top of page

স্নেপশ্বট - ৩

পাহাৰৰ নামনিত মই নেপালী খুটি

য'ৰ পৰা বিভিন্ন ঠাইলৈ

বৈছিল গাখীৰৰ সুঁতি।

এতিয়া তাত পানীত উটি অহা কাঠ বাঁহৰ

ওখ ওখ দ'ম ।

একঁকাল এডিঙি পোত যোৱা পলসৰ নৰক মেলা ।

পলসৰ তলৰ পৰা মই অঘৰী আত্মাই কৈছোঁ

হে উত্তৰ পুৰুষ কানপাতি শুনা

নিমিষতে হেৰুৱালোঁ আমাৰ বৰ্তমান

তোমালোক কুশলে থাকা

সজাগ আৰু সচেতন হৈ।

পাৰিলে বিচাৰি চোৱা

কেৰুণ নহয় কাৰণ

প্ৰতিকাৰ নহয় প্ৰতিৰোধ।

কাৰ লালসাৰ হাতুৰাই বিদিৰ্ণ কৰি কৃষ্ণ গহ্বৰ

সলনি কৰে নদী মূল ।

পাহাৰ খান্দি অৰণ্য ভাঙি

কোনে প্ৰগতিৰ সপোন সজাই ।

এবাৰ ভাবি চাইছানে নাই

অভূতপূৰ্ব প্ৰলয় আগতেটো হোৱা নাই।

আৰ্তনাদ কৰিবলৈ সময় নাপাওঁতেই

মানুহ বোৰ কেনেকৈ হেৰাই ।

পলসত পোত যোৱা মই অঘৰী আত্মাই কৈছোঁ

হে উত্তৰ পুৰুষ

জবাবদিহি কৰা সময়ক ।

সাহায্য সাময়িক

স্থায়ী প্ৰতিৰোধৰ অবিহনে।

আগলৈ এনে নহওঁক কোনো কালে।



ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।

দূৰভাষ নং -৯৪০১০৯৩৫০২

Recent Posts

See All
একো নাই

কথা নাই কথা নাই কবলৈও একোকে বাকী নাই কোনো নাই কোনো নাই আজি যেন সব শূণ্য হায় ! মাত নাই বোল নাই কবলৈও কাকো দেখা নাই নাই নাই কোনো নাই আজি সব ধোঁৱা হায় ! কত গল কেতিয়া গল সকলোবোৰ কেনি গল ? জানা জানো,কোন-ক

 
 
 
এটা অতৃপ্ত বাসনাৰ মৃত্যু

লাজ বাৰু দেহৰ কোন অংশত লাগে ? 'নাকত আকউ।' 'নাৰীৰ সৌন্দৰ্য্য দেহৰ কোন অংশত থাকে ?' 'যাহ এইজনী।' লাজত ৰঙা-ছিঙা পৰা মোৰ বাইদেউ সবিতাৰ উত্তৰ। সঁচাই, নাৰীৰ সৌন্দৰ্য আনে ক'ত দেখে নাজানো। কিন্ত্ত মই দেখা পাঁ

 
 
 
জেঠাই আহিল

অমলা আজি পাঁচবছৰৰ মূৰত মাকৰ ঘৰলৈ আহিছে । সেইযে মাক ঢুকাওঁতেই অহা, ইমানদিনে অহা নাছিল।হওঁতে অমলাৰ এতিয়া তিনিকুৰি পাচঁবছৰ হৈছে। এই বয়সত ইমান দূৰ অকলে আহিব নোৱাৰে,লগত এটা সাৰথি লাগে।শৰীৰ ভাল থাকোঁতে অম

 
 
 

Comments


bottom of page