top of page

সহমৰ্মিতাৰ বান

   

                               


আমেৰিকান মনোবিজ্ঞানী আৰু শান্তি কৰ্মী মাৰ্শ্বেল বি. ৰোজেনবাৰ্গে কৈছিল - "Empathy is a respectful understanding of what others are experiencing." ( "সহমৰ্মিতা হ'ল আনে অনুভৱ কৰা বস্তুক শ্ৰদ্ধাৰে বুজি পোৱাৰ ক্ষমতা।") সহমৰ্মিতা -এক গভীৰ আৰু সুন্দৰ অসমীয়া শব্দ। এজন ব্যক্তিয়ে সেই সময়ত কি অনুভৱ কৰিছে তাক উপলব্ধি কৰা আৰু আন্তৰিকতাৰে সঁহাৰি জনোৱা । সহমৰ্মিতা দূৰৰ পৰা পুতৌ কৰা নহয়, বৰঞ্চ প্ৰকৃত অৰ্থত তেওঁলোকৰ অনুভৱ বুজিবলৈ চেষ্টা কৰা আৰু তেওঁলোকৰ সৈতে একাত্ম  হোৱা । ইয়াৰ অৰ্থ কেৱল "empathy" বুলি ইংৰাজীলৈ অনুবাদ কৰিলে সম্পূৰ্ণ নহয়; ইয়াত সংপৃক্ত হৈ আছে আন এজনৰ সুখ-দুখ, বেদনা-আনন্দৰ লগত নিজৰ মনটো একাত্ম কৰি অনুভৱ কৰিব পৰা মহান অৰ্থ। "সহ"  আৰু "মৰ্ম"  মিলনত সৃষ্ট হয় সহমৰ্মিতা। আন  মানুহৰ সুখ, দুঃখ, আনন্দ বা বেদনা নিজেৰ ভিতৰত অনুভব কৰিব পৰা ক্ষমতা । সহমৰ্মিতা  হৈছে এক অভ্যাস বা দক্ষতা । জন্মগতভাৱে আৰু আমি ডাঙৰ-দীঘল হোৱাৰ পৰিৱেশৰ পৰা  ইয়াৰ কিছু অংশ পাওঁ যদিও, সমগ্ৰ জীৱন ধৰি সজাগ সচেতন হৈ এই গুণটোক আৰু অধিক শক্তিশালী কৰি তুলিব পাৰি।


প্ৰশ্ন হয় আধুনিক সমাজত আমি সহমর্মিতাৰ পৰা ক্ৰমে  আঁতৰি যাব ধৰিছো নেকি ?আমি ফেচবুক  আসক্তিত 'সহানুভূতি'ৰ আন্ধাৰত হেৰাই যাব ধৰিছোঁ নেকি? অথচ আমি বিচাৰিলেই জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সহমর্মিতাৰ হাত আগবঢ়াব পাৰোঁ। সেয়া হ'ব পাৰে ব্যক্তিগত জীৱনত, সম্পর্কত, শিক্ষাত, ৰাজনীতিত বা ৰাষ্ট্ৰ পৰিচালনাত।নিজক লৈ ব্যস্ত হৈ থকা এই দ্ৰুত পৃথিৱীখনত আনৰ যত্ন লোৱাটো আনৰ খবৰ লোৱাটো, সুখ দুখৰ সমভাগী হোৱাটো আজি যেন এক ডাঙৰ কথা। সহমৰ্মিতা কোনো দুৰ্বলতা নহয়— সহমৰ্মিতা আমাৰ পৰিয়াল, বন্ধুত্ব আৰু সমাজখনক ইজনে সিজনৰ লগত বান্ধি ৰাখিব পৰা শক্তিশালী এনাজৰী। সহমর্মিতাৰ বিকাশৰ জৰিয়তে আমি সকলোৱে অধিক সহানুভূতিশীল পৃথিৱী এখন গঢ়ি তোলাত অৱদান আগবঢ়াব পাৰোঁ। সহমর্মিতাই আমাক আনৰ সৈতে বেছিকৈ ভালদৰে সংযোগ স্থাপন কৰিবলৈ আৰু তেওঁলোকৰ সৈতে অধিক শক্তিশালী সম্পর্ক গঢ়ি তুলিবলৈ সহায় কৰে।  সহমর্মিতাই আমাৰ সমাজবোৰত অধিক  একতা পৰিৱেশ সৃষ্টিত সহায় কৰিব পাৰে। সহমৰ্মিতাই আমাক ইজনে সিজনৰ প্ৰতি অধিক দয়ালু আৰু বিবেচক হ'বলৈ সহায় কৰিব পাৰে। সহমর্মিতাই আমাক অধিক ন্যায্য আৰু সমতাৰ সমাজ গঢ়ি তুলিবলৈ সহায় কৰিব পাৰে।


