top of page

এজন দৰাৰ কান্দোন

Updated: Sep 19, 2025




কিতাপৰ আলমাৰীটোত উঁই উঠিছে নেকি চাওঁতে কাগজ এখন মাটিত পৰিল । কিবা প্ৰয়োজনীয় কাগজ পৰিল বুলি খুলি চালো । এখন বিয়াৰ চিঠি । দেবুদাৰ বিয়া চিঠি । চিঠি খন হাতত লওঁতে মনটো নিজৰ গাঁও খনলৈ উৰা মাৰিলে । আমাৰ ঘৰৰ ওচৰতে দেবুদাহঁতৰ ঘৰ । মই তেতিয়া মেট্ৰিক পাছ কৰি কলেজত নাম লগাইছো। দেবুদাৰ বিয়া বুলি আমাৰযে কি আনন্দ ! বহুত দিনৰ পিছত গাঁৱত এখন বিয়া । সকলোৰে মনত আনন্দ । বিয়াঘৰত উদুলি মুদুলি ।বিয়ানাম,বাঁহীৰ সুৰ,বেণ্ড পাৰ্টিৰ শব্দত চুবুৰীটোত উৎসৱ মুখৰ পৰিবেশ।

বিয়াৰ দিনা দৰাক গা ধুৱাবলৈ বেণ্ড পাৰ্টিলৈ গোপিনীয়ে নদীৰ পৰা পানী তুলি আনিলে । মাকে দৰাৰ মূৰত তেল দিয়াৰ লগে লগে গোপিনীৰ উৰুলিৰ ধ্বনিত ৰভাৰ তল ৰজনজনাই গৈছিল। দৰাৰ মাক,মাহীয়েক,জেঠাইয়েকক আজুৰি গাঁৱৰ গোপিনী সকলে বিয়ানাম গালে । সকলো আনন্দত মতলীয়া হৈ আছিল । সকলোকে

আচৰিত কৰি হঠাৎ দেবুদাই মাকৰ হাতত ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে ।অলপ সময়ৰ বাবে ৰভাঘৰ নিস্তব্ধ হৈ পৰিল।কন্যাইহে কান্দে দৰাই নাকান্দে নহয় বুলি সকলোৱে দেবুদাক বুজাবলৈ ধৰিলে ।

দেবুদা মানে দেবীচৰন বৰা । গাঁৱখনৰ ভিতৰত এজন ভাল আৰু সৎ ল'ৰা । নামৰূপৰ সাৰ কাৰখানাত চাকৰি কৰিছিল। মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল। মাক দেউতাকক বহুত ভাল পাইছিল । সকলো সন্তানেই মাক দেউতাকক ভাল পায় যদিও দেবুদাৰ ভালপোৱা দেখিলে আচৰিত লাগে।দেবুদাৰ মতে যিজনে মাক দেউতাক সেৱা-শুশ্ৰূষা কৰে তেওঁ কোনো তীৰ্থ লৈ যোৱাৰ প্ৰয়োজন নাই। সন্তানৰ প্ৰতি মাক -দেউতাকৰ প্ৰেম -ভালপোৱা কিমান গভীৰ আৰু নিস্বাৰ্থ সেই কথা সন্তানে সদায় মনত ৰাখিব লাগে ।

দেবুদাৰ বিয়াৰ বয়স পাৰ হৈ গৈছিল। বিয়া বুলিলে দেবুদাই সাত জাপ মাৰিছিল। চিন্তা কৰিছিল বিয়াৰ পিছত যদি ন- ছোৱালীয়ে মাক দেউতাকক কষ্ট দিয়ে ।দেবুদাক চহৰৰ কলেজত পঢ়াই আনোতে মাক দেউতাকে কৰা কষ্ট, ত্যাগ তেওঁ পাহৰিব নোৱাৰে । বিয়াৰ কথা ক'লেই মাক- দেউতাক,আত্মীয়-স্বজন, বন্ধু-বান্ধৱক কয়, " লোকৰ ঘৰৰ পৰা অহা অচিনাকী ছোৱালী জনীয়ে যদি মোৰ দৰে মা-দেউতাক ভাল নাপায় আৰু অৱহেলা কৰে ,মই কি কৰিম ? বিয়াৰ পিছত গাঁওখনৰ বিকাশ, প্ৰবাল,দীনেশ হতঁৰ মাক দেউতাকে বৃদ্ধাশ্ৰমত থাকিব লগা হোৱাৰ দৰে যদি মোৰ ঘৰখনত হয়, তেন্তে কি হব ?" এশ এবুৰি চিন্তা কৰি থাকোতে দেবুদাৰ বিয়াৰ বয়স পাৰ হবৰ হ’ল। বিয়াৰ বাবে মাক-দেউতাকে দেবুদাক সন্মত কৰিব নোৱাৰি আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ জৰিয়তে বিয়াৰ বাবে সন্মত কৰাবলৈ উঠি পৰি লাগিল ।মাকে ক'লে" সকলো বোৱাৰী একে নহ‌য়।তই ভয় নাখাবি।আমাৰ ঘৰৰ নীতি-আদৰ্শ তই শিকাই লবি। আমাৰ বয়স হৈ আহিছে। আজি আছোঁ কালিলৈ নাই।তোৰ ভবিষ্যতৰ কথা আছে। আমাৰ কাৰণে চিন্তা কৰিব নালাগে। আমি এনেকৈয়ে খাই থাকিম। বোৱাৰী যদি আমাৰ লগত নাথাকে তেন্তে তই লগত লৈ যাবি। আমি অকনো বেয়া নাপাওঁ। তোৰ সুখেই আমাৰ সুখ।" অৱশেষত দেবুদা বিয়াৰ বাবে সন্মত হ'ল ।বিয়াৰ বাবে ছোৱালী ঠিক হোৱাৰ লগতে বিয়াৰ দিনো ঠিক হ'ল ।ঘৰখনৰ লগতে গাঁওখনতো দেবুদাৰ বিয়াৰ বাবে উখলমাখল লাগিল।

