দূৰদৰ্শী
- গুণদা গোস্বামী
- 1 day ago
- 4 min read
বেলি লহিয়াইছে তেতিয়া। দুলুমণিয়ে পিন্ধি থকা চুৰিদাৰৰ পেণ্টটো পানীত তিতিব নোৱাৰাকৈ মুকুতাই দমকলটোৰ ফালে আগবাঢ়ি গ'ল। সোঁহাতে দমকলৰ হেণ্ডেল ডাল তললৈ হেচি ধৰি ভৰি দুটা পানীত তিয়াই ললে।তাই পাকঘৰতে এচুকত পাতি থোৱা কৃষ্ণৰ ফটো খনৰ সৈতে লেপি- মচি থোৱা ভেটিটোৰ কাষত আঠুলৈ মাটিৰ ক'লা হৈ যোৱা চাকিটোত মিঠাতেল ঢালিলে। কণমাণি মাটিৰ ঘটটোৰ ভিতৰৰ পৰা বাৰীৰ কপাহ অলপ লৈ গুটি গুচাই শলিতা পগাই জুইশলাটো মাৰি জ্বলাবলৈ চেষ্টা কৰিলে।হঠাতে অহা বতাহ জাকত বাৰে বাৰে কাঠিটো নুমাই যাবলৈ ধৰিছে।এপাকত তাই সোঁহাতে জ্বলোৱা কাঠিটোৰ কাষলৈ বাওঁহাতখন আনি জ্বলি থকা কাঠিটোত বতাহ সোমাব নোৱাৰাকৈ ৰাখি শলিতাডাল জ্বলালে। বাহিৰত বৰষুণ।তাইৰ একমাত্ৰ ভায়েক ৰাজা ঘৰত নাই। হঠাতে দপদপকৈ বৰষুণ পৰিছে।তাই পাগলীৰ দৰে চিৰ চিনাকি নৈৰ পাৰলৈ ধাপলি মেলিছে।
দুলুমণিয়ে পাগলীৰ দৰে চিঞৰিছে।
"ৰাজা,অ ৰাজা-- এইয়া কি? কিহৰ চিঞৰ-বাখৰ?"
ঐ নৈৰ পানী বাঢ়িছে। সাৱধান।নৈ খনৰ এনে ৰূপ কেতিয়াওঁ আমি দেখা নাই। গাৱৰ মানুহ বোৰৰ
কথোপকথন সেইয়া।তাইৰ কণমানি ৰাজা ভায়েকটোক তাই বিচাৰি পোৱা নাই। নৈৰপানীত উটি যোৱা তাই দেখা নাই। সি দুষ্ট কৰিলে তাই দুচাট- এচাট দিলে সি দৌৰি আহি এইখন নৈৰ পাৰত বহি কান্দি থাকে।হঠাতে নৈ খনে সংহাৰি ৰূপ ধাৰণ কৰিছে।
"ভগৱান,প্ৰকৃতিক সকলোৱে অত্যাচাৰ কৰে সঁচা কথা।পাহাৰবোৰ কাটি খাস্তাং কৰিছে,গছবোৰ দুখ লগাকৈ কাটিছে। কিন্তু মোৰ ৰাজাই? মই?
আমিটো নৈখনকেই মনৰ কথা ব্যক্ত কৰো! "ৰাজা, ৰাজা,"---
তাইৰ চিঞৰত ওচৰ চুবুৰীয়া আহি নৈৰ পাৰ পালেহি। সকলোৰে একেটাই কথা- " সি নৈৰ পাৰতেই ওমলি থাকে। আমি তাক দেখিছিলোঁ।"
দুলুমণিৰ একমাত্ৰ লগৰী ৰাজা। ন বছৰীয়া ৰাজা ইমান বুদ্ধিহীন নাছিল। ঘৰখনত তিনিটা প্ৰাণী। ৰাজা,তাই আৰু এটা ছাগলী পোৱালী।ৰাজাক জন্ম দিয়েই সিহঁতৰ মাক ঢুকাইছিল।দেউতাকৰ মৃত্যুৰ তিনিটা বছৰ হৈছে মাত্ৰ। ৰাজাক দুলুমণিয়ে মাকৰ দৰেই মৰম কৰে।দুলুমণি আৰূ ৰাজাৰ মাজত দহবছৰ বয়সৰ ব্যৱধান। দেউতাকে নৈৰ এটা পাৰৰ দলঙৰ সিপাৰে এখন গেলামালৰ দোকান দিছিল।সেইখনেই সিহঁতৰ উপাৰ্জনৰ স্থল।
"বা, আজি মই তিনিটা বস্তু বিক্ৰি কৰিলোঁ।দামৰ বহীখনত তুমি লিখি থোৱা দামটোৰ আধা দাম ধৰি মচুৰ ডাইল এজনক দিছোঁ। পাচফুৰণ এশ গ্ৰাম এজনক দিছোঁ। এক কেজিৰ দামক দহেৰে হৰণ কৰিলোঁ।"
"আ? তই আজি অকলে থাকি ইমান কাম কৰিছ?
