top of page

চিতল মাছৰ জোল

Updated: Oct 26, 2025



স্কুটীৰখন নিদির্ষ্ট ঠাইত ৰখাওঁতেই মই গোন্ধটো পালো। ক'ৰবাত চুকে-কোণে নিগনি মৰি আছে নেকি? এওঁ দিনটো ঘৰৰ ভিতৰতে থাকে। গোন্ধ পোৱা নাইনে? মই এওঁক চিঞৰি মাতিলো।আগতে আমাৰ বৌটিহঁতে পদূলিত দেউতাৰ গলখেকাৰিটো শুনিলেই য'ৰে কাম ত'তে পেলাই তৰা-নৰা ছিঙি চোতাল পায়হি। কিন্তু আজিকালিৰ তিৰী। স্কুটীৰৰ 'হৰ্ণ' শুনিও ওলাই আহিব লাগে বুলি খবৰ নাই। গাড়ী এখন পদূলিত 'খাৰা' কৰিব পৰা হ'লে ওলাই আহিলহেঁতেন নেকি? মই বোধহয় পৃথিবীত সেইটো কামেই কৰিব নোৱাৰিম। সেইবাবেই এওঁৰ দৃষ্টিত মই অসফল স্বামী। ল'ৰা-ছোৱীলী দুটাই মোক যে 'গেলা-ইণ্জিনিয়াৰ ' বুলি কয় সেয়াও মই জানো। কিন্তু বেংকৰ 'ল'ন' লৈ গাড়ী কিনাৰো  মোৰ শকতি নাই আৰু দুৰ্নীতিত লিপ্ত হৈ সোঁৱে-বাঁৱে টকা ঘটাৰো  মোৰ হাবিয়াস নাই। 


     'আহিয়েই যে টেটুঁ ফালিছে'? -পত্নীৰ ভাষাত আচলতে মোৰ খং উঠিব লাগিছিল। তথাপিও নৰম হয়ে ক'লো-

     'তুমি কিবা গোন্ধ পোৱা নাইনে'? 

     'ৱাক .... ৱাক'-কথাটো  কবলৈহে  পালো, পত্নীৰ বমি হোৱাৰ উপক্রম হ'লেই। 

     'হেৰা, স্কুটীৰৰ চকাৰে গু-চু মহতিয়াই অহা নাইতো'? 

   মোৰ চকু কপালত উঠিল। যদিও মোৰ সন্দেহ---

      'ৱাক---ৱাক, '  'ডিকি' খুলিয়েই মোৰো পপত্নীৰ দৰেঅৱস্থা বেয়া হ'ল। 

      'ই চোৱঁৰৰ বাচ্চাই মোক ঠগিলে'। 

      'কোন চোৱঁৰৰ বাচ্চা? হ'লনো কি? '

      'ই মোক গেলা মাছসোপা দিলে। বাপেকক চিনি পোৱা নাই? ৰ'বা, এতিয়াই তাক এশিকনি দিওঁগৈ। '

    ' হেৰা, শুনাচোন  শুনা..... '

 পত্নীৰ কথা শুনা এতিয়া আৰু ধৈর্য নাই। মই পুনৰ মাছৰ বেপাৰীৰ ওচৰ পালোগৈ। মোৰ তৰ্জন-গৰ্জন শুনি বেপাৰীৰ ওচৰত ভালেমান মানুহ গোট খালে। বহুতে অৱশ্যে মোকেই 'ছাপৰ্ট' কৰিলে।

     'চিতল-খঁৰীয়াৰ গেলা.......! খাব পাৰিনেকি'? 


   ৰাতি ভাত খাওঁতে বৰ দুখ লাগিল। ছোৱালী জনীয়ে বৰ হেঁপাহ কৰিছিল চিতল মাছ অকণ খাবলৈ। তাই আচলতে চিতল মাছ চিনিকে নাপায়। সিদিনা কাকতিৰ ঘৰত ভাত খোৱাৰ পৰাই.....।

একেলগে পঢ়িছিলোঁ কাকিত আৰু মই। সি টানি আঁজুৰি মেট্রিকৰ ডেওনাখন সৰকি অফিচৰ কেৰাণী  হ'ল আৰু মই দেউতাৰ কথামতে 'পঢ়া-শুনা কৰে যেই , ঘোঁৰা গাড়ীত উঠে সেই' বাক্য শাৰীক শিৰোধাৰ্য কৰি  ৰাতিক দিন কৰি পঢ়ি গাড়ীত উঠিবতো নোৱাৰিলােৱেই,বৰঞ্চ ঘৰৰ সদস্য সকলৰ (আনৰো) দৃষ্টিত গেলা ইঞ্জিনিয়াৰহে হ'লো। কাকিতৰ দৰে সোঁৱ-বাঁৱে ধন ঘটিব নোৱাৰিলো বাবেই......      ।  