বিয়াৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই দেবুদাৰ চিন্তা বাঢ়িছে। বিয়ালৈ নিমন্ত্ৰণ দিবৰ বাবে অফিচৰ মুৰব্বী শইকীয়াৰ ঘৰলৈ যাওঁতে চুবুৰীয়াৰ পৰা শইকীয়াৰ মাকৰ দুখৰ কথা শুনি দেবুদা অধিক চিন্তিত হ'ল ।বোৱাৰীয়েকে শইকীয়াৰ মাকক ভাল নাপায়। সৰু সৰু কথাতে ঘৰখনত কাজিয়া হবলৈ ধৰিলে ।মাকেও বোৱাৰীয়েকৰ গুণৰ পৰিবৰ্তে দোষ বেছি দেখা হ'ল । অৱশেষত শইকীয়াই মাকক বৃদ্ধা আশ্ৰমত থবলগীয়া হ'ল ।দেবুয়ে ভাবিলে বিয়া পাতিলে সকলো ল'ৰা সলনি হয় নেকি? এতিয়ালৈকে তেওঁৰ লগৰ বেছিখিনি লৰাই বিয়া পাতি মাক দেউতাকক দোষী সাব্যস্ত কৰি আতৰি গৈছে। মনৰ দুখত বহু ল'ৰাই মদ খায়। সদায় দেখি থকা ছোৱালীজনী বোৱাৰী হলে সলনি হৈ যায়। তেনেকুৱা বহুত পৰিয়াল দেবুয়ে দেখিছে। সেয়েহে দেবুয়ে ভয় খাইছে। মাহীয়েকে দেবুক কলে " ভয় নাখাবা দেবু ! সকলো বোৱাৰী একে নহয় ।আমাৰ বোৱাৰী নিমা বহুত ভাল । ইমান শিক্ষিতহৈও অকণো ভেম নাই। চাকৰি কৰিবলৈ দিওঁতেও চাকৰি নকৰিলে। গাঁৱখনতে থাকি ল'ৰাটোক স্কুলত দিলে । মোকো কিমান যত্ন লয় তুমি জানো দেখা নাই। তুমি মৰমেৰে লোকৰ ঘৰৰ পৰা অহা ছোৱালীজনীক আপোন কৰি লব পাৰিবা । তুমি ভাল হ'লে তাইও ভাল হব । তোমালোকৰ মাজত ভালপোৱা আৰু বুজাবুজি থাকিলে তোমালোকৰ জীৱন সুখৰ হব ।" মাহীয়েকৰ কথা শুনি দেবুদা শান্ত হ'ল ।

মুখত এটা শেঁতা হাঁহিৰে কন্যা ঘৰৰ পৰা পঠোৱা পাটৰ সাজযোৰ পিন্ধি দেবুদা সাজু হ'ল কন্যা আনিবলৈ। কন্যাৰ ঘৰ ঢিঙত। দৰাৰ সাজেৰে মুখত ৰুমাল খন লৈ পুষ্পসজ্জিত গাড়ীত উঠি গাঁৱৰ মাজেৰে দেবুদাৰ লগতে বৰযাত্ৰীৰ গাড়ীবোৰ আগবাঢ়িল ঢিঙ অভিমুখে ।চিঠিখন পুৰণি ফাইলটোত সামৰি থবলৈ ধৰোঁতেই বাইদেউৱে মাত দিলে ,কি পঢ়িছ ? তাইলৈ চাই ক'লো, এজন দৰাৰ কান্দোন । তাইও বুজা নুবুজা ভাৱেৰে একেথৰে মোৰ মুখলৈ চাই থাকিল..।



জ্যোতিকা বৰা

7638011583




Comments


bottom of page