শেষ পৰিণাম
- ভোলা কলিতা
- 1 day ago
- 9 min read
অন্য দিনাৰ দৰে সেইদিনাও পুৱতি নিশা হঠাৎ টোপনিৰ পৰা সাৰ পাই উঠিল সংঘমিতা । আন দিনাও ঠিক একেখিনি সময়তে সাৰ পাই যদিও কিছু সময়ৰ পাছত পুনৰ তাইৰ টোপনিতো ঘুৰি আহে । কিন্তু সেই দিনা তাইৰ টোপনিতো ঘুৰি নাহিল ।জোৰকৈ চকুহাল মুদি পূনৰ টোপনিতো ঘূৰাই আনিবলৈ তাই অশেষ চেষ্টা কৰিলে । কিন্তু তাইৰ সকলো চেষ্টাই সেইদিনা বিফল হল । খন্তেক সময় বিচনাখনতে ইছাত সিচাত কৰি থাকি এটা সময়ত সন্তৰ্পনে বিচনাৰ পৰা উঠি তাই কোঠাৰ বন্ধ খিৰিকী খন খূলি দিলে । বাহিৰত তেতিয়া এচাতি পাতলীয়া বতাহৰ লগতে চিপ্ চিপ্ বৰষুণ । পুনৰ খিৰিকীখন বন্ধ কৰি তাই বিচনাখনত বহি পৰিল । ইতিমধ্যে মুৰৰ ওপৰেৰে পাৰ হৈ যোৱা প্ৰচণ্ড ধুমুহাবোৰৰ কথা তাই মনত পেলালে। ক্ষোভ আৰু হতাশাত তাইৰ সৰ্ব শৰীৰ কঁপি উঠিল। বুকুৰ উশাহ - নিশাহ যেন তাইৰ ঘন হৈ পৰিল । বহুবোৰ প্ৰশ্নই মনৰ মাজত তাইক শেলে বিন্ধাদি বিন্ধিবলৈ ধৰিলে ।
কিয় আজি তাইৰ এনে দুৰ্দশা হবলৈ পালে ? কল্পনা কৰিব পৰা নাছিল, তাইৰ জীৱনৰ ৰঙীন সপোনবোৰ ইমান সোনকালে কৰুণ ভাৱে নি:শেষ হৈ যাব বুলি। তাইৰ এই অৱস্থাৰ বাবে আজি দোষিব কাক ? মাক-দেউতাকক নে নিজৰ কপালক ? তাইৰ কপালত বিধাতাই হয়টো ইয়াকে লিখিছিল।কোনে জানে কাৰ কপালত কি লিখা থাকে। যদিহে মাক-দেউতাক আৰু মোমায়েকে কৌশলেৰে প্ৰশান্তৰ পৰা কাঢ়ি আনি তাইক যাদৱৰ লগত বিয়া ঠিক নকৰিলেহেঁতেন ,আজি তাইৰ এনে দশা হয়টো যে নহলহেঁতেন । আজি তাই ভালদৰেই অনুতপ্ত -- তাইৰ এই দুৰাৱস্থাৰ বাবে কেৱল মাক -দেউতাক আৰু মোমায়েকেই দায়ি নাছিল ,সমানে তাই নিজেও দায়ি । তাই নিজে প্ৰশান্তক প্ৰতাৰণা কৰি যাদৱৰ লগত বিয়াত বহাৰ সন্মতি দিছিল।যাদৱৰ ধন- সম্পত্তি, গাড়ী- গুৰা , ঘৰ-দুৱাৰ দেখি তায়েই জানো এদিন প্ৰশান্তক পাহৰি যাবলৈ চেষ্টা কৰা নাছিল ? এবাৰলৈও ভাবি চাইছিলনে তাই প্ৰশান্তৰ কথা ? ভাবি চাইছিলনে তাই প্ৰশান্তৰ পৰা পোৱা মৰমবোৰৰ কথা? প্ৰশান্তক দিয়া প্ৰতিশ্ৰুতিখিনিৰ কথা ? কত গ'ল তাই দিয়া প্ৰতিশ্ৰুতিখিনি ? তাক কৰা প্ৰতাৰণাৰ শেষ পৰিণাম তাই আজি ভোগ কৰা নাইতো ? ভগৱানে হয়টো তাইক আৰু কোনো দিন ক্ষমা নকৰিব । মুহুৰ্ততে প্ৰশান্তৰ ছৱিখন তাইৰ মুখৰ আগত ভাহি উঠিল।
কিমানযে কোমল অন্তৰৰ লৰা আছিল প্ৰশান্ত !
