আখৰ
- শোণিত বৰঠাকুৰ

- Apr 25
- 1 min read
(১)
কটা - কটি আখৰৰ অতিশয় দৰকাৰী
কৰি আগ-পিছ সলনি কৰিবৰ হল
শিকনি সময়ৰ
ভূমি উদ্দীপ্ত নাঙলৰ ফালত
আখৰৰ আগ-পিছ কৰিবৰ হল ।
(২)
নিলিখিলে লিখিব কোনে
কথা কোৱাৰ সময়ো যে হল
ঘহিবা কলম - দোৱাত লগতে
দংশে দাগে হাতক তেনেকৈ
হয়টো হব পাৰে তেতিয়া কিবা
কটা-কটি আখৰৰ কৰিবৰ হল ।
(৩)
নহবও পাৰে ঠিক
বে-সঠিক লেখনৰ কালত
বাক্যৰ অনুশীলন দৰকাৰী হল
নিজৰ বাবে
আনৰ হকেও কবলৈ হল
ভঙা-পতা আখৰৰ কৰিবৰ হল।
(৪)
পঢ়াও দৰকাৰী নহয়,
ই নহয় কথা পিছে চৰকাৰী
মগজুক শাণত দিবৰে হল
নামবোৰ আখৰৰ জানিবৰ হল
আখৰৰ আগ- পিছ কৰিবৰ হ'ল
(৫)
গৈ আছোঁ মই
আহি আছে অনেক উভটি
কিমান যে দূৰ
আখৰেৰে এইবাৰ সকলো গণিবৰ হল
কটা-কটি আখৰৰ কৰিবৰ হল
(৬)
ভিন্ন,নাম বিভিন্নজনৰ
পাৰ্গত - অসমৰ্থৰ দলৰ
ভৰালে ভৰোৱা নাম সকলোবোৰ
যেন খেল আখৰৰ পৃথক- পৃথক
শুদ্ধতাৰ হেতু আখৰ সলনি হল
(৭)
দাগ চিয়াঁহীৰ
ভঙা-পতা আখৰৰ বাখৰৰ দৰে
দৰকাৰী আখৰবোৰ
এতিয়া যে লিখিবৰ সময়তো হল
সলনি,আখৰৰ ৰূপহে সলনি হ'ল
আখৰ দৰকাৰী
কৰা যদি আজি আগ-পিছ
নতুবা সময়ত সলনি
সলনা-সলনি পিছে আখৰহে হল
ভালদৰে সেয়ে
সকলোৱে লিখিবৰ হল।
শোণিত বৰঠাকুৰ,
বৈদ্যটুপ,নগাওঁ
দূৰভাষ -৭০০২২৪০৬০০




Comments