উপলব্ধি
- শেৱালি শৰ্মা বৰকটকী

- Sep 16, 2025
- 5 min read
Updated: Sep 19, 2025

ঘৰখনত চাৰিওপিনে নিমাওমাও পৰিবেশ ৷ আদ্যশ্ৰাদ্ধ ভোজ সকলোবোৰ হৈ যোৱাৰ পিছত মিতিৰকুটুম বোৰ কমিছে ৷ ভাই বোৱাৰী কবিতা আৰু ভতিজা অৰূপ যাবলৈ ওলাই আগফালৰ বাৰাণ্ডাত বহি থকা অজন্তা বৰুৱাক কবিতাই মাত লগালে, "আমি গৈ থাকো বাইদেউ ৷ অহা আজি পোন্ধৰ দিনেই হ’ল ৷ আমি তিনিওটা মানুহ ইয়াতেই আছোহি ৷ ৰন্ধাবঢ়া কৰি গৰু-গাই চম্ভালি এখেত অসুখীয়া মানুহজনৰ বৰ কষ্ট হৈছে ৷ তাতে নাতি ল’ৰাটোৰ পৰীক্ষাও আৰম্ভ হব ৷” চিন্তাত বিভোৰ হৈ থকা অজন্তা বৰুৱাৰ যেন সম্বিত ঘূৰি আহিল ৷
“ ও , পাপৰিও যাবগৈ ?”
“ মই এই সপ্তাহটো থাকিম , বৰমা ৷ অহা শনিবাৰে এখেত আহিলে ৰবিবাৰে যাম৷”
পাপৰিৰ কথা কেইটাই অজন্তা বৰুৱাক যেন সাময়িক সকাহ দিলে ৷ অৰূপে চাপৰি চকীত বহি থকা বৰমাকক সেৱা এটা জনাই মাকৰ লগত পদূলিলৈ ওলাই গ’ল ৷ পাপৰিও পিছে পিছে স্বামী, শাহুৱেকক আগবঢ়াই দিবলৈ ওলাই গৈছে ৷ অৰূপ আৰু কবিতাই ৰিক্সাত উঠালৈকে অজন্তা বৰুৱাই তন্ময় হৈ চাই থাকিল ৷ বৰদেউতাকৰ এক্সিডেণ্টৰ কথাটো শুনাৰ লগে লগে অৰূপে গাৱঁৰ পৰা ধপলিয়াই আহি দুদিনকৈ হস্পিতালত বৰদেউতাকৰ লগতে লাগি থাকিল ৷ ICU ত থকা বৰদেউতাকৰ এটেণ্ডেণ্ট হৈ দুটাকৈ ৰাতি বেঞ্চত বহি উজাগৰে কটাই ঢুকুৱাৰ পিছতো মুখাগ্নি কৰাৰে পৰা নীতি-নিয়মৰ মাজেদি শ্ৰাদ্ধ-বিধি কৰালৈকে কম কৰিলেনে ? সৰুকালত দুদিনৰ কাৰণে গাৱঁৰ পৰা ঘৰলৈ আহোঁতে এইটো অৰূপৰ লগ ললে তেওঁৰ পুত্ৰ সোণক নষ্ট হব বুলি অৰূপৰ সংগ লবলৈ দিয়া নাছিল ৷ সেই সোণে আজি কি কৰিলে ? দেউতাকৰ এক্সিডেণ্টৰ খবৰ দিয়া হ’ল , ঢুকোৱাৰ খবৰো দিয়া হ’ল , তাৰ কিন্তু আহিবলৈ সময় ন’হল ৷ সোণক হিয়াৰ আমঠু বুলি মুৰত ললে ওকণিয়ে খায় মাটিত থ’লে পৰুৱাই খায় দৰে ডাঙৰ কৰিছিল ৷ গাৱঁলীয়া পৰিবেশৰ যৌথ পৰিয়ালত সন্তান জন্ম হলে ভালকৈ গঢ় দিব নোৱাৰিব বুলি গাৱঁত থাকিবলৈ অমান্তি হোৱাত বিয়াৰ এমাহৰ পিছতে গুৱাহাটীত ভাৰাঘৰ লৈ থাকিবলৈ স্বামী প্ৰশান্ত বাধ্য হৈছিল ৷
