জলবায়ু পৰিবৰ্তনঃ শিশুৰ ওপৰত ইয়াৰ প্ৰভাৱ
- হিৰণ্য শৰ্মা

- May 25
- 3 min read

পৰ্যায়ক্ৰমিক সেউজগৃহ গেছৰ বৃদ্ধিৰ ফলস্বৰূপে পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা বাঢ়িবলৈ ধৰিলে যাক গোলকীয় উষ্ণতা বৃদ্ধি(Global Warming)বোলা হয়। গোলকীয় উষ্ণতা বৃদ্ধিয়ে জলবায়ুৰ পৰিবৰ্তনৰ(Climate Change) দৰে সমস্যাৰ উদ্ভৱ ঘটায় । জলবায়ু পৰিবৰ্তন বৰ্তমান বিশ্বৰ আটাইতকৈ ভয়াবহ প্ৰত্যাহবান । সমগ্ৰ বিশ্বতে জলবায়ু পৰিবৰ্তনৰ কুফল দেখিবলৈ পোৱা গৈছে, ক'ৰবাত যদি অতি বৃষ্টি হৈছে আনহাতে আন ক'ৰবাত অনাবৃষ্টিৰ ভয়াবহতা দেখা দিছে ।অতিবৃষ্টিৰ প্ৰভাৱত যদি ঠায়ে-ঠায়ে প্ৰলয়ংকৰী বান হয় সেইদৰে অনাবৃষ্টিৰ প্ৰভাৱত খৰাং পৰিস্হিতিৰ সৃষ্টি হয় । এই দুয়োক্ষেত্ৰতে মানৱ সভ্যতাৰ ওপৰত ঘাইকৈ খাদ্য শস্যৰ উৎপাদন ঘাটি হয় ।আজিকালি জলবায়ু পৰিবৰ্তনৰ কুপ্ৰভাৱ সম্পৰ্কে বিশ্ব ব্যাপি বহুতো আলোচনা হোৱা দেখা যায় ।ভাৰতীয় পেক্ষাপতত জলবায়ু পৰিবৰ্তনে উঠিঅহা কণ-কণ ছাত্ৰ-ছাত্ৰী বা লৰা-ছোৱালী সকলৰ ওপৰত কেনে ধৰণে প্ৰভাৱ পেলাই সেয়া আমি ইয়াত আলোচনা কৰিবলৈ প্ৰয়াসকৰিছো ।
UNICEFৰ দ্বাৰা প্ৰকাশিত “The State of the World Children-2024” নামৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে- পৃথিবীৰ সমগ্ৰ শিশুৰ অৰ্ধসংখ্যক অৰ্থাৎ প্ৰায় এশ কৌটিৰো অধিক শিশু জলবায়ু পৰিবৰ্তন বা পৰিবেশ বিপৰ্যয় দ্বাৰা অত্যাধিক প্ৰভাবিত দেশ সমূহ যেনে -ভাৰত,পাকিস্হান,বাংলাদেশ,চীন,আৰৱদেশ সমূহ আৰু আফ্ৰীকাৰ দেশ সমূহৰ পৰা বিপদজনক ভাবে প্ৰভাবিতহৈছে ।
জলবায়ু পৰিবৰ্তনে ভাৰতৰ দৰে জনবহুল দেশ এখনৰ উঠি অহা কণ-কণ লৰা-ছোৱালীৰ শাৰীৰিক, মানসিক আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত যথেষ্ঠ প্ৰভাৱ পেলাইছে ।সৰু লৰা-ছোৱালী সকল তুলনামূলক ভাবে প্ৰাপ্তবয়ষ্ক সকলতকৈ অধিক প্ৰভাৱিত হয় ,কাৰণ সৰু-সৰু লৰাছোৱালীৰ মগজু,হাঁও-ফাঁও,শাৰীৰিক বৃদ্ধি বা অসংক্ৰাম্যতা ব্যৱস্হা বিকাশশীল অৱস্হাত থাকে ।তাতে ভাৰতৰ দৰে অত্যাধিক জনসংখ্যা থকা সমস্যাবহুলদেশ এখনৰ বাবে এনে সমস্যা চিন্তনীয় বিষয় হিচাপে ঠিয় দিছে ।
শাৰীৰিক গঠনৰ ক্ষেত্ৰত দেখা দিয়া প্ৰভাৱঃ
জলবায়ু পৰিবৰ্তনে স্বাভাৱিক বৃষ্টিপাততত পোনপতীয়াকৈ প্ৰভাৱ পেলাই, ইয়াৰ ফলত ঠায়ে-ঠায়ে খৰাং সদৃশ পৰিবেশ অথবা বানপানীৰ সৃষ্টি কৰে আৰু এইবোৰে কৃষিজাত উৎপাদন হ্ৰাস কৰে ।খাদ্যশস্যৰ অভাৱে খাদ্যশস্যৰ মূল্যবৃদ্ধিক অৰিহণা যোগাই জনজীৱনক ব্যতিব্যস্ত কৰি তোলে । এনে অৱস্হাত বিকাশশীল কণ-কণ শিশুৰ শৰীৰত প্ৰটিন জাতীয় বা খাদ্যপ্ৰাণৰ(Vitamins) অভাৱজনিত লক্ষণে দেখা দিয়ে । এনে পৰিস্হিতিত এই সকল ৰক্তহীনতা লক্ষণযুক্ত, বৃদ্ধিবাধাগ্ৰষ্ট লক্ষণযুক্ত বা কম ওজনযুক্ত আৰু দুৰ্বল অসংক্ৰাম্যতা(Immune system)গুণ সম্পন্ন হয় ।
