top of page

নীৰাৰ সৈতে এখন্তেক

" আপোনাক মানে আই মিন তোমাক মই ক'ৰবাত লগ পাইছিলো । কিন্তু ক'ত পাইছিলো ঠিক মনত পেলাব পৰা নাই । " সেই একেই ঢৌ খেলি যোৱা চুলি , ওঁঠত তিল , সৰোবৰৰ দৰে শান্ত চকু । এইবোৰ কি পাহৰা যায় । এবাৰ দেখিলেইতো ------।


" কিবা কৈছিল? " " নাই এনেয়ে ।


"বাই দা ওৱে তুমি বাৰু চল্ট লেকত থাকা নেকি ? "


"ওহো নাথাকো ।"


"তেতিয়া হ'লে গণেশগুড়িত নে চান্দমাৰীত ? "


"নাঃ সেইবোৰ ঠাই ক'ত আছে তাকে নাজানো ।জুবিনৰ গানতহে নামকেইটা শুনিছো । "


" নামটো জানিব পাৰোনে তোমাৰ ? "


" জানিনো কি কৰিব। নজনাকৈয়োতো আলাপ কৰিব পৰা যায় । " এওঁ দেখাতহে সাদৰী সোণাই । তলে- পুতল ।এড্ৰেচটো নিদিবই যেন পাইছো ।


" মইতো আপোনাক ক'তো দেখা মনত নপৰে । "


"এৰা ময়ো ভাবি পোৱা নাই ক'ত দেখিছিলো । একজেক্টলী দিঠকত নহয় চাগৈ । কিছুমান কথা বা ঘটনাৰ সাকাৰ ৰূপ দিবলৈ মই কিছুমান মডেল ব্যৱহাৰ কৰো । হয়তো কথাটো তেনেকুৱাই । বিজ্ঞাপনৰ কথাটোকে চোৱা । প্ৰায় সকলো বিজ্ঞাপনতে সুন্দৰী নাৰীৰ পয়োভৰ । মাত্ৰ সিহঁতৰ অংগী- ভংগী , সঞ্চালন অথবা প্ৰকাশ কৰাৰ কৌশলহে বেলেগ ।"


" বাৰু সেইবোৰ বাদ দিয়া ।মই বহুদিনৰ পৰাই তোমাক কথা এটা ক'ম ক'ম বুলি ভাবি আছো । "


"মোক ? মই দেখুন আপোনাক চিনিয়েই নাপাওঁ । কেতিয়াও ক'তো লগ পোৱাও মনত নপৰে । এনেকুৱা ফাল্টু কথাবোৰ নক'ব দেই । "


" কি কোৱা তুমি ; মইতো তোমাক কাহানিবাই লগ পাইছিলো । বাৰু ঠিক আছে । এতিয়াৰ পৰা নাই পোৱা বুলিয়েই ধৰি ল'ম । "


যেতিয়ালৈ তোমাক একেবাৰে নিজৰকৈ লগ পাম ( কিয় নাপাম বাৰু ? তুমিতো মোৰ প্ৰাণাধিক প্ৰিয়ে ) তেতিয়া গৌৰৱত থৌকি- বাথৌ হৈ মই পৃথিৱীৰ আতাইতকৈ চহকী মানুহজন হৈ পৰিম । অকল জোনটো কিয় এই উপত্যকাৰ সকলো সৌন্দৰ্য আৰু সৰলতা থুপাই হনুমানে গন্ধমাদন দঙাদি তোমালৈ বুকুত বান্ধি লৈ আনিম । অমাবস্যা সোমাব নোৱৰাকৈ ওখ দেৱালৰ চাৰিওকাষে টহল দি থাকিব জোনে ।বুজিচা সোণজনী , কিমান যে ভাল লাগিব ।


" কি ভুনভুনাই আছে মই হ'লে মাথা- মুণ্ড একো বুজি পোৱা নাই । " এতিয়া নুবুজিলেও পিছততো বুজিবাই আৰু অগত্যা যদি তোমাক আগলৈ লগ নাপাওঁ , তেতিয়াতো মোৰ জীৱনত সকলোবোৰেই ওলট্- পালট্ হৈ যাব ।ঘূৰিবলৈ এৰি পৃথিৱীখন থমকি ৰৈ যাব । আজি য'ত ঠিয় হৈ নিজৰ অস্তিত্ব জাহিৰ কৰিছো ; টানি-মানি জীয়াই আছো , এই সকলোবোৰেই কলিতে মৰহি যাব । মই বাহিৰ ওলালে চহৰখনে চাগৈ দূৰৈৰ পৰা তিত্কাৰী মাৰিব । তুমি নথকাৰ অজুহাতত আহো আহো বৰষুণজাকো জীপাল চহৰখন এৰি উচাত মাৰি গুচি যাব । মই তাত কেনেকৈ তিস্থি থাকিম কোৱা ।তেতিয়াও মোক লগ নধৰাকৈ পাৰিবা তুমি ?


