top of page

( বিশ্ব নাৰী দিবস উপলক্ষে সকলো প্ৰিয় নাৰীলৈ শুভকামনাৰে )

(১)

তোমাৰ কথা যেতিয়াই ভাবোঁ ,

স্মৃতিয়ে উৰুৱাই লৈ যায় অতীতলৈ ।

মনত পৰে কেৱল পানী খাই কামলৈ ওলাই যোৱা

সেই অঘৰী দিনবোৰ ,

মনত পৰে নিমখ-তেলৰে ভাত খাই শুই পৰা

সেই দীঘল নিশাবোৰ ,

মনত পৰে সেই উশৃংখল দিনচৰ্যা ,

যিয়ে কৰি তুলিছিল খঙাল আৰু ৰুগীয়া ।


মনত পৰে বিয়াৰ পিছত আৰম্ভ হোৱা

তোমাৰ সহ্য আৰু ধৈৰ্যৰ পৰীক্ষাবোৰ ,

মনত পৰে এসাজ একেলগে খাবলৈ কৰা

তোমাৰ অপেক্ষাৰ মূহুৰ্তবোৰ ,

মনত পৰে সংসাৰখন গঢ়িবলৈ

তুমি কৰা সাধনাৰ সময়বোৰ ।

মনত পৰে শুকান খহটা ওঠৰ প্ৰতি

তোমাৰ চৰম বিতৃষ্ণা ,

যাৰ বাবে চিৰদিনলৈ ত্যাগ কৰিছিলোঁ

ছিগাৰেটৰ চুম্বন ;

মনত পৰে তাচপাতে উদং কৰা ফটা মানিবেগত

তোমাৰ অশ্ৰুৰ টোপাল ,

যাৰ বাবে এৰি আহিবলৈ বাধ্য হৈছিলোঁ

নিশাচৰৰ পুৰণা ঠিকনা ।


(২)

এতিয়া সকলো সলনি হৈ গ'ল ;

তোমাৰ হাতৰ চাহ কাপৰ বাবে

এতিয়া ৰৈ থাকোঁ সময়ৰ সহস্ৰ পল ,

তোমাৰ হাতৰ ভাত সাজৰ বাবে

এৰি আহোঁ নানা লোভনীয় নিমন্ত্ৰণ ।

আমিষ-নিৰামিষ সকলো পাগত উঠে তোমাৰ হাতত ,

পিঠা-পৰমান্ন সকলো সুস্বাদু হয় তোমাৰ হাতত ।


তোমাৰ আঙুলিৰ স্পৰ্শত বাজি উঠে

শৰীৰৰ চেটাৰ-গীটাৰৰ তাৰবোৰ ,

তোমাৰ হাতৰ স্পৰ্শত প্ৰাণ পাই উঠে

ঘৰৰ নিস্প্ৰাণ বস্তুবোৰ ,

তোমাৰ হাতৰ যাদুত ফুলি উঠে

ফুলনিৰ নুফুলা ফুলবোৰ ।


তোমাৰ হাততে ধ্বংস হয়

জীৱনৰ অনেক আসুৰিকতা ,

তোমাৰ হাততে সৃষ্টি হয়

গল্প-উপন্যাসৰ কত আদৰ্শ নায়ক-নায়িকা ,

তোমাৰ কণ্ঠত ৰাগ হংসধ্বনী ,

তোমাৰ দুভৰিত ভাৰত-নাট্যম কথাকলