top of page

শৰতৰ বিনন্দীয়া ৰূপ আৰু শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পূজা


শৰৎ কাল মানে বাৰিষাৰ নেৰানেপেৰা বৰষুণত কৰ্দয্যময় হৈ পৰা ৰাস্তা পদুলি, ঘৰ বাৰীৰ চৌহদ আদি ক্ৰমান্বয়ে শুকাই থকা মেলাৰ , যাতায়তীৰ উপযোগী হোৱাৰ বতৰ । মনবোৰো ফৰকাল হয় । ভাদমহীয়া আহুধানৰ নৰা গেলোৱা প্ৰখৰ ৰ'দৰ উত্তাপ ক্ৰমান্বয়ে কমিবলৈ ধৰে । শালীধানৰ গোছবোৰেও বৰণ সলাই গাঢ় সেউজীয়া ৰং ধৰি পথাৰ সুশোভিত কৰে । বাৰিষাৰ ঘোলা পানীৰে ওফন্দি থকা নদ- নদীবোৰ শুকাই নিৰ্মল পানীৰ সোঁত বয় । জলাশয়, বিল, খাল, পুখুৰীত ভেঁট ,পদুম ,মেটেকা বোৰ ফুলি ধৰণী সুশোভিত কৰে । দেৱীৰ প্ৰিয় ৰক্তজবা, অপৰাজিতা ফুলকে ধৰি বিভিন্ন প্ৰজাতিৰ ফুলবোৰে ধৰণী সজাই তোলে । শেৱালি হাচনাহানা তগৰ ফুলৰ সুবাসে মানুহৰ মন প্ৰাণ সজীৱ কৰে । নৈ -বিলৰ পাৰত নদীৰ চাপৰিত কহুঁৱা ফুলবোৰে মৃদু মলয়াত হালি - জালি প্ৰকৃতিৰ জেউতি চৰায়। নিৰ্মল আকাশ, দুবৰি বনৰ পাতত নিয়ৰৰ টোপাল, কবিৰ ভাষাত নিয়ৰ টোপালে দুবৰি বনৰ পাতত মুকুতা আঁৰে । পাহাৰৰ নিজৰাই জিৰ্ জিৰ্ শব্দৰে বৈ আহি শিলত খুন্দাখাই সৃষ্টি কৰা কুলু কুলু শব্দই শৰতক স্বাগতম জনাই । ৰাতিও সেই শব্দ কাণত ভাঁহি আহে । প্ৰকৃতিৰ বিনন্দীয়া ৰূপ আৰু নাতিশীতোষ্ণ বতৰত মানুহৰ মনবোৰো ফৰকাল হয় ।


