উশাহ
- লিম্পী শইকীয়া
- 1 day ago
- 1 min read
হেল্ল’, কোন তুমি?
মই?
মই--মই ।
নাম? উপাধি?
কোনো নহয়।
কীট-পতংগ যিদৰে
নিজৰ পথত, নিজৰ গতিত,
মই সময়
ধূলিৰ খোজত ।
পৃথিৱীখন নৰয়
সুখতো
দুখতো
কাৰো বাবে
কোনোৱেই নৰয়
একোৱেই নৰয় ।
মোৰ নাম, মোৰ ঘৰ,
সম্পৰ্ক, পৰিচয়
‘মোৰ’
ইও এক বিৰাট ভ্ৰম ।
হেৰুৱাবলৈ আছে কি?
এমুঠি হাঁহি,
এটুপি চকুপানী,
অকণমান প্ৰেম,
সংগ আৰু
নিঃসঙ্গতাৰ
কিছু ক্ষণ...
মই
মই কোন ?
শব্দহীন এটি উশাহ—
নিজক বিচাৰি ফুৰা।
লিম্পী শইকীয়া
নগাঁও, অসম ।
দূৰভাষ নং ৯৯৫৪৫২৬২৫০


Comments