঁ খনৰ ভিতৰতে ধনী ব্যক্তি বুলি দিগন্ত শইকীয়াৰ চকুলৈ চাই কথা কবলৈ সাহস নকৰে গাৱৰ কোনো এজন লোকে । গাওঁ খনত অন্যায় - অনিয়ম কিবা হলে দিগন্ত শইকীয়াই যি সিদ্ধান্ত লব , সেইটোৱেই শেষ সিদ্ধান্ত । চৰকাৰী বিষয়াৰ পৰা থানাৰ অ,চি, পুলিচলৈকে তেওঁৰ হাতৰ মুঠিত । সেই সুবাদতে গাঁৱত যিকোনো অঘটন ঘটাবলৈ কুন্ঠাবোধ নকৰে হেমন্ত ই । দীপক আৰু অনামিকাৰ মিলা- প্ৰীতিত সহ্য কৰিব পৰা নাছিল হেমন্ত। তাৰ প্ৰতিশ্ৰুতি -- " যিকোনো প্ৰকাৰে অনামিকাক সি নিজাববীয়া কৰিবই ।" এদিন সি দীপকক এইবুলিও ভাবুকি দিছিল -- " যদি তোৰ প্ৰাণৰ মমতা আছে , তেন্তে অতি সোনকালে তই অনামিকাৰ কাষৰ পৰা আঁতৰি আহ ।" সিমানতে ক্ষান্ত থকা নাছিল সি । এদিন সি অনামিকাক বিয়াৰ প্ৰস্তাৱো দিছিল । কিন্তু হেমন্তৰ সেই প্ৰস্তাৱ অনামিকাই প্ৰত্যাখ্যান কৰে ।" ঐশ্চৰ্য ধন- সম্পত্তিৰ অধিকাৰী হ'লেও হেমন্তৰ দৰে সমাজ বিৰোধী , অসৎ চৰিত্ৰৰ ল'ৰাক তাই কেতিয়াও ভাল পাব নোৱাৰে । প্ৰয়োজনত তাই ঘৰতে বুঢ়ী হব ।"


    অনামিকাৰ ওচৰত বিমূখ হোৱা পাছত উন্মাদৰ দৰে হৈ পৰে হেমন্ত । সি প্ৰতিশ্ৰুতিবদ্ধ --" তাক কৰা অপমানৰ প্ৰতিশোধ তাইৰ ওপৰত এদিন সি লবই ।" এইবাৰ হেমন্তৰ লগ লাগিল গাঁৱৰে প্ৰশান্ত , অজামিল , হীৰক আৰু দিৱাকৰ নামৰ যুৱক কেইজনৰ । প্ৰয়োজন সাপেক্ষে সিহঁতক হেমন্তই সদায় যোগান ধৰিব লাগে - মদ , ভাং , ড্ৰাগছ আদি মাদক দ্ৰৱ্য । এইবোৰ খৰছৰ বাবে ভয় কৰা ভকত নহয় হেমন্ত ।তাৰ দেউতাক অগাধ সম্পত্তিৰ গৰাকী। এদিন হৈ পৰিল হেমন্ত সিহঁতৰ ওপৰত "হিৰো "। লগৰ অনুগত সকলেও তাক গুৰু বুলিয়েই সম্বোধন কৰে । সি কৰিব নোৱাৰা কাম একোৱেই নাই । তাৰ কামত বাধা দিয়াৰ সাহসো কাৰো নাই । আন নালাগে দেউতাক দিগন্ত শইকীয়াৰো । সময়বোৰ গৈ থাকিল । যিমানেই সময়বোৰ বাগৰিল , সিমানেই , অনামিকাৰ প্ৰতি থকা প্ৰতিশোধৰ জুইকুৰা হেমন্তৰ বুকুত জ্বলিয়েই থাকিল । মাথো সময় - সুবিধালৈ অপেক্ষা ।