এনে সময়তে ধৰাত পিতৃপক্ষৰ অমাৱশ্যাত উদযাপিত হয় মহালয়া আৰু তাৰ পিছৰ প্ৰতিপদৰ পৰা অনুষ্ঠিত হয় দুৰ্গা পূজা । যাক দেৱী পক্ষ বুলিও কোৱা হয় । পিতৃপক্ষ পূৰ্বজ সকলৰ আত্মাৰ সদগতি কামনা কৰাৰ সময় । হিন্দু ধৰ্মমতে কোনো শুভ কাম আৰম্ভ কৰাৰ আগতে পূৰ্বজ সকলক স্মৰণ, পিণ্ডাদি দান কৰাটো বাঞ্চনীয় । বিশ্বাসে মিলয় হৰি তৰ্কে বহুদুৰ । যি সকলৰ পূজা আৰু ধৰ্মীয় আচাৰ ৰীতি নীতিৰ প্ৰতি বিশ্বাস আছে , আস্থা আছে, সেই সকলে সাধ্যানুসাৰে দেৱীপক্ষৰ অৰ্থাৎ মহালয়াৰ পাছৰ প্ৰতিপদৰ পৰা নৱমীলৈ নবৰাত্ৰ ব্ৰত পালন কৰি একান্ত ভক্তি ভাৱেৰে ধুপ দ্বীপ,চাকি বন্তি, শৰাই শলিতা আগবঢ়াই দেৱীৰ শ্ৰীচৰণত সেৱা জনাই । সাধাৰণ ভক্ত সকলেও সাধ্যানুসাৰে যি যেনেকৈ পাৰে সেই ভাৱেৰে দেৱীৰ শ্ৰীচৰণত মুৰ দোঁৱাই । এটা কথা মন কৰিবলগীয়া যে , দুৰ্গা পূজাত দেৱীৰ লগতে পৰিয়ালৰ বৰ্গ ও বাহন স্বৰূপে সিংহকে প্ৰমুখ্য কৰি জীৱ জন্তুকো পূজা অৰ্চনা কৰা দেখা যাব । পাৰ্থিৱ জীৱনৰ বিদ্যাৰ গৰাকী দেৱী সৰস্বতী , ধনৰ গৰাকী লক্ষ্মী আই, জ্ঞান বুদ্ধি আৰু সিদ্ধি দাতা হিচাপে গণেশ দেৱতা , বল সৌন্দৰ্য্যৰ গৰাকী কাৰ্তিক দেৱতাৰ লগতে দেবাদিদেৱ মহাদেৱক আৰু সমস্ত শক্তিৰ অধিকাৰিণী দেৱী দুৰ্গাক একত্ৰিতে পূজা অৰ্চনা কৰিবলৈ পোৱাৰ বাবে এই পূজাৰ প্ৰতি মানুহৰ শ্ৰদ্ধা ভক্তি ও আকৰ্ষণ বেছি যেন দেখা যায় ।


দুৰ্গাপূজাৰ আৰম্ভ কোনে ক'ত কেতিয়া কৰিছিল সেই সম্পৰ্কে বিভিন্ন শাস্ত্ৰত উল্লেখ আছে । তাৰ ভিতৰত প্ৰধানত ব্ৰহ্মবৈৱত পুৰাণত উল্লেখ থকা মতে দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ । দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানসপুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱীৰ মৃন্ময় মূৰ্ত্তি সাজি কঠিনৰো কঠিন তপস্যাত ব্ৰতী হোৱাত দেৱী প্ৰসন্ন হৈ তেওঁৰ ইপ্সিত ফল লাভ হোৱাৰ বৰ প্ৰদান কৰে । তেতিয়াৰ পৰাই তেওঁ বছৰে বছৰে দুৰ্গাপূজা কৰিবলৈ লয় । ভাৰতীয় মহাকাব্য ৰামায়ণত ৰজা ৰামচন্দ্ৰই ৰাৱনক বধ কৰাৰ উদ্দেশ্যে অকালত দেৱীক বোধন কৰি পূজা কৰাৰ কথা কৃৰ্তিবাসী ৰামায়ণত উল্লেখ আছে । ঠিক সেইদৰে আন এক মহাকাব্য মহাভাৰতৰ ত্ৰয়োদশ (ভীষ্মপৰ্ব )অধ্যায়ত ধৰ্মৰাজ যুধিষ্ঠিৰে নিজে দেৱীৰ বন্দনা কৰাৰ কথা উল্লেখ আছে । আনহাতে শ্ৰীকৃষ্ণৰ উপদেশমতে অৰ্জুনে কৌৰৱপক্ষক পৰাজিত কৰিবৰ বাবে শক্তি অৰ্জন কৰিবলৈ দেৱী দুৰ্গাক স্তুতি কৰিছিল ।


