ৰাগ-বিৰাগ
- ধ্ৰুৱজ্যোতি শৰ্মা

- Sep 16, 2025
- 5 min read
Updated: Sep 18, 2025

বুল,বুলি আৰু দেউতাকেও জানে--মানুহজনীক সুধি একো লাভ নাই। তথাপি সিহঁতে নোসোধাকৈ নোৱাৰিলে।
"মা, তোমাৰ কোনটো মডেল আৰু ৰং পছন্দ হৈছে?"--বুলৰ প্ৰশ্ন।
"মা, আজি আমি তোমাৰ পছন্দ মতেহে গাড়ী কিনিম।"--বুলিৰ কণ্ঠত দৃঢ়তা।
"ও,তহঁতে ঠিকেই কৈছ। মাৰ আজি সাৰিব নোৱাৰে।"--দেউতাকে বুল-বুলি দুয়োটাকে সমৰ্থন কৰিলে।
সীমনাহঁতৰ গাড়ীখন পুৰণা হৈছে। তেনেকুৱা মডেলৰ গাড়ী এতিয়া নাই বুলিবই পাৰি। সেয়ে গিৰিয়েক আৰু ল'ৰা-ছোৱালী দুটাই আলোচনা-বিলোচনা কৰি নতুন গাড়ী এখন কিনাৰ সিদ্ধান্ত লৈছে। ডিলাৰৰ কৰ্মচাৰী এজনে লেপটপৰ মনিটৰত বুল-বুলিহঁতক এখন এখনকৈ বিভিন্ন ৰঙৰ, বিভিন্ন মডেলৰ গাড়ী দেখুৱাই গৈছে। সিহঁতে আগ্ৰহেৰে গাড়ীবোৰ চাই নানা মন্তব্য দি গৈছে যদিও মাক সম্পূৰ্ণ নিৰ্বিকাৰ। তেওঁ এনেয়ে,চাব লাগে কাৰণে গাড়ীবোৰ চাই গৈছে। তেওঁৰ চাৱনিত নাই কোনো আগ্ৰহ,মুগ্ধতা, প্ৰশ্ৰয়
"তহঁতে যিখন পছন্দ কৰ,মোৰো সেইখনেই পছন্দ হ'ব।"--এইবুলি মাক বহা ঠাইৰ পৰা খিৰিকি এখনৰ কাষলৈ উঠি গ'ল। মাকৰ এনে অনুভূতিহীন আচৰণত বুল-বুলি দুয়োটা দস্তুৰমত হতাশ হ'ল যদিও দেউতাকৰ মনত কিন্তু একো অনুভূতিয়েই ক্ৰিয়া নকৰিলে। কিয়নো তেওঁ পত্নী সীমনাৰ এই স্বভাৱটোৰ লগত সহজ হৈ পৰিছে। খোৱা-বোৱা,পিন্ধা-উৰা, ফুৰা-চকা--এইবোৰৰ একোতেই সীমনাৰ পছন্দ-অপছন্দ বুলি একো কথা নাছিল। শৈশৱৰ পৰাই। মাকহঁতে তাইক যি খাবলৈ দিছিল,বিনাআপত্তিৰে তাই তাকেই খাইছিল। বিহু-পূজাত যেনেকুৱা কাপোৰ দিছিল,তাই ৰং মনেৰে তাকেই পিন্ধিছিল। গৰমৰ বন্ধত য'লৈকে নিছিল, আগ্ৰহেৰে তাই তালৈকে গৈছিল।
সীমনাহঁতৰ ডাঙৰ পৰিয়াল। ভাই-ভনী কেইবাটাও। ল'ৰা-ছোৱালীৰ জাজ মাৰিবলৈ গৈ মাকে চকুৰে সৰিয়হ ফুল দেখি যায়। কেতিয়াবা স্কুলীয়া ভাতৰ কাৰণে দাইল-ভাজি কৰিবলৈ তেওঁ সময় নাপায়। কাঁহীৰ কানত শুদা আলুসনাকণ দেখিলে বাকী ভাই-ভনীকেইটাৰ মুখ ওফন্দি গোবৰপাচি হৈ যায়। কিন্তু সীমনাই তেনেকৈয়ে আটাইকেইটা ভাত চুচি-মাজি খাই পেলায়। কেতিয়াবা পূজা-বিহুত আটাইকেইটা ল'ৰা-ছোৱালীক ভাল কাপোৰ দিবলৈ দেউতাকৰ বাজেটে নুকুলাইগৈ। কেতিয়াবা হয়তো একো কাপোৰেই দিব