    সেইদিনা আছিল শিৱৰাত্ৰি । অমাৱস্যাৰ ঘোৰ অন্ধকাৰ । অন্য বছৰৰ দৰে সেইবছৰো অঞ্চলটোৰ ৰাইজে বিলৰ সিপাৰৰ শিৱ মন্দিৰত মহা সমাৰোহেৰে আয়োজন কৰিছিল মহা শিৱৰাত্ৰি মহোৎসৱ । সন্ধ্যা মন্দিৰত নাম চাম বুলি ঘৰৰ পৰা ওলাই গল দীপক আৰু অনামিকা । দুয়োৰে মোবাইল থকাৰ বাবে হাতত টৰ্চ লাইট নিয়াৰ প্ৰয়োজনবোধ কৰা নাছিল সিহঁত হালে । অখণ্ড ভাৱে পৰিবেশন কৰা বিভিন্ন দলৰ নাম- কীৰ্তন উপভোগ কৰাৰ অন্তত নিশা প্ৰায় এঘাৰ মান বজাত যাওগৈ বুলি দুয়ো ঘৰৰ অভিমুখে ৰাওণা হয় । বাটত কিবা অঘটন ঘটিব পাৰে বুলি সিঁহতে ভবা নাছিল । " কি হব পাৰে ; নিজৰে গাওঁ। নিজৰেই ঠাই , সকলোবোৰেই চিনাকি ।" মনত কোনো শঙ্কাৰ ভাৱ নলৈ দুয়ো মাথো আগুৱাইছে ঘৰলৈ বুলি । মন্দিৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ মান পথ অতিক্ৰম কৰাৰ পাছত কাৰোবাৰ গুণ গুণনি সিহঁতৰ কাণত স্পৰ্শ হয় । মনত ভয় ভাৱ এটা আহিছিল যদিও, একো নাই বুলি পুনৰ দুয়ো আগবাঢ়ি কেকুৰিটো পোৱাৰ লগে লগে কলা বস্ত্ৰ পৰিহিত এটা পাঁচজনীয়া দলে পাছ ফালৰ পৰা আক্ৰমণ কৰিবলৈ উদ্যত হয় । প্ৰতিটোৰ হাতত একো একোপাত মৰণাস্ত্ৰ। মুহুৰ্ততে ৰাক্ষসৰ দৰে সিহঁত জপিয়াই পৰিল নি:সহায় দুই প্ৰাণীৰ ওপৰত । আক্ৰমণৰ মৰ সাহ দি দীপকে-


-" কোন , কোন তহঁত ? কিয় আমাক এনেদৰে আক্ৰমণ কৰিছ ? "


দীপকৰ কথা শেষ হবলৈ নাপাওঁতেই ---" চালা কুত্তা , অসভ্য! ৰাতি এইদৰে এজনী গাভৰু ছোৱালী অকলে আহিলৈ লাজ নালাগে ? প্ৰেমিক ওলাইছ , বেইমান ।" পাচ জনীয়া দলটোৰ দুজনে লপা- থপা ,কিল- ভুকু দি দীপকক সিহঁতে ঘৰৰ অভিমুখে নিবলৈ চেষ্টা কৰিলে । বাকী তিনিজনে অনামিকাক মুখত সোপা দি বলপূৰ্বক ভাৱে বিলৰ পাৰৰ ঠেক আলিটোৰে বিপৰীত দিশে লৈ যায় । ,--- এৰি দে ভাইহঁত। আমি এইখন গাঁৱৰে । থানত নাম চাইহে আহিছো । " বহুতো কাতৰ - মিনতি কৰিলে যদিও দীপকৰ কোনো কথাতে গুৰুত্ব নিদিলে সিহঁতে ।-- " এবাৰ হাতলৈ অহা চিকাৰ সহজতে সিহঁতে এৰি ভকত নহয় । সিহতে অনামিকাক কেতিয়াও পতিব্ৰতা হবলৈ নিদিয়ে । জীৱনৰ মমতা আছে যদি মুহূৰ্ততে এই ঠাই ত্যাগ কৰ " বুলি দীপকক হুমুকি দুয়ো তিনি বন্ধুৰ কাষ পালেগৈ । চিঞৰিম বুলি মনতে ভাবিছিল যদিও অনামিকাৰ কিবা ক্ষতি হোৱাৰ ভয়ত কোনো চিঞৰ বাখৰ নকৰি সেই ঠাইতে দীপকে আত্মগোপন কৰে । ,            নিশা চাৰে বাৰমান মান বজাত এটি কলংকৃত শৰীৰ লৈ সেইদিনা অনামিকা প্ৰৱেশ কৰে নিজ ঘৰত। পাছে পাছে বিষাদ মনেৰে দীপক । ক্ষন্তেক আগতে হৈ যোৱা সমস্ত ঘটনাৰ বিষয়ে দেউতাকক তাই জনালে যদিও থানাত গোচৰ তৰিবলৈ সাহস গোটাব নোৱাৰিলে । ঘটনাস্থলীত দীপকে পাচোজনকে চিনি পাইছিল। অথচ অনামিকাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি থানাত গোচৰ তৰিবলৈ সি সাহস নকৰিলে। "পুলিচৰ ওচৰলৈ গৈয়েইবা লাভ কি । টকা নাপালে পুলিচে কেতিয়াও গোচৰ হাতত নলয় । পুলিচক ঘোচ দিবলৈ ইমান টকা সিহঁতে পাব ক'ত? টকা দিলেও সিহঁতৰ পক্ষে ন্যায় বিচাৰ কেতিয়াও নাহে । কাৰণ গোটেই মৰিকলং থানা খনেই দিগন্ত শইকীয়াৰ হাতৰ মুঠিত । গাওঁ খনৰো সৰহ সংখ্যকেই দিগন্ত শইকীয়াৰ হাতৰ ইছাৰত উঠা বহা কৰা লোক । দিগন্ত শইকীয়াই যিটো কব সেইটোৱেই শিলৰ ৰেখা । গতিকে সিহঁতৰ পক্ষে ন্যায় বিচাৰ কেতিয়াও সম্ভৱ নহয় ।"