যদিও ৰাজাই কৰা কাৰ্যত দুলুমণিয়ে আনন্দ পাইছিল তাইৰ পেটে পেটে দুখো লাগিজিল। তাই বি,এ ৰ ছাত্ৰী।কামৰ মাজতে পঢ়া- শুনা।এইবোৰ কাৰ্যত ৰাজাৰ নিচা লাগিলে তাৰ পঢ়া- শুনা সকলো যাব।
" এই দুলু,তোমাৰ ভাতৃ অংকত বৰ ভাল।তাক তুমি মাজে মাজে চাবা।" এইয়া আছিল গাঁৱৰে সুৰেণ ছাৰে পূৰ্বতে কোৱা কথা। ছাৰ গাঁৱৰ এজন কৃতী শিক্ষক। তাইৰ মৰমৰ ভায়েক ৰাজাৰ কথা এটা এটাকৈ মনত পৰিছে। মনটো ইমান বেগী নে?
"এই দুলু,ল'ৰাটো কিজানি তাৰ কোনোবা বন্ধুৰ ঘৰত সোমাই আছে?"
তাই চিঞৰিলে-" নাই মাহীদেউ,সি মোক নোকোৱাকৈ প্ৰেস্ৰাৱ কৰিবলৈও নাযায়। সি পিচল খাই নৈত পৰি গ'ল নে কি?"
" অ' ৰাজা, ৰাজা"।
এনেতে দুজনমান ডেকাই নাওঁ লৈ নৈৰ মাজলৈ গতি কৰিলে। এইয়া যেন মৰমৰ নৈখনৰ অন্য ৰূপ।
দিনটো বুকুত এসোপা বেদনা লৈ তাই ৰাজাক আতাহ পাৰি চিঞৰি থাকিল। পানীত পৰা নাই যদি সি ক'লৈ যাব পাৰে !
হঠাতে এজনে চিঞৰি উঠিল ," এই ল'ৰাহঁত, দূৰণিত সৌৱা চুলিৰ দৰে দেখা পাইছোঁ।"
ল'ৰা বোৰে নাওখন লৈ ক'লা চুলিৰ দৰে দেখা স্থান পালেগৈ।এজনে থাপ মাৰি ধৰি টানি চালে।সেয়া মানুহ হয় জানো?
দুলুমণিয়ে প্ৰাৰ্থনা কৰিলে ,"হে প্ৰভু এনে দৃশ্য পুনৰ মোক নেদেখুৱাবা।সেইয়া ক'লা ৰঙৰ এখন কাপোৰহে।কাৰোৱাৰ শ নহয় এইয়া।"
ওস্ ভগৱান,সি যেন নৈৰ বুকুত পৰা নাই। সি মৰিব নোৱাঁৰে। তাইৰ হৃদয়ৰ মাথাউৰিটো ভাঙি চকুলো বৈছিল ধাৰাষাৰে।
তাই পুনৰ চিঞৰিলে ," অ ৰাজা,তোৰ অবিহনে মই জীয়াই থকাটো অসহ্যকৰ। তই হঠাতে প্ৰথম বাৰৰ বাবে এই নৈ খনৰ পানী দেখি ভয় খাই ক'ৰবাত লুকাই আছ নে কি?"
দুলুমণিৰ চিঞৰত যেন গছৰ পাত সৰিছিল।
সকলোৱে তাইক শান্তনা দিলে। বৰষুণ কমিল। এজন এজনকৈ মানুহ ঘৰমুৱা হৈছে। তাইৰ মনত পৰিল সেই দিনটোলৈ।যিটো দিনত তাইৰ মৰমৰ অমৃতে তাইক চিৰদিনৰ বাবে এৰি গুছি গৈছিল। নৈ,পাহাৰ,গছ এইবোৰ জীৱন্ত সাক্ষী। অমৃতৰ খাদ্য নলীত কৰ্কট ৰোগে দেখা দিছিল বুলি শুনি সি দৌৰি আহিছিল এই নৈ খনৰ বুকুলৈ। নৈৰ পাৰত বহি থকা তাইৰ কোলাত মূৰ থৈ কান্দি কান্দি কৈছিল- " মোৰ সকলো শেষ দুলু। মই এই পৃথিৱী খনৰ দুদিনমানৰ আলহী মাত্ৰ। হুমুনিয়াহ আৰু দুখৰ চকুলো সকলোবোৰৰ সাক্ষী হৈ ৰৈছিল এইনদীখন।
দুলু আৰু অমৃতৰ প্ৰেমৰ সাক্ষী হৈ আছিল এই নদীখন। হঠাতে সমগ্ৰ শৰীৰৰ তেজ উথলি উঠিছিল দুলুমণিৰ।
" দুলুমণি,আজি অলপ সময
নৈৰ বুকুত কটাওগৈ ব'ল না।"
দুলুমণিয়ে অমৃতৰ শেতা পৰা চকু হাললৈ চাই কান্দি কান্দি কৈছিল- "আজি- কালি নৈ খন মোৰ ভাল নলগা হৈছে অমৃত"!