কেইদিনমানৰ আগতে কাকতিয়ে গাড়ী লোৱাৰ 'পাৰ্টি' দিছিল। নিমন্ত্রণ ৰক্ষা নকৰিলে হিংসাত নগ'লো বুলি ভাবিব পাৰে বুলিয়েই গ'লো। যোৱাই কাল হ'ল। ডাঙৰ ডাঙৰ চিতল  মাছৰ 'পিচ'। মোৰ ছোৱালীৰ ভাষাত খৰিকা থকা (দীঘল কাঁইট থকা) মাছ। এতিয়া তাই খৰিকা থকা মাছেৰেহে ভাত খায়। 

বৰবাবুৰ পৰা পাঁচশ টকা আগতীয়াকৈ লৈ খৰীয়া মাছ এটাকে কিনি একেবাৰে কুটি-বাছি আনিছিলো। তাইনো বাৰু চিতল আৰু খৰীয়া মাছৰ পাৰ্থক্য কি বুজি পাব। কিন্তু তাইক খুওৱাৰ আগতে বেপাৰীৰ হাতত মইহে ঠগ খালো।    

 

'তুমিনো মাছটো কিনােতে ভালকৈ চাই নল'লা কিয়? বেপাৰীয়ে ঠগিব বিচাৰেই। সেইদিনা কমলা বেপাৰীেটােয়ে দেখোন মোক দহটা  কমলাৰ ভিতৰত চাৰিটাই বেয়া কমলা বান্ধি দিছিল'।         

 'এৰা, সেইখিনিতে মোৰ ভূল হ'ল। অচিনাকি বেপাৰীক বিশ্বাস কৰাৰ ফল হাতে হাতে পালো'।    

নিশা  বিচনাত পৰি মই ছটফটাই আছো। মোৰ ল'ৰা-ছোৱালীহালে আজি চিতল মাছেৰে ভাত সাঁজ খাবলৈ নােপাৱাৰ বাবে মোৰ দুখ লাগিছে ঠিকেই, কিন্তু আজি বেপাৰীটোৰ ঘৰত.......?

 মই জানো, আজি বেপাৰীেটাক মই ঘূৰাই দিয়া মাছসোপা সি কেতিয়াও বেছিব  নোৱাৰে। মোৰ চকুত বেপাৰীটোৰ ঘৰৰ এখন চিত্র ভাঁহি উঠিল... ..... ।'বেপাৰীটোৰ ল'ৰা-ছোৱালীহালক মাকে মাছেৰে জোল ৰান্ধি দিছে ছাগৈ । গেলা মাছ যেতিয়া  নিশ্চয় জ্বলা-মচলা দিয়েই ৰান্ধিছে । বৰ তৃপ্তি ৰে সিহঁতে এসাঁজ ভাত  খাইছে........ '       

' ইমান দিনে সিহঁতে ডাঙৰ মাছ দেখিহে আহিছে। ভালেই হ'ল দিয়া। আজি সেই মানুহেটােৱে মাছবোৰ ঘূৰাই দিলে বুলিহে সিহঁতে ইমান ডাঙৰ মাছেৰে ভাত খাবলৈ পাইছে'।

'কৈছেনে বাৰু তেনেকৈ ঘৈণীেয়েকে ?'  

 যদি কৈছে  'আজি আমাৰ ইমান লোকচান ভৰাই সিহঁতে সুখেৰে থাকিবলৈ পাব বুলি ভাবিছা হ'ব পায়, তাৰ ভেটিত তিতা লাও গজিব.... '।     

 'উস্'। মোৰ মুখৰ পৰা নিগৰা শব্দ শুনি পত্নী সচকিত হ'ল।  

'কি হৈছে তোমাৰ?  '      '

'ঠাণ্ডা বেছি কৈ পৰিছেহে। কালিলৈ গৰম কাপোৰ বোৰ উলিয়াই ৰ'দত দিবাচোন'।      

মোৰ মনত উদয় হাৱা ভাৱ বিলাক পত্নীক জানিবলৈ  নিদিলো। 

মোক 'ঘোচ' খাবলৈ সততে উদ্গিনি দিয়া পত্নীয়ে এই বোৰ অনুভূতি বুজি পাবনে? ক'লে হয়েতা ক'ব-' সস্তীয়া চেণ্টিমেণ্ট'। সেই বাবেই তুমি কাকতি হঁতৰ দৰে ঘৰ-বাৰী-গাড়ী একো কৰিব নোৱাৰিলা।  ইঞ্জিনীয়াৰৰ ঘৈণীেয়কহৈও মই..........  '।       

মই ইকাতি হৈ শুবলৈ চেষ্টা কৰিলো। মনে মনে ভগৱানক খাটিলোঁ-'ঘৈণীৰ কথাত  ভােল যাবলৈ মোক কােনো কালেই প্ৰলোভিত নকৰিবা  ভগৱান'।


গীতা মহন্ত শইকীয়া

7576902402


Comments


bottom of page