top of page

সিদ্ধান্ত

আকৰ্ষণে খুলি দিয়ে দুৱাৰ ৷ সেই দুৱাৰেদি সন্তৰ্পণে সোমাই আহে প্ৰেম ৷ প্ৰথমে এটি ক্ষীণ নিজৰা ৷ লাহে লাহে ই ধাৰণ কৰে এক অপ্ৰতিৰোধ্য গতি ৷ বেদান্তৰ হাঁহি উঠিল ৷ তাৰ অনুভৱ হ’লএই ছোৱালীজনীয়েই হ’ব পাৰে তাৰ জীৱনসংগিনী ৷


জিলাখনৰ সাহিত্য সভা ভৱনৰ মূল দুৱাৰখনৰ কাষত থিয় হৈ আছিল তাই ৷ এজন বয়সস্থ ব্যক্তিয়ে কিবা কৈ আছিল ৷ তাই অতি মনোযোগেৰে কথাবোৰ শুনি আছিল ৷ মাজে মাজে মূৰ দুপিয়াইছিল ৷তাইৰ চকু মুখত উজলি উঠিছিলপোহৰ ৷ সভাৰ সামৰণিত সকলোবোৰ ঘৰাঘৰি গৈছিল ৷ ছোৱালীজনীও গুচি গৈছিল ৷ কিন্তু বেদান্তৰ বুকুত কিবা এটা ৰৈ গৈছিল ৷ সেই কিবাটোৱে তাক অস্থিৰ কৰি তুলিছিল ৷


এইজনীয়েই ছোৱালী ৷


হয়, এইজনীয়েই ছোৱালী ৷ ইমানদিনে তাৰ অৱচেতন মনে বিচাৰি থকা ছোৱালীজনী এইজনীয়েই ৷ বেদান্তই নিজকে কৈছিল ৷


বেদান্তৰ মনলৈ এক কৌতুকৰ ভাব আহিল ৷ ক্ষণিকৰ মুহূৰ্তত তাৰ মনটো এনেকুৱা কিয় হ’ল ? ছোৱালীৰ ক্ষেত্ৰত তাৰ মনস্তত্ত্ব ইমান সোলোক- ঢোলোক নাছিল ৷ কি আছিল তাইৰ !

বেদান্তই কলেজ - বিশ্ববিদ্যালয়ত বহু ছোৱালীৰ সান্নিধ্য লাভ কৰিছিল ৷ কোনোজনীয়েই সোমোৱা নাছিল তাৰ AIPCত৷


ধুৰ! প্ৰেমত পৰে নেকি ? নতুন হ’ক, পুৰণি হ’ক , কম্পিউটাৰৰ এটা স্বতঃসিদ্ধ সত্য - Garbage in - Garbage out ৷ যি ভৰাবা সিয়েই ওলাব ৷ এই সূত্ৰটো সি মানি চলিছিল ৷ মন-মগজুক আক্ৰান্ত কৰা স্থূল আৱেগক প্ৰশ্ৰয় দিয়াটোৰ পক্ষপাতী সি কাহানিও নাছিল ৷ এয়া এক ক্ষয়ংকৰী ভাৱবিলাসৰ বাহিৰে আন একো নহয় ৷ সময়ৰ অৰ্থহীন অপচয় মাত্ৰ ৷ সি এইবোৰৰপৰা মুক্ত আছিল ৷ বিন্দাছ আছিল ৷

আজি তাৰ অন্য ৰূপ ৷


সি ছোৱালীজনীৰ সন্ধান উলিয়ালে ৷ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৷ বিনীতা ৷ নামটোও তাৰ ভাল লাগিল ৷ বিয়া বিয়া বুলি হামৰাও কাঢ়ি থকা আত্মীয় স্বজনক ছোৱালীৰ ঠিকনাটো দিলে ৷ সোধাপোচা কৰক ৷ যদি ঘৰে ছোৱালীয়ে সন্মতি দিয়ে বিয়াখন হ’ব পাৰে ৷ অৱশেষত দুয়োঘৰৰ মাজত আনুষ্ঠানিক কথাবতৰা চলিল ৷ ছোৱালীৰ লগতো তাৰ কথাবতৰা চলিল ৷ সি আশা কৰা মতেই কথাবোৰ আগবাঢ়িল ৷


