top of page

হেৰুৱা সুবাস

Oct 5
8 min read

শাৰদীয় দুৰ্গোৎসৱৰ মন ফৰকাল লগা এটি অতি সুন্দৰ পুৱা । শেৱালি, বকুল,হাচনাহানা আদি নিশা ৰাণীসকলৰ সুবাসে পুৱাই সঞ্জীৱ চৌধুৰীৰ মনটো ভৰাই তুলিলে । তাতে পূজা মণ্ডপৰ পৰা অহা ঢাকৰ শব্দই ঠাই খনি মুখৰিত কৰি তুলিলে ।অ'ত ত'ত বখলা বখলকৈ এচপৰা দুচপৰা ডাৱৰ দৃশ্যমান হোৱাৰ বাদে নিৰ্মল আকাশখনিয়েও যেন শৰতৰেই বন্দনা কৰিলে । এই ভাল লগা পৰিবেশটিত স্বভাৱসুলভ ভংগীমাৰেই সঞ্জীৱে গাই গ'ল --

‌ " নৈ পাৰতে ফুলিল কহুৱা

শুভ্ৰ চোৱৰৰ বা

শাৰদী পুৱাতে ৰিব্ ৰিব্ মলয়ে

মতলীয়া কৰে গা ।

শাৰদী ৰাণীৰে শাৰদী পুৱা

সুন্দৰৰ আল্পনা,মন - প্ৰাণ জুৰুৱা

দুৱৰিত মুকুতা জিলিকে সৌৱা ।

দুৰ্গামাক আদৰোগৈ

হাতে ফুলৰ মালা লৈ

আহিছে জননী জগত কল্যাণী

ছায়া দি ৰাখিবলৈ ।

দুৰ্গতি নাশিনী মংগলকাৰিণী এ

সেৱকক কৰিও দয়া

সমস্ত জগতক পোহৰাই ৰাখিবা

উজ্বলাই মানবী হিয়া । "


এনেদৰেই সঞ্জীৱৰ সৃষ্টিশীল মনটোৱে গুণগুণাই এক অনাবিল আনন্দ লাভ কৰিলে । সন্মুখৰ বাৰাণ্ডা খনিতে বহি থাকোতে এইবাৰ তাৰ বাটত উমলি থকা শালিকা যুৰীলৈ চকু গ'ল । সঞ্জীৱে হাঁহিলে আৰু মুখৰ ভিতৰতে ক'লে --''তহঁতৰেই ভাল , মুক্ত মনে ফুৰিব পাৰ ।আকালো নাই,ভঁৰালো নাই । সন্ধিয়া হোৱাৰ আগতেই যি পাৱ তাকেই খাই পুনৰ পুৱাহে আকৌ খাবলৈ ওলাই আহ । কিচিৰ মিচিৰকৈ জানো কি কথা পাতহঁত । নাই ইৰ্ষা, নাই কোনো মান- অভিমান । তহঁত সঁচাকৈয়ে বৰ ভাল অ' ! কোনো প্ৰতিযোগিতাও কৰিব নাজান তহঁতবোৰে । ভোগবাদী স্বাৰ্থপৰ মানুহবোৰৰ কাৰণেই আজি পৃথিৱীখনত যে অত অশান্তি ! আমিবোৰো যদি তহঁতবোৰৰ দৰে উদাৰ হ'ব পৰা হ'লে ! "

" কি চিন্তা কৰি বহি আছে ? সময় কিমান হ'ল জানেনে ? বজাৰলৈ নাযায় নেকি ?" --নীলাৰ (নীলাক্ষী) মাতত সঞ্জীৱে যেন সম্বিত ঘূৰাই পালে ।

"এৰা বজাৰৰ পৰা আহোগৈ । লিষ্টখন লিখিলানে ?"

