top of page

ত্যাজ্যপুত্ৰীৰ তেজৰ টান

মানুহ গৰাকীক আমাৰ কোৱাৰ্টাৰ সন্মুখত কেইবাদিনো দেখা পাইছিলোঁ। শান্ত খোজ অথচ মনত কিবা এক ব্যাকুলতা। আটাইতকৈ আচৰিত কথাটো আছিল আমাৰ গেটৰ ওচৰত সদায় থমকি ৰৈছিল। চকুহাল খিৰিকী আৰু বাৰান্দাৰ ফালে যেন কিবা এক হেঁপাহেৰে চাই ৰয় ! মোৰ কেইবাদিনো খিৰিকীৰ পৰ্দাৰ আঁৰৰ পৰা এনেদৰে চাই থকা চকুত পৰিছিল।


    সিদিনা ঘৰৰ কলিং বেলৰ শব্দত মই লৰালৰিকৈ দুৱাৰ খুলি দেখোঁ সেই মানুহ গৰাকী। মই তেওঁক বহিবলৈ দি অহাৰ কাৰণ সুধিলত তেওঁ ক'লে,"কাম কৰা মানুহ লাগিছিল নেকি আইদেউ, ৰন্ধা বঢ়াও কৰিব লগা থাকিলে কৰিব পাৰিম।" কাম বিচাৰি ফুৰি কেইবাদিনো আপোনাৰ পদুলিতে ৰৈ সোমাব বেয়া লাগি গুচি যাওঁ । আজি ভাবিলোঁ সোমাই সুধিয়ে চাওঁ ।


    মানুহ গৰাকীৰ কথাই মোক আচৰিত কৰি তুলিলে । মানুহ গৰাকীক কাম কৰা মানুহ যেন একেবাৰে নালাগে, পিন্ধন উৰণত সম্ভ্ৰান্ত পৰিয়ালৰ যেনহে প্ৰকাশ পায়। মনতে ভাবিলোঁ কিবা কঠিন পৰিস্থিতিত পৰি হয়তো তেওঁ কাম বিচাৰি আহিছে।  মোৰো সেই সময়ত এজনী সহায়িকাৰ খুব প্ৰয়োজন হৈছিল, নতুন ঠাই , চহৰখনলৈ অহা এমাহ হৈছে। এতিয়াও বস্তুবোৰ ভালদৰে থান- থিত কৰিবয়ে পৰা নাই! মানুহ গৰাকীৰ কথা- বতৰা ভালেই লাগিছে । মই একো দ্বিতীয় চিন্তা নকৰি তেওঁক কামত ৰাখি থলোঁ। মই বাইদেউ বুলিয়ে সম্বোধন কৰিলোঁ, মোতকৈ বয়সত প্ৰায় ছয় সাত বছৰ মান ডাঙৰ হ'ব হয়তো । চাহ বিস্কুট খুৱাই তেওঁক বিদায় দিলোঁ।


      কামত সোমোৱাৰ প্ৰথম দিনাৰ পৰাই মই এটা আচৰিত কথা লক্ষ্য কৰিলোঁ , তাই সদায় মুখ খন এখন ডাঙৰ কাপোৰ মূৰৰ পৰা মেৰাই কাম কৰিছিল। আনকি মোৰ মানুহজন অভিষেক অফিচলৈ ওলালে বা সন্মুখত আহিলে তাই লৰালৰিকৈ মুখখন বেছি ভালকৈ ঢাকি লৈছিল আৰু বেৰৰ ফালে মুখ ঘূৰাই ঠিয় হৈছিল। মই ভাবিছিলোঁ নতুন মানুহ লাজ কৰিছে। কিন্তু তাইৰ বেছিভাগ মনোযোগ আছিল অভিষেকৰ ওপৰত। অভিষেক অফিচলৈ ওলাই গ'লে তাই আঁৰৰ পৰা চকু থৰ কৰি চাই ৰয় , অভিষেকৰ কাপোৰবোৰ ধুই নিজে ইস্ত্ৰি কৰি থয়। আনকি প্ৰতিদিনেই অভিষেকে ভালপোৱা আঞ্জা এখন পাকঘৰত সোমাই ৰান্ধি থৈ দুপৰীয়া যায়গৈ। মইও তাইক লক্ষ্য কৰা হ'লোঁ।