ভাৰতবৰ্ষ ঋষিমুনি সকলৰ দেশ । যাক দেৱভূমি বুলিও কোৱা হয়। যি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি শ শ বছৰ তপস্যাত বিলীন হৈ মানৱ জাতিৰ কল্যাণ ও বিশ্বশান্তিৰ হকে নিজৰ জীৱন উৰ্চগা কৰি গৈছে । য'ত বেদ বেদাঙ্গ, পুৰাণ, ৰামায়ণ , মহাভাৰতৰ দৰে মহাকাব্য সৃষ্টি হৈছে । যাৰ আধাৰত বিশ্বৰ আগত ভাৰত বৰ্ষই এক সন্মানীয় স্থান পাবলৈ সক্ষম হৈছে ।

দুষ্টক দমন আৰু শান্তক পালন কৰাৰ উদ্দেশ্যে ভগৱন্ত ই ন ন ৰূপেৰে আবিৰ্ভাৱৰ হৈ আহিছে । দেৱীদূৰ্গাৰ সৃষ্টি বা আবিৰ্ভাৱৰ মূল কাৰণ দু্ষ্টক দমন আৰু সন্তক পালন। দেৱী দুৰ্গায়ো বিভিন্ন সময়ত বিভিন্ন নামেৰে বিভিন্ন ৰূপেৰে দুষ্টক দমন কৰা কাহিনী শাস্ত্ৰত পোৱা যায় । মহিষমৰ্দ্দিনী মা দেৱী দুৰ্গাৰ আবিৰ্ভাৱৰ কাৰণ হ'ল মহিষাসুৰ । কাহিনী অনুসাৰে ব্ৰহ্মাৰ বৰত বলীয়ান হৈ মহিষাসুৰে যেতিয়া বিশাল সৈন্য বাহিনী লগত লৈ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিলে তেতিয়া তেওঁলোকৰ পৰাক্ৰমৰ সন্মুখত দেৱতা সকল তিষ্ঠিব নোৱাৰি স্বৰ্গৰাজ্য ত্যাগ কৰিবলৈ বাধ্য হ'ল । প্ৰধানত সেই বিপত্তিৰ পৰা শৰণাগত দেৱতা সকলক ৰক্ষাৰ হেতুকেই শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ আবিৰ্ভাৱ হ'ল।


স্বৰ্গ ৰাজ্যত দুৰ্গা পূজা অনু্ষ্ঠিত হোৱাৰ বিভিন্ন কাহিনী পোৱা যায় যদিও মৰ্ত্ত্যত মেধ মুনিৰ পৰামৰ্শ মতে হৃত ৰাজ্য ঘুৰাই পাবৰ বাবে বসন্ত কালত মৃন্ময় মুৰ্ত্তি সাজি পুজা কৰাৰ কথা ব্ৰহ্মবৈৱত পুৰাণ, দেৱী ভাগৱত, চণ্ডী আদি শাস্ত্ৰত উল্লেখ আছে ।


প্ৰাচীন গ্ৰন্থ সমূহত প্ৰকৃতিক মাতৃ জ্ঞান কৰি ঐশ্বৰিক শক্তি ৰূপে পূজা কৰাৰ কথা উল্লেখ আছে । দুৰ্গা পূজাত দেৱীৰ পৰিয়ালৰ লগতে এটি কল পুলিত নবিধ উদ্ভিদ বান্ধি কাপোৰেৰে মেৰিয়াই দেৱীৰ সোঁ - ফালে এক নিৰ্দিষ্ট ঠাইত প্ৰতিষ্ঠিত কৰাই পূজা অৰ্চনা কৰা হয় । ইয়াৰ গুৰি কথা হ'ল মাতৃ স্বৰূপা পৃথিৱী আৰু শস্যদেৱীৰ উপাসনা অৰ্থাৎ প্ৰকৃতিক শ্ৰদ্ধা নিবেদন । উল্লেখযোগ্য যে , শৰৎ কালত পথাৰ গৰ্ভৱতী হয় । শস্য শ্যামলা প্ৰকৃতিৰ 'শক্তিস্বৰূপা ' শস্য সম্পদ বৃদ্ধিৰ কামনাৰে প্ৰাণদায়িনী আৰু সংহাৰৰূপিনী দেৱী দুৰ্গাক নবপত্ৰিকা ৰূপত পূজা অৰ্চনা কৰা হয় ।