"অ , লিখি মোনাতে ভৰাই ৰাখিছোঁ ।" লগতে নীলাই ক'লে--" শুনকচোন,আজি নহ'লে ৰূপম দাদাকো মাতি দিব নেকি ? বহু দিন হ'ল দেখাও নাই,কোনো খবৰ - বাতৰি পোৱা নাই অথচ আমিও যাব পৰা নাই । "

" এৰা , তুমি ঠিক কথা এটা মনত পেলাই দিলা । বহু দিন তাক লগ পোৱা নাই । হয়, মাতি দিওঁ দিয়া "-- বুলি সঞ্জীৱ উঠি গৈ ফোন লগালে ।

ক্ৰীং---- ক্ৰীং ------

" দেউতা আপোনাৰ ফোন আহিছে" --বুলি ৰূপমৰ বোৱাৰী

হীনাই মোবাইলটো আনি ৰূপমৰ হাতত দিলেহি ।

" অ' সঞ্জীৱ --আজি ইমান পুৱাতেই তোৰ মোলৈ মনত পৰিলনে ? ক -- কিয় ফোন কৰিছিলি ?"--ৰূপমৰ অভিমান ভৰা প্ৰশ্ন ।

" তই দেখোন জানয়ে - মই ল'ৰাৰ লগত আছিলোগৈ বুলি।বোৱাৰীৰ ছোৱালী এজনী জন্ম হ'ল । পূজা বুলি সিহঁতকো লগত লৈ কালিহে ঘৰ আহি পালোঁ । বাৰু কথা পিছত পাতিম । তই শুনচোন, আজি দুপৰীয়া আমি সকলোৱে মিলি জুলি ভাত এসাঁজ খোৱাৰ কথা ভাবিছোঁ। নীলাই তোৰ কথা কৈয়ে আছে। আহিবি দেই । মই বজাৰৰ পৰা আহোগৈ । আহিলে বহুত কথা পাতিম ।"

"প্লীজ ৰূপম দা, আহিব দেই । আহিব বুলি আশা কৰিলোঁ ।"--বুলি নীলাই সঞ্জীৱৰ পৰা ফোনটো লৈ চিঞৰি ক'লে ।


ৰূপমৰ নীলালৈ মনত পৰিল । তাই তাক দাদা মানি বহুত শ্ৰদ্ধা কৰে । পূজা , বিহুত ৰূপম আৰু তাৰ পত্নী মৃদুলা (মানু) সিহঁতৰ ঘৰলৈ যাব লাগিবই । নতুন কিবা ৰান্ধিলে সিহঁত দুটাৰ নিমন্ত্ৰণ থাকিবই । হেঁপাহ পলুৱাই খুৱাব । মানুৱে চকু মাৰি থাকে, ভাল হ'লেই বেছি খাব নাপায় । নীলাই নেদেখাকৈ বহুত বস্তু আঁতৰাই থয় । মানুক সেই কাৰনেই ৰূপমে বহুত বেয়া পায় । নীলাই নেদেখাকৈ তাতেই এখন কথাৰ কটাকটি চলি যায় ।


আজি সি সিহঁতৰ ঘৰলৈ যাব । বহু দিনৰ মূৰত মন পূৰাই এসাঁজ খাবগৈ । নীলাই নিজেও খাই ভাল পাই আৰু লোককো হেঁপাহ পলুৱাই খুৱাইহে শান্তি পায় । পূজাৰ কেইদিন বিধে বিধে মিঠাই বনায় । জিলেপী বনালে গৰমে গৰমে কাঁহী এখনত লৈ আনি ফ্লাক্সত চাহ বনাই আগত ৰাখি থয় । যাৰ যিমান খাবলৈ মন যায় , সিমানেই খায় । সঞ্জীৱৰ ভনী পৰী আৰু ভনী জোঁৱাই বিজয়ো আহে । বৰ স্ফূৰ্তিবাজ মানু্হ । বিজয়ে সাধাৰণতে গাজা কয়, আনবোৰ কথাও ইমান সুন্দৰ শৈলীৰে ক'ব পাৰে ! হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল দিয়ে । নিজে কিন্তু অকণো নাহাঁহে । বৰ আনন্দময় পৰিৱেশ এটিৰে জীৱনটো উদযাপন কৰে সঞ্জীৱহঁতে ।