নোৱাৰে তেওঁ। বাকী ভাই-ভনীকেইটাই মাকক নানা ওজৰ-আপত্তি কৰে যদিও সীমনাই পুৰণি কাপোৰকে পিন্ধি বিহু মাৰিবলৈ,পূজা চাবলৈ ওলাই যায়। আকৌ কেতিয়াবা গৰমৰ বন্ধত সীমনা মাকৰ কথা মতে তেওঁক কাম-বনত সহায় কৰি দিবলৈ ঘৰতে থাকি যায়। এইবোৰ কাৰণতে সীমনাই মাক-দেউতাকৰ পৰা বাকী ভাই-ভনীকেইটাতকৈ বেছি মৰম পাইছিল।
মাক-দেউতাক আৰু আত্মীয়-কুটুম সকলোৰে দৃষ্টিত সীমনাৰ এইটো ডাঙৰ গুণ যদিও দুই নম্বৰ ভায়েক শেখৰৰ মতে তাইৰ এইটো এটা মানসিক ৰোগহে। এই বেমাৰটোৱে কেতিয়াবা তাইক বিপদত পেলাব। তাইৰ এই স্বভাৱটো ৰোগ হয়নে নহয় সীমনাই নাজানে, কিন্তু ই কেতিয়াবা কেতিয়াবা সঁচাকৈয়ে তাইক বিপদত পেলাইছিল।
সীমনাই প্ৰথম কলেজত নাম লগোৱা বছৰৰ কথা। সেইবাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী হিচাপে তিনিজন ল'ৰাই প্ৰতিদ্বন্দিতা কৰিছিল। তিনিওজন ছাত্ৰই তাইক সুকীয়া সুকীয়াকৈ লগ ধৰি তেওঁলোকক তাইৰ বহুমূলীয়া ভোটটো দিবলৈ অনুৰোধ কৰিছিল। সীমনা বিপদত পৰিছিল। তাই এতিয়া কাক ভোটটো দিয়ে? তাইৰতো পছন্দ-অপছন্দ বোলা কোনো কথা নাই! কোনোটো ল'ৰাই তাইৰ পছন্দও নহয়,অপছন্দও নহয়। তেনেহ'লে? অৱশেষত সীমনাই লটাৰিৰ জৰিয়তে এটা ল'ৰাক নিৰ্বাচন কৰি ভোটটো দিব লগা হৈছিল।
আকৌ বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে সীমনাই এই স্বভাৱটোৰ কাৰণে তাইৰ জীৱনৰ সম্ভাৱ্য জীৱন-লগৰি এজনক হেৰুৱাব লগা হৈছিল। তাত একেলগে দুজন ছাত্ৰ তাইৰ প্ৰেমত পৰিছিল। ৰূপে-গুণে কোনোজনেই কম নাছিল। কিন্তু তাইতো যিকোনো এজনকহে পছন্দ কৰিব পাৰিব! এজনক কৰিলে আনজনে যদি বেয়া পায়? দোধোৰ-মোধোৰ অৱস্থাত থাকোঁতেই সীমনাৰ বিশ্ববিদ্যালয়ৰ দুটা বছৰ পাৰ হৈ গৈছিল। আৰু সেই পৰ্বৰ সিমানতে অন্ত পৰিছিল।
এনেকৈয়ে সীমনা ডাঙৰ হৈছিল। আৰু এদিন মাক-দেউতাকহঁতে পছন্দ কৰি দিয়া ল'ৰা এটাৰ লগতে তাইৰ বিয়া হৈ গৈছিল। তাইৰ ভাবীস্বামী দিগন্ত শইকীয়াই প্ৰথম তাইক চাবলৈ আহি সুধিছিল–"তোমাৰ এই বিয়াত একো আপত্তি নাইতো?"
"নাই।"–সীমনাই স্পষ্টভাৱে উত্তৰ দিছিল।
"তোমাৰ মোক পছন্দ হৈছেনে?"
"দেউতাহঁতে আপোনাক পছন্দ কৰিছে যেতিয়া মোৰো আপোনাক পছন্দ হৈছে।"
"তাৰ মানে তোমাৰ নিজা পছন্দ-অপছন্দ বুলি একো কথা নাই?"
