top of page

ডেমকেয়াৰণী

বনকৰা ল'ৰাটােৱে ফোপাই-জোপাই আহি উশাহ নসলোৱাকৈ কৈয়ে থাকিল--'বাইদেউ, বাইদেউ,ৰাহুল দাদাৰ বােলে 'এক্সিডেণ্ট' হ'ল। সব মানুহ খবৰ লবলৈ গৈছে। আপুনি নাযায়?'


ৰাহুল মানে আমাৰ চুবুৰীৰ নিৰেণ কলিতাৰ ল'ৰা। এইবাৰ স্হানীয় বিজ্ঞান কলেজ এখনত নামভৰ্তি কৰিছে।বৰ মৰমলগা ল'ৰাটো ।কি-বা হ'ল? মনটো উগুল -থুগুল লাগিল। এই মুহূৰ্তত ঘৰখন এৰি যাবও নোৱাৰা হ'লো, চাউল কেইটা বঢ়াইছােহে মাত্ৰ। ভনীজনী আৰু ভনীজোঁৱাই দুয়ো ভাত খাবলৈ অহাৰ কথা। কলিতাই ভাৰতীয় খাদ্য নিগমত চাকৰি কৰে।ল'ৰা মাত্ৰ এটাই।পঢ়া শুনাতো চোকা। যোৱাবাৰ মেট্ৰিকত ষ্টেণ্ড কৰিছে। সেই উপলক্ষে কলিতানীয়ে আমাক দুদিন চাহ খুৱালে। এদিন ৰিজাল্ট ওলোৱাৰ দিনা আৰু এদিন চৰকাৰে দিয়া কম্পিউটাৰ ঘৰলৈ অনাৰ দিনা।কলিতানী বৰ সৰবৰহী। চুবুৰীৰ সকেলােৱই ভাল পায়।পুতেকৰ পৰীক্ষাৰ পাছত কলিতানী এমাহমান দিল্লীত থকা ভণীয়েকৰ ঘৰত ফুৰি-চাকি আহিলগৈ। কিন্তু যাওঁতে ভণীয়েকৰ ঘৰলৈ যেনেকৈ গৈছিল, নিজৰ ঘৰলৈ সম্পূৰ্ণ বেলেগ এজনী হৈ উভিতল।আগৰ কঁকাললৈকে  পৰা চুলিকোছা কান্ধৰ ওপৰতে কাটি আহিছে । বাহিৰলৈ ওলাই থকা আগদাঁত দুটাও 'কিবা' কৰি ভিতৰলৈ সুমুৱাই সমান কৰি পেলালে।গাৰ বৰণ কলিতানীৰ অৱেশ্যে আগৰে পৰা ভাল।তাতে বােলে ভনীয়েকে ১৪০০টকা নে ১৬০০টকা ভৰি 'গ'ল্ড ফেচিয়েল'  কৰাই দিছে। এতিয়া কলিতানীয়ে যেতিয়া দিল্লীত কিচিম কিচিম ডিজাইনত চিলাই অনা চুৰিদাৰ কামিজ পিন্ধি ওলাই যায়, গাভৰু ছোৱালী যেনহে লাগে। গতিকে কলিতানীক এইবাৰ পাই কােনে?এনেয়েও গলিটোৰ আন সকলো মানুহে নিজৰ তিৰোতাক যিমান মৰম কৰে কলিতাই কলিতানীক তাতোতকৈ অধিক মৰম কৰে বুলি এটা বদনাম (নে সদনাম?) আছেই। মুঠতে কলিতানীয়ে কলিতাক দহ বুলিলে দহ, বিশ বুলিলে বিশ। আমাৰ কপালত  সেই বিলাক সুখ নাই।মাৰ ঘৰৈল যাম বুলি ভাবিলেও সুধিবলৈ ছেগ চাই থাকােতই বহুত দিন পাৰ হৈ যায়। এবাৰ কলিতানীয়ে চুবুৰীৰ আটাইবোৰ মহিলাক গোট খুৱাই বনেভাজ খোৱাৰ কথা আলচিলে।


মই বােলো 'ৰ'ব, গৃহস্থক নােসোধাকৈ কেনেকৈ কওঁ '।কবলৈহে পালো, গােটেই জনী জাঙুৰ খাই উঠিল --'আপুনি কি মানুহ হে বাইেদউ, সেইষাৰ কথাও সুধিব লাগেনে? চাকৰি কৰা মহিলা হৈও আপুনি ইমান তলত থাকে? মই কিন্তু ডেমকিয়াৰ ----কাকো সোধাপোচাত নাই। তেতিয়াৰ পৰা আমাৰ ঘৰৰ সকেলােৱ কলিতানীক ডেমকেয়াৰণী বুলি কওঁ ।


   সেই কলিতানীয়ে এদিন আহি মোক ক'লেহি---'বাইদেউ, মই কম্পিউটাৰ শিকিম বুলি ভাবিছো। কম্পিউটাৰটো এনেয়ে ঘৰত পৰি থকাতকৈ ময়েই শিকি পেলাওঁ। আপুনি কি কয়?'