শক্তিৰ ৰূপ অনুসৰি কলগছক দেৱী ব্ৰাহ্মণী, ডালিমক ৰক্ত দন্তিকা, ধানক লক্ষ্মী, হালধিক দুৰ্গা, মানকচূক চামুণ্ডা, নীলকচুক কালিকা, বেলক শিৱ, অশোকক শোকৰহিতা, আৰু জয়ন্তীক কাৰ্তিকীৰ ৰূপত পূজা কৰা হয় । আচলতে পাৰ্থিৱ ভোগ বিলাসৰ মাজত থাকিও আধ্যাত্মিক ভাৱৰ চিন্তা চৰ্চা পূজা অৰ্চনা কৰিব পৰা একমাত্ৰ উপায় হৈছে শক্তি পূজা । স্বৰ্গৰাজ্যত ইন্দ্ৰ, বায়ু ,বৰুণ, সূৰ্য, আদি দেৱতা সকলক এক নিৰ্দিষ্ট শক্তিৰ প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছে । সেইদৰে খাদ্য শস্য বোৰতো শক্তি নিহীত হৈ আছে । প্ৰতিটো খাদ্য বস্তুৰ নিৰ্দিষ্ট দ্ৰব্য গুণ আছে । সেই দ্ৰব্যৰ নিৰ্দিষ্ট গুণে জীৱৰ শৰীৰত নিৰ্দিষ্ট ৰূপে কাম কৰে । শক্তি অবিহনে বিজ্ঞানো অচল ‌।


আগতেই উল্লেখ কৰিছো যে , শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ সৃষ্টি বা আবিৰ্ভাৱৰ মূল কাৰণ দুষ্টক দমন সন্তক পালন । তেওঁ বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ 'ৰুৰু' ,'দুৰ্গাসুৰ', দুৰ্গমাসুৰ , শুম্ভ, নিশুম্ভ, ৰক্ত বীজ আদি অসুৰক বধ কৰাৰ কাহিনী স্কন্ধপুৰাণ, শ্ৰী শ্ৰী চণ্ডী আদি গ্ৰন্থত উল্লেখ আছে । অসুৰ সকলৰ সাহস, ধৈৰ্য আৰু অশেষ কষ্টসহিষ্ণুতা গুণৰ অধিকাৰী হৈয়ো তেওঁলোকৰ সংযমহীনতা,পাপপূণ্য কথা চিন্তা কৰিব নোৱাৰা, অহংকাৰী স্বভাৱ আৰু শক্তিৰ অপব্যৱহাৰৰ বাবে শক্তিশালী হৈয়ো সদায় পৰাজিত হৈ মৃত্যু বৰণ কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে ।


মহিষাসুৰ বধৰ কাহিনী হ'ল , ৰম্ভাৰ পুত্ৰ মহিষাসুৰে ব্ৰহ্মাদেৱক সন্তুষ্ট কৰি অমৰত্ব বৰ পাবলৈ কঠোৰতকৈয়ো কঠোৰ তপস্যাত নিমগ্ন হ'ল । ব্ৰহ্মাদেৱে তেওঁৰ তপস্যাত সন্তুষ্ট হৈ মহিষাসুৰৰ আগত দেখা দি তেওঁৰ তপস্যাৰ উদ্দেশ্য জানিব বিচাৰিলে । মহিষাসুৰে বিলম্ব নকৰি তেওঁ অমৰত্বৰ বৰ ভিক্ষা মাগিলে । উত্তৰত ব্ৰহ্মাদেৱে তেনে বৰ দিয়া সম্ভৱ নহয় বুলি কোৱাত তেওঁ ক'লে যদি মই অগত্যা মৰিবই লাগে তেন্তে এগৰাকী নাৰীৰ হাততে মৃত্যু হোৱাৰ বৰ দিয়ক । ব্ৰহ্মা দেৱেও তথাস্তু বুলি অন্তৰ্ধান হ'ল ‌।


