top of page

প্ৰতিগৰাকী বিবাহিতা মহিলাৰ স্বামীৰ প্ৰতি কিছু ওজৰ আপত্তি থাকেই। প্রথম অৱস্থাত মই ভাবি ছিলো মোৰ স্বামী হে মোৰ লগত কিছুমান ক্ষেত্রত অমিল স্বভাৱৰ। পিছে এতিয়া মহিলা সহকৰ্মীসকলৰ লগত মত-বিণিময়


কৰি গম পাইছো প্ৰায় বিলাক পুৰুষেই (গিৰিয়েক) এনেকুৱা, এনেকুৱা মানে বিয়াই-সবাহে গৈ বেয়া পোৱা , মানে ৰভাৰ তলত কেৱল খাবলৈ বুলি অপেক্ষা কৰি এঘণ্টা দুঘন্টা বহি থকা, পত্নীৰ লগত বজাৰ-সমাৰ কৰি বেয়া পোৱা, (পত্নী য়ে দৰদাম কৰি থাকেযে), শহুৰৰ ফালৰ মিতিৰ- কুটুম্বৰ ঘৰলৈ গৈ বেয়া পোৱা, বা শহুৰৰ ঘৰত একেলেথাৰিৰে কেইবাদিনো থাকি বেয়া পোৱা ইত্যাদি ইত্যাদি। পুৰুষ সকলৰ এনেকুৱা বেয়াপোৱা স্বভাৱ বোৰৰ বাবেই আজিকালি বিয়া সবাহ বোৰ বা অন্যান্য কিছু মান অনুষ্ঠানো মহিলাৰ একচেটিয়া অনুষ্ঠান হৈ পৰিছে। কিন্তু বেয়া পালেও সদায় গা এৰা দি চলিলে হ'ব জানো?


আজিয়েই আমাৰ প্ৰতিবেশী ডা:কাকতিৰ একমাত্র ভনীয়েক জনীৰ বিয়া। নগ'লে বাৰু মানুহহালে আমাক কি ভাবিব? দূৰৈৰ মিতিৰ কুটুম্বৰ বিয়াই সবাহে  মই অকলে যাবলগীয়া হ'লে ' এওঁৰ অফিছৰ আজি 'বচ' আহিব, মিনিষ্টাৰৰ লগত এওঁৰ আজি 'প্ৰগেম' আছে' হেনহে তেনহে বুলি এশ এবুৰি মিছা কথা কৈ সাৰি আহিব পাৰো, কিন্তু আজি-----?


 'হেৰা, আজি ডা:কাকতিৰ ভনীয়েকৰ বিয়া । পাহৰি নাযাবা কিন্তু-' অফিছ ওলাওতেই এওঁক মনত পেলাই দিলো।


'ছে:' তেওঁৰ মুখৰ পৰা আপোনা আপুনি শব্দটো ওলাই আহিল।


'তুমিয়েই নহ'লে মাজনীক লৈ ৰিক্সা এখনতে গুচি যাবা'


'তোমাৰোযে কথা, এইখন বিয়াৰ লগত আন মানুহৰ বিয়া নিমিলে নহয়? তাতে হস্কিলে মস্কিলে কিবা এটা হ'লে দেখোন কাকতি আমাৰ ঘৰলৈ দৌৰ মাৰি আহে। '


'হ'ব হ'ব, যাম দিয়া। ইমান ওকালতি কৰিব নেলাগে। '


ক'ৰবালৈ যাবলগীয়া হ'লে এওঁক মাতিবলৈকে ভয় লাগে। খঙতে মানুহটো জ্বলিপকি থাকে। সেয়ে আজিকালি ফাংচন বোৰ লৈ নেমাতিলেহে ভাল পাওঁ। মাতিলে মোৰ হে অশান্তি বাঢ়ে।এফালে এওঁক 'মেনেজ'কৰিবলগীয়া হয়, আনফালে বিপক্ষক 'মেনেজ' কৰিবলগীয়া হয়। যদি বিয়াখনলৈ নাযাও,কম বেয়া কথা হ'বনে? দুবাৰ আহিছে নিমন্ত্ৰণ কৰিবলৈ। এবাৰ কাকতি নিজেই আহিল আৰু এবাৰ নন্দেকক (কন্যাক) লৈ মিছেছ কাকতি আহিল।। নিমন্ত্রণত মুগ্ধ হৈ 'মা'ও বিয়া লৈ ওলাল। এতিয়া হে ভাবিছো, মা নহা হ'লেই ভাল আছিল নেকি?