"নাই।"--সীমনাই এইবাৰো স্পষ্টভাৱে উত্তৰ দিছিল আৰু দিগন্ত তাইৰ উত্তৰটোত এইবাৰ অলপ আচৰিত হৈছিল। অলপ হতাশো। কিয়নো তাৰ ইমান দিনে কোনো ছোৱালীৰ লগতে প্ৰেম-ট্ৰেম হোৱা নাছিল যদিও সি যথেষ্ট ৰোমাণ্টিক মনৰ মানুহ আছিল। আচলতে তাৰ মনৰ সমস্ত আৱেগ,দেহৰ সমস্ত উত্তাপ বিয়াৰ পাছলৈ সাঁচি ৰাখিছিল। এইবোৰ মাত্ৰ এগৰাকী নাৰীকে অৰ্পণ কৰিব বুলি সিদ্ধান্ত লৈ থৈছিল। তাৰ বিবাহ সি যান্ত্ৰিকভাৱে হোৱাটো কামনা কৰা নাছিল। সি পছন্দ কৰা ছোৱালীজনীয়ে তাকো সম্পূৰ্ণভাৱে পছন্দ কৰাটো দিগন্তই অন্তৰেৰে কামনা কৰিছিল। কিন্তু দিগন্তই এইটো কাৰণতে সীমনাক নাকচ কৰিব পৰা নাছিল। কিয়নো সীমনা দেখাই-শুনাই,স্বভাৱে-চৰিত্ৰই শিক্ষাই-দীক্ষাই সকলো ফালৰ পৰাই এজনী ষোল অনা গুণসম্পন্ন ছোৱালী আছিল। সীমনাৰ ঋণাত্মক দিশ আছিল মাথোঁ এটাই—তাইৰ অলপ বয়স হৈছিল। কিন্তু তাইৰ আছিল বিয়াৰ বজাৰত আটাইতকৈ চাহিদা থকা বস্তুটো–এটা ভাল চাকৰি।
সীমনাই একে সময়তে দুটা চাকৰি পাইছিল। এটা হাইস্কুলত শিক্ষকতাৰ, আনটো চৰকাৰী বিষয়াৰ। আচৰিত কথা,এই ক্ষেত্ৰতো তাইৰ নিজা পছন্দ-অপছন্দ বুলি একো কথা নাছিল। দেউতাকহঁতৰ কথা মতে সীমনাই হাইস্কুলৰ চাকৰিটোকে অগ্ৰাধিকাৰ দিছিল। অথচ চৰকাৰী চাকৰিটোত তাই বহুত ওপৰলৈ যোৱাৰ সুবিধা আছিল। দেউতাকহঁতৰ কথা আছিল–চৰকাৰী বিষয়াৰ চাকৰিটো কৰিলে তাই গোটেই অসমখন ঘূৰি ফুৰিব লাগিব। এজনী ছোৱালীৰ কাৰণে এইটো বৰ অসুবিধাৰ কাম। কিন্তু হাইস্কুলৰ চাকৰিটো তাই ঘৰতে থাকি কৰিব পাৰিব। এইটো চাকৰি ছোৱালী মানুহৰ কাৰণে সকলো ফালৰ পৰাই নিৰাপদ। আচলতে তাইৰ চাকৰি কৰিবলৈ মন নাছিলেই । কিন্তু ঘৰখন চলোৱাৰ তাগিদাত তাই চাকৰিত সোমাবলৈ বাধ্য হৈছিল। দেউতাকৰ স্বাস্থ্য পৰি আহিছিল। তেওঁৰ কাৰণে ঘৰখন চম্ভালাটো কঠিন হৈ পৰিছিল। সীমনাই চৰকাৰী বিষয়াৰ চাকৰিটো নকৰি শিক্ষকতাৰ চাকৰিটো কৰা কাৰণে তাইৰ বন্ধু-বান্ধৱ,মিতিৰ-কুটুম,শুভাকাংখী সকলো আচৰিত হৈছিল। কোনো কোনোৱে তাইক আঁৰত মূৰ্খ বুলিও কৈছিল। কিন্তু আচল কথাটো তাইহে জানে! তাইৰ যে নিজা পছন্দ-অপছন্দ বোলা একো কথাই নাই। চাকৰিত সোমাই ভাই-ভনীকেইটাৰ গত লগাইহে তাই বিয়াত বহছিল। বিয়াৰ সময়ত তাইৰ বয়স হৈছিল আঠত্ৰিছ।