গুৱাহাটী বিশ্ববিদ্যালয়তে অজন্তাৰ দেখাদেখি হৈছিল প্ৰশান্তৰ লগত ৷ প্ৰথমে প্ৰেম তাৰপিছত বিয়াৰ বাবে দেউতাকক প্ৰায় বাধ্য কৰি দিছিল ৷ খেতিয়কৰ ল’ৰা প্ৰশান্তই অজন্তাক গাৱঁত বোৱাৰী হৈ গৈ অসুবিধাত পৰিব বুলি বিয়া পাতিবলৈ অমান্তি হৈছিল ৷ কিন্তু অজন্তা নাচোৰবান্দা ৷ তাই প্ৰশান্তৰ লগতেই বিয়াত বহিব ৷ অৱশেষত বিয়াখন হ’লগৈ ৷ নামজ্বলা উকিলৰ জীয়ৰী হোৱাৰ সুবাদতে অহংকাৰী অজন্তাই গাৱঁৰ ঘৰখনত কইনা হৈ সোমায়েই অসন্তুষ্টি আৰম্ভ কৰি দিছিল ৷ গাৱঁত থাকিলে উশাহ বন্ধ হৈ যাব বুলি অজন্তাই হুলস্থূল লগাই দিছিল ৷বাধ্য হৈ গুৱাহাটীত থাকিলেও প্ৰশান্তই পিতৃমাতৃ আৰু ভায়েকৰ সৈতে ঘৰখনৰ সম্পূৰ্ণ দ্বায়িত্ব বহন কৰি আছিল ৷ বিয়াৰ পিছতে বিহু পূজাত প্ৰশান্তৰ লগত দুই এবাৰ গাৱঁৰ ঘৰলৈ অহাযোৱা কৰিছিল যদিও সোণে গৰ্ভত স্থিতি লোৱাৰ পিছৰে পৰা অজন্তাই গাৱঁৰ ঘৰলৈ যাবলৈ একেবাৰে বাদ দিছিল ৷ আনকি সন্তান সম্ভৱা অজুহাতত একমাত্ৰ দেৱৰৰ বিয়ালৈকো নগ’ল ৷
সোণ জন্ম হোৱাৰ পাছত ককাক আইতাকে নাতিয়েকক চাবলৈ গুৱাহাটীলৈ আহিছিল ৷ নাতিক একোলা লোৱাৰ হেঁপাহ ৷ নাতিক চাই পিছদিনাই তেওঁলোক গাৱঁলৈ যোৱাৰ কথা আছিল যদিও পুত্ৰ প্ৰশান্তই যাবলৈ নিদিলে ৷ গুৱাহাটীলৈ আহিছে যেতিয়া দীৰ্ঘদিন ধৰি কাঁহত ভুগী থকা হাঁপানী ৰোগী দেউতাকক ভাল ডাক্তৰক দেখুৱাই ঔষধ পাতিৰ সৈতে পিছৰ সপ্তাহতহে ঘৰত থৈ আহিমগৈ বুলি দুদিনমান ৰাখিছে ৷ অজন্তাই কথাটো বৰ ভাল পোৱা নাই ৷ শাহুৱেকক লৈ সমস্যা নাই তেওঁ পুৱা উঠাৰে পৰা ঘৰদুৱাৰ সৰামচা কৰি গা-পা ধুই পাকঘৰত সোমোৱাৰ পিছতহে কাম কৰা মহিলা চম্পা আহি পাইহি ৷ চম্পাই ৰন্ধা ভাত নেখায় বাবে পাকঘৰৰ সকলো ৰন্ধাবঢ়া তেখেতেই কৰে ৷ প্ৰথমে