top of page

মানৱতাৰ মহাশংখ

ভাৱিছিলোঁ মানৱতাৰ স্খলন ঘটিল,

কিন্তু ক'তা ----?


স্বাৰ্থপৰতাৰ এই যান্ত্ৰিক অৰণ্যত

আত্মা জানো মৰহিব পাৰে ??


প্লাৱিত অঞ্চলৰ জঠৰ বুকুত

আজি এক নতুন ঈশ্বৰৰ জন্ম হ'ল!


মানৱতা !!


দিখৌৰ উন্মুক্ত গৰ্ভই যেতিয়া গিলি থলে

পুৰণি ঐতিহ্য আৰু সপোনৰ ঘৰ দুৱাৰ,

ৰংঘৰ কাৰেংঘৰত নামিল

শতাব্দীৰ আটাইতকৈ ক'লা অন্ধকাৰ!


ঠিক সেই হাহাকাৰ ফালি

সমগ্ৰ কলিজাৰ পৰা বাজি উঠিল

মানৱতাৰ মহাশংখ !!


প্ৰমাণ কৰিলে তেজৰ ভূগোলতকৈও

আত্মাৰ ব্ৰহ্মাণ্ডখনহে বিশাল।


ধৰ্ম, জাতি আৰু কৃত্ৰিম পৰিচয়ৰ

সমস্ত দেৱাল আজি

ভাঙি ধূলিস্যাত হ'ল!!


মৃত্যুৰ এই ক্ৰুৰ বিভিষিকাই আজি

হাৰ মানিবলৈ বাধ্য ---

জীৱনৰ এই মহাজাগতিক

একতাৰ ওচৰত !


বানৰ ক'লা পানী এদিন ম্লান পৰিব,

নৈৰ বুকুলৈ আকৌ

শান্তি সমাহিত ৰূপ ঘূৰি আহিব,

কিন্তু ধ্বংসস্তুপৰ মাজত

এই নিস্বাৰ্থ ত্যাগ  ইতিহাসৰ পাতত

সোণালী আখৰেৰে লিখি ৰাখিব।


প্ৰমাণ হ'ল নহয়নে --- ??

এই যান্ত্ৰিক যুগতো বুকুৰ উমাল মৰম

শেষ হৈ যোৱা নাই!

শেষ হোৱা নাই মানৱতা !!


শিৱসাগৰৰ বুকুত জ্বলি উঠা

এই মানৱতাৰ অমল পোহৰে

সমগ্ৰ পৃথিৱীকে দেখুৱাই গ'ল

এক নতুন দিশ,

জীয়াই থকাৰ

মানৱতাৰ এই গভীৰ গান!!



পলী মজুমদাৰ

মৰিগাঁও, অমম।

দূৰভাষ নং .৮৬৩ ৮৮৭১০৬০

Recent Posts

See All
কৃতঘ্নৰ চিতাজুই আৰু সেউজৰঙী উপত্যকা

তুমি মৌনতাৰ ভাষা শুনানে? নুশুনা, তুমি বধিৰ। শূণ্যতাত ওলমি ৰোৱা অবাক চাৱনিবোৰ তুমি পঢ়িব পাৰানে? নোৱাৰা, তুমি নিৰক্ষৰ । চকুৰ পোহৰো যে ক'লা হ'ব পাৰে তুমি ভাবানে সপোনতো?

 
 
 
স্নেপশ্বট - ৩

পাহাৰৰ নামনিত মই নেপালী খুটি য'ৰ পৰা বিভিন্ন ঠাইলৈ বৈছিল গাখীৰৰ সুঁতি। এতিয়া তাত পানীত উটি অহা কাঠ বাঁহৰ ওখ ওখ দ'ম । একঁকাল এডিঙি পোত যোৱা পলসৰ নৰক মেলা । পলসৰ তলৰ পৰা মই অঘৰী আত্মাই কৈছোঁ হে উত্তৰ প

 
 
 
একো নাই

কথা নাই কথা নাই কবলৈও একোকে বাকী নাই কোনো নাই কোনো নাই আজি যেন সব শূণ্য হায় ! মাত নাই বোল নাই কবলৈও কাকো দেখা নাই নাই নাই কোনো নাই আজি সব ধোঁৱা হায় ! কত গল কেতিয়া গল সকলোবোৰ কেনি গল ? জানা জানো,কোন-ক

 
 
 

Comments


bottom of page