সীমনাৰ বৰ্তমান বয়স পঁচপন্ন। তাই এতিয়া দুটি মৰম লগা,মেধাৱী, অমায়িক সন্তানৰ মাতৃ। সীমনাৰ বয়সত বিয়া হোৱা কাৰণে সকলোৱে আশংকা কৰিছিল তাই মাতৃত্ব লাভ নকৰিব বুলি। কিন্তু এই ক্ষেত্ৰত তাইৰ প্ৰতি ভাগ্য সুপ্ৰসন্ন আছিল। একো আহুকালৰ সৃষ্টি নোহোৱাকৈয়ে সীমনা মাতৃ হ'ব পাৰিছিল। সাধাৰণতে আন ক্ষেত্ৰত নহ'লেও সন্তানৰ ক্ষেত্ৰত মাতৃৰ–বিশেষকৈ শিক্ষিতা মাতৃৰ– পছন্দ-অপছন্দ,ৰুচি-অভিৰুচি, চিন্তা-চৰ্চাইহে আগস্থান পায়। কিন্তু সীমনা এই ক্ষেত্ৰতো একেবাৰে নিৰ্বিকাৰ আছিল। গিৰিয়েকে ল'ৰা-ছোৱালী দুটাৰ বাবে যি খোৱা বস্তু আনি দিছিল,তাই তাকে খুৱাইছিল, যি কাপোৰ-কানি পছন্দ কৰি দিছিল, তাকে পিন্ধাইছিল,যি প্ৰসাধন সামগ্ৰী ভাল বুলি কৈছিল, তাকে ব্যৱহাৰ কৰিছিল। আনকি ল'ৰা-ছোৱালী দুটাৰ জন্ম দিনৰ কে'ক গিৰিয়েকেই বেকাৰিৰ পৰা পছন্দ কৰি আনিছিল, সিহঁত দুটাক গিৰিয়েকে ভাল বুলি ভবা স্কুলতে নাম লগাই দিছিল, সিহঁত দুটাৰ বেমাৰ-আজাৰ হ'লে গিৰিয়েকে যিজন ডাক্তৰৰ কথা কৈছিল,তালৈকে লৈ গৈছিল।
জীৱনৰ গুৰুত্বপূৰ্ণ, সৰহখিনি সময় এনেকৈয়ে পাৰ কৰাৰ পাছত সীমনাৰ এদিন কিয় জানো, বস্তু এটা নিজৰ পছন্দ মতে কিনিবলৈ মন গ'ল। তাকো নিজৰ কাৰণে নহয়, গিৰিয়েকৰ কাৰণে। দুদিন পাছতে গিৰিয়েকৰ জন্মদিন। সেইদিনা তাই স্কুলৰ পৰা বাহিৰে বাহিৰে চহৰৰ সম্ভ্ৰান্ত কাপোৰৰ দোকান এখনলৈ গৈ দোকানীজনক ক'লে–"মোক এটা ছাৰ্ট দিয়কচোন।"
"কেনেকুৱা দিম?ভাল নে কমদামী?"--দোকানীজনে ব্যৱসায়িক তৎপৰতাৰে ওলোটাই সীমনাক সুধিলে।
"ভালেই দিয়ক।"
"এই মহিম, বাইদেউক ভাল ছাৰ্ট দেখুৱাচোন।"--দোকানীজনৰ নিৰ্দেশত মহিম নামৰ ছেলছমেনজনে সীমনাৰ আগত এসোপামান ছাৰ্ট মেলি ধৰিলে। সীমনাৰ খেলিমেলি লাগি গ'ল। আটাইকেইটা ছাৰ্টেই ধুনীয়া। আটাইকেইটা ছাৰ্টেৰেই গিৰিয়েকক শুৱাব। কিন্তু সেইবুলিয়েই তাইতো আৰু আটাইকেইটা ছাৰ্ট কিনিব নোৱাৰে! বহু সময় লিৰিকি-বিদাৰি থাকি অৱশেষত সীমনাই গিৰিয়েকৰ কাৰণে মেৰুণ ৰঙৰ ছাৰ্ট এটাকে পছন্দ কৰিলে। দোকানীজনক ছাৰ্টৰ দামটো দি তাৰ পৰা ওলাই অহাৰ পাছত তাইৰ মনত এটা ভিন্ন ধৰণৰ অনুভূতিয়ে ক্ৰিয়া কৰিবলৈ ধৰিলে।
দুদিন পাছত সীমনাই যেতিয়া গিৰিয়েকক 'হেপি বাৰ্থ ডে' বুলি তেওঁৰ হাতত ছাৰ্টটো তুলি দিলে, গিৰিয়েকৰ লগতে ল'ৰা-ছোৱালী দুটাৰো চকু কপালত উঠিলগৈ। সিহঁতে যেন নিজৰ চকুবোৰকে বিশ্বাস কৰিবলৈ টান পালে! কিয়নো এনেকুৱা মধুৰ ঘটনা কেতিয়াবা সিহঁতৰ জীৱনত ঘটিব পাৰে বুলি সিহঁতে কল্পনাও কৰিব পৰা নাছিল। বুলে লগে লগে ক'লে–"বাঃ মা, তোমাৰ পছন্দ কিন্তু মানিছোঁ দেই!"
