top of page

অভিমানী তুমি

তুমি আহিলা নীৰৱে

মোৰ হৃদয়ে সাৰ পালে

কিন্তু তোমাৰ সেই নিঃশব্দ উপস্থিতিয়ে

মোৰ অন্তৰত অলেখ প্ৰশ্নৰ জঁটাই দিলে।


কেতিয়াবা ভাবো,

এয়া কি সঁচাকৈ এক অনুভব?

নে কোনো অন্য অনুভূতিৰ প্ৰতিফলন?

ইয়াৰ কোনো ব্যাখ্যা নাই।


ই ভালপোৱা নহয়

আকৌ বন্ধুৰ বন্ধুত্বও নহয়

ইয়াত শব্দবোৰে যেন

নিজৰ অৰ্থ হেৰুৱাই পেলাইছে।


গভীৰ ৰাতিৰ নিস্তব্ধ মুহূৰ্তত

তুমি দিয়া সাঁথৰবোৰ এতিয়া বৰ অসহ্য।

কৈ যোৱা অনুভৱবোৰ এতিয়া অব্যক্ত স্বৰ।


মোৰ নাম তোমাৰ কবিতাৰ পাতত নাই

তথাপি

মোৰ কবিতাৰ প্ৰতিটো শব্দ তোমাৰ বাবেই।

শব্দৰ ভাষাত কিছুমান কথাৰ অভ্যাস আছে

আৰু আছে কেৱল অনুভৱ

যিবোৰ কোৱাৰ প্ৰয়োজন নাই।


তুমি কোন?

প্ৰশ্নটো প্ৰশ্ন হৈয়ে ৰৈ গ’ল

কাৰণ সকলো কথাৰে

উত্তৰ পোৱাৰ প্ৰয়োজন নাথাকে।



ৰিম্পী দেৱী

দূৰভাষ নং ৭৮৯৬৮ ৫২৮৪১

Recent Posts

See All
মানৱতাৰ প্ৰহৰী

কবি সংস্কৃতিৰ ধ্বজাবাহক মানৱতাৰ প্ৰহৰী বাস্তৱৰ কঠিনতাত বালিত সোণ বুটলি সপোনপুৰীৰ সন্ধান দিয়া এক ভৱিষ্যত দ্রষ্টা নিৰৱ স্ৰষ্টা । কবিৰ চাকত সৃষ্ট কাব্য জ্ঞানপিপাসুৰ কল্পবৃক্ষ হৃদয়ৰ পৰা হৃদয়লৈ অমৃত সঞ্চাল

 
 
 
অপ্ৰত্যাশিত

বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ বছৰতে মানসীয়ে পুলকেশক লগ পাইছিল । পুলকেশ তাইতকৈ এক শ্ৰেণীৰ আগৰ আছিল । মানসীৰ বান্ধবী অৰুণিমাই এদিন বিশ্ববিদ্যালয়ৰ চৌহদৰ ৰঙা কৃষ্ণচূড়া ফুল গছজোপাৰ তলত ৰৈ পুলকেশৰ লগত তা

 
 
 

Comments


bottom of page