বিনীতাই কম কথা কয় ৷ শুনে বেছি ৷ যিকোনো কথাক তাই অখণ্ড মনোযোগেৰে শুনে ৷ উত্তৰ দিব লগা হ’লে কিছু সময় লয় ৷ কোনোবাই দুখৰ কথা ক’লে তাইৰ মুখলৈ এক মমতা নামি আহে তাইৰ অজানিতে ৷ যিটোৱে তাৰ হৃদয়ক জোকাৰি যায় ৷

- তোমাক প্ৰথমবাৰ দেখিয়েই চিনাকি চিনাকি লাগিছিল ৷

- ওঁ ৷

বিনীতাৰ উত্তৰত থমকি ৰয় বেদান্ত ৷

কি এই আকৰ্ষণ ? তাৰ যুক্তিবাদী মনটো ক’ৰবাত হেৰাই যাব খোজে ৷ বিজ্ঞানৰ মানুহ সি ৷ কলেজত ছাত্ৰছাত্ৰীক মহাকৰ্ষণিক তত্ত্ব শিকায় ৷ বিনীতাৰ প্ৰতি হোৱা তাৰ এই

আকৰ্ষণক সি এটা নাম দিব পৰা নাই ৷ একো লজিক সি উলিয়াব পৰা নাই ৷

- ঐ বেদ শুন ৷

বেদান্তৰ বায়েকৰ ফোন ৷

- কচোন ,ইমান উথপথপ যে ?

- ছোৱালীজনীৰ মুখখনত আমাৰ মাৰ মুখখন আছে ৷

- কি ?

- অঁ , তই পুৰণা এলবামটো উলিয়াই চাচোন ৷


বেদান্ত নিৰ্বাক হৈ ৰ’ল ৷ ত্ৰিশ ফুটৰ সৰলৰৈখিক দূৰত্বত থিয় হৈ থকা এজনী সাধাৰণ ছোৱালীৰ শাৰীৰিক ভাষাত এনে কি যাদু আছিলমাত্ৰ তিনি মিনিটৰ মুহূৰ্তত তাৰ অশৰীৰী সত্তাৰ পৌৰুষিক অহংকাৰক চূৰমাৰ কৰি দিব পাৰে ? তাৰ মন মগজুক ব্যতিব্যস্ত কৰি ৰখা এই জটিল সমীকৰণটোৰ এটা সমাধান সূত্ৰ সি পাই গ’ল ৷ মুহূৰ্তমান সময় অপচয় নকৰি আলমাৰিত থকা পুৰণা এলবামটো সি উলিয়াই আনিলে ৷ মাকৰ গাভৰু কালৰ ফটো এখন হাতলৈ আনি সি স্তম্ভিত হৈ গ’ল ৷ আৰু এখন ৷ আৰু এখন ৷ আৰু এখন ৷ বিভিন্ন কোণৰ পৰা সি পৰ্যৱেক্ষণ কৰিলে ৷ তাৰ বুকুখন কঁপি উঠিল ৷ তাৰ মানসপট সমৃদ্ধ কৰি ৰখা যিখন মুখ সেইখনেইতো এইখন - তাৰ সোঁহাতত থকা বিনীতাৰ ৰঙীন ফটোখন কঁপি উঠিল ৷ ইমান একে কেনেকৈ হ’ব পাৰে ? এইবাবেই নেকি ত্ৰিশফুট দূৰত্বত থিয় হৈ থকা ছোৱালীজনী এজনী মমতাময়ী নাৰীৰ প্ৰতিবিম্ব হৈ তাৰ দৃষ্টিত ধৰা দিছিল ! প্ৰথম দৃষ্টিতে তাই হৈ পৰিছিল তাৰ অৱচেতন মনৰ চিৰ অভীস্পিত নাৰী! হৃদয়ত তুলিছিল মহাকাব্যিক শিহৰণ ৷ এক মহাজাগতিক জোকাৰণি সি অনুভৱ কৰিছিল তাৰ চেতনাত ? বিশ বছৰ হৈ গ’ল ৷ স্কুলৰ ছাত্ৰ হৈ থাকোঁতেই সি তাৰ মাকক হেৰুৱাইছিল ৷


সেইখন মুখ ,মমতাময়ী সেইখন মুখে নিসংগতাৰ মুহূৰ্তত , সংকটৰ মুহূৰ্তত তাক সাহৰ্যস্য দিয়ে ৷ দিয়ে সাহস ৷ বিনীতা আজি সেইখন মুখৰ অবিকল প্ৰতিবিম্ব ৷

বেদান্তই বায়েকলৈ ফোন লগালে ৷

- বা , মই মিলাই চালোঁ ৷ অবিকল একে দেখোন ?