মই বৰ উৎসাহ যোগালো।আজিৰ যুগত কম্পিউটাৰ শিকা কিমান জৰুৰী এই সম্পৰ্কত যিমান পাৰো ভাল ভাল কথাৰে তেওঁক উদগনি দিলো। এদিন সঁচাকৈয়ে তেওঁ ষ্টেডিয়ামৰ সন্মুখত থকা প্ৰতিষ্ঠান এটাত নাম লগালে। ল'ৰাটোক খুৱাই বুৱাই কলেজলৈ পঠিওৱাৰ পিছত, কলিতানী অফিচলৈ বুলি ওলোৱা কলিতাৰ স্কুটাৰতে উঠি যায়। মেলা চুলি, চুৰিদাৰ  কামিজ, ডাঠকৈ লগোৱা লিপষ্টিক, কাপোৰৰ ৰঙৰ লগত মিলাই লোৱা ফোট আৰু বাহিৰৰ চেণ্ডেল পিন্ধি সাজি কাচি ওলাই যোৱা কলিতানীক বিয়া হোৱা নে নােহাৱা চিনিবলৈ কাৰো সাধ্য নাই।ঘৰত থাকোঁতে অৱেশ্য সেন্দূৰকণ চকুত পৰাকৈ লয়, কিন্তু সাজি কাঁচি ওলাই যাওঁতে কাৰােৰেই চকুত নপৰে। তাতে টি.ভি.ৰ ছিৰিয়েল বোৰত দেখি দেখি আজিকালি কপালত ফোঁটটোও নােলাৱা হ'ল। কােনোবাই সুধিলে হেনো লৰালৰি কোবত পাহৰি আহিলো বুলি কয়। আচলতে আৰ-তাৰ মুখেৰে শুনামতে সৰু সৰু ছোৱালীবোৰৰ লগত একেলগে শিকিব লগা হোৱাৰ বাবেই হেনো তেনে অভিনয় পদ্ধতি গ্ৰহণ কৰিছে।


  ০০০ ০০০ ০০০  '


'ক্ৰিং ,ক্ৰিং,ক্ৰিং'


কলিংবেলৰ শব্দই আলহী অহাৰ জাননী দিলে। আলহীক খুৱাই বুৱাই মই যেতিয়া কলিতানীৰ ঘৰ পালোহি, তেতিয়া সন্ধিয়া লাগিবৰে হ'ল। ঘৰখনৰ নিমাও-মাও পৰিৱেশটো বৰ আচহুৱা যেন লাগিল। ৰাহুলৰ কোঠাৰ ফালে ভুমুকিয়াই দেখিলোঁ,সি বিছনাখনত ওপৰ মুৱাকৈ শুই কিবা যেন আকাশ-পাতাল ভাবি আছে। মূৰত বেণ্ডেজ , চকু এটা ওখহি আছে। কেনেকৈ দুখ পালা,ক'তনো কি হ'ল ইত্যাদি সোধাত 'নাই আণ্টি, এনেয়ে অকণমান দুখ পালো' বুলি মোৰ প্ৰশ্নেবাৰৰ পৰা ফালৰি কাটি যোৱা যেন লাগিল। ড্ৰয়িং ৰুমত বহুত সময় বহি থকাৰ পিছতো কলিতানী ওলাই নহাত মই নিজেই মাত দিবলৈ বুলি ভিতৰলৈ সোমাই গ'লো। কলিতানীয়ে চুলি- তুলি মেলি জাপৰীজনী হৈ বিছনাত বহি আছে। দুগালেদি তপত চকুলোৰ ধাৰা নিৰৱছিন্ন ভাৱে বাগৰি আছে। মই তেওঁৰ নিচেই ওচৰ পালোগৈ।


' কি হ'ল কিলতানী, কিবা গুৰুতৰ জখম  হৈছে নেকি?'


কলিতানীয়ে মোক সাৱটি ধৰি হুকহুকাই কান্দি উঠিল---'বাইেদউ, এইবোৰ সব্ মোৰ কাৰণেই হ'ল। কলিতাইও মোক খঙ কৰি ওলাই গৈছে।কওক বাইদেউ, মই কি কৰিম এতিয়া ?'


কলিতানীক সাৱটি ধৰিয়েই ক'লো--'মোক খুলি কওঁকচোন, আচলতে কি হৈছিলনো?'


'মইযে কম্পিউটাৰ শিকিছিলো, ল'ৰােটাক জনোৱা নাছিলো।অন্য কাৰণত নহয়,লাজতহে।সেয়ে কাল হ'ল।' মই আচিৰত হ'লো কম্পিউটাৰ শিকাৰ লগত এক্সিডেণ্টৰ সম্পৰ্ক আহিল ক'ৰ পৰা?


