top of page

জ্যোতি

(জুবিন গাৰ্গৰ স্মৰণত)


হে মহান নক্ষত্ৰ তুমি

কি বুলি জনাও প্ৰণতি

তোমাৰ শত সহস্ৰ গীতেৰে

ওলাই অহা মানৱ জীৱনৰ

সম্বন্ধ থকা মিঠা মিঠা শব্দবোৰ

ভাষাৰ সাৱলীলতা

দেশ প্ৰেমৰ গোন্ধ

আৰু যুক্তিৰ দৃঢ়তাই

মনত পেলাই দিয়ে

তোমাৰ সফল জীৱনৰ

পূৰ্ণতা খিনিৰ কথা ।

তুমি গুণী জ্ঞানী

তুমি দুৰ্বাৰ গতিশীল

তোমাৰ বুকুতে জন্ম

জন-জীৱনক প্ৰেৰণা দিয়া

এসোপামান মিঠা সুৰ

যি সুৰ বৈ থাকিব

চিৰকাল, চিৰসুন্দৰ

অসম কন্ঠ জুবিন গাৰ্গ হৈ

এয়ে কামনা………।



নমিতা হাজৰিকা,

কলিয়াবৰ ,নগাঁও

দূৰভাষ নং ৭০৮৬০৫২১০১

Recent Posts

See All
ৰ'দৰ দৰে কথাবোৰ

কিশোৰটোৱে ধূলি -বালিৰ মাজতেই জীৱনৰ সপোন আঁকিছিল। চুবুৰীয়াৰ বাৰীত আম কঁঠাল বিচাৰি থাকোতে হেৰুৱালে তাৰ পঢ়াশালিৰ বাট। পিতাইৰ চহা জীৱনৰ ৰ'দে পোৰা পৃষ্ঠাবোৰে শিকাব খুজিছিল তাক কঠিন জীৱনৰ প্ৰত্যয়ৰ খোজ। পি

 
 
 
জীৱন নদী

জীৱন এখন নদী, নীৰৱে বৈ যায় দিনে-নিশাই। কেতিয়াবা শান্ত স্নিগ্ধ সোঁত, কেতিয়াবা প্ৰচণ্ড বেগে বৈ যায়। নিজৰ পথ নিজেই গঢ়ি, আগুৱাই যায় অবিৰাম; বাধা-বিপত্তি নেওচি লৈ, ধৰে আশাৰ নতুন ধাম। কেতিয়াবা শুকান

 
 
 
সময়ৰ উপহাৰ

নেদেখাজনৰ জীৱন-কাহিনীৰ পৰিচালনাত ৰংহীন ৰঙ্গমঞ্চত বুৰ্বকৰ চৰিত্ৰত ভাও দিছোঁ দি আছোঁ। সকলোকে বিশ্বাসত লৈছোঁ সৰল বিশ্বাস। খাবা বুলি জানিও তোমাক উপকাৰ কৰিছোঁ অজগৰক এনেই দুষি আহিছোঁ আমি। কেতিয়াও অধিকাৰ স

 
 
 

Comments


bottom of page