- তই সুখী হ’বি ৷ তাইৰ জন্মপত্ৰিকাখনো হোৱাটছ্‌ এপত দিছোঁ চা ৷ ৰাজযোৰা আহিছে ৷

বেদান্তৰ মনটো এটা অশান্ত ইলেক্ট্ৰনত পৰিণত হ’ল ৷ এটা ঐক্যকেন্দ্ৰিক বৃত্তৰ বিভিন্ন পৰিধিত তাৰ মনটো ঘূৰিবলৈ ধৰিলে ৷ আকৰ্ষণে খুলি দিয়া দুৱাৰখনেদি আচলতে প্ৰেম অহা নাছিল ৷ ছোৱালীজনীক দেখা মাত্ৰে তাৰ মমতাময়ী মাতৃৰ স্মৃতিৰ প্ৰচ্ছায়াহে সেই দুৱাৰখনেদি তাৰ হৃদয়ত প্ৰৱেশ কৰিছিল ৷ এয়া এক আত্মবিভ্ৰম ? কি কৰা যায় ? কি কৰা যায় ? অনুচ্চ কণ্ঠেৰে কৈ কৈ সি তাৰ AI Laptopটোত বিনীতাৰ জন্মপত্ৰিকাখনৰ তথ্যবোৰ এফালৰপৰা ভৰাই গ’ল ৷ কেইচেকেণ্ডমানৰ ভগ্নাংশ মাত্ৰ ৷ অপ্ৰত্যাশিত , অনাকাংক্ষিত কেইটামান শব্দ স্ক্ৰীনত জিলিকি উঠিল ৷ উত্তৰ বৈবাহিক কালত অবৈধ সম্পৰ্কৰ সম্ভাৱনা ৷ বিবাহিত জীৱনত তৃতীয় ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনা ৷ তাৰ বুকুখন চেঁচা শিল হৈ যোৱা যেন লাগিল ৷ বাক্যদুটা বাৰে বাৰে পঢ়ি সি বেলেগ অৰ্থ উলিয়াব নোৱাৰিলে ৷ বাক্যদুটাত যি ব্যক্ত হৈছে অৰ্থ সেয়াই ৷অন্য অৰ্থ আৰু একো হ’ব নোৱাৰে ৷ সি প্ৰতাৰিত হ’ব ৷

" অবৈধ সম্পৰ্ক ---”সি বিৰবিৰালে ৷ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল ৷

অস্থিৰতাৰে তিনিটা দিন পাৰ কৰাৰ পিছত বেদান্তই বিনীতাৰ লগত কথা পতাৰ প্ৰয়োজন অনুভৱ কৰিলে ৷ ফোনটো হাতত ল’লে ৷

-- বিনীতা !

তাৰ কণ্ঠত এক মৃদু কম্পন ৷

-- আপুনি কিবা চিন্তাত আছে নেকি ?

-- তোমাক এটা কথা সুধিব পাৰোঁ ?

-- নিশ্চয় পাৰে ৷

-- তুমি ভৱিষ্যতে মোক কেতিয়াবা প্ৰতাৰণা কৰিব পাৰিবা বুলি ভাবা নে ?

কিছু সময় নিৰৱতা ৷

-- এই প্ৰশ্নটোৰ উত্তৰ আজি মই কেনেকৈ দিওঁ ?

-- মানে ? বেদান্তৰ মাতটো কিছু কঠিন সুৰত ওলাল ৷

-- আপোনাৰ মনলৈ এই প্ৰশ্নটো কিয় আহিল ?

- বিনীতা , ক্ষমা কৰিবা ৷ ইমানদিনে মই নিজকে নিজে এক বাস্তৱবাদী মানুহ বুলিয়েই গন্য কৰি আহিছিলোঁ ৷ তোমাক প্ৰত্যক্ষ ৰূপত পোৱাৰ পিছৰপৰা মই অত্যন্ত ভাৱবাদী হৈ পৰিছোঁ নেকি ? পুনৰ কৈছোঁ , ক্ষমা কৰিবা দেই ৷তোমাৰ জন্মপত্ৰিকাখনৰ প্ৰয়োজনীয় ডাটা কেইটামান মোৰ AI Laptopটোত দি চাইছিলোঁ ৷ যি আহিল মোৰ তিনি দিন বৰবাদ হৈ গ’ল ৷ বৈবাহিক জীৱনত তৃতীয় ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনা ৷

বিনীতা স্তব্ধ হৈ ৰ’ল ৷ মহাবিদ্যালয় এখনৰ শিক্ষক এজনৰব্যক্তিত্ব এনে হোৱা উচিত নে ? বিনীতাই বুকুখনত এক শীতল হেঁচা অনুভৱ কৰিলে ৷ তাইৰ দুচকুত কণ কণ জলবিন্দুৰ প্ৰকাশ ঘটিল ৷ অত্যন্ত কোমল সুৰত তাই ক’লে - সিদ্ধান্ত আপোনাৰ ?