হয়, ঘৰখনতে সোমাই সোমাই বাহিৰৰ জগতখনৰ কথা যেন পাহৰিয়ে পেলাইছোঁ । সঁচাকৈয়ে, কিমান দিন যে হ'ল লগে ভাগে এসাঁজ ভাত নোখোৱা ! নীলাৰ খাহী মাংসৰ তৰকাৰীখন সদায় মুখত লাগি থকাৰ দৰেই পাহৰিব নোৱাৰি । যি এবাৰ খায়, সি আকৌ এবাৰ খাবলৈ মনত আশা নিশ্চয় পুহি ৰাখিব ।

" জ্যোতি ,আজি মোলৈ ভাত নাৰান্ধিবা, মই ৰূপমহঁতৰ ঘৰলৈ যাম । সিহঁতে ভাত খাবলৈ মাতিছে ।"--বোৱাৰীয়েকক কথা কেইটা কৈয়ে ৰূপমে দাড়ি কাটিলে ।গা-মূৰ ধুই নিকা হ'ল । পিন্ধি উৰি ফিট ফাট হৈ মাথোঁ সময়লৈ ৰৈ থাকিল । বাৰে বাৰে হাতৰ ঘড়ীটোলৈ চালে -কেতিয়া যে ১১বাজিব !

১০টা----১০টা১৫-----১০টা৩০----১০টা৫৫--- ও সময় হৈছে । " মই আহিলোঁ "-- বুলি বোৱাৰীয়েকক কৈয়ে গাড়ীৰ চাবি পাট লৈ ৰূপম ওলাই গ'ল । সি ভবা ধৰনেই নীলাহঁতৰ ঘৰত পদূলিমুখৰ পৰাই আদৰ সাদৰ পালে । সঞ্জীৱ,নীলা, ভনীয়েক মুনু আৰু তাইৰ গিৰিয়েক অভয় , সঞ্জীৱৰ পুতেক পল্লৱৰ লগতে মাইনাজনীক কোলাত লৈ বোৱাৰী ৰুমীও ওলাই আহি ৰূপমক আগবঢ়াই ভিতৰলৈ লৈ গ'ল । ৰূপমে মাইনাজনীৰ ভৰিত চুমা এটি খাই বাটতে কিনি অনা উপহাৰটি মাকৰ হাতত দিলে ।


সঞ্জীৱহঁতৰ ৰন্ধা বঢ়া কৰা ৰূমটোৰ লগতে খোৱা বোৱা কৰা ৰূমটো যঠেষ্ট ডাঙৰ । তাতেই পকাতে সুন্দৰৰূপে সজাই ৰখা ঠাইত নি ৰূপমক বহুৱাই কথা পতাত ব্যস্ত হৈ পৰিল । গৰম আছিল বাবেই মুনু আৰু নীলাই নেমুপানীৰ লগত পদিনা,ক'লা নিমখ ,জিৰাগুৰি, টোকমাহ,মিচিৰি দিয়া চৰ্বত আনি সকলোকে খাবলৈ দিলে । কথা বাৰ্তাৰ অন্তত সঞ্জীৱে হাৰমনিয়ামখন আৰু ৰূপমক তবলা যোৰ দি গানৰ মজলিছ আৰম্ভ কৰিলে ।


মুনুৰ ছোৱালী সোণমণিয়ে প্ৰথমতে এটি ভজন গাই সকলোকে আপ্লুত কৰিলে । পিছত তাই দুটা লোক গীতো গালে । অতি সুন্দৰ কণ্ঠ । পঞ্চম শ্ৰেণীৰ ছাত্ৰী । সকলোৱে তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলে । ইয়াৰ পিছত মুনু আৰু সঞ্জীৱে গালে । এইবাৰ হাৰমনিয়ামখন ৰূপমক দি সঞ্জীৱে তবলা যোৰ ল'লে । সকলোৱে ৰূপমক শ্ৰদ্ধাৰ খগেন মহন্তদেৱৰ "কাউৰী পৰে " আৰু বৰ্ডাৰ চিনেমাৰ "চিঠি আয়ি হ্যে আয়ি হ্যে চিঠি আয়ি হ্যে " গান দুটা গাবলৈ ক'লে । সি মঞ্চত উঠিলে এই দুটি গান গোৱাটো যেন বাধ্যতামূলক । অনুৰোধ থাকিবই ।