ডা: কাকতিৰ ঘৰখন আহল বহল যদিও বিয়াখনৰ বাবে ৰাজ নন্দিনী বিবাহ ভৱনটোহে ভাড়া লৈ লৈছে। বিবাহ ভৱনত বিয়াপতাৰ বহুত সুবিধা। ঘৰখন লেতেৰা নহয়, চোতালৰ ফুলনিখনৰ হানি-বিঘিনি নহয়, তাতোকৈ লাভৰ কথাটো হ'ল--নিজৰ তথা দূৰনিবটীয়া যিখিনি আলহী আহে, তেওলোক সচৰাচৰ বিবাহ ভৱনৰ পৰাই ঘৰলৈ ওভতে। গতিকে গৃহস্থৰ ঘৰে আলহী অতিথিৰ পৰা যথেষ্ট সকাহ পায়। এইখিনি কথা অৱশ্যে মই মিছেছ কাকতিৰ পৰাহে শুনা। ৰাজ নন্দিনীত বিয়াখন পতাৰ বাবে আমাৰ চুবুৰীৰ বেছিভাগ মহিলা খঙত গুজৰি-গুমৰি আছে। চুবুৰিতে বিয়াখন পতা হ'লে দুপৰীয়া- গধূলি দুয়োসাজ ভাত নৰন্ধাকৈ হ'লহেতেন। তাৰোপৰি ইয়াৰ পৰা ৰাজ নন্দিনী লৈ তিনিনে চাৰি কিলোমিটাৰ দূৰ। না খোজকাঢ়ি যাব পাৰি, না বাছত যাব পাৰি? এতিয়া ৰিক্সাত অহা-যোৱা কৰোতেই ৪০-৬০টকা লাগিব৷ চুবুৰিতে বিয়াখন পতা হ'লে ৬-৮বজাৰ সময়ত (যিটো সময়ত বিয়াঘৰত ভিৰ বেছি হয়,)সস্তীয়া উপহাৰ এটা ধুনীয়া কাগজেৰে মেৰিয়াই দি আহিলেও কোনে কি দিছে একো গমেই নাপালে হয়। কিন্তু তালৈ দিনে পোহৰে যাবলগীয়া হোৱাত, ভাল উপহাৰ এটাও দিব লগা হ'ল। ঘৰৰ চোতালতে ৰভাদি বিয়াখন পতাহ'লেনো কি মহাভাৰত খন অশুদ্ধ হ'লহেতেন? সচাঁ কথা ক'বলৈ হ'লে মইও পেটে পেটে ভালপোৱা নাছিলো। তথাপিও যাব যে লাগিবই।


আচলতে গাড়ী খন লোৱাৰ পৰাই আমাৰ কাল হ'ল। ল'ৰা-ছোৱালীহালৰ উৎপাতত বেংকৰ 'লোন' লৈ গাড়ী খন ল'লো। গাড়ী খন লোৱাৰ পৰাই ঘৰত মাছ মাংস খোৱা, নতুন কাপোৰ লোৱা আদি কমি আহিল।আৰু মানুহবোৰ যে কি! গাড়ী খন যেন বতাহতহে চ'লে? 'ঘৰতে গাড়ী খন আছে যেতিয়া দেৰিকৈ হ'লেও পাক এটা মাৰিব কিন্তু। 'অৱশ্যে দেৰিকৈ নহয় আমি সন্ধ্যা ছয় মান বজাতে ৰাজনন্দিনী পালোগৈ। 'গ্ৰাউন্দ ফ্লৰত' কন্যা ধুনীয়া কৈ সাজি-কাজি বিছনা সদৃশ আসন এখনত বহি আছে। বহা আসনৰ চাৰিওফালে বিভিন্ন বিজাতীয় ফুলৰ সাজ-সজ্জা, তাৰ মাজে মাজে বিভিন্ন ৰঙৰ লাইটৰ সমাহাৰ। কাৰ্পেট গচকি গচকি  ভিতৰলৈ সোমাই যাওতে হঠাৎ কোনোবা ফালৰ পৰা উজ্জ্বল পোহৰ এছাটি আহি মোৰ চকু দুটা ছাট মাৰি ধৰিলে। উজুটি খাই পৰিবলৈকে