      কিন্তু সত্যটো ইমান সহজ নাছিল। এদিন দুপৰীয়া ড্ৰয়িং ৰোমত পুৰণি ফটোৰ এলবামটো চাফা কৰোঁতে তাই হঠাৎ থমকি ৰ'ল। মুখৰ কাপোৰ খন খহি পৰিল । এখন পুৰণি ছবি তাই বুকুত সাৱটি ধৰি তাই উচুপি উঠিল। মই মনে মনে গৈ পিছফালৰ পৰা দেখোঁ সেইখন অভিষেকৰ সৰু কালৰ ছবি । মোৰ সন্দেহ ঘনীভূত হ'ল । মই দৃঢ়তাৰে সুধিলোঁ, ' বাইদেউ আপুনি আচলতে কোন ? কিয় লুকুৱাইছে নিজৰ পৰিচয় ?" ধৰা পৰি যোৱা আশংকাত তাইৰ চকুৰ পৰা ধাৰাসাৰে চকুলো বৈ আহিল, তাই ভাঙি পাতি ক'লে, ' মই অভিষেকৰ বায়েক অলকা।'


      মই স্তব্ধ হৈ পৰিলোঁ। যি গৰাকী মানুহক মই আজি এমাহেই কাম কৰা মানুহ হিচাপে ৰাখিলোঁ সেই গৰাকী অভিষেকৰ বায়েক আৰু মোৰো বাইদেউ ! মূৰটো আচন্দাই গ'ল! বিয়াৰ পিছত মই শহুৰ দেউতাৰ মুখত শুনিছিলোঁ যে তেওঁলোকৰ এজনী জীয়েক আছিল যিয়ে দেউতাকৰ অমতত বিয়া কৰোৱাৰ বাবে তেওঁ তাইক ত্যাজ্যপুত্ৰী কৰিছিল। ঘৰখনে তাইৰ সৈতে সকলো সম্পৰ্ক চিঙি পেলাইছিল। মাক ঢুকাওতেও তাইক মাকৰ মুখখনো চাবলৈ নিদি খেদি পঠাইছিল। দেউতাই কৈছিল ..."তাইয়ে মাকৰ আয়ুস টুটালে । তাইৰ কথা সম্পূৰ্ণ আমাৰ ঘৰখনে পাহৰি পেলাইছোঁ। তাইৰ কথা কেতিয়াবা কোনোবাই তোমাৰ আগত ক'লে তুমি আওকাণ কৰিবা । মনত ৰাখিবা এতিয়া তাই আমাৰ কোনো নহয়।"


    দুটা দশক পাৰ হ'ল ইমান বছৰে অভিষেকে নিজৰ বায়েকৰ কোনো খবৰ ৰখা নাছিল।বায়েক অলকাই চকু পানী মচি মচি ক'লে,' দেউতাই মোক ত্যাগ কৰিলে, মাৰ মৃত্যুত শেষ বাৰৰ বাবে মাৰ মুখখনো চাব নিদিলে কিন্তু মই মোৰ ভাইটোক কেনেকৈ পাহৰোঁ? সি চাকৰি পাই এই চহৰলৈ বদলি হৈ অহাৰ খবৰ পাই মই নিজক ধৰি ৰাখিব নোৱাৰিলোঁ। মৰমৰ ভাইটোক চাবলৈ তাৰ ওচৰত অলপ সময় কটাবলৈ মই এগৰাকী কাম কৰা মহিলাৰ ৰূপ লবলৈও কুণ্ঠাবোধ নকৰিলোঁ। সি চিনি পাই বুলি মই সদায় মুখত কাপোৰ লৈ আছিলোঁ।'