ৰূপমৰ গান শুনিবলৈ সকলো ব্যগ্ৰ হৈ পৰিল । সি বহু দিনৰ বিৰতিত এই গান দুটি প্ৰাণ খুলি অতি সুন্দৰকৈ গালে । গানৰ মূৰ্ছনাত ঘৰখনি গহীন হৈ পৰিল । তাকে দেখি সঞ্জীৱে বিহু লগালে । আকৌ আড্ডা জমি উঠিল । মুনু আৰু জীয়েকে অলপ সময় নাচিলেও । অভয়ে গানৰ মাজে মাজে মন্তব্য আগবঢ়াই জমনি কৰি আছিল যদিও এইবাৰ আহিল কৌতুকৰ পাল । তেওঁৰ কৌতুকত সকলো হাঁহি হাঁহি ক'ব নোৱাৰা হ'ল । কথাবোৰত লগ হয় সঞ্জীৱ । দুয়োটাৰে অঙ্গী ভঙ্গী দেখিলে কোনেও নাহাঁহি নোৱাৰিব ।


তেনেতে নীলাৰ জাননী আহিল -- ভাত বাঢ়িছোঁ, সকলোৱে খাই লোৱা ভাল । পকাখন মছি বহা ঠাইতেই ভাত খোৱাৰ কাৰণে ব্যৱস্থা কৰা হ'ল । ভাতৰ কথা শুনা মাত্ৰকে ৰূপমৰ ভোকটো দুগুণে চৰিল । ২টা বাজিবৰে হ'ল এতিয়া । ৰূপমে বাথ ৰূমত গৈ অলপ সতেজ হৈ আহিল । ইতিমধ্যে ভাতৰ থালি সমূহ শাৰী শাৰীকৈ সজোৱা হৈছে ।গন্ধ আহি নাকত লগাত ভোকটো যেন আৰু চৰিহে গৈছে । সকলোৱে আসন লোৱাত নীলা আৰু মুনুৱে সেৱা জনাই খাবলৈ ক'লে । লগে লগেই যেন স্বয়ংক্ৰিয় ভাৱেই হাত কাঁহীলৈ গ'ল আৰু তৰকাৰী সনা ভাত মুখলৈ নিয়া পৰ্ব আৰম্ভ হৈ গ'ল ।

বাঃ ইমানবোৰ ৰান্ধিছে ! পেটে পেটে ৰূপমে বেয়াও পোৱা নাই । বহু দিন সি এনেকৈ মন পূৰাই এসাঁজ খাবলৈ পোৱা নাই । ৰূপমে প্ৰথমতে মাছ খাই লোৱা ভাল হ'ব বুলি মাছৰ বাতিটোলৈ চালে । মাছৰ খুতুৰাটো দেখি ভাবিলে -- ওহো,আগতে মাংস খাই লও । নহ'লে মাংসৰ মজাকে নাপাম । মাছেই ভোক গুচাই পেলাব ।


এইবাৰ সি মাংসৰ বাতিটোলৈ চালে । ইমান মাংস দিছে ! এপোৱাৰ কম নহ'ব । একো নাই ,আজি সকলো খাম । " --বুলি মাংসৰ বাতিটোলৈ হাতটো আগবঢ়াইও সি ৰৈ গ'ল । বুকুৰ মাজত তৎক্ষণাতে এটি হেঁচা অনুভৱ কৰিলে । চকুলো বৈ আহি ভাতৰ কাঁহীতে পৰিল । সকলো একান্ত মনে খোৱাত ব্যস্ত। কোনোবাই ধৰিব পৰাৰ আগতেই সি উঠি ক'লে-- " ক্ষমা কৰিবি সঞ্জীৱ, মই ঘৰৰ পৰা আহোঁ । ঔষধ এটা নাখালোঁ । নীলা, মই খাদ্য একোতেই হাত লগোৱা নাই ।"--বুলি কৈয়ে কাৰো কোনো কথা নুশুনাকৈয়ে তৎক্ষণাত গাড়ী ষ্টাৰ্ট দি গুচি আহিল । তই আকৌ আহিবি , আকৌ আহিবি দেই । নহ'লে বহুত বেয়া লাগি থাকিব আমাৰ --বুলি কৈ কৈ নীলা আৰু সঞ্জীৱ পিছে পিছে অহাহে সি দেখা পালে যদিও একো উত্তৰ নিদিলে । ওৰেটি বাট তাৰ চকুলো বৈ থাকিল ।

