প্ৰকৃতি: আমাৰ শিক্ষাগুৰু
- দীপিকা লস্কৰ

- May 23
- 4 min read

অলপতে আমি দক্ষিণ কোৰিয়ালৈ গৈছিলো । দক্ষিণ কোৰিয়াৰ বিভিন্ন ঠাইলৈ যাওঁতে দেশ খনৰ প্ৰাকৃতিক পৰিৱেশে আমাক অভিভূত কৰিছিল । দেশ খনৰ চৌদিশ সেউজীয়া আৱৰণে আবৃত ।ৰাস্তাৰ দুয়োকাষ গছ-গছনিৰে পৰিপূৰ্ণ। বতাহ-বৰষুণত গছ বোৰ বাগৰি নপৰিবৰ বাবে ঠায়ে ঠায়ে গছবোৰ খুব ধুনীয়াকৈ লোহাৰ ৰডেৰে আৱৰি ৰাখিছে । কেইজোপামান গছত আক' চেলাইন দি থৈছে। চিউল চহৰখনৰ ৰাস্তাৰ দুয়োকাষে গছ গছনি,ৰঙ বিৰঙৰ ফুলবোৰে ৰাস্তাৰ সৌন্দৰ্য বৃদ্ধি কৰিছে ।এবছৰ ধৰি কৰ্মসুত্ৰে দক্ষিণ কোৰিয়াত থকা জী- জোঁৱাইক এই বিষয়ে সোধাত সিহঁতে এবছৰে দক্ষিণ কোৰিয়াৰ প্ৰশাসন আৰু জনতাৰ পৰিৱেশ সচেতনতা সম্পৰ্কে লাভ কৰা অভিজ্ঞতাৰ বিষয়ে ক'লে।
১৯৫০ দশকৰ যুদ্ধৰ পিছত দক্ষিণ কোৰিয়াত বহু বনাঞ্চল নষ্ট হৈছিল যদিও চৰকাৰ আৰু জনসাধাৰণে মিলি ব্যাপক বৃক্ষৰোপণ অভিযান চলাই দেশখন পুনৰ সেউজীয়া কৰি তোলে। দক্ষিণ কোৰিয়াত গছ-গছনি আৰু প্ৰকৃতিৰ প্ৰতি জনতা যথেষ্ট যত্নশীল আৰু সচেতন ।দেশখনত নগৰায়ণ বেছি হলেও পৰিবেশ সংৰক্ষণক অত্যন্ত গুৰুত্ব দিয়া হয়। পথৰ কাষত, পাৰ্কত আৰু বিদ্যালয়-কাৰ্যালয়ত নিয়মিত গছ ৰোপণ কৰা হয়।বসন্ত আৰু শৰৎ ঋতুত গছ-গছনিৰ সৌন্দৰ্য সংৰক্ষণৰ বাবে বিশেষ যত্ন লোৱা হয়।বহু নগৰত " নগৰ অৰণ্য "(Urban Forest )গঢ়ি তোলা হৈছে।সাধাৰণ মানুহো পাহাৰ, উদ্যান আৰু গছ-গছনি পৰিষ্কাৰ ৰাখিবলৈ সচেতন।শিশুসকলক বিদ্যালয়ৰ পৰ্যায়ৰ পৰাই পৰিবেশ শিক্ষা দিয়া হয় । তাৰোপৰি শুকাই যোৱা গছ বচাবলৈ,ঠাই সলনি কৰা ডাঙৰ গছ জীয়াই ৰাখিবলৈ,ৰোগাক্ৰান্ত গছক সুস্থ কৰিবলৈ মানুহক চেলাইন দিয়াৰ দৰে নহলেও একেধৰণৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি গছৰ দেহত পুষ্টি আৰু পানী যোগান ধৰা হয়।গছৰ কাণ্ডত সৰু ফুটা কৰি সেই ফুটাত বিশেষ নলী বা টিউব লগাই টিউবৰ জৰিয়তে পানী, খনিজ পদাৰ্থ, ভিটামিন বা পুষ্টিসমৃদ্ধ দ্রৱণ ধীৰে ধীৰে গছৰ ভিতৰলৈ প্ৰৱেশ কৰোৱা হয়।গছ-গছনি তথা প্ৰকৃতিৰ প্ৰতি প্ৰশাসন আৰু জনসাধাৰণৰ মৰম আৰু যত্ন দেখি আমি অভিভূত হৈছিলো ।