-- বিনীতা !

--- কওক ৷

বিনীতাৰ কণ্ঠত নিৰ্বিকাৰ সুৰ ৷

-- মই যদি মোৰ আৱেগক প্ৰকৃতাৰ্থত সন্মান জনাওঁ , তোমাক বাদ দি মই একো সিদ্ধান্ত ল’ব নোৱাৰোঁ ৷ জন্মপত্ৰিকাৰ ভৱিষ্যতবাণীক মই যিদৰে বিশ্বাস নকৰোঁ ,AI ৰ ভৱিষ্যতৰ বিৱৰণকো মই বিশ্বাস নকৰোঁ৷ তথ্যৰ কণমান খেলিমেলিতেই গণনাই বেলেগ দিশত গতি কৰে ৷ কম্পিউটাৰত আৱৰ্জনা ভৰালে আৱৰ্জনাই ওলাব ৷ এয়া হৈছে কম্পিউটাৰৰ নীতি ৷ এলগাৰিদমৰ নিজা একো ক্ষমতা নাই ৷ এটা মডেলৰ Prediction মানেই স্বতঃসিদ্ধ নহয় ৷ তথাপি মই কিয় এনে কৰিলোঁ - মই বুজি উঠিছোঁ - মই এক অপ্ৰতিৰোধ্য সংবেদনশীল আৱেগৰ আতিশয্যৰ দ্বাৰা আক্ৰান্ত হৈছোঁ ৷ ইয়াৰ সহজ ভাষা হ’ব পাৰে - আকৰ্ষণে খুলি দিয়ে দুৱাৰ ৷ সেই দুৱাৰেদি সোমাই আহে প্ৰেম ৷ প্ৰথমে এটি ক্ষীণ নিজৰা ৷ লাহে লাহে ই ধাৰণ কৰে এক অপ্ৰতিৰোধ্য গতি ৷ শুনিছা বিনীতা ? মোক সহজ ভাৱে গ্ৰহণ কৰিবানে ?



ত্ৰিদিৱ লস্কৰ

কছলুখোৱা ,নগাঁও।

দূৰভাষ নং ৬০০০৯৬৬ ৭৬৯

Recent Posts

See All
হেৰুৱা সুবাস

শাৰদীয় দুৰ্গোৎসৱৰ মন ফৰকাল লগা এটি অতি সুন্দৰ পুৱা । শেৱালি, বকুল,হাচনাহানা আদি নিশা ৰাণীসকলৰ সুবাসে পুৱাই সঞ্জীৱ চৌধুৰীৰ মনটো ভৰাই তুলিলে । তাতে পূজা মণ্ডপৰ পৰা অহা ঢাকৰ শব্দই ঠাই খনি মুখৰিত কৰি তুল

 
 
 
প্ৰেম

মোৰ বুকুৰ মাজত আজিও জ্বলি আছে সেই প্ৰাচীন জুইকুৰা। ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰোঁ যাৰ দহন । সময়েও নিৰ্বাপিত কৰিব নোৱাৰা উদ্ভাসিত প্ৰেমৰ শিখা । চেতনাৰ চোতালত জপিয়াই উঠে যুৱক স্বপ্ন মই তৰুণ মই তৰুণ। হেলাৰ

 
 
 
শ্ৰদ্ধাসিক্ত স্নেহ

আমি দুয়ো প্ৰকৃতি আৰু জীৱ-জন্তু, বিহঙ্গ আৰু ফুল বৰ ভাল পাঁও । পিছে পৰিবাৰৰ ফুলৰ প্ৰতি হেঁপাহ অধিক । য'তে যায় তাতেই ফুলত চকু ।চাকৰি জীৱনৰ কালচোৱাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৰকাৰি আৱাসত এদিন প

 
 
 

Comments


bottom of page