জোনাক
- আশা বৰা মন
- Jul 22
- 1 min read
আবেগৰ ঢৌত
শীতৰ সুগন্ধি
জোনাক ঘঁহা পানীত
এৰি থৈ আহিলোঁ
পুৰণি বাস্তৱ
আশাৰ আঁচল
সন্ধিয়াৰ সুৱাসে
ৰাতিটো শেষ নোহোৱালৈকে
কবিতাৰ সৈতে কথা পাতে
হৃদয় জুৰাই
পুৱাৰ পোহৰত নাঙঠ সপোনবোৰে
কলিজাৰ সৈতে মিতিৰালি কৰে
দুপৰ বেলাৰ অজান পৰত
নদীৰ সোঁতত ভাঁহি আহে
আবেগৰ তিৰবিৰণি
অ' জোনাক
তোৰ প্ৰেমত পৰোঁ ৷
আশা বৰা মন ।
নগাঁও, অসম ।
দূৰভাষ নং ৯৬৭৮৯৪১৭১৮


Comments