      ঠিক সেই সময়তে অভিষেক অফিচৰ পৰা দূপৰীয়া আহাৰ খাবলৈ আহিল। মই বায়েকৰ হাতখন ধৰি অভিষেক সন্মুখলৈ লৈ গলোঁ। অভিষেকে আচৰিত হৈ চালে...." অভিষেক চোৱা এয়া তোমাৰ অলকা বা।" অভিষেক থমকি ৰ'ল! মুখৰ কাপোৰ খন আঁতৰি যোৱাৰ পিছত সি চিনি পালে তাৰ মৰমৰ বায়েকক।


বা ! বুলি অভিষেকে বায়েকক সাৱটি ধৰিলে। দুয়োৰে চকুৰ পৰা ধাৰাসাৰে চকুলো বৈ আহিল।


অভিষেকে আৱেগেৰে কলে, 'তই মোৰ ঘৰত কাম কৰা মানুহ হৈ সোমালি বা ? ইমান দিন মোৰ চকুৰ সন্মুখতে থাকি মোক কিয় ক'ব নোৱাৰিলি বা ?ভিনদেউ ক'ত? তেওঁ কেনে আছে?'


       বায়েকে চকুলো মচি মচি ক'লে , 'আকাশ এতিয়া ডাঙৰ অফিচাৰ হ'ল । সেইদিনা দেউতাই আমাৰ অৱস্থা আৰু আকাশে একো নকৰাৰ বাবেই তাক আৰু তাৰ পৰিয়ালক কৰা অপমান মই সহিব পৰা নাছিলোঁ। আকাশ লৰাজন বৰ স্বাভিমানী আছিল। দেউতাৰ প্ৰতিটো কটুক্তিৰ উত্তৰ তেওঁ পৰিশ্ৰমেৰে দিলে। আজি আমাৰ সকলো সুখ আছে, এই চহৰতে তিনি ঠাইত তিনিটা ঘৰ আছে, বিলাসী গাড়ী আছে কিন্তু মোৰ বুকুত থকা ভাইটিৰ মৰমকণ ক'ত বিচাৰি পাম ! তই এই চহৰলৈ অহা বুলি গম পাই মই সেইবাবে সকলো পাহৰি তোক চাবলৈ তোৰ ওচৰলৈ ল' ৰি আহিছিলোঁ । ভয় হৈছিল -- তইও যদি দেউতাৰ দৰে খেদি পঠিয়াই দিয়! '


     অভিষেকৰ পৰা খবৰ পাই গাঁৱৰ ঘৰৰ পৰা দেউতাকে জীয়েকক চাবলৈ ঢাপলি মেলি আহিল। যেতিয়া বৃদ্ধ দেউতাকে জীয়েক অলকাক সন্মুখত পালে অতীতৰ সেই কটু স্মৃতিবোৰ ধুমুহাৰ দৰে চকুৰ সন্মুখত ভাঁহি উঠিল। অলকাই মনত পেলালে দেউতাকে সেইদিনা কেনেকৈ গোটেই সমাজৰ মানুহৰ আগত চিঞৰি উঠিছিল --- "আজিৰ পৰা মোৰ কোনো জীয়েক নাই , দৰিদ্ৰ ভিক্ষাৰী এটাৰ হাতত ধৰি তই বংশৰ মৰ্য্যাদা ডুবালি , তাৰ পিছত তই মোৰ বাবে জীয়াই থাকিও মৃত। মই তোৰ শ্ৰাদ্ধ -পিণ্ড দি মৃত বুলি ঘোষণা কৰিলোঁ। " দেউতাৰ সেই কটু বাক্য, আকাশক কৰা হেয় জ্ঞান আৰু ঘৰৰ পৰা খেদি পঠোৱা নিষ্ঠুৰ ব্যৱহাৰে ইমান বছৰে অলকাৰ বুকুত কাঁড়ৰ দৰে বিন্ধি আছিল।