অমৃতে দীঘল হুমুনিয়াহ কাঢ়ি কৈছিল- "তেনেকৈ নকবি দুলু।এজোপা গছে অঞ্চলটোৰ বুৰঞ্জী ক'ব পাৰে। তাৰ বয়স ক'ব পাৰে আৰু আমাৰ এই নৈ খনে তোৰ মোৰ প্ৰেমৰ কথা,প্ৰতিটো হুমুনিয়াহৰ কথা ক'ব পাৰিব।শেষত মোৰ জীৱনৰ শেষ কাহিনী ক'ব পাৰিব।তই মোক চাই থাক।"
"এই অমৃত, তই পানীত কিয় জপিয়াই দিলি।"
মনটো ইমান দ্ৰুত গতিত চলিছিল যে তাই আজি অমৃতৰ কাষ পালেগৈ। কি কৰিম কি নকৰিম হৈ পুনৰ চিঞৰিলে।
"ঐ ৰাজা, তয়ো মোক সাক্ষী ৰূপেহে থৈ গ'লি নেকি?"
এটা সময়ত নৈৰ পাৰত দুলুমণি আউলী- বাউলী চুলিৰে অমাত হৈ পৰি ৰ'ল। গাঁৱৰ এজন বৃদ্ধই দুলুমণিক মাতিলে," দুলু,দুলু, তই কিয় তেনে কৰিছ? বৰষুণ কমিছে।ব'ল।সি ঘৰলৈ আহিব।"
"বা,আমাৰ দোকানৰ মালবোৰ হানি হ'বলৈ নিদি মই ওপৰত চাং পাতি ৰখাৰ ব্যৱস্থা কৰি আছিলোঁ। মই উঁটি যোৱা নাই বা।"
চকু মুদি অচেতন হৈ পৰি থকা দুলুমণিৰ চকুত যেন ৰাজাই পানী ছটিয়াই দিয়াত তাই চকু মেলি আতাহ পাৰি চিঞৰি উঠিল- ৰা-- জা- ব'ল বা,ছাগলীটো ঘৰত অকলে আছে। " সঁচাই। ধোঁৱাৰে আবৃত্ত দেখো নেদেখোঁকৈ দেখা এইটো ৰাজাই সঁচা।
গাঁৱৰ বৃদ্ধ অমৃতৰ দেউতাকে দুয়োটাকে বাহুত ধৰি উঠাই ক'লে-"উঠ,দুলু,মোৰ অমৃত মৰি গ'ল। কিন্তু তই অকলশৰীয়া নহয়।আমাৰ গাওঁখনৰ সকলো তোৰ লগত আছোঁ। নাওঁলৈ নৈখনত এপাক ঘূৰিবলৈ ল'ৰাবোৰক ময়েই পঠিয়াইছিলো দুলুমণি!ৰাজা দূৰদৰ্শী ল'ৰা।সমস্যাৰ সমাধানৰ চিন্তা কৰা ল'ৰা। এইটো ৰাজা আমাৰ গাওঁ খনৰ ভৱিষ্যত।"
গাওঁ খনৰ মানুহবোৰে হাতে হাতে পোহৰ লৈ ৰাজা আৰু দুলুমণিক ধৰি ঘৰৰ ফালে যাত্ৰা কৰিলে। ঘৰৰ পদূলিতে সিহঁতে ছাগলীজনীৰ বেবনি শুনিবলৈ পালে ।যেন ছাগলী জনীয়েও সিহঁতক বিছাৰি হাহাঁকাৰ কৰি আছে।
গুণদা গোস্বামী।
বিষ্ণুৰাভা পথ । নগাঁও
দূৰভাষ নং ৯৩৬৫০০৯৪৭৩


Comments