ধৰিছিলো। 'চাবা দেই' বুলি এওঁ পিছফালৰ পৰা হেচা দিহে বছালে। খঙতে, ',সেইডালনো কি' বুলি শাহৰ মুখত ওলাইছিলেই।'ছোৱালী জনীয়েহে 'আইতা যে আৰু, সেয়া ভি ডিঅ' কেমেৰা কৰিছে' বুলি মুখখন বন্ধ কৰিলে।


কন্যাৰ দুয়ো কাষে কেইবাজনীও বান্ধবী। কন্যাৰ মূৰত ডাঙৰকৈ বন্ধা খোপা আৰু হাতত মছলাৰ শৰাইখন নথকা হ'লে কোন জনীনো কন্যা ধৰাই টান হ'লহেতেন। মোৰ ছোৱালী বয়সত সৰু যদিও যুগৰ লগত খাপখোৱা। সেয়ে ঠহৰকৈ আৰু ফুচফুচাই ক'লে_----'চুয়েটাৰ পিন্ধিবলৈ মানা কৰিছিলো নহয়, এতিয়া দেখিছানে তোমাৰ বাহিৰে কোনেও চুয়েটাৰ পিন্ধা নাই'।


সঁচা, কাৰোৰে গাত এটা চুৱেটাৰ বা এখন 'স্কাফ'দেখা নাই। পিঠিৰ বহু অংশ ওলাই থকা ব্লাউজ, ডিজাইন নেদেখিব বুলি, নে দেহৰ ভাজ চকুত নপৰিব বুলি নাজানো ।কিন্তু চুয়েটাৰ পিন্ধিও দেখোন মোৰ ঠান্ডা লাগিয়ে ই আছে। স্ত্রী জাতিৰহে ঠান্ডা লগা নাই কিন্তু পুৰুষ সকলে ছ্যুট-টাই-চুয়েটাৰ পিন্ধি ফিট-ফাট হৈ আছে। কন্যা ৰ হাতত ম'বাইল। দৰাৰ লগত ফোনা ফোনি। মাজে মাজে বান্ধবী হঁতৰ লগত হালি-জালি পৰিছে। দৰাই মাজে মাজে 'মেছেজো'পঠিয়াইছে। আমাৰ বিয়াত ম'বাইল থকা হলে আমিও বাৰু এনেকৈ খিক্-খিকাই হাঁহি দৰাৰ লগত কথা পাতি থাকিলোহেঁতেন নেকি? আমাৰ দেখোন চকুত পানী বিৰিঙিয়েই আছিল। আজিকালি 'মেকআপ' উঠে বুলি নেকান্দে নে মাক-বাপেকক এৰি যাবলৈ বেয়া নেলাগে বাবে নেকান্দে নাজানো। আমাৰ বয়সৰ মানুহবোৰৰ দোষ এইখিনিতেই, আমি এইটো যুগৰো নহ'লো, পুৰণা যুগৰো নহ'লো।


ইফালে হিন্দি গানৰ কেছেট এটাৰ তালে তালে ল'ৰা কেইজনমানে বিভিন্ন অংগী- ভংগীত নাচি আছে। দুটামানে কাণততো ফুলি পিন্ধিছেই, এটাই আকৌ চেলাউৰিৰ ওপৰতো ফুটা কৰি কিবা এটা ওলোমাই পিন্ধিছে। কোনোবাটোৱে আকৌ ছোৱালীৰ দৰে পনিটেইল বান্ধিছে, কেইটামানৰ আকৌ 'ছাৰ্টৰ হাতেই নাই(কান্ধতে কটা)।সেইবোৰ দেখি শুনি গাটো বেজবেজাই গৈছে। ইফালে আমাক খাবলৈ নিয়াৰ উমঘামেই নাই। মিছেছ কাকতিয়ে ঘৰৰ সদস্য সকলক এটা এটাকৈ চিনাকি কৰি দি আছে। মাজে মাজে আকৌ কোনোবা এজন আহি 'নমস্কাৰ, অকণ মান বহকচোন' বুলি আকৌ আতঁৰি যায়। মই ভয়তে এওঁৰ ফালে চোৱাই নাই। চালেই বিপদ। হয় তাতেই এজাউৰি গালি শুনাব, (লগ ধৰি অনাৰ বাবে), নতুবা ব'লা যাওঁ বুলি খেচ খেচ কৰিব। ভাগ্য ভাল। তেনেতে যেনিবা খোৱাৰ ডাক পৰিল। ভাত-মাছ-মাংস। এওঁ মোক কাণে কাণে কলে, 'হেৰা, এই ফুট গধুলিতে মই ভাতগাল খাব নোৱাৰো দেই। তুমি মোৰ পেট বেয়া বুলি ক'বা। ' শাহুৱে ক'লে, 'মইও নেখাও।এই বয়সত হাতত থাল লৈ জেলৰ কয়দীৰ দৰে লাইনত থিয় দিব নোৱাৰোঁ বুজিছা'। মই মিছেছ কাকতিক ফুচফুচাই সুধিলো' ভাতৰ বাহিৰে কিবা ব্যবস্থা আছে নেকি? ' তেওঁৰ মুখখন দেখিয়েই গম পালো, উত্তৰ নিগেটিভ। অৱশ্যে মিঠাই দুটামান শাহুক যাচিছিল যদিও বহুমূত্র ৰোগত ভোগা শাহুৱে খাব নোৱাৰিলে।