বৰ্তমান সময়ত বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ সংকট এক গুৰুত্বপূর্ণ বিষয় হিচাপে বিবেচিত হোৱাৰ সময়ত দক্ষিণ কোৰিয়া জলবায়ু তাৰতম্যৰ প্ৰতি যথেষ্ট সজাগ দেশ হিচাপে পৰিচিত। দেশখনে চৰকাৰী নীতি, বিজ্ঞান-প্ৰযুক্তি আৰু জনসচেতনতা—এই তিনিওটা ক্ষেত্ৰতে গুৰুত্ব দিয়ে।দক্ষিণ কোৰিয়াই"কম কাৰ্বন, সেউজীয়া বৃদ্ধি" (Low Carbon, Green Growth) নীতি গ্ৰহণ কৰি কাৰ্বন নিঃসৰণ কমাবলৈ বহু পদক্ষেপ লৈছে।সৌৰশক্তি, বায়ুশক্তি আদি শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিছে।পাহাৰীয়া অঞ্চলত ব্যাপকভাৱে গছ ৰোপণ কৰা হয় যাতে ভূমিক্ষয় আৰু বায়ু প্ৰদূষণ কম হয়।শক্তি সঞ্চয়ী ঘৰ, বৈদ্যুতিক বাছ আৰু উন্নত গণপৰিবহণ ব্যৱস্থা গঢ়ি তোলা হৈছে।এই দেশ খনে ২০৫০ চনৰ ভিতৰত " ৰ্কাবন নিৰপেক্ষ" (Carbon Neutral) হোৱাৰ লক্ষ্য ঘোষণা কৰিছে।ইয়াৰ উপৰিও সাধাৰণ নাগৰিকসকলেও আবৰ্জনা পৃথকীকৰণ, পুনঃব্যৱহাৰ (recycling) আৰু শক্তি সঞ্চয়ৰ ক্ষেত্ৰত যে যথেষ্ট সচেতন তাৰ পৰিচয় তেওঁলোকৰ আচৰণত প্ৰকাশ পায় ।
প্ৰকৃতি নিজেই এজন শিক্ষক ৰূপ ধৰি গছ-গছনি, নদী, পাহাৰ, জীৱ-জন্তু—সকলো পৰস্পৰৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল- সেই বিষয়ে আমাক এক গুৰুত্বপূর্ণ পাঠ শিকায় ।আধুনিক উন্নয়নৰ নামত প্ৰাকৃতিক সামঞ্জস্য ভংগ নকৰাকৈ অৰ্থাৎ বন ধ্বংস নকৰাকৈ জলবায়ু পৰিৱৰ্তনৰ তীব্ৰ গতি কেনেদৰে হ্ৰাস কৰিব পাৰি সেই ক্ষেত্ৰত দক্ষিণ কোৰিয়াৰ দৰে দেশ উদাহৰণ হৈ পৰিছে ।
বিখ্যাত আমেৰিকান জলবায়ু বিজ্ঞানী জেমছ হেনছেনে বহু আগতেই বিশ্ব উষ্ণায়ন (Global Warming) আৰু মানুহৰ কাৰ্যকলাপৰ ফলত হোৱা জলবায়ু পৰিৱর্তনৰ বিপদ সম্পৰ্কে বিশ্ববাসীক সতৰ্ক কৰিছিল।জেমছ হেনছেনক বহুতে “জলবায়ু আন্দোলনৰ অগ্ৰদূত” বুলি কয়, কাৰণ তেওঁ ১৯৮৮ চনত আমেৰিকাৰ কংগ্ৰেছত জলবায়ু পৰিৱর্তনৰ বিপদৰ বিষয়ে ঐতিহাসিক সতৰ্ক কৰি দিছিল।তেওঁৰ মতে,
মানুহেই জলবায়ু পৰিৱর্তনৰ মুখ্য কাৰণ। বনাঞ্চল ধ্বংসৰ লগতে কয়লা, পেট্ৰ’ল, ডিজেল আদি জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাইছে, যাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে।তেওঁ কৈছিল যে যদি গ্ৰীণহাউছ গেছ নিৰ্গমন কমোৱা নহয়, তেন্তে বৰফ গলি সমুদ্ৰপৃষ্ঠ বৃদ্ধি, খৰাং, বানপানী আৰু তীব্ৰ বতৰৰ সমস্যা বৃদ্ধি পাব।হেনছেনৰ মতে চৰকাৰসমূহে নবীকৰণযোগ্য শক্তি (সৌৰ শক্তি, বায়ু শক্তি) ব্যৱহাৰ বৃদ্ধি কৰিব লাগে আৰু কয়লা-ভিত্তিক শক্তিৰ ওপৰত নিৰ্ভৰশীলতা কমাব লাগে।তেওঁ বিশ্বাস কৰে যে জলবায়ু পৰিৱর্তন কেৱল বৈজ্ঞানিক সমস্যা নহয়; ই নৈতিক আৰু মানৱিক সমস্যাও। আজিৰ সিদ্ধান্তই ভৱিষ্যৎ প্ৰজন্মৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব বুলি তেওঁ আক্ষেপ কৰিছিল।