ব্ৰহ্মাৰ পৰা বৰ পাই মহিষাসুৰ অহংকাৰত মত্ত হৈ সৈন্য সামন্ত লৈ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিবলৈ গ'ল। স্বৰ্গৰাজ্যত দেৱতা সকলক পৰাস্ত কৰি নিজে স্বৰ্গৰ অধিপতি হৈ তাত দেৱতা সকলৰ পৰিৱৰ্তে তেওঁৰ পূজা অৰ্চনা কৰাৰ নিৰ্দেশ দিলে । আনহাতে অসুৰৰ অত্যাচাৰত থাকিব নোৱাৰি দেৱতা ব্ৰহ্মাৰ ওচৰ পালেগৈ । ব্ৰহ্মাই তেওঁ লোকৰ দুখৰ বৃত্তান্ত শুনি দেৱতা সকলৰ লগতে মহাদেৱক সংগত লৈ বিষ্ণুৰ ওচৰ পালেগৈ । তেওঁলোক সকলো মিলি কাত্যায়ন ঋষিৰ আশ্ৰমত একত্ৰিত হ'ল । উল্লেখযোগ্য যে কাত্যায়ন ঋষিয়ে আই ভগৱতীক তেওঁৰ পুত্ৰীৰূপে পাবলৈ দীৰ্ঘদিন ধৰি তপস্যা কৰিছিল । তেওঁৰ তপস্যাত ভগৱতী সন্তুষ্ট হৈছিল । যি কি নহওক , ব্ৰহ্মা,বিষ্ণু মহেশ্বৰ ক্ৰোধৰ ফলত তেও‍ঁলোকৰ শৰীৰৰ পৰা তেজ নিৰ্গত হবলৈ ধৰিলে । সেই তেজ একঠাইত পুঞ্জিভূত হোৱাত উক্ত পুঞ্জিভূত ৰক্তৰ দ্বাৰা এগৰাকী অনুপম নাৰীমূৰ্তিৰ সৃষ্টি হ'ল । সেই নাৰীমূৰ্তিৰ হাতত ব্ৰহ্মাই কমণ্ডলু আৰু ৰুদ্ৰাক্ষৰ মালা, বিষ্ণুৱে, চক্ৰ , শিৱই ত্ৰিশূল দিয়াৰ উপৰিও প্ৰত্যেক দেৱতাই একো একো পাত অস্ত্ৰ প্ৰদান কৰিলে । হিমালয়ে তেওঁৰ বাহন সিংহ প্ৰদান কৰাত সকলোৰে সামূহিক প্ৰচেষ্টাত দেৱী সৰ্বশক্তিমান হৈ উঠিল । কাত্যায়ন ঋষিৰ আশ্ৰমত দেৱীৰ সৃষ্টি হোৱাত তেওঁ প্ৰথমে দেৱীৰ পূজা আৰম্ভ কৰিলে । আৰু তেওঁ দীৰ্ঘদিনীয়া তপস্যাৰ ফল দেৱীক পুত্ৰী হিচাপে পোৱাৰ আশা পৰিপূৰ্ণ হ'ল । ঋষিৰ আশ্ৰমত জন্ম আৰু প্ৰহিলা পূজা কৰাৰ বাবে দেৱীৰ এটা নাম কাত্যায়নী হ'ল বুলি শাস্ত্ৰত উল্লেখ আছে ।


পৌৰাণিক কাহিনী বোৰত বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰৰ বৰ্ণনা পোৱা য়ায় যদিও কাহিনীৰ মূল উদ্দেশ্য একে থাকে । সেয়েহে কোৱা হয়। "একং সৎ বিপ্ৰা: বহুধা বদন্তি ।"