যোৱা জুলাই-আগষ্টত (২০২৬) উজনি অসমত মূলত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত হোৱা প্ৰলয়ংকাৰী বানে ১০১ জনৰো অধিক লোকৰ মৃত্যু ঘটাইছিল আৰু ১০খন জিলাৰ প্ৰায় ১.৭৮ লাখ লোক ইয়াৰ কৱলত পৰিছিল, ৪৫৮খনৰো অধিক গাঁও প্ৰভাৱিত হৈছিল।  এই বিপৰ্যয়ৰ সময়ত সহমর্মিতাৰ যি ছবি দেখা গৈছে সেয়া সমাজৰ বাবে অতি আদৰণীয় বুলি ক'ব পাৰি।শিৱসাগৰৰ শেহতীয়া বিধ্বংসী বানপানীয়ে যেন সহমর্মিতাৰ জীৱন্ত ছবি অংকন কৰিলে, সেয়া      অসমৰ সীমাৰ ভিতৰতে সীমাবদ্ধ নাথাকিল। পশ্চিমবংগৰ দুৰ্গাপুৰৰ পৰা ৰাজেশ সেনৰ নেতৃত্বত পাঁচজনীয়া এটা যুৱ স্বেচ্ছাসেৱক দলে সাহায্য সামগ্ৰী লৈ শত শত কিলোমিটাৰ পাৰ হৈ তিনিচুকীয়া হৈ শিৱসাগৰলৈ যাত্ৰা কৰিলে ,গোৱাৰ পৰা এদল যুৱক গাড়ী চলাই শিৱসাগৰ পালেহি, এই নিজৰ ভাষা, নিজৰ সমাজৰ কোনো সম্পৰ্ক নথকা মানুহবোৰক প্ৰলয়ংকাৰী বানে কৰা সংহাৰৰ শুনিয়েই তেওঁলোকৰ হৃদয় বিচলিত হ'ল। এইদৰেই "গ্লোবেল ছিখছ্" নামৰ আন্তঃৰাষ্ট্ৰীয় শিখ সেৱা সংগঠনটোৱে সপ্তাহজুৰি ৰেল ষ্টেচনত আশ্ৰয় লোৱা বানপীড়িত পৰিয়ালৰ মাজত খাদ্য আৰু আশ্ৰয় সামগ্ৰী  সহ আৰ্তজনৰ কাষত ঠিয় দিলেহি আৰু বলীউডৰ অভিনেতা ৰণদীপ হুড্ডাই নিজে দুদিন বানপানীৰ অঞ্চলত থাকি বান পীড়িতৰ উদ্ধাৰ কামত সহযোগ  কৰিলে। আমেৰিকাত থকা প্ৰবাসী অসমীয়াসকলৰ সংগঠন "Assam Foundation of North America"-এ বিদেশৰ পৰাই লাখ লাখ টকাৰ সাহায্য পঠিয়ালে।উদ্যোগপতি তথা সমাজসেৱী অনন্যা বিৰলাই অসমৰ বানপানীৰ খবৰ পাই আৱেগিক হৈ প্ৰত্যক্ষভাৱে বান বিধ্বস্ত অঞ্চললৈ আহিছিল আৰু বৃহত সাহায্য পুঁজিৰে  প্ৰয়োজনীয় সামগ্ৰী নিজহাতে পীড়িতৰ হাতত দিছিল ।