গাৱঁৰ পৰা অনা ভেবেলী লতা , নৰসিংহৰ পাত খুন্দি ৰসখিনি গৰৈ , মাগুৰ মাছৰ লগত জালুকীয়া ৰান্ধি অজন্তাক ভাতৰ লগত খাবলৈ দিয়ে ৷ পিছলৈ প্ৰশান্তই বজাৰৰ পৰা কিনি আনি দিয়েহি ৷ তেওঁৰ মতে মাকে ভালকৈ খোৱা-বোৱা কৰিলেহে কেচুৱাই গাখীৰ পাব ৷ অজন্তা প্ৰথম বাৰৰ বাবে মাক হৈছে বহুত কথা বুজিয়েই পোৱা নাই ৷ সেই বাবে তেওঁ কেচুৱাক মালিচ কৰাৰে পৰা কেনেকৈ লব লাগে , গাখীৰ খুৱাব লাগে সকলো দেখুৱাই শিকাই বুজাই দিয়ে ৷ সকলোবোৰ ঠিকেই আছিল ৷ এদিন পুৱাৰ কোমল ৰ’দত বহি আইতাকে নাতিক তেল মালিচ কৰি আছিল ৷ বোৱাৰী অজন্তা গা ধুবলৈ বাথৰূমত সোমাইছে ৷ মালিচ কৰি হোৱাৰ পিছত আইতাকে কোলাত লৈ থকা নাতিক ওচৰতে বহি ৰ’দ পুৱাই থকা ককাকে মৰমতে একোলা লওঁ বুলি আইতাকৰ কোলাৰ পৰা আনি কোচত লোৱাৰ পিছতে মাজে মাজে হৈ থকা কাঁহটোৱে উক্ দিলে ৷ কোলাত কেচুৱা লৈ একেলেথাৰিয়ে কাঁহ মাৰি থাকোতেই বাথৰূমৰ পৰা অজন্তা ওলাই আহি শহুৰেকক বৰ বেয়াকৈ ককৰ্থনা কৰিলে ,“ সোণক কোলাত লৈ আপুনি কিয় কাঁহ মাৰিছে ? হাঁপানী বেমাৰী যেতিয়া সোণৰ পৰা আঁতৰি থাকিব লাগে ৷ তাকো বেমাৰী কৰা উদ্দেশ্য নেকি ? চাওঁ দিয়ক ” বুলি চিলনীয়ে থাপ মাৰি নিয়াদি কেচুৱাটো ককাকৰ কোলাৰ পৰা কাঢ়ি লওঁতেই পুতেক প্ৰশান্ত বজাৰৰপৰা আহি পাইছিলহি ৷ দেউতাকক তেনে ব্যৱহাৰ কৰাত মনত দুখ পাই কিয় তেনেকৈ কৈছা বুলি কৈ যেন জ্বলা জুইত ঘিউহে ঢালিলে ৷
“কাঁহ কফ থকা বেমাৰী মানুহটো কেচুৱা থকা ঘৰখনত ৰাখি গোটেই ঘৰখন দূষিত কৰি পেলাইছা? এই বীজাণু বোৰে যদি সোণক আক্ৰান্ত কৰে তেতিয়া কি হব ? সেই বাবেই মই এই গাৱঁলীয়া মানুহবোৰ ভাল নাপাওঁ ” প্ৰশান্তৱো খঙত অগ্নিশৰ্মা হৈ উঠিছিল যদিও মাক-দেউতাকৰ বুজনিত মনে মনে থাকিল ৷ পিছদিনাখন ৰবিবাৰ হোৱাৰ বাবে পুৱাতে প্ৰশান্তই দেউতাকক গাৱঁৰ ঘৰত থৈ আহিলগৈ ৷ মাক গ’লে অজন্তাৰ অসুবিধা হব বুলি ভাৱি তেখেত