top of page

মিঠা বিৰহ

নিয়ৰসিক্ত এটি জোনাক নিশা

মানসপটৰ নিজান কেঁকুৰিত

তোমাক লগ পাইছিলোঁ।


পুলকেৰে ভৰি উঠিছিল

মোৰ যৌৱনভৰা ৰঙীন মনটো।

অষ্টঋতু লাগিছিল

তোমাৰ মন জিনিবলৈ।


ফুলে-পাতে জাতিষ্কাৰ

ভৰ যৌৱনা বসন্তই

মোলৈ যাচিছিল

আন্তৰিক শুভকামনা।


পিছৰটো আঘোণী সন্ধিয়া

এজাক আবতৰীয়া ধুমুহাই

মোৰ ন-পঁজাটোৰ মূধচ উৰুৱাই

মোক জনাইছিল

তুমি আৰু মোৰ নোহোৱাৰ কথাটো।


আজি এয়া জোনাক বিধৌত নিশা

কৃষ্ণ-ৰাধাৰ মিলনস্থলীত

কোলাত দেৱশিশু সুশোভিত তুমি

আৰু মই বিৰহৰ বিষাদ নেওচি

বিস্ময় বিমুগ্ধ নেত্রে

প্ৰত্যক্ষ কৰিছোঁ

কৃষ্ণৰ শিশুলীলা

আৰু গৰ্বিত যশোদাৰ মাতৃস্নেহ।



মনোজ কুমাৰ শৰ্মা (অভিযন্তা)

৯৪৩৫১৬০৫৩২





 
 
 

Comments


bottom of page