অৱশেষত আমি আহিবলৈ ওলালো। ডা:কাকতিয়ে দৰা অহালৈকে থাকিবলৈ অনুৰোধ কৰিছিলে যদিও শাহুৰ গা অসুখৰ অসুবিধা দেখুৱালো। শাহুৱে মোক ক'লে 'চুপাৰি সোপাহে দি আছে। তুমি কাকতিনীক সোধাচোন কেঁচা তামোল আছে নেকি? মিছেছ কাকতি য়ে মো ক ভিতৰৰ কোঠা এটালৈ লৈ গ'ল। খুন্দনা তামোল সহ কেইগৰাকীমান মহিলা তাত বহি আছে। বিচনা এখনত বহি লৈ অন্য কেইগৰাকীমানে উপহাৰবোৰ খুলি আছে। সম্ভৱতঃ কন্যাৰ লগত দিব পৰা ভাল উপহাৰ আছেনেকি বাচিছে।


'হেৰৌ, এইটো চাচোন, 'প্ৰেজেণ্ট দিবলৈ বিচাৰি নাপালে আৰু'?


'কি দিছেনো? '


'এখনো নহয়, একেবাৰে দু


খন অসমীয়া কিতাপ বান্ধি দিছে হি;হি:হি:'।


মোৰ গা-টো থৰ-থৰকৈ কঁপিবলৈ ধৰিলে। আমি লেখিকা সংস্হাৰ সদস্য সকলে মৌখিক ভাবে এটা প্ৰস্তাৱ লৈছিলো যে বিয়াবোৰত আমি কিতাপ উপহাৰ দিম। তেতিয়াহে লেখক-লেখিকা আৰু কিতাপৰ সমাদৰ বাঢ়িব। মই নিজে নাৰী বাবে সমাজত নাৰীৰ স্হান আৰু উচ্চ হোৱাতো বিচাৰো। সেয়েহে অনুৰাধা বৰপূজাৰীৰ 'নাহৰৰ নিৰিবিলি ছাঁ' আৰু ৰীতা চৌধুরীৰ 'এই সময় সেই সময়' নামৰ কিতাপ দুখন কিনিছিলো। ইমান ভাল কিতাপ দুখনৰ তেনে উপহাস দেখি মোৰ চকুপানী সৰিবৰ উপক্রম হল। মই একেছাটেই ফোঁ-ফোৱাই আহি গাড়ীত উঠিলোগৈ। আহোঁতে 'কেঁচা তামোল ঘৰতে খাবগৈ বলক' বুলি শাহুকো টানি আনিলে। মোৰ ৰূদ্ৰমূৰ্তি দেখি একো উৱাদিহ নাপাই ল'ৰা-ছোৱালীহালৰে সৈতে এওঁ ততাতৈয়াকৈ আহি গাড়ীত বহিলহি। আমাৰ কাৰোৰ মুখত তেতিয়া কোনো শব্দ নাছিল।



গীতা মহন্ত শইকীয়া

মৰিকলং, নগাঁও।

দূৰভাষ নং ৭৫৭৬৯o২৪০২

Comments


bottom of page