বুলিয়ে ক'লে–"তুমি তাৰ মানে ছাৰপ্ৰাইজ দিব জানা?" গিৰিয়েকে সকলোৰে শেষত সন্তুষ্টিৰ হাঁহি এটা মাৰি ক'লে–"তোমাৰ মাজতো যে এনেকুৱা শিল্পীসুলভ মন এটা লুকাই আছিল, মই ভাবিবই পৰা নাছিলোঁ।"
গিৰিয়েক আৰু ল'ৰা-ছোৱালী দুটাৰ প্ৰশংসা বাণী শুনি সীমনাৰ মুখত এটা লাজকুৰীয়া হাঁহিয়ে ঢৌ খেলি গ'ল।
সেয়াই আৰম্ভণি। ইয়াৰ পাছৰ পৰা ঘৰখনৰ আটাইবোৰ কাম সীমনাৰ পছন্দ মতেহে হ'বলৈ ধৰিলে। সিহঁতৰ ঘৰটোত অলপ দিনৰ পৰা নতুনকৈ ৰং দিয়াৰ কথা চলি আছিল। ইমান দিনে সীমনাই কথাটোত ভাগ লোৱা নাছিল। লোৱাৰ প্ৰয়োজনবোধো কৰা নাছিল। কিন্তু এতিয়া তাই পছন্দ কৰা ৰংটোহে অৱশেষত দোকানত অৰ্ডাৰ দিয়া হ'লগৈ। অৱশ্যে ৰংটো আটাইৰে পছন্দ হ'ল। ইয়াৰ পাছতে ঘৰটোৰ পুৰণি হৈ যোৱা পৰ্দাখিনি সীমনাৰ পছন্দ মতেই লগোৱা হ'ল। কাৰ বিয়াত কি উপহাৰ দিব,বিয়ালৈ গিৰিয়েক আৰু ল'ৰা-ছোৱালী দুটাই কেনেকুৱা কাপোৰ পিন্ধি যাব,দিনৰ সাঁজত কি খাব,ৰাতিৰ সাঁজত ভাত হ'বনে ৰুটি হ'ব,বজাৰৰ পৰা কি কি পাচলি আনিব লাগিব,ফুলনিত কোনবিধ ফুল,বাৰীত কোনবিধ পাচলি লগাব লাগিব–এই আটাইবোৰ কথা সীমনাৰ পছন্দ মতেই হ'বলৈ ধৰিলে। আনকি সিহঁতে অলপ দিন আগতে কিনা,কিনাৰ সময়ত অকণো আগ্ৰহ নেদেখুওৱা গাড়ীখনৰ ছিট ক'ভাৰো সীমনাইহে পছন্দ কৰি দিলে। তাইৰ এই পৰিৱৰ্তনত গিৰিয়েক সুখী হ'ল। কিয়নো তেওঁৰ মূৰৰ পৰা বোজা কিছুমান আঁতৰিল, মূৰটো পাতল হ'ল। কিন্তু বুল আৰু বুলি পেটে পেটে অলপ ক্ষুণ্ণ হ'ল। কিয়নো কিছুমান ক্ষেত্ৰত সিহঁতৰ স্বাধীনতা খৰ্ব হ'ল।
দুমাহ পাছতে সীমনাৰো জন্মদিন আহিল। গিৰিয়েকে তাইলৈ দোকানৰ পৰা বাছি বাছি কেঁচা পাতৰ কাপোৰ এযোৰ কিনি আনিলে। নিৰ্দিষ্ট দিনা গিৰিয়েকে 'হেপি বাৰ্থ ডে' বুলি কাপোৰসাজ সীমনাৰ হাতত তুলি দিলে। কিন্তু তাই পেকেটটো খুলি,কাপোৰযোৰ লিৰিকি-বিদাৰি চাই বিৰক্তিৰে ক'লে–"এইযোৰ তুমি কি কাপোৰ আনিলা? মোৰ একেবাৰে পছন্দ হোৱা নাই।"
ধ্ৰুৱজ্যোতি শৰ্মা
9864708715




Comments