কেতিয়াবা মানুহৰ পৰিচয় তেওঁৰ খ্যাতিতেই সীমাবদ্ধ নহয়, বৰঞ্চ আনৰ দুখৰ সময়ত তেওঁ ক'ত থিয় দিয়ে তাতহে প্ৰকাশ পায়।


বিশ্বৰ মল্লযুদ্ধৰ মঞ্চত নিজৰ শক্তিৰে কোটি কোটি মানুহক চমকিত কৰা সেই দ্য গ্ৰেট খালি, অৰ্থাৎ দলীপ সিং ৰাণা,এইবাৰ অসমলৈ আহিল আন এখন যুঁজত অংশ লবলৈ। নাজিৰাৰ ডৰিকা কৈৱৰ্ত গাঁৱ বানপীড়িত পৰিয়ালৰ মাজত সাহায্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচীত তেওঁ অংশ ল'লে। 

True Hope Foundation, Assam Youth Action Network (AYAN) আৰু Deeplina Deka Foundationৰ সহযোগত চলি থকা এই সাহায্য অভিযানত ৪০০ৰো অধিক পৰিয়ালক বিছনা, মেট্ৰেছ, গাৰু, পানী ফিল্টাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰি আক্ৰান্ত ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিলে। এখন সমাজ যেন হঠাতে সাৰ পাই উঠিছে, প্ৰবাসী অসমীয়াৰ পৰা আৰম্ভ কৰি ছাত্ৰ-শিক্ষক, উদ্যোগপতি, সাংবাদিক সকলোৱে হাত মিলাইছে।


এই সকলোবোৰ ঘটনাই এটাই কথা প্ৰমাণ কৰে—সহমর্মিতাই ভাষা, ধৰ্ম, ৰাজ্য বা ৰাষ্ট্ৰৰ সীমাৰেখা নাজানে। যেতিয়া কোনো এজন মানুহে আন এজনৰ দুখ নিজৰ দুখ যেন অনুভৱ কৰে, তেতিয়াই দূৰত্ব বাধাৰ প্ৰাচীৰ নহয় ।মানৱতা আৰু সহমৰ্মিতাই সকলো প্ৰাচীৰ অতিক্ৰম কৰে।বিপদৰ সময়ত মানুহৰ পৰিচয় জাতি, ভাষা, ধৰ্ম বা অঞ্চলত আবদ্ধ নহয় ; মানুহৰ পৰিচয় যে মানুহ সেই কথা সহমৰ্মিতাই প্ৰকাশ কৰে।অসম আন্দোলনৰ সময়ছোৱাত আমি যিটো সামূহিক আত্মত্যাগ আৰু পাৰস্পৰিক সহযোগিতা দেখিছিলোঁ, সেয়াও আচলতে সহমর্মিতাৰেই এক ৰূপ আছিল বুলি আমি ক'ব পাৰোঁ । যেতিয়া এজনৰ যন্ত্ৰণা সকলোৰে যন্ত্ৰণা হৈ পৰে। তেতিয়াই সহমৰ্মিতাৰ অৰ্থ প্ৰকাশ হয়।


সহমর্মিতা কেৱল "দুখত সমবেদনা জনোৱা" নহয়, বৰং আনৰ অৱস্থান বুজি নিজৰ স্বাৰ্থ বা সামাজিক সীমাৰেখা অতিক্ৰম কৰি কাম কৰাটোৱেহে  আচল সহমর্মিতা ।



সুৰজিৎ গোস্বামী।

পানীগাঁও, নগাঁও।

দূৰভাষ নং ৭০০২৮৬৫৯৬৮



Comments


bottom of page