বিশ্ববিখ্যাত পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিং এগৰাকী মহাকাশবিদ আৰু লেখক আছিল । তেওঁ কৃষ্ণগহ্বৰ (Black Hole), মহাবিশ্বৰ উৎপত্তি আৰু সময়ৰ স্বৰূপ সম্পৰ্কে অসাধাৰণ গৱেষণাৰ বাবে বিশ্বজুৰি পৰিচিত। তেওঁৰ বিখ্যাত গ্ৰন্থ হৈছে "A Brief History of Time." শাৰীৰিকভাৱে জটিল ৰোগত আক্রান্ত হৈ থাকিলেও তেওঁ বিজ্ঞান জগতলৈ অসামান্য অৱদান আগবঢ়াইছিল।
জলবায়ু পৰিৱৰ্তন সম্পৰ্কে তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁৰ মতে—মানুহৰ অতিৰিক্ত শিল্পায়ন, বন ধ্বংস আৰু জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰিছে।যদি মানুহে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে পৃথিৱীয়ে বাসযোগ্যতা হেৰুৱাব পাৰে।তেওঁ সতর্ক কৰি কৈছিল যে অনিয়ন্ত্রিত গ্ল’বেল ৱাৰ্মিঙে পৃথিৱীক "শুক্ৰগ্ৰহ"ৰ দৰে অতি উত্তপ্ত আৰু বিপজ্জনক কৰি তুলিব পাৰে।নবীকৰণযোগ্য শক্তি (যেনে সৌৰ শক্তি, বায়ু শক্তি) ব্যৱহাৰ বৃদ্ধি আৰু কাৰ্বন নিঃসৰণ কমোৱাটো তেওঁ অত্যন্ত গুৰুত্বপূর্ণ বুলি কৈছিল। ষ্টিফেন হকিংৰ মতে,“Climate change is one of the great dangers we face.”অৰ্থাৎ, জলবায়ু পৰিৱৰ্তন মানবজাতিৰ সন্মুখত থকা অন্যতম ডাঙৰ সংকট বুলি তেওঁ বিশ্বাস কৰিছিল।
জলবায়ু সংৰক্ষণ কেৱল চৰকাৰৰ দায়িত্ব নহয়; ই প্ৰতিজন নাগৰিকৰ নৈতিক কৰ্তব্য। গছপুলি ৰোপণ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, পানী সংৰক্ষণ, পুনঃব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱহাৰ আৰু শক্তিৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তে আমি পৃথিৱীক সুৰক্ষিত ৰাখিব পাৰো। বিদ্যালয়, মহাবিদ্যালয় আৰু সামাজিক সংগঠনসমূহেও পৰিৱেশ সচেতনতা বৃদ্ধিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিব।এই পৰিস্থিতিত প্ৰকৃতিৰ পৰা প্ৰেৰণা লোৱাৰ সময় আহি পৰিছে। আমি যদি গছৰ দৰে দায়িত্বশীল হওঁ, নদীৰ দৰে সজীৱতা ৰাখোঁ, তেন্তে আমি আমাৰ জীৱনশৈলী অধিক স্থায়ী কৰিব পাৰিম। নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, বৃক্ষৰোপণ, পানীৰ সংৰক্ষণ আদি পদক্ষেপে এই দিশত আগবঢ়াত সহায় কৰিব। যুৱ সমাজ এই আন্দোলনৰ মূল শক্তি হ’ব পাৰে। তেওঁলোকৰ উদ্ভাৱনী চিন্তা, বিজ্ঞানমনস্কতা আৰু সামাজিক দায়বদ্ধতাই সেউজীয়া ভৱিষ্যৎ গঢ়ি তুলিব পাৰে। যদি আমি আজি প্ৰকৃতিক সন্মান কৰোঁ আৰু সংৰক্ষণৰ দিশে আগবাঢ়ো, তেন্তে আগন্তুক প্ৰজন্মই এক সুস্থ আৰু বাসযোগ্য পৃথিৱী লাভ কৰিব।