নগ’ল ৷ ঘৰত সৰু বোৱাৰী কবিতা আছে যেতিয়া শহুৰেকৰ আলপৈচান ধৰিব ৷ সোণৰ মাহেকীয়া খেদি পোন্ধৰ দিনমান যোৱাত মাকো যাবলৈ ওলাল ৷ কবিতাও মাক হবলৈ ওলাইছে ৷ নতুন মানুহ তাতে অসুখীয়া শহুৰেকক লৈ তাইৰ বৰ পয়মাল হব ৷ অজন্তাই শাহুৱেকক পঠিয়াবলৈ মন নাছিল যদিও প্ৰশান্তই দেউতাকৰ কষ্ট হব বুলি মাকক ঘৰত থৈ আহিলগৈ ৷
একলা দুকলাকৈ সোণ ডাঙৰ হৈ আহিল ৷ ইফালে গাৱঁৰ ঘৰতো কবিতাৰ ল’ৰা এটা উপজিল ৷ কেচুৱা ভতিজাটো চাবলৈ প্ৰশান্তই লগ ধৰিছিল যদিও সোণক লৈ গাৱঁৰ অস্বাস্থ্যকৰ পৰিৱেশলৈ যাবলৈ অজন্তা মান্তি নহ’ল ৷ বছৰে বাগৰ সলালে ৷ অজন্তা সোণৰ লগত ব্যস্ত হৈ পৰিল ৷ ইংৰাজী মাধ্যমৰ স্কুলত নাম লগাই দিলে ৷ পুৱা শুই উঠাৰে পৰা সোণৰ লগতে ব্যস্ত ৷ খুৱাই-বুৱাই সোণক স্কুললৈ অনা-নিয়া কৰা আবেলি খেল পথাৰ , চুইমিং পুললৈ নিয়া সন্ধিয়া টিউচন হোমৱৰ্ক আদিত সময় দিব লগা হোৱাৰ বাবে অজন্তাই আৰু একো চিন্তা কৰিব নোৱাৰে ৷ ছমাহৰ অগাপিছাকৈ শহুৰ-শাহু ঢুকাওঁতে খবৰটো পাই নিয়ম মাফিক দেখা দিয়াৰ বাহিৰে বৰ বোৱাৰীৰ কিবা কৰ্তব্য থাকিব পাৰে বুলি এবাৰো চিন্তা নকৰিলে ৷
এবাৰ গৰমৰ বন্ধত অৰূপে মাক কবিতাক গুৱাহাটীৰ বৰদেউতাকৰ ঘৰত থাকি কলাক্ষেত্ৰ , চিৰিয়াখানা , চাইঞ্চ মিউজিয়াম , কামাখ্যা মন্দিৰ , বালাজী মন্দিৰ আদি চাবলৈ বৰকৈ খাটনি ধৰিছিল ৷ তাৰ লগৰ সকলোৱে এই বোৰ চালে ৷ গাড়ী ভাৰা কৰি সিহঁতৰ মাক-দেউতাকে দেখুৱাই আনিলেগৈ ৷ কিন্তু তাৰ নিজৰ বৰদেউতাকৰ গুৱাহাটীত নিজৰ ঘৰ থাকোতেও তাক কিয় নিয়া নাই ? উপায় নেপাই কবিতাই বৰজনা প্ৰশান্তলৈ সকলো জনাই ফোন কৰিলে ৷প্ৰতুত্তৰত বৰজনাকে আহিবলৈ কোৱাত বেদান্ত আৰু কবিতাই অৰূপক লৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিল ৷ প্ৰশান্তই নিজৰ গাড়ীখনকে ড্ৰাইভাৰ দি সিহঁতক ফুৰিবলৈ দিলে ৷ কবিতা অহাত অজন্তাই বেয়াপোৱা নাই ৷ তাই অহাৰেপৰা