top of page

চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত

ক'লা দাগ পৰা মানুহজনী

তুমি পোৱানে চিনি ?

এদিন তৰাফুলৰ মালা গাঁঠি

বুকুত সুখৰ ৰামধেনু অঁকা

ফুটুকী পখিলাজনী,

যিয়ে তোমাক

প্ৰেমিকৰূপে কৰিছিল বৰণ,

আদ বয়সতে কপালত

বলিৰেখা পৰা উজ্বল মুখৰ ধেনুভিৰীয়া চেলাউৰিৰ

হাঁহিমুখীয়া মানুহজনী,

দুৰ্বল দুখন ভৰিৰ ওপৰত

দুখ-যন্ত্ৰণাৰ অসহ্যকৰ ভৰ কঢ়িয়াই চকুৰ পতাত অব্যক্ত বেদনা সামৰি

মিচিকি হাঁহিৰে আমাৰ জীৱনক

সজীৱ আৰু অৰ্থবহ কৰি তোলা

সেই মানুহগৰাকী,

সেইগৰাকী মোৰ মা-----

পিতাই তোমাৰ অসুখত নিজৰ

নিদ্ৰা, ভাগৰ আৰু জঠৰতা পাহৰি

চকুত অশ্ৰু কঢ়িয়াই

সুস্বাদু আহাৰ সজাই

তোমাক পৰিচৰ্যা কৰি আনন্দ পোৱা

সেইগৰাকী তোমাৰ আদৰ্শ পত্নী---

ফুলশয্যাৰ ৰাতি তোমাৰ দুভৰি

নিজৰ চুলিৰে মচি

নাৰীত্বৰ গোপনীয়তা উচৰ্গা কৰা

সেইগৰাকী তোমাৰ জীৱন লগৰী---

আৰু দুদিন পাছতেই

অপবাদ, লাঞ্চনাৰ তেজৰঙা

প্ৰাচীৰ সাজি এলাগী সজোৱা,

সুবিধা পালেই আত্মসন্মানক আঘাত কৰি মিনিটতে মাকৰ ঘৰলৈ উভতি যাবলৈ কোৱা সেই মানুহজনী তোমাৰ

এসময়ৰ প্ৰেয়সী----

পতিৰ তিৰস্কাৰ সহ্য কৰি

প্ৰকৃত ঠিকনাৰ অভাৱত

নিজ মাতৃৰ ঘৰলৈ যাব নোখোজা,

ভাই-ককাইৰ কটাক্ষ শুনিবলৈ

ভয় কৰি সন্তানক বুকুত সাৱটি

পদপথত ভিক্ষাৰীৰ ভাও ধৰা

হতভগীয়া যাযাবৰী মানুহগৰাকী

জানা --------

সেয়া মোৰ মা, মোৰ মা----!!!!!



ড° নাজমা বেগম

নগাঁও  অসম।

দূৰভাষ নং--৯৪৩৫৮৪১৭২৭

Recent Posts

See All
দুৰ্গোৎসৱৰ আৰম্ভণি....

শৰত আগমনে জনায় সম্ভাষণ দেৱী দুৰ্গাক কৰে ধৰালৈ আমন্ত্ৰণ গিৰিৰাজ হিমালয়ৰ ঔৰষত মেনকা দেৱীৰ গৰ্ভত জন্মি থিতাপি ললে ধৰাত মহাদেৱ হল তেওঁৰ স্বামী নাম ললে ভিন্ন ধৰণে ৰণচণ্ডী, কালী, কাপালি,নৃমণ্ডমালিনী অশুভ

 
 
 
কাঠৰপোক

ইয়াতএখনঅৰণ্যআছিল অৰণ্যৰসেউজীয়াহাঁহিত গোটেইখনজকমকাইছিল। তাতকিছুমানকাঠৰপোকে বাহসাজিছিল। পোকবোৰৰউপদ্ৰৱত অৰণ্যখনইতিহাসহ'ল। এতিয়াতাতনিয়ৰনসৰে ফুলোনুফুলে। কলৰপাতনকঁপে আগলিবতাহত। এহালিচৰাইপাখিতপাখিলগাই পৰ

 
 
 
আহিনৰ শেৱালি

আহিনৰ শেৱালি আকৌ আহিল এটি নতুন মাহ, গধূলিৰ বতাহত বিয়পিব শেৱালিৰ চিনাকি সুবাস, আকৌ ভৰি পৰিব পদূলি বগা বগা ফুলেৰে। সন্ধিয়াৰ চিকিমিকি পোহৰত আকৌ ফুলিব শেৱালি, আৰু তাৰ সুবাসে কাণে কাণে ক'ব— “দেৱী আহিছে..

 
 
 

Comments


bottom of page