নিজৰ ভাৱাদৰ্শত যিমানেই সি কঠোৰ , হৃদয়খন আছিল তাৰ সিমানেই মশৃণ , ঠিক চৰাইৰ বুকুৰ কোমল পাখিখিনিৰ দৰেই ।
সংঘমিতা তেতিয়া নগাঁও ছোৱালী কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী।আনবোৰ ছোৱালীৰ দৰে যৌৱনৰ আগলি বতাহত তাইৰো হৃদয়ত উঠিছিল অস্থিৰ কঁপনি ।সকলো সুন্দৰকে আপোন কৰি লবৰ কাৰণে তাইৰো প্ৰাণৰ কোহে কোহে চলছিল দুৰন্ত প্ৰস্তুতি । সেই প্ৰস্তুতিৰ ক্ষণতে নতুন বজাৰ অলকা ৰেষ্টুৰেণ্টত তাইৰ বান্ধবী সীমাৰ সহায়ত এদিন তাইৰ পৰিচয় হয় নগাঁও কলেজৰ বি,এ প্ৰথম বৰ্ষৰ ছাত্ৰ প্ৰশান্তৰ লগত ।যেন ভগৱানে তাইৰ কুমাৰী জীৱনৰ সপোনৰ পুৰুষজনক সীমাৰ সহায়ত তাইৰ কাষলৈ পঠাই দিছিল । সীমাৰ মুখেৰে প্ৰশান্তৰ বিষয়ে প্ৰায়বোৰ কথাই সংঘমিতাই শুনিছিল। প্ৰশান্ত আৰু সীমাৰ ঘৰ মাজপাঠৰীত । দুয়োৰে ঘৰো ওচৰা-ওচৰি।
সীমাৰ মতে - " প্ৰশান্ত এজন সৎ , নিৰ্জু ,অমায়িক স্বভাৱৰ লৰা ।কোনো লোকৰ লগত দ্বন্দ -খৰিয়াল নাই ।ঘৰৰ আৰ্থিক অৱস্থা ইমান উন্নত নহয় যদিও কাৰো ওচৰত হাত পাতিব নলগাকৈ দুসাজ খাব পৰা । ঘৰত মাক-দেউতাক আৰু এজনী নিচেই সৰু ভনীয়েক। গতিকে ঘৰখন চলি থকাত সিহতৰ কোনো অসুবিধা নাই।"।
অলকা ৰেষ্টুৰেণ্টত চাহ, কফি খাই সময়খিনি পাৰ কৰাৰ অন্তত তিনিও সেইদিনা ঘৰলৈ যাওঁ বুলি সাজু হল । দিওঁ নিদিওঁকৈ হথাৎ প্ৰশান্তই পেন্টৰ পকেটৰ পৰা মোবাইল নম্বৰ সহ এটি কাগজৰ টুকুৰা- " ফোন কৰিবা হা " বুলি স্ংঘমিতাৰ কোমল হাতখনত গুজি দিলে ।
প্ৰত্যুত্তৰত সঙঘমিতায়োও বুলি মুৰ দুপিয়াই কলেজীয়া বেগৰ পৰা কাগজৰ টুকুৰা এটা প্ৰশান্তৰ হাতত গুজি দি - " তুমিও কৰিবা" বুলি লাজুকি চাৱনিৰে খৰ-খেদাকৈ আহি ৰেষ্টুৰেণ্টৰ বাহিৰ পালেহি। প্ৰশান্তৰ হাতত যি সময়ত সংঘমিতাই সৰু কাগজৰ টুকুৰাটো গুজি দিছিল সেই সময়ত তাইৰ গোলাপী বৰণৰ গাল দুখনত এটি ৰক্তিম আভা সিঁচৰিত হৈ পৰিছিল।