ঘৰ পাই ৰূপমে মাত্ৰ বোৱাৰীয়েকক " মোৰ বৰকৈ টোপনি আহিছে, গতিকে মই নিজে নুঠালৈকে নজগাবা " --বুলি কৈয়ে দুৱাৰ জপাই ৰূমত সোমাল । লগে লগে ওৰেটি বাট হেঁচি সামৰি অনা শোকটো বহু গুণে বাঢ়ি গৈ তাক বহুত কন্দুৱালে । বিচনাখনিতে পৰি সৰু ল'ৰা এটাই দৰে ফেকুৰি ফেকুৰি কৈ থাকিল ----

" মানু , আজিহে তোমাৰ মূল্য মই হৃদয়েৰে উপলব্ধি কৰিব পাৰিছোঁ । খোৱা বোৱাৰ লগতে প্ৰতিটো খোজতে তুমি মোক চকু দি ৰাখিছিলা । কথাটো প্ৰতি মই তোমাক -- "আমাৰ ঘৰত মেডিকেলৰ ডাক্তৰনী এজনী আছে নহয় ! এইটো বোলে খাব নালাগে, সেইটোহে খাব লাগে, এইটোত প্ৰচুৰ ভিটামিন আছে, গতিকে গৰুৱে নোখোৱাটোও খা, ডাক্তৰনী বাইদেউৰ হুকুম " - -বুলি ক'ত যে ঠাট্টা - বিদ্ৰুপ কৰিছিলোঁ ! অত গালি খায়ো মোক নমতাকৈ নাথাকা তুমি ,চকু কাণ নিদিয়াকৈ নাথাকিছিলা ! কোনো দিনেই প্ৰতিবাদ কৰা নাছিলা । বৰং হাঁহি হাঁহি কৈছিলা--" অ' দেহাটো,কমাই খাবা -বহু দিন খাবা । তুমি এজন সুন্দৰ গায়ক । বহু দিন গান গাবলৈ হ'লে তুমি নিৰোগী হৈ থাকিব লাগিব । প্ৰেছাৰ -চুগাৰ কাল শত্ৰু দুটাই মুখ মেলি আহিছেই --বুলি ডাক্তৰে কোৱা নাছিল জানো ? সেয়েহে সাৱধান হোৱা ভাল । সাৱধানৰ মৰণ নাই বুলি এনেয়ে কয়নে ?" ক'ত যে তোমাৰ সাৱধান বাণী।বিনিময়ত মোৰ পৰা পাইছিলা ঠাট্টা -বিদ্ৰুপে !ইছ্ কিমান যে সৰল আছিলা তুমি ! মোক বাৰু কিমান বেছি ভাল পালে গালি বোৰক " গানটো বৰ ভাল হৈছে দেই "- বুলি কৈ হাঁহি হাঁহি আঁতৰি যাব পাৰা ? উস্ এই দুখটোৱে এতিয়া মোক ঠেকেছি থকা হ'ল !