দুৰ্গাপূজাৰ লগত সন্ধি পূজা ,মহিষাসুৰ পূজা, আৰু কুমাৰী পূজাৰো বিশেষ মহত্ব আছে । বাহুল্যতাৰ ভয়ত সেইখিনি ইমানতে সামৰিলোঁ।


এতিয়া মহিষাসুৰৰ বধৰ কাহিনীলৈ আহোঁ ।


আগতেই উল্লেখ কৰিছো , সকলোৰে সামূহিক প্ৰচেষ্টাত দেৱী সৰ্বশক্তিমান হৈ উঠি দেৱীয়ে ঘনে ঘনে গৰ্জিবলৈ ধৰিলে । দেৱীৰ গৰ্জন শুনি মহিষাসুৰে সৈন্য সামন্ত লগত লৈ দেৱীৰ মুখামুখী হ'ল । মহিষাসুৰে ভাৱিলে এগৰাকী নাৰীৰ হাতত তেওঁৰ মৃত্যু । ই কেনেকৈ সম্ভৱ হ'ব পাৰে । যাৰ ভয়ত দেৱতাসকলে নিজ ৰাজ্য ত্যাগ কৰি পলায়ন কৰিবলৈ বাধ্য হ'ল । তেওঁৰ আগত কোন এই সামান্য নাৰী বুলি মহিষাসুৰে


দেৱীলৈ অস্ত্ৰ নিক্ষেপ কৰিলে । দেৱীয়ে তেওঁলোকে প্ৰক্ষেপ কৰা অস্ত্ৰ নিমিষতে ধ্বংস কৰি এজন এজনকৈ সকলো সৈন্যক বধ কৰি পৰম বিক্ৰমৰে মহিষৰূপী অসুৰৰ বুকুত ত্ৰিশূলেৰে আঘাত কৰাত মহিষৰ মুখেৰে নিজৰ ৰূপ ধাৰণ কৰি মৃত্যুৰ আগমূহুৰ্তত তেওঁ দেৱীৰ লগতে পূজা পোৱাৰ কামনাৰে প্ৰাৰ্থনা কৰিলে । তেওঁৰ প্ৰাৰ্থনা বা ইচ্ছাক বিমুখ নকৰি অন্য দেৱতা সকলৰ দৰে নহ'লেও দেৱীৰ লগতে তেওঁ পূজা পোৱাৰ বৰ দান কৰিলে । সেয়েহে দেৱীৰ মৃন্ময় মুৰ্ত্তিৰ লগত মহিষ ৰূপী অসুৰক দেৱীৰ চৰণ যুগলত দেখিবলৈ পোৱা যায় ।" ভগৱান ভক্তৰ অধীন ' কথাষাৰিৰ ইয়াৰ দ্বাৰাই বিশ্বাস জন্মে । মহিষাসুৰ বধৰ অন্তত দেৱতা সকল নিষ্কণ্টক হ'ল যদিও বিপদৰ সময়ত তেওঁৰ কৃপা লাভ কৰাৰ প্ৰাৰ্থনা কৰিলে । তদুপৰি যি সকলে দেৱীৰ স্তবপাঠ পূজা অৰ্চনা কৰে তেওঁলোকৰো মনোকামনা পূৰ্ণ কৰাৰ বাবে প্ৰাৰ্থনা জনালে । দেৱীয়েও তেওঁ লোকৰ মনোকামনা পুৰণ হোৱাৰ আস্বাস প্ৰদান কৰিলে । সেই বিশ্বাসক সাৰোগত কৰি আজিও নৰলোকত ভক্ত সকলে মা- ভগৱতীৰ পূজা অৰ্চনা কৰি আহিছে ।


অসমৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য আৰু বাংলাদেশৰ হিন্দু প্ৰধান অঞ্চলত ধুমধামেৰে দুৰ্গোৎসৱ পালন কৰা দেখা যায় । পশ্চিম বঙ্গত এই পূজা অধিক ধুমধামেৰে অনুষ্ঠিত কৰা দেখা যায় । পূজাত আধ্যাত্মিকতাৰ লগতে আনন্দৰ মহাপ্ৰয়োভৰ ঘটে । য'ত ধৰ্মৰ পৰিধি ভাঙি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ ভাতৃত্ব বোধ গঢ়ি তোলাৰ সুযোগ মিলে ‌। আধ্যাত্মিকতাৰ লগতে সমান্তৰাল ভাৱে ভাতৃত্ববোধৰ পৰিৱেশ গঢ়ি তুলিব পাৰিলেহে পূজা পতাৰ সাৰ্থকতা হ'ব ।


যি কি নহওঁক, নিৰ্দিষ্ট দিনত পূজা অনুষ্ঠিত হোৱা ঠাইত পূজাৰীৰ মন্ত্ৰ উচ্চাৰণত পূজাস্থলীত আধ্যাত্মিকতাৰ পৰিৱেশ ৰচনা হয় । মাৰ ভক্ত গনে নিজৰ মনোকামনা পূৰণৰ বাবে যি যেনেকৈ পাৰে শৰাই শলিতা ভোগ, পূজাৰ বিভিন্ন দ্ৰব্য আগবঢ়াই মাৰ শ্ৰীচৰণত শৰণাপন্ন হ'ব। পূজা সমিতিৰ কৰ্মকৰ্ত্তাই মঞ্চ চকুত লগাকৈ সজাই পৰাই ভক্ত সকলক আকৰ্ষণ কৰিবলৈও যত্নপৰ হ'ব । কিন্তু সেই আকৰ্ষণৰ বৃদ্ধিৰ প্ৰচেষ্টা যাতে প্ৰতিযোগিতা লৈ ৰূপান্তৰিত নহৈ আধ্যাত্মিকতা বিৰাজ কৰাত গুৰুত্ব দিয়াত হে সকলোৰে বাবে মঙ্গল হ'ব । এই পূজাৰ পৰিৱেশে ভক্তৰ মনত আধ্যাত্মিকতা, ধনী দুখীয়া উচ্চ নীচৰ ভাৱ দুৰ হোৱাৰ লগতে সকলোৰে মনত ভাতৃত্ববোধ, সাম্প্ৰদায়িক সৎভাৱ উদয় হোৱাত সফল হোৱাৰ কামনা কৰিলোঁ ।


শেষত মায়ে ভক্তৰ সৎঅভিষ্ট পুৰণ কৰি সকলো অশুভশক্তি, প্ৰাকৃতিক দুৰ্যোগ সমূহৰ পৰা ৰক্ষা কৰি সমাজখনত শান্তি প্ৰতিষ্ঠা কৰক এয়ে মহামায়া মা দুৰ্গাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ ।


ওঁ সৰ্বসঙ্গলমঙ্গল্যে শিৱে সৰ্ব্বাৰ্থসাধিকে

শৰণ্যে ত্ৰ্যম্বকে গৌৰী নাৰায়ণি নমোহস্তু তে ।



সুনীল কুমাৰ শৰ্মা ।

খুটিকটীয়া, নগাঁও ।

দূৰভাষ নং ৯৪৩৫৮-৩৭৬১৭

Recent Posts

See All
চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত ক'লা দাগ পৰা মানুহজনী তুমি পোৱানে চিনি ? এদিন তৰাফুলৰ মালা গাঁঠি বুকুত সুখৰ ৰামধেনু অঁকা ফুটুকী পখিলাজনী, যিয়ে তোমাক প্ৰেমিকৰূপে কৰিছিল বৰণ, আদ বয়সতে কপালত বলিৰেখা পৰা উজ্বল ম

 
 
 

Comments


bottom of page