৫ জুন,২০২৬ ত বিশ্ব জুৰি পালন কৰিব লগীয়া পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু "প্ৰকৃতিৰ পৰা প্ৰেৰণা, জলবায়ুৰ বাবে,ভৱিষ্যতৰ বাবে "( Inspired by Nature, For Climate, For Our Future )কেৱল এটা শ্লোগান নহয়; ই এক বিশ্বজনীন আহ্বান। বিষয়বস্তুটোৱে জৰুৰী পৰিৱেশ সংকেতসমূহ—যেনে বৃদ্ধি পোৱা সাগৰ পৃষ্ঠ,গৰম ঢৌ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি—আৰু তাৎক্ষণিক, প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত জলবায়ুৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে।
প্ৰকৃতিয়ে আমাক শিকায় জীৱন মানেই সমতা আৰু সহাৱস্থান। প্ৰকৃতিৰ পৰা মানুহে শৃংখলা, সহনশীলতা আৰু সহাবস্থানৰ শিক্ষা লাভ কৰে। সূৰ্য প্ৰতিদিনে সময়মতে উদয় হয়, ঋতুবোৰ নিয়মমতে আহে-যায়। এই নিয়মীয়াতাই মানুহক সময়ৰ মূল্য বুজায়। গছে নিজৰ ফল নিজে নাখায়, নদীয়ে নিজৰ পানী নিজে ব্যৱহাৰ নকৰে। ই আমাক নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ শিক্ষা দিয়ে। মৌ-মাখি, পৰুৱা আদি ক্ষুদ্ৰ জীৱৰ পৰাও মানুহে পৰিশ্ৰম আৰু সংগঠনৰ শিক্ষা ল’ব পাৰে।কিন্তু বৰ্তমান সময়ত মানুহে প্ৰকৃতিৰ এই শিক্ষাক অৱহেলা কৰিছে। বন ধ্বংস, বায়ু আৰু জল প্ৰদূষণ, জলবায়ু পৰিৱর্তন আদিয়ে সমগ্ৰ বিশ্বক সংকটৰ দিশে ঠেলি নিছে। উন্নয়নৰ নামত মানুহে প্ৰকৃতিক ধ্বংস কৰি নিজৰ অস্তিত্বকো বিপদত পেলাইছে। প্ৰকৃতিৰ ওপৰত অত্যাচাৰৰ ফলত আজিৰ পৃথিৱীত উষ্ণতা বৃদ্ধি, অনিয়মীয়া বৰষুণ, বানপানী, খৰাং আদি সমস্যাই ভয়ংকৰ ৰূপ লৈছে। অসমতো প্ৰতি বছৰে বানপানী আৰু ভূমিক্ষয়ৰ সমস্যাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে।
সেয়েহে প্ৰকৃতিৰ পৰা প্ৰেৰণা লৈ জলবায়ু সংৰক্ষণৰ বাবে এক নতুন জীৱনশৈলী গ্ৰহণ কৰাটো সময়ৰ দাবী।প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি উন্নয়নৰ পথ বাছি লোৱাটোৱেই হ’ব আগন্তুক দিনৰ প্ৰকৃতাৰ্থত প্ৰগতি।
সামগ্ৰিকভাৱে ক’ব পাৰি যে, প্ৰকৃতি আমাৰ শিক্ষক । প্ৰকৃতিৰ পৰা শিক্ষা লৈ আমি জলবায়ুৰ বাবে সজাগ হ’ব লাগিব, যাতে আমাৰ ভৱিষ্যত সুৰক্ষিত থাকে। আজি লোৱা আমাৰ সৰু পদক্ষেপে ভৱিষ্যতে সুস্থ পৃথিৱী গঢ়াৰ দিশত এক ডাঙৰ অৱদান আগবঢ়াব পাৰে।আমি প্ৰকৃতিৰ শিক্ষা হৃদয়ঙ্গম কৰিব পাৰিলেহে এক সুস্থ, সুশৃংখল আৰু শান্তিময় সমাজ গঢ়ি তোলা সম্ভৱ হ’ব।
দীপিকা লস্কৰ
দূৰভাষ নং ৯৪৩৫২ ২৪৩৬৩



Comments