top of page

দুৰ্গোৎসৱৰ আৰম্ভণি....

শৰত আগমনে জনায় সম্ভাষণ

দেৱী দুৰ্গাক কৰে ধৰালৈ আমন্ত্ৰণ

গিৰিৰাজ হিমালয়ৰ ঔৰষত

মেনকা দেৱীৰ গৰ্ভত জন্মি

থিতাপি ললে ধৰাত

মহাদেৱ হল তেওঁৰ স্বামী

নাম ললে ভিন্ন ধৰণে

ৰণচণ্ডী, কালী, কাপালি,নৃমণ্ডমালিনী

অশুভ শক্তিক কৰি বিনাশ

শুভ শক্তিৰ কৰে প্ৰকাশ

বিশ্বব্ৰহ্মাণ্ডক শান্তিত ৰাখিবলৈ

কৰিছিল তেওঁ মহিষাসুৰ বধ

সত্য যুগৰ সুৰথ ৰজাই

হেৰুৱাই ৰাজ্য

আশ্ৰিত হয়

মেধস মুনিৰ,

মুনিৰ পৰামৰ্শ মতেই

মধুময় বসন্তৰ আগমনত হয়;

আৰম্ভণি দুৰ্গোৎসৱৰ,

যাক আমি

সকলোৱে জানো

বাসন্তী পূজা বুলি।



দুলুমনি গোস্বামী

নগাঁও,  অসম।

দূৰভাষ নং ৮৪৫৩২ ৩৩০০৩

Recent Posts

See All
কাঠৰপোক

ইয়াতএখনঅৰণ্যআছিল অৰণ্যৰসেউজীয়াহাঁহিত গোটেইখনজকমকাইছিল। তাতকিছুমানকাঠৰপোকে বাহসাজিছিল। পোকবোৰৰউপদ্ৰৱত অৰণ্যখনইতিহাসহ'ল। এতিয়াতাতনিয়ৰনসৰে ফুলোনুফুলে। কলৰপাতনকঁপে আগলিবতাহত। এহালিচৰাইপাখিতপাখিলগাই পৰ

 
 
 
আহিনৰ শেৱালি

আহিনৰ শেৱালি আকৌ আহিল এটি নতুন মাহ, গধূলিৰ বতাহত বিয়পিব শেৱালিৰ চিনাকি সুবাস, আকৌ ভৰি পৰিব পদূলি বগা বগা ফুলেৰে। সন্ধিয়াৰ চিকিমিকি পোহৰত আকৌ ফুলিব শেৱালি, আৰু তাৰ সুবাসে কাণে কাণে ক'ব— “দেৱী আহিছে..

 
 
 
মোৰপৰা মোৰ সত্তালৈ

মই মোৰ পৰা মোৰ সত্তালৈ খোজ দিছোঁ দীৰ্ঘায়িত পথেৰে বিৰামহীনভাবে মই বিচাৰি ফুৰোঁ নিজকে । কেতিয়াবা প্ৰখৰ ৰ’দত কেতিয়াবা হিম চেঁচা বৰষুণৰ সিক্ততাত চিনাকি অচিনাকি বাটৰ নিৰৱতাত । মোৰ ছাঁটো কেতিয়াবা আগবাঢ়

 
 
 

Comments


bottom of page