   ৰাহুলৰ লগৰ দুষ্ট ল'ৰা দুটাই তাক হেনো কলেজত প্ৰায়েই শুনাই থাকে-----তোৰ দেউতাৰে বুঢ়াকালত বেলগ প্ৰেম কৰিছে দেই। কম্পিউটাৰ চেণ্টাৰলৈ প্ৰায়েই ছোৱালী এজনী  লৈ আহে। ---- সি হেনো কয়, 'হ'ব নোৱাৰে।মোৰ দেউতাক মই নাজানােনে?' তেনেকৈয়ে ল'ৰা দুটাৰ লগত সি প্ৰায়ে তৰ্কত লিপ্ত হয় আৰু ওচৰে পাজৰে থকাবােৰে সিহঁতৰ কাজিয়াখন উপেভাগ কৰে। সেয়ে আজি বিট মাৰি তিনিওটা গৈ ষ্টেডিয়ামৰ গেলেৰীত বহি ল'লেগৈ। মই স্কুটাৰৰ পৰা নামােতেই সিহঁত দুটাই ৰাহুলক মোলৈ


আঙুলিয়াই দেখুৱাই দিলে। ৰাহুলে সেয়া মোৰ 'মা' হে । মিছাই দেউতাক বদনাম দিবলৈ আহিছ বুলি খঙত হিতাহিত জ্ঞান হেৰুৱাই লগৰ দুটাক ঘুচিয়াবলৈ ধৰিলে আৰু তাৰ পৰিণতিতেই সি মূৰত আঘাত লৈ ঘৰ সোমাইছেহি।'


'ইস্ ইস্ ইস্ , ৰাহুলৰ লগৰ দুটাই আপানাক আগেয়ে দেখা হ'লেই এনে অঘটন হ'বলৈ নাপায়।'  কথাষাৰ শেষ কৰিবলৈ পালোহে কলিতানীয়ে আগতকৈ বেছিকৈহে দেখোন হুক হুকাবলৈ ধৰিলে।


'দেখিছিলে বাইেদউ, সিহঁতে আগতেও মোক দেখিছিল। কিন্তু বেণী গুঁঠি বা খোপা বান্ধি , শাৰী আৰু চাদৰ-মেখেলা পিন্ধি থকা অৱস্থাতহৈ দেখিছিল। এতিয়া কলিতাই মোক খঙ কৰি ওলাই গৈছে আৰু কি কি  কৈ গৈছে জানে বাইেদউ?'


'কওকচান বাৰু'--মই উদিগ্ন হৈ সুধিলো।


'চুলি দীঘল নােহোৱালৈকে আজিৰ পৰা বাটলৈ ওলাব নোৱাৰিবা আৰু মই ঘৰলৈ ঘূৰি অহাৰ আগতে


চুৰিদাৰ কেইযোৰ পুৰিয়েই পেলোৱা নে কাৰোবাক দিয়া সেয়া তোমাৰ কথা, কিন্তু তাকে নকৰিলে কথা বেয়া হ'ব কিন্তু'। কলিতানীয়ে আকৌ উচুপি উঠিল।


মই কিবা এটা ক'বলৈকো ভাষা বিচাৰি নােপাৱা হ'লো। কলিতানী সাউতকৈ বহাৰ পৰা উঠিল আৰু টােপালা এটা আনি মোৰ হাতত দি ক'লে,--'বাইেদউ, বেয়া নাপায় যদি এই চুৰিদাৰসোপা এতিয়া আপুনিয়েই লৈ যাওক,  আপোনাৰ ঘৰত কাম কৰিবলৈ অহা বাইজনীক দি দিব।' টােপোলাটো হাতত লৈ মই তাতে থৰ লাগিলো। এনে লাগিল যেন মোৰ চকুৰ সন্মুখতে এগৰাকী  'ডেমকেয়াৰণী 'ৰ কৰুণ মৃত্যু ঘটিছে।




গীতা মহন্ত শইকীয়া।

মৰিকলং,নগাঁও।

দূৰভাষ নং ৭৫৭৬৯০২৪০২

Recent Posts

See All
ত্যাজ্যপুত্ৰীৰ তেজৰ টান

মানুহ গৰাকীক আমাৰ কোৱাৰ্টাৰ সন্মুখত কেইবাদিনো দেখা পাইছিলোঁ। শান্ত খোজ অথচ মনত কিবা এক ব্যাকুলতা। আটাইতকৈ আচৰিত কথাটো আছিল আমাৰ গেটৰ ওচৰত সদায় থমকি ৰৈছিল। চকুহাল খিৰিকী আৰু বাৰান্দাৰ ফালে যেন কিবা এক

 
 
 
ৰঙা সেন্দুৰৰ ফোঁট

নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ মান দুৰত্বত মাহৰোল গাওঁ খন । গাওঁ খনৰ বুকুত আছে ঐতিহ্য মণ্ডিত এখন পুৰণি কলীয়া বিল । বিলখনৰ নামো মাহৰোল বিল । বিলখনৰ নাম অনুসৰিয়েই ঠাই খনৰ নাম মাহৰোল হয় । নল ,

 
 
 

Comments


bottom of page