আজি সঞ্জীৱহঁতৰ ঘৰলৈ ভাত খাবৰ বাবে মাতিছিল । বহু দিনৰ মূৰত দকছী খাম বুলি যিমান হেঁপাহেৰে খোৱা পাতত বহিলোঁ কিন্তু মাছৰ খুতুৰা আৰু মাংসৰ পৰিমাণ দেখাৰ লগে লগেই তোমাৰ মুখ খনিয়ে মোক বাৰুকৈয়ে আমনি কৰিব ধৰিলে । বঢ়া ভাত খোৱা ঠাইতে এৰি গুচি আহিলোঁ । আনক অশান্তি দিয়া হ'ব ভাবিয়েই "ঔষধ এটা নাখালোঁ "--বুলি কৈয়ে গুচি আহিলোঁ । নীলাই মাথোঁ মই ভাল পাওঁ বাবেই মন পূৰাই খাবলৈ দিছিল । ভাতৰ পিছত খাবলৈ কাঁহী ভৰা মিঠাইকে চাবানে ,ফলকে চাবা ! ভাগে ভাগে সজাই ৰাখিছে । খোৱাত বাধা নাই । যিমান ইচ্ছা সিমানেই খাব পাৰিলোঁ হয়!


তুমি লগত নাই যেতিয়া আধা কেজি মাংস,মস্ত এটা মাছৰ খুতুৰা খালেনো মোক আজি কোনে হাতত ধৰিব ! বৰং আৰু দিওঁনে দিওঁনে কৈ সুধিহে থাকিব । কিন্তু নোৱাৰিলোঁ মানু, বিশ্বাস কৰা আজি তোমাৰ কথা মোৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । এতিয়া যে প্ৰতিটো ক্ষেত্ৰতে তোমাৰ অভাৱ অনুভৱ কৰোঁ ! খোৱা বোৱা নাইবা আন যতন একোৰেই অভাৱ নাই কিন্তু একোতেই মন নবহে । মনলৈ শান্তি আনিব পৰা নাই । এক কথাত --একোকেই ভাল নালাগে । মাথো ৰিঙা ৰিঙা ভাব এটাই পীড়ি থকা হ'ল । হেৰুৱাইহে মুকুতাৰ মূল্য উপলব্ধি কৰিছোঁ !আগতে তুমি বাটৰ পৰাও টানি আনি মোক বেলেগ চোলা পিন্ধাই পঠাইছিলা । ইষ্ট্ৰী নোহোৱা চোলা পিন্ধিলে খোলাই ইষ্ট্ৰী থকা চোলা পিন্ধাই পঠাইছিলা । প্ৰতিটো অনুষ্ঠানৰ লগত খাপ খোৱাকৈ এইটো পিন্ধা, সেইযোৰে ভাল লগা নাই , চেন্দেল - জোতা সকলোতে চকু ৰাখিছিলা । কাম কৰাৰ মাজতো এপাক মাৰি হ'লেও চাবাহিয়ে । তুমি নাই এতিয়া কোনে চাব ! ফটা চোলা,ফটা চেন্দেল যি পিন্ধো --সকলো ঠিক এতিয়া । তুমি নাই,গালিও নাই মানু !


গাড়ী চলালে কত যে সাৱধান বাণী ! সৌটো গাঁত , সৌটো গৰু , অলপ লাহে লাহে চলোৱাচোন-- আদি কথাবোৰ শুনিলেই মই তোমাক মনে মনে থাকিবলৈ কত যে বেয়াকৈ কৈছিলোঁ ! তথাপি কোনো অভিমান নাছিল তোমাৰ । কিমান যে সৰল প্ৰাণৰ নিঃস্বাৰ্থ প্ৰেমিকা , শুভাকাংক্ষী আৰু তত্বাৱধায়িকা আছিলা ! ইচ্, হীৰাক কয়লা জ্ঞান কৰিলোঁ !বাৰাণ্ডা আৰু বিচনাখনেই সাৰথি এতিয়া । তাৰ মাজতে কোনোবা এসময়ত গৈ পদূলি মূৰতে থকা তোমাৰ সমাধিস্থলীটোলৈ চাই থাকোঁ । ইমান সুন্দৰকৈ কাষতে ৰুই থোৱা জবা দুজোপা ফুলি থাকে --পৰিৱেশটি চালেই মন জুৰোৱা হৈছে । বহু দিন তোমাক তাতে দেখো নেকি বুলি চাই থাকোঁ । কিয়নো বাৰু কোনোদিন উভতি নহা বাটেৰে তুমি গুচি গ'লা ?