মানসিক আৰু আবেগিক বিকাশৰ ওপৰত প্ৰভাৱঃ
জলবায়ুৰ পৰিবৰ্তনৰ সংকট যেনে- প্ৰলয়ংকৰী বান, উপকূলীয় ঘূৰ্ণি বতাহ বা অনাবৃষ্টিৰ ফলত দেখাদিয়া খৰাং আদিয়ে বিকশিত শিশু সকলক সংকিত আৰু উদ্বিগ্ন কৰি তোলে ।প্ৰলয়ংকৰী বানপানীৰ বা ঘূৰ্ণিবতাহৰ ভয়াবহতাই শিশুসকলক অধিক সংকিত বা হতাশ কৰি তোলে । এনে পৰিস্হিতিত তেওঁলোক কেতিয়াবা গৃহহীন বা অনাথ পৰ্যন্ত হৈ সময়োচিত শৈক্ষিক বিকাশত বাধাগ্ৰষ্ট আৰু সামাজিকভাবে অসুৰক্ষিত হয় । এটা ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ পিছত ভাৰতৰ দৰে দেশবোৰত বিদ্যালয় আধাখনীয়াকৈ এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা লক্ষনীয় ভাৱে বৃদ্ধি পায় ।স্কুল এৰা ছাত্ৰ-ছাত্ৰীবোৰ সাধৰণতে শিশু শ্ৰমিক হৈ নাইবা চুৰি-ডকাইটি ,ড্ৰাগছ জাতীয় নিচাযুক্ত দ্ৰব্যৰ আসক্ত হৈ নানা অসামাজিক কৰ্মত লিপ্ত থাকি ভয়ানক সামাজিক ব্যাধিৰ সৃষ্টি কৰিছে ।
অত্যাধিকগৰমৰপ্ৰভাৱঃ
জলবায়ু পৰিবৰ্তনৰ ফলত ৰাজস্হান, বিহাৰ,উত্তৰপ্ৰদেশৰ দৰে ৰাজ্যসমূহত গ্ৰীষ্ম প্ৰবাহে শিশুসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই । ডিহাইড্ৰেচন, ক্ষণিকতে ভাগৰ অনুভৱ কৰা, নিদ্ৰাহীনতা বা মন্থৰ শাৰীৰিক গঠন আদিৰ দৰে সমস্যাৰ সৃষ্টি কৰে ।
শ্বাসজনিতসমস্যাৰপ্ৰভাৱঃ
জলবায়ু পৰিবৰ্তন পৰা সৃষ্টি হোৱা আন এটা সমস্যা হল বায়ু প্ৰদূষণ । ভাৰতৰ দিল্লী,নয়দা, চণ্ডীগড়, জয়পুৰ আদিৰ দৰে চহৰবোৰৰ AQI বা বায়ু মান সুচাংক স্বাস্হ্য সন্মত মানতকৈ অত্যন্ত বেছি। এনে ক্ষেত্ৰত এই চহৰবোৰৰ শিশুসকল শ্বাসজনিত সমস্যা, এস্থেমা, ব্ৰংকাইটিচ্ আদিৰ সমস্যাত বৰকৈ ভোগে ।
ৰোগ সংক্ৰমনৰ প্ৰভাৱঃ
উষ্ণতাৰ বৃদ্ধিয়ে যিকোনো ধৰণৰ ৰোগ বিয়পোৱা বীজাণুৰ বংশ বিস্তাৰত অৰিহণা যোগায় । গৰমৰ সময়ছোৱাত ডেংগু,মেলেৰিয়া,কলেৰা,ডায়েৰিয়া আদি ৰোগবোৰে সাধৰণতে শিশুসকলকে সহজে আৰু বেছিকৈ সংক্ৰমিত কৰে ।
ওপৰত উল্লেখিত সমস্যাবোৰত ভাৰতৰ শিশুসকল অধিক পৰিমানে আক্ৰান্ত্ৰ হৈছে আৰু এইবোৰে
ৰাষ্ট্ৰীয় জনসম্পদ গঠন প্ৰক্ৰিয়াকো লক্ষনীয় ভাবে প্ৰভাবিত কৰি আহিছে,যেনে- স্বাস্হ্য জনিত সমস্যা বৃদ্ধিৰ বোজা, সামাজিক অসমনতা ,নিম্ন মানদণ্ডৰ শৈক্ষিক উৎপাদন আদি প্ৰধান ।
এই সমস্যাৰ পৰা আমাৰ দৰে দেশবোৰে পৰিত্ৰানৰ উপায় বিচাৰি উলিওৱাটো অতি জৰুৰী হৈ পৰিছে। ইয়াৰ বাবে জলবায়ু পৰিবৰ্তনৰ মূল কাৰক বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ সমূহ নিয়ন্ত্ৰনক অগ্ৰাধিকাৰ দিব লাগিব। অধিক বনভূমিৰ সৃষ্টি কৰি বন ধংস ৰোধ কৰিব লাগিব । বহনক্ষম প্ৰকৃতি সুৰক্ষা আৰু উন্নয়নৰ মাজত সামঞ্জস্য ৰক্ষা কৰি ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰিব লাগিব । এই ধৰণৰ সংকল্প লোৱাৰ বাহিৰে গত্যন্তৰ নেথাকিব ।
হিৰণ্য শৰ্মা
নগাঁও,অসম।
দুৰভাষনং-৬০০০৭৪৬৪৩০




Comments