তাইৰ চঞ্চল দেহাত যৌৱনৰ এক উদ্দীপ্ত ঢৌৱে জোৱাৰ তুলিছিল। তাইৰ ওঁঠ দুটিত সৃষ্টি হৈছিল এক অকৃত্ৰিম হাহি। সেই হাহিৰ মাজতে হয়টো বিচাৰি পোৱা যায় প্ৰকৃত প্ৰেমৰ নিবেদন । প্ৰশান্তক লগ পোৱাৰ পাছত ঘৰত আহি তাৰ কথা ভাবি ভাবি যিদৰে নিশা এপৰলৈকে সংঘমিতাৰ টোপনি অহা নাছিল , ঠিক একেই পৰিৱেশ বিৰাজ কৰিছিল প্ৰশান্তৰ ক্ষেত্ৰতো ।আবেলি অলকা ৰেষ্টুৰেণ্টত সংঘমিতাক লগ পোৱাৰ পাছত ঘৰত আহি তাইৰ কথা মনত পেলায় গোটেই নিশাটোৱেই প্ৰায় উজাগৰে কটালে প্ৰশান্তই । বিচনাত পৰি টোপনিটো আনিবলৈ সি বহুত চেষ্টা কৰিলে , কিন্তু বাৰে বাৰে তাইৰ প্ৰতিচ্ছবি খনহে তাৰ চকুৰ আগত জিলিকি উঠিল ।মনতে সি ভাবিবলৈ ধৰিলে-
''আগতে ৰাষ্টাই- ঘাটে , হোটেল- ৰেষ্টুৰেণ্টে সি বহুবাৰ সংঘমিতাক দেখা পাইছিল ।কিন্তু কোনো দিন আজিৰ দৰে সি আকৃষ্ট হোৱা নাছিল । কেৱল সংঘমিতাকে নহয়, তাইৰ দৰে বহুত ধূনীয়া ছোৱালী সি লগ পাইছিল । যিকোনো ধূনীয়া ছোৱালী দেখিলেইটো প্ৰেমত পৰিব নোৱাৰি । এজনী ছোৱালীৰ প্ৰেমত পৰিবলৈ হ'লে - ছোৱালী জনীৰ প্ৰতি থাকিব লাগিব যুৱকজনৰ দুৰ্বাৰ আকৰ্ষণ । এই আকৰ্ষণৰ মূলতে হল হৃদয়ৰ প্ৰেৰণা । খন্তেক সময়ৰ ভিতৰতে আজি যেন সি সকলোখিনি সংঘমিতাৰ মাজত বিচাৰি পাইছে ।
প্ৰথম পৰিচয়ৰ পাছত মোবাইলত কথা পতা ,মেছেজ দিয়াৰ উপৰিও প্ৰায়ে লগা লগি হৈছিল দুয়ো ৰেষ্টুৰেণ্ট , ধাৱা , কিতাপৰ দোকান আৰু বাছ ষ্টপেজত । প্ৰশান্তৰ নম্ৰ , মধুৰ স্বভাৱ , সকলোৰে মন জয় কৰিব পৰা মাৰ্জিত আচৰণ , সুঠাম - সুশ্ৰী দেহা আৰু তাৰ যৌৱনৰ মাদকতাপূৰ্ণ চকুৰ চাৱনিয়ে সংঘমিতাকো প্ৰথম পৰিচয়তে মুগ্ধ কৰি পেলাইছিল । সময় , সুবিধা , লাজ আৰু ভয়ৰ কাৰণে প্ৰশান্তৰ ওচৰত কথাবোৰ তাই প্ৰকাশ কৰিব পৰা নাছিল । প্ৰশান্তয়ো লাজ আৰু সংকোচত কথাবোৰ কোৱাৰ পৰা বিৰত আছিল । এদিন মোবাইলত কথা পতাৰ মাজতে ঘপহকৈ সংঘমিতাই কৈ দিলে -
"আই লভ্ ইউ প্ৰশান্তদা ? "
প্ৰশান্তয়ো বিনা সংকোচে - " ইয়েছ , চেম্ টু ইউ সংঘমিতা"