     ইকান সিকান কৰি পাছদিনা নিশা ঘটি যোৱা গোটেই ঘটনাটো গাওঁ খনত তল ওপৰ হল । মানুহবোৰৰ মুখত বু বু ,বা বা । " তায়েই বদমাছ। নিমকি চয়তান তাই । তাই আসৈ নিদিলে এনে ঘটনা ঘটিবলৈ কেতিয়াও নাপায় ।এনে অসৎ , ব্যভিচাৰি ছোৱালী সমাজৰ পৰাই বৰ্জিত কৰিব লাগে ।" এখোপ ওপৰলৈ গৈ কেইঘৰমানে -- " নহয় , নহয়! গোটেই ঘৰখনকে গাৱঁৰ পৰা বাহিৰ কৰি দিব লাগ " বুলি যুক্তি দৰ্শালে। কিন্তু মুল অপৰাধী কোন জানিও , গাওঁ খনৰ মানুহবোৰে সিহঁতৰ নাম লবলৈ কোনেও সাহস নকৰিলে । অহুকাণে পহুকাণে কথাতো দীপকৰ মাকৰ কাণতো পৰিল । " এনেকুৱা কলংকিনী ছোৱালীক কেতিয়াও মই বোৱাৰী হিচাপে মানি লব নোৱাৰো " বুলি মাকে দীপকক সঁকিয়াই দিলে । " প্ৰকৃত কথাতো শুনাছোন মা " বুলি দীপকে কবলৈ ধৰোতেই " নাই, নাই ! আজি তোৰ মই কোনো কথায়েই নুশুনো " বুলি উচাৎ মাৰি মাক ভিতৰ সোমাল । দীপকৰ মাকক এই বিষয়ত সম্পূৰ্ণ সহায়ৰ হাত আগবঢ়াছিল হেমন্তৰ অনুগত সকলেই। সিহতৰ কৌশলী মনোভাৱ -- " যদিহে দীপকৰ মাকে তাইক বোৱাৰী হিচাপে মানি ল'বলৈ অস্বীকাৰ কৰে , তেতিয়া সি তাইৰ ওচৰৰ পৰা আঁতৰি আহিবলৈ নিশ্চয় বাধ্য হব । শান্ত- শিষ্ট দীপক কেতিয়াও মাকৰ অবাধ্য নহয় । মাকৰ কথাৰ ওপৰত মাত নামাতি দীপক যেতিয়া তাইৰ কাষৰ পৰা আঁতৰি আহিব , তেতিয়াই তাইৰ দম্ভ চূৰ্ণ হব ।" , কিন্তু শুনিলে জানো দীপকে মাকৰ সকিয়নী ? কামত আহিল জানো হেমন্ত হঁতৰ পৰিকল্পনা।"