পাকঘৰত অজন্তাই একো কৰিব লগা হোৱা নাই ৷ সকলো কামবন নিয়াৰিকৈ কৰি তাৰপিছতহে কবিতা ওলাই যায় ৷ কিন্ত সমস্যাটো হ’ল অৰূপৰ বাবে ৷ অৰূপ অহাৰেপৰা সোণে অৰূপৰ লগ এৰা নাই ৷ বয়সত দুয়োটা সমনীয়া ( এবছৰৰ ডাঙৰ সৰু)হোৱাৰ বাবে সোণে অৰূপৰ লগ লৈছে ৷ ঘৰত কাহানিও আলহী নেদেখা বাবেই হওক , একমাত্ৰ ভায়েকটো অহাৰ বাবেই হওক সোণ আনন্দত মতলীয়া হৈ পৰিছে ৷ পঢ়া টেবুলখন , সি বজোৱা গীটাৰখন , ক্ৰিকেটৰ বেট বল , বেডমিণ্টনৰ বেট আদিৰ লেখ দিয়াৰ অন্ত পৰা নাই ৷ তাৰোপৰি সোণৰো স্কুল বন্ধ যেতিয়া অৰূপহঁতৰ লগত সিয়ো ফুৰিবলৈ যাবলৈ বিচাৰে ৷ অজন্তাই অৰূপৰ লগত মিলামিছা ফুৰাচকা কৰিবলৈ নিদিয়ে ৷ গুৱাহাটী মহানগৰীত থাকি ইংৰাজী মাধ্যমত পঢ়াশুনা কৰা ল’ৰাৰ লগত হাজাৰ চোকা হলেও গাৱঁৰ চৰকাৰী স্কুলৰ ল’ৰাৰ কেনেকৈ সমকক্ষ হব ?
“গাৱঁলীয়া ল’ৰাটোৰ লগত ইমান মিলামিছা কিয় কৰিছা ? তোমাকটো মই সকলোবোৰ ফুৰাইছোঁ ৷ ইহঁতৰ লগত যাব নোৱাৰা ৷”কাষৰ ৰূমটোত বৰমাকে সোণক কোৱা কথাকেইটাই অৰূপৰ বুকুত শেলে বিন্ধাদি বিন্ধিলে ৷ দুদিনৰ পিছত এটা বেদনা গধুৰ মন লৈ অৰূপ মাকহঁতৰ লগত গাঁৱলৈ উভতি গ’লগৈ ৷
হায়াৰচেকেণ্ডেৰী পাছ কৰাৰ পিছতে সোণ পঢ়িবলৈ বুলি দিল্লীলৈ উৰা মাৰিলে ৷ পঢ়াশুনা শেষ কৰি তাতে কোম্পানীৰ চাকৰিত সোমাই হিন্দী ভাষী ছোৱালী এজনী বিয়া পাতি তাতে নিগাজীকৈ থাকিবলৈ ল’লে ৷ বিয়াৰ বাবে মাক-দেউতাকৰ অনুমতি বিচাৰি নিৰাশ হৈ একেবাৰে নহাই হ’ল ৷ দেউতাকৰ মৃত্যুৰ বাতৰিটোয়েও সোণক টলাব নোৱাৰিলে ৷ অজন্তা বৰুৱাৰ বুকু ভেদি তপত হুমুনিয়াহ এটি ওলাই আহিল ৷ দুচকুৰে বৈ অহা চকুলো মচিবলৈ লওঁতেই অৰূপৰ পত্নী পাপৰিয়ে পিছফালৰ পৰা মাত লগালে, “বৰমা ,আন্ধাৰ হ’ল ৷ ভিতৰলৈ আহক ৷ মই গোঁসাই ঘৰত বন্তি জ্বলালোঁ ৷ এতিয়া দুয়োজনীয়ে চাহ একাপ খাওঁগৈ ব’লক ৷
শেৱালি শৰ্মা বৰকটকী
মৰিগাঁও
9101533121




Comments