এইকণ সুযোগকে বিচাৰি আছিল প্ৰশান্তয়ো । দিনবোৰ এইদৰেই পাৰ হৈছিল । সুবিধা বুজি দুয়ো দুয়োকে লগ দিছিল । কেতিয়াবা ৰেষ্টুৰেণ্টত , কেতিয়াবা জাছিংফা ৰিজৰ্টত , কেতিয়াবা পাৰ্কত । কিমান সময়যে অতিবাহিত হয় সিহঁতে ততেই ধৰিব নোৱাৰে ।ঘৰত থকা সময়খিনি হৈ পৰে সিহঁতৰ বাবে এক অভিশপ্ত সময় আৰু আমনিদায়ক । দাতাই দিলেও বিধাতাই
নিদিয়ে । সিহঁতহালৰ এই ভাল পোৱা সুচল হৈ নাথাকিল । সিহঁতৰ এই ভালপোৱাত প্ৰাচীৰ হৈ থিয় দিলে সংঘমিতাৰ মাক আৰু দেউতাকে । সংঘমিতাৰ দেউতাক জয়ন্ত বৰুৱা এজন অৱসৰপ্ৰাপ্ত স্কুল শিক্ষক । অজস্ৰ মাটি- সম্পত্তিৰ মালিক । ঘৈণীয়েক জেউতি , এজন পুত্ৰ আৰু দুজনী ছোৱালীৰ সৈতে তেওঁৰ সংসাৰখন ।সুন্দৰ ভাৱে চলিব পৰা এখন সুখৰ সংসাৰ ।কথা বুলিলেই বতাহ । সিহঁত হালৰ এই প্ৰেমৰ কথা ইকাণ - সিকাণ কৰি সংঘমিতাৰ দেউতাক জয়ন্ত বৰুৱাৰ কাণত পৰিল ।
" সৰু ছোৱালী হাল-ছাল একো বুজি নাপায় " বুলি ওচৰতে বহুৱাই মাক-দেউতাকে এদিন তাইক ভালদৰে বুজনি দিয়াৰ লগতে যিমান পাৰে প্ৰশান্তৰ পৰা আঁতৰি থাকিবলৈ সকিয়াই দিলে । সঙঘমিতাৰ মাক- দেউতাকৰ মতে -
" প্ৰশান্তহঁতৰ ঘৰখন তেওঁলোকৰ তুলনাত তেনেই নগন্য। যেনে তেনে চলিব পৰা ।"
সিহঁতৰ ঘৰ খনৰ আৰ্থিক অৱস্থাৰ কথা ভালদৰে জানে । তেওলোকৰ ঘৰৰ পৰা প্ৰশান্ত হঁতৰ ঘৰৰ দুৰত্ব তিনি কি:মি: মানহে হব । পথাৰ খনৰ ইফাল সিফাল । প্ৰশান্তহঁতৰ গাঁৱৰ এল,পি, স্কুল খনতে বহু দিন তেওঁ শিক্ষকতা কৰিছিল । এসময়ত প্ৰশান্ত জয়ন্ত বৰুৱাৰ ছাত্ৰ আছিল । গতিকে প্ৰশান্ত হঁতৰ ঘৰুৱা অৱস্থাৰ কথা তেওঁ নজনাৰ প্ৰশ্নই নুঠে । সংঘমিতাৰ মাক- দেউতাকৰ মতে - সি তাইক খুৱাব- পিন্ধাব কৰ পৰা? সি তাইক নি ৰাখিব ক'ত? তাৰ উপাৰ্জনৰ পথেইবা কি? তাৰোপৰিও তেওঁলোকৰ ঘৰখনৰ লগত প্ৰশান্তহতৰ ঘৰখন আকাশ পাতাল পাৰ্থক্য। এই মিলন কেতিয়াও সম্ভৱ নহয়। দেউতাকৰ কঠোৰ নিৰ্দেশ -