      কিন্তু আজি সেই কঠিন মুখখন পলকতে খহি পৰিল। লাঠিডাল হাতৰ পৰা খহি পৰিল। জীয়েকৰ ম্লান মুখখন আৰু তাই একমাত্ৰ ভায়েকৰ মৰমৰ বাবে এনেকৈ কাম কৰা মহিলাৰ ৰূপ লব লগা হোৱাৰ যন্ত্ৰণাটোৱে বৃদ্ধ পিতৃৰ অহংকাৰ চূৰমাৰ কৰি পেলালে।


তেওঁ কঁপা কঁপা মাতেৰে ক'লে , "অলকা তই মোক ক্ষমা কৰি দে আই !


     মই ক্ৰোধত অন্ধ হৈ তোক আৰু আকাশক যি কটু কথা কৈছিলোঁ , যি ব্যৱহাৰ কৰিছিলোঁ ... সেইবোৰে মোৰ প্ৰতিটো পল পুৰি মাৰিছে । মোৰ ভুল অভিমানৰ বাবে আজি মোৰ জীয়ৰীয়ে নিজৰ ভাইৰ ঘৰত কাম কৰা মহিলা ৰূপ লৈ ওচৰৰ পৰা মৰমৰ একমাত্ৰ ভায়েকক চাবলৈ আহিল। মই আকাশকো চিনি পোৱাত ভুল কৰিলোঁ আই , মই হাৰি গলোঁ।"


      দেউতাকৰ মুখেৰে এই অনুশোচনাৰ কথা শুনি জীয়েকে সকলো পুৰণি দুখ পাহৰি দেউতাকৰ কাষ চাপি গৈ দেউতাকৰ বুকুত মূৰ থৈ হুক হুকাই কান্দি উঠিল।


এজন আৱেগিক দেউতাৰ চকুলো আৰু ক্ষমা প্ৰাৰ্থনাই আজি ইমান বছৰৰ দেউতাকৰ কটু স্মৃতি আৰু অভিমান পলকতে ধুই লৈ গ'ল। ত্যাজ্যপুত্ৰী তেজৰ টানে অচিনাকি হৈ পৰা এটি ঠিকনা অৱশেষত আকৌ এটা মৰমৰ পৰিয়াল হৈ এক হৈ পৰিল।



পলী মজুমদাৰ

মৰিগাঁও, অসম ।

দূৰভাষ নং ৮৬৩৮৮ ৭১০৬০

Recent Posts

See All
ৰঙা সেন্দুৰৰ ফোঁট

নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ মান দুৰত্বত মাহৰোল গাওঁ খন । গাওঁ খনৰ বুকুত আছে ঐতিহ্য মণ্ডিত এখন পুৰণি কলীয়া বিল । বিলখনৰ নামো মাহৰোল বিল । বিলখনৰ নাম অনুসৰিয়েই ঠাই খনৰ নাম মাহৰোল হয় । নল ,

 
 
 
এক অসহায় নিবিড়তা

গভীৰ ৰাতিটো ক্ৰমশঃ গভীৰ হৈ আহিল বৰষুণৰ প্ৰতিটো তীক্ষ্ণ টোপালত ক্ষত-বিক্ষত হ'ল মোৰ হৃদয়ৰ নিৰৱ সত্তা। ক'ত হেৰাল সেই আকাংক্ষিত পোহৰ ক'ত হেৰাল সেউজীয়া দিনবোৰৰ হাঁহি আৰু উল্লাস ? চৌপাশে এতিয়া নিৰন্ধ্ৰ

 
 
 
চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত ক'লা দাগ পৰা মানুহজনী তুমি পোৱানে চিনি ? এদিন তৰাফুলৰ মালা গাঁঠি বুকুত সুখৰ ৰামধেনু অঁকা ফুটুকী পখিলাজনী, যিয়ে তোমাক প্ৰেমিকৰূপে কৰিছিল বৰণ, আদ বয়সতে কপালত বলিৰেখা পৰা উজ্বল ম

 
 
 

Comments


bottom of page