মোৰ যতন তুমি ঠিকেই ল'লা কিন্তু তোমাৰ যতন ল'বলৈহে অলপো সময় নাপালোঁ । ইচ্ ,

হাৰ্টৰ অসুখটোৱে ইমান যে গম নিদিয়াকৈয়ে তোমাক মোৰ বুকু উদং কৰি কাঢ়ি লৈ গ'ল !

অ' মানু ,কি জানা -- সঁচা অৰ্থত এতিয়াহে যেন মই তোমাৰ প্ৰেমত বলিয়া হৈছোঁ । পত্নী প্ৰেমৰ মহত্ত্ব এতিয়াহে হৃদয়ঙ্গম কৰিব পাৰিছোঁ যিটো মোৰ পৰা বহু যোজন ব্যৱধানত আঁতৰি গুচি গ'ল ! এতিয়া সপোনতে তোমাৰ লগত পাৰ্কত ফুৰোঁ,বহি কথা পাতোঁ আৰু তোমাৰ কোলাতে মূৰটো ৰাখোঁ । তুমি আঙুলি বুলাই থাকা ! টোপনি আহি যায় । ইয়াতকৈ পৰম সুখ আৰু কি হ'ব পাৰে ?


কিন্তু সাৰ পালেই সকলো শূন্য, সকলো অসাৰ । আন্ধাৰতে তোমাক খেপিয়াই চাও । ওহোঁ নাই , তুমি এতিয়া ৰক্ত জবা হৈ ফুলি আমাৰ পৰিৱেশটি শুৱাই আছা -- বুলি ভাবি থাকোঁ, চাই থাকোঁ । বাৰু মানু, জন্ম হ'লে মৃত্যু আছেই । তুমি য'তেই আছা শান্তিত থাকা যেন । মই বাৰু তোমাক ক'ৰবাত আকৌ লগ পামগৈ নে ? মা--নু

অ' দেউতা উঠা, সন্ধিয়া ভাঙি গ'ল । চাহ খাব লাগে উঠা ,উঠা দেউতা । জানটো আৰু বোৱাৰী দুয়োৱে দুৱাৰত ঢকিয়াই ঢকিয়াই মাতিলে । অনিচ্ছা সত্ত্বেও ৰূপম উঠি আহি দুৱাৰখন খুলি দি চকু মুখ ধুবলৈ বাথৰুমলৈ গ'ল ।




মীনা বৰা

মৰিকলং বেঙেনা - আটী

নগাঁও (অসম)

দূৰভাষ নং ৯৪০১০০৮৫৪৪

Recent Posts

See All
এক অসহায় নিবিড়তা

গভীৰ ৰাতিটো ক্ৰমশঃ গভীৰ হৈ আহিল বৰষুণৰ প্ৰতিটো তীক্ষ্ণ টোপালত ক্ষত-বিক্ষত হ'ল মোৰ হৃদয়ৰ নিৰৱ সত্তা। ক'ত হেৰাল সেই আকাংক্ষিত পোহৰ ক'ত হেৰাল সেউজীয়া দিনবোৰৰ হাঁহি আৰু উল্লাস ? চৌপাশে এতিয়া নিৰন্ধ্ৰ

 
 
 
চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত ক'লা দাগ পৰা মানুহজনী তুমি পোৱানে চিনি ? এদিন তৰাফুলৰ মালা গাঁঠি বুকুত সুখৰ ৰামধেনু অঁকা ফুটুকী পখিলাজনী, যিয়ে তোমাক প্ৰেমিকৰূপে কৰিছিল বৰণ, আদ বয়সতে কপালত বলিৰেখা পৰা উজ্বল ম

 
 
 
পূজাৰ বতৰ

আহিন আহিলেই পূজা পূজা লাগে , বজাৰত বস্তুৰ জুই চাই দাম , পূজা আজি গৰীবৰ চকুলো ধনীৰ ভোগৰ উৎসৱ। আহিন আহিলেই পূজা পূজা লাগে , শুকুলা আকাশ ,ফৰকাল বতৰ চোতালৰ দূৱৰিত নিয়ৰৰ পৰশ শেৱালিৰ সুবাসে বিলাই ফুৰে পূজা

 
 
 

Comments


bottom of page