" কোনো দিন যাতে আৰু তাই প্ৰশান্তক লগ নধৰে ।" কেৱল সিমানেই নহয়।এদিন মাক-দেউতাকৰ সন্মুখতে ঘৰতে গৈ জয়ন্ত বৰুৱাই প্ৰশান্তক "বাওনা হৈ চন্দ্ৰলৈ হাত মেল '" বুলি বহুত ককৰ্থনা কৰিলে । সাৱধান কৰি দিলে-- " যাতে আৰু সি কোনো দিন সংঘমিতাক লগ নিদিয়ে । যদিহে দ্বিতীয় বাৰ লগ কৰাৰ কথা গম পায়, তেওঁতকৈ বেয়া মানুহ আৰু কোনো নহব ।"
নিজৰ মাক- দেউতাকৰ সন্মূখতে ইমানকৈ তাক তিৰস্কাৰ কৰাত সিদিনা ধৰ্যৰ বান্ধ তাৰ চিঙি যাওঁ যাওঁ হ'ল । মূহুৰ্ত শান্তিৰে সি ৰব নোৱাৰিলে ।ভিতৰৰ বিচনাত পৰি সি হুক্হুক্ কৈ কান্দিব ধৰিলে । মাক-দেউতাকৰ সন্মুখতে তাক কৰা অপমানৰ প্ৰত্যুত্তৰ দিয়াৰ সাহস তাৰ আছিল । কিন্তু এসময়ৰ তাৰ শিক্ষাগুৰু বুলি একো নকলে সি । বিশেষকৈ সংঘমিতাৰ মুখখনলৈ মনত পেলাই সি একো কব নোৱাৰিলে।
সময়বোৰ অলৰ অচৰ । ৰাতিবোৰ গধুৰ হ'ল । দুয়ো দুয়োকে যেন প্ৰৱল ভাৱে বিচাৰে। এদিন নেদেখিলেই হৈ পৰে এজন আনজনৰ বাবে উন্মাদ। কিন্তু দুয়োৰে মাজত আছে এক প্ৰতিবন্ধক । সেয়া আন একো নহয় । ধনী-দুখীয়াৰ প্ৰভেদ।দিনবোৰ এইদৰেই গৈ থাকিল। হঠাৎ এদিন বাজি উঠিল সংঘমিতাৰ মোবাইল ফোনটো ।কৰো নকৰোকৈ ফোনটো ৰিচিভ কৰি মাতটো বুজি পালে যে- প্ৰশান্তৰ ফোন । নিজৰ মোবাইল ব্যৱহাৰ নকৰি সি আন মোবাইলৰ পৰা ফোন কৰিছে ।
ফোনটো অহাৰ লগে লগে তাইৰ ভৰি হাত কঁপিবলৈ ধৰিলে। কঁপা, কঁপা মাতেৰে " হেলৌ" বুলি কোৱাৰ বাহিৰে কোনো কথাই তাই কব নোৱাৰিলে । চকুৰ পৰা তাইৰ দুধাৰি চকুৰ পানী বৈ আহিল ।মুখেৰে একো কব নোৱাৰিলে। বিচনাৰ গাৰুটোত মুৰটো গুজি মাথো তাই হুক্ হুক্ কৈ কান্দিলে।
প্ৰশান্ত হঁতৰ ঘৰৰ পৰা ঘুৰি অহাৰ পাছত দেউতাক তাইৰ প্ৰতি আৰু কঠিন হল । কেৱল কঠিনেই নহয়, মোমায়েকৰ সৈতে লগ হৈ মাক-দেউতাকে ভিতৰি ভিতৰি তাইৰ বাবে বেলেগ কোনো ল'ৰাৰ সন্ধান অব্যাহত ৰাখিলে যাতে এই বিষয়ে তাই কোনো গম নাপায়।সেই দিনাৰ পৰা সংঘমিতাক দেউতাকে কলেজলৈ যোৱা বন্ধ কৰাৰ লগতে ঘুৰা-ফুৰা , চাল- চলন আদিত নজৰ দিবলৈ ধৰিলে । আনকি সংঘমিতাৰ মোবাইল ফোনটোও দেউতাকে এদিন হস্তগত কৰিলে যাতে তাই কাৰো লগত যোগাযোগ কৰিব নোৱাৰে।মাক -দেউতাকৰ এনে কঠোৰ সিদ্ধান্তত কি কৰিব , কি নকৰিব তাই কোনো উৱাদিহ নোপোৱা হ'ল ।খাবলৈ ববলৈও তাই মন নকৰা হ'ল। মাকে ভাত খাবলৈ মাতিলেও তাই ভোক নাই বুলি কয় । কান্দি কান্দি ৰুমটোৰ ভিতৰতে সোমাই তাই সময়বোৰ পাৰ কৰে ।
এদিন দুপৰীয়া তাই শুই থকা অৱস্থাত মোমায়েকে আহি মাকৰ আগত ক'লে-
" বাইদেউ , অহা দেওবাৰে এইক চাবলৈ ল'ৰা এজন আহিব ।ধনীৰ ঘৰৰ ল'ৰা । চাকৰি নকৰে যদিও টাউনত এখন হাৰ্ডৱেৰ দোকান আছে। ঠিকাৰ কামো কৰে । দুখনকৈ বাইকৰ লগতে ঘৰত এখন ডিজেল আৰু এখন বলেৰো আছে । এটাই মাথো ল'ৰা। ঘৰত মাক আৰু এজনী ভনীয়েক ।হয়টো তাইৰ সুখেই হব। কথাতো এতিয়াই তাইক কব নালাগে । যিকোনো প্ৰকাৰে তাইৰ মনটো প্ৰশান্তৰ পৰা আতৰাবলৈ চেষ্টা কৰ। বাকীখিনি পাছত মই চম্ভালিম। "
চিল্ মিলকৈ অহা টোপনিতে কথা কেইষাৰ কানত পৰাৰে পৰা ভয়তে সংঘমিতাৰ বুকুখন কঁপিবলৈ ধৰিলে । "যদিহে প্ৰশান্ত আৰু তাইৰ কথাবোৰ তেওঁলোকে গম পায় তেতিয়া জানো এই বিয়া সম্ভৱ হব ? প্ৰশান্তই বা কি ৰূপ লয় ? তাইৰ সৈতে থকা সম্পৰ্কৰ কথা যদি প্ৰশান্ত ই তেওঁলোকক জনাই দিয়ে , তেতিয়া কি পৰিস্থিতি হব ? দেউতাক আৰু মোমায়েকে জানো তাক শান্তিৰে থাকিবলৈ দিব? "
বহুত ভয় কৰে তাই দেউতাক আৰু মোমায়েকক। প্ৰশান্তলৈ বিয়া হবলৈ নাপালেও , তাৰ ক্ষতি হোৱাতো তাই কেতিয়াও নিবিচাৰে ।তাই বহুতেই ভাল পাইছিল প্ৰশান্তক। মোমায়েকে কোৱাৰ দৰেই নিৰ্দিষ্ট দিনটোত তাইক চাবৰ বাবে এজন বন্ধু সহ যাদৱ নামৰ লৰা জন সিহঁতৰ ঘৰত উপস্থিত হল । অৱশ্যে মোমায়েকৰ ইঙ্গিত মতে এই কথা মাকে তাইক সেইদিনা পুৱাহে জনাইছিল । তায়ো সোধা নাছিল । মাথো মাকে তাইক সেইদিনা এটা কথায়ে ক'লে-
" মা জনী , তই আবোল তাবোলবোৰ নবকিবি । এই বিয়াত তই সন্মতি দিলে সুখেৰে থাকিব পাৰিবি ।"
মাকৰ কথাবোৰ সেইদিনা তাই শুনিহে গৈছিল । কোনো উত্তৰ দিয়া নাছিল । চাহ- জলপানৰ পৰ্ব শেষ হোৱাৰ পাছত অনিচ্ছা সত্ত্বেও হাতত তামোলৰ বঁটাতো লৈ সংঘমিতা আলহীৰ ওচৰলৈ ওলাই আহিল । চেপা উত্তেজনা আৰু শঙ্কাৰ মাজেৰে ওলাই অহা সংঘমিতাক সেইদিনা বৰ ধুনীয়া দেখিছিল যাদৱে । কথা- বতৰা , খোজ- কাতল সকলোতে চৌখিন । এইজনী ছোৱালী না কৰাৰ প্ৰশ্নই নুঠে। তাইক চাই যোৱাৰ এসপ্তাহ পাছত খৱৰ আহিল--
" তেওঁলোকৰ ছোৱালী পচন্দ হৈছে ।ভাল দিন বাৰ এটা চাই বিয়াৰ তাৰিখ ঠিক কৰিব পাৰে ।"
কথাতো শুনাৰ পাছত সংঘমিতাৰ কি কৰো , কি নকৰো লাগিল । সৰ্বশৰীৰ তাইৰ কঁপিবলৈ ধৰিলে । মুহুৰ্ততে তাইৰ মনটোত যেন আউল লাগি গল । এফালে প্ৰশান্তৰ ভাল পোৱা আৰু আনফালে যাদৱৰ সদ্আচৰণ ।তাইক চাবলৈ অহা দিনা প্ৰথম ওলাই আহিয়েই তাই যাদৱৰ চকুত দেখা পাইছিল এক সন্মোহনী শক্তি, ওঁঠত দেখা পাইছিল হৃদয় জুৰ পেলাব পৰা হাঁহিৰ তৰঙ্গ।কথা বতৰাত আছিল মানুহক আপোন কৰি লব পৰা শক্তি। কোনোতো গুণেই প্ৰশান্ততকৈ কম নাছিল যাদৱৰ । যিদৰে প্ৰশান্তৰ নম্ৰ, মধুৰ আৰু মাৰ্জিত স্বভাৱে প্ৰথম পৰিচয়তে তাইক মোহিত কৰিছিল, ঠিক সেইদৰে যাদৱৰ সদ্ আচৰণে বাৰুকৈয়ে তাইক আকৰ্ষিত কৰিলে । চাই থাকোতেই সংঘমিতাৰ বিয়াৰ দিন বাৰ ঠিক হল । এমাহ পাছতে বিয়া। প্ৰথম অৱস্থাত সংঘমিতা প্ৰশান্তৰ অবিহনে আনৰ লগত বিয়াত বহিবলৈ অমান্তি হয়। কিন্তু মাক-দেউতাকৰ কঠোৰ সকিয়নী আৰু যাদৱৰ প্ৰতি বাঢ়ি অহা দুৰ্বলতাই তাইৰ মনটোক ক্ৰমান্বয়ে নৰম অৱস্থালৈ ৰূপান্তৰিত কৰিলে । সেয়ে নহয় প্ৰশান্তৰ স্মৃতিবোৰ মনৰ পৰা মছি শেষত তাই এই বিয়াত বহিবলৈ আগ্ৰহী হৈ পৰিল । প্ৰশান্তৰ মৰম , ভালপোৱা বোৰ ভৰিৰে মোহাৰি মুক্ত মনেৰে তাই বিয়াৰ কামত মনোনিবেশ কৰিলে ।কম সময়ৰ ভিতৰতে তাইৰ মনটো ইমানেই পৰিৱৰ্তন হ'লযে - বিয়াত তাইৰ বাবে যৌতুকত দিব লগা পছন্দৰ বস্তুবোৰৰ তালিকা এখনো তাই দেউতাকৰ হাতত তুলি দিলে ।তাইৰ এনে পৰিবৰ্তনে ঘৰখনক আচৰিত কৰাৰ লগতে আনন্দ ও দিলে ।তাইৰ এটাই কথা--