    তাৰোটো বিচাৰ বিবেচনা কৰিব পৰা ক্ষমতা এটা আছে ।তাৰোটো বিবেক বোলা বস্তু এটা আছে । সিওটো এজন শিক্ষিত যুৱক । ইমান অন্যায় আৰু সহ্য কৰা নহব ।" বুলি বুকুত সাহস গোটাই এইবাৰ সি সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিলে । গাৱঁৰ মানুহখিনিৰ বিচাৰ বিবেচনাত ক্ষুণ্ণ হৈ পৰিল সি । দীপকৰ মতে -- " তাই কেতিয়াও দোষী নহয় ,মাকে বা গাঁৱৰ মানুহেখিনিয়ে ভবাৰ দৰে তাই কেতিয়াও কালংকিনি নহয়। কলংকৰ চেকা নিজে তাই গাত ঘঁহি লোৱা নাই । তাইক অন্যায় ভাৱে কলংকিনি সজাইছে আজিৰ সমাজখনে । গাওঁ খনৰ মানুহবোৰে ।যিখন সমাজে নিৰপৰাধী এজনী ছোৱালীক বিপদ কালত উদ্ধাৰ কৰিবলৈ আগবাঢ়ি অহাৰ বিপৰীতে অপৰাধীক ৰক্ষণাবেক্ষণ দিবলৈহে চেষ্টা কৰে , তেনে এখন সমাজে উঠি অহা নৱ প্ৰজন্মক কি ভাল পথ দেখুৱাব? সেইখন সমাজৰ ওচত উঠি অহা নৱ প্ৰজন্ম ই কি আশা কৰিব ? এনকুৱা সমাজ তাৰ বাবে প্ৰয়োজনেই কত ? " দীপকৰ দৃঢ় মত-- " সমাজ খনৰ ওচৰত অস্পৃশ্য হ'লেও , তাৰ ওচৰত অনামিকা কেতিয়াও অস্পৃশ্য নহয় । তাৰ ওচৰত তাই সদায় পৱিত্ৰ । তাইৰ গাত কোনো দোষ নাই । তাৰ প্ৰমাণ সি নিজেই । সমাজখনে তাইক গ্ৰহণ নকৰিলেও সি তাইক গ্ৰহণ কৰিব ই ।" কোনো কালেই মাকক এষাৰ টান কথা নোকোৱা দীপকে -- " শুনা মা , মই তোমাৰ প্ৰতিটো কথাই মানি আহিছো। কিন্তু আজি আৰু নহব। মই তাইকেই বিয়া পাতিম ।এজনী ছোৱালীৰ ভৱিষ্যত জীৱনটো মই ধংস কৰিব নোৱাৰো ।প্ৰয়োজনত সমাজ খনৰ লগতে ঘৰখনেই ত্যাগ কৰিব সি । "


   এইবাৰ দীপকৰ কথাত সহমত প্ৰকাশ কৰে গাওঁ খনৰে একাঙশ নৱ প্ৰজন্মৰ যুৱক- যুৱতীয়ে । লগত গাঁও খনৰ কিছু স্ংখ্যক মহিলা । ইয়াৰ সমভাগী হয় হেমন্তৰ খুড়ায়েকৰ লৰা ৰাজীৱ । বয়সত ৰাজীৱ হেমন্ততকৈ দুবছৰ সৰু । পঢ়া শুনাতো সুনাম আছে । যদিও ৰাজীৱ হেমন্তৰ খুড়ায়েকৰ লৰা , হেমন্তহতৰ ঘৰখনৰ কিছুমান কৰ্ম কাণ্ডত পূৰ্বৰ পৰাই সি বিতুষ্ট । দেউতাকৰ বুজনিতহে থমকি আছিল । এইবাৰ তাৰ ধৰ্যৰ সীমা চেৰাই গল । ৰাজীৱহঁতৰ মাথো এটাই কথা-- " বহুত হল ! আৰু এইখন গাৱত দিগন্তৰাজ , হেমন্তৰাজ এইবোৰ নচলিব ।সকলো আমি অন্ধ হৈ আছিলো । দীপকেহে আমাৰ চকু মেল খুৱালে । এতিয়াৰে পৰা গাঁৱত সঙঘতিত প্ৰতিটো অন্যায় কাৰ্যত আমি মাত মাতি যাম । অন্যায়- অবিচাৰৰ বিৰুদ্ধে আমি সদায় মাত মাতি যাম ।, প্ৰথম অৱস্থাত দিগন্ত শইকীয়া আৰু হেমন্তই ধমকি দিব বিচাৰিছিল যদিও দীপকহঁতৰ পক্ষত গাঁও খনৰ মানুহৰ সমৰ্থন অধিক হোৱাত , ভয়তে দিগন্ত শইকীয়াহঁত থমকি ৰয় । দিগন্ত শইকীয়াহত থমকি ৰল যদিও গাঁৱৰ মহিলাসকলৰ লগতে যুৱ চাম থমকি নৰল । তিনি দিনৰ মুৰত নামঘৰত গাওঁ সভা বহিল । গাওঁ সভাৰ বিচাৰত হেমন্ত সহ পাচোজন যুৱকে অনামিকক ক্ষমা খুজিব লাগিব । লগতে অনামিকাৰ বিৰুদ্ধে অনা অপবাদৰ বাবে,


সূচীকৰণৰ বাবে বিশ হাজাৰ টকা জৰিমনা আদায় দিব  লাগিব।



ভোলা কলিতা ।

মাহৰোল,নগাঁও ।

দূৰভাষ  নং ৮৮৭৬৫৬৪০৮৫

Comments


bottom of page