" মুখৰ ভাব- ভংগী দেখি এনেকুৱা লাগিছে যেন আপুনি মোক ভাল পাই পেলাইছে । কোন আপুনি ? বৰ পেনপেনীয়া ৰোমাণ্টিক যুগৰ মানুহ যেন পাইছো । "


" অ' মইতো জীৱনত ৰোমাণ্টিক যুগ পাৰ কৰি অহা মানুহেই ।"


" উ---ম, হয় হয় এতিয়া ফট্ ফটীয়াকৈ মনত পৰিছে মোৰ । তোমাক মই তিনি মিনিটৰ বাবে দেখিছিলো এটা পুৰণি বাছ ষ্টপত । পিচে সপোন নে দিঠক সেইটোহে সঠিক কৈ ক'ব নোৱাৰিম । বহু মানুহৰ সমাগমত তুমি মোৰ বাবেই অপেক্ষা কৰি ৰৈ আছিলা । কিন্তু ফোপাই- জোপাই আহিও শেষ মুহূৰ্তত মই হাঁ কৰি ৰৈ থাকিবলগীয়া হ'ল । তুমি গুচি যোৱা গাড়ীখনলৈ ( যদিও তোমাৰ গন্তব্য স্থান নাজানো ) চাই বহুদেৰীলৈকে মই তন্ময় হৈ হাত জোকাৰি থাকিলো আৰু খিৰিকীত মুখ থৈ তুমি চাগৈ উচুপি উচুপি ৰুমালেৰে টুকি থৈছিলা মোক ।


নীৰা ---- নীৰা ------। এই পৃথিৱীত তুমি মোৰ নীৰাই হ'য় । মই তোমাক এদিন লগ পামেই, পাম লগ । এইবাৰ নহ'লেও অহা জনমত ।


" এখন তুমি অসম্ভব দূরে থাকো, দূরত্বকে সুদূর করো


নীরা, তোমার মনে পড়ে না স্বৰ্গনদীর পারের দৃশ্য ? "


( প্ৰখ্যাত সাহিত্যিক স্বৰ্গীয় সুনীল গঙ্গোপাধ্যায়ৰ " নীৰা " ৰ সৈতে এক কাল্পনিক আলাপ । )



পূবালী বৰুৱা শৰ্মা

তেজপুৰ,মুঢ়াতেতেলী ' চন্দ্ৰালয় '

শোণিতপুৰ,অসম ।

দূৰভাষ নং- ৮০১১১২৩৫৫৬



Recent Posts

See All
ডেমকেয়াৰণী

বনকৰা ল'ৰাটােৱে ফোপাই-জোপাই আহি উশাহ নসলোৱাকৈ কৈয়ে থাকিল--'বাইদেউ, বাইদেউ,ৰাহুল দাদাৰ বােলে 'এক্সিডেণ্ট' হ'ল। সব মানুহ খবৰ লবলৈ গৈছে। আপুনি নাযায়?' ৰাহুল মানে আমাৰ চুবুৰীৰ নিৰেণ কলিতাৰ ল'ৰা। এইবাৰ স্

 
 
 
ত্যাজ্যপুত্ৰীৰ তেজৰ টান

মানুহ গৰাকীক আমাৰ কোৱাৰ্টাৰ সন্মুখত কেইবাদিনো দেখা পাইছিলোঁ। শান্ত খোজ অথচ মনত কিবা এক ব্যাকুলতা। আটাইতকৈ আচৰিত কথাটো আছিল আমাৰ গেটৰ ওচৰত সদায় থমকি ৰৈছিল। চকুহাল খিৰিকী আৰু বাৰান্দাৰ ফালে যেন কিবা এক

 
 
 
ৰঙা সেন্দুৰৰ ফোঁট

নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ মান দুৰত্বত মাহৰোল গাওঁ খন । গাওঁ খনৰ বুকুত আছে ঐতিহ্য মণ্ডিত এখন পুৰণি কলীয়া বিল । বিলখনৰ নামো মাহৰোল বিল । বিলখনৰ নাম অনুসৰিয়েই ঠাই খনৰ নাম মাহৰোল হয় । নল ,

 
 
 

Comments


bottom of page