" ছোৱালী মানুহৰ জীৱনত এইবোৰ ঘটেই ।" তাইৰ মতে- "এইবোৰ ঘটনা তেনেই ক্ষন্তেকীয়া।" তাই আজি এখন সুখী সংসাৰৰ সপোন দেখিছে ,যি তাইৰ ভৱিষ্যত জীৱনটো উজ্বলাই তুলিব পাৰে। বজাৰ সমাৰ ইত্যাদিকে ধৰি দুয়োখন ঘৰতে বিয়াৰ আয়োজন পূৰ্ণ গতিত আগবাঢ়ে ।যাদৱৰ লগত কেইবাদিনো সংঘমিতা টাউনলৈ গৈ তাইৰ পছন্দৰ কেইপদমান বস্তুৰ অৰ্ডাৰো দিলে ।বিয়া ওচৰ চাপি অহাত দুয়োখন ঘৰতে দুৰনিবতীয়া আলহীৰো আগমণ ঘটে ।এক আনন্দৰ পৰিবেশ ।
দাতাই দিলেও বিধাতাই নিদিয়ে। জোৰণলৈ মজত মাথো দুদিন বাকী থকা অৱস্থাত লাভ কৰা মোবাইলৰ এটা বাৰ্তাই সকলো পৰিকল্পনা ওলট- পালট কৰি দিলে। ভাঙি চূড়মাৰ কৰি দিলে সংঘমিতাৰ জীৱনৰ ৰঙীন সপোনবোৰ।নামি আহিল লগে লগে তাইৰ জীৱনলৈ ঘোৰ অমানিশা। সেইদিনা সন্ধ্যা সাত মান বজাত এটা মেছেজ আহে সংঘমিতাৰ দেউতাকৰ মোবাইললৈ । মেছেজটো আহে যাদৱহঁতৰ ঘৰৰ পৰা । মেছেজত লিখিছে--
" জনাবলৈ পাই দুখিত যে-আপোনালোকৰ ছোৱালীৰ লগত আমাৰ ল'ৰাৰ বিয়াখন অসম্ভৱ । আপোনাৰ ছোৱালীৰ লগত অন্য কোনো ল'ৰাৰ গোপন সম্পৰ্কৰ কথা ইতিমধ্যে আমি তথ্য লাভ কৰিছো ।তেনে এজনী ছোৱালীৰ লগত আমাৰ ল'ৰাৰ বিয়াখন পাতি দি তাৰ জীৱনটো আমি ধংস কৰিব নোখোজো । ইতিমধ্যে সেইদিনাই অন্য এজনী ছোৱালীৰ লগত তাৰ বিয়া ঠিক কৰিছো । গতিকে.......।"
খৱৰটো পোৱা মাত্ৰেই ঘৰখন কাঁহ পৰি জিন যোৱাৰ দৰে হ'ল । উখল-মাখল লাগি থকা ঘৰখন হঠাৎ নিমাও মাও হৈ পৰিল । এক গোমা পৰিবেশৰ সৃষ্টি হ'ল ঘৰখনত ।কথাতো কানত পৰাৰ লগে লগে সংঘমিতা আৰু স্থিৰেৰে ৰব নোৱাৰিলে। ভিতৰৰ বিচনাৰ গাৰুটোত মুৰটো গুজি তাই হুক্ হুকাই কান্দিলে । কোনেও সাহস নকৰিলে সান্তনা দিয়াৰ । এটা বছৰে প্ৰশান্তৰ স্মৃতিবোৰ বুকুত সাৱতি তাই কান্দি কান্দিয়েই সময়বোৰ পাৰ কৰিলে । একেই পৰিৱেশৰ সৃষ্টি হয় সিদিনাও। প্ৰশান্তৰ ছবিখন মুখৰ আগত ভাহি অহাৰ লগে লগে তাইৰ চিঞৰি চিঞৰি কান্দিবৰ মন গল ।
ভোলা কলিতা
মাহৰোল, নগাঁও।
দূৰভাষ নং ৮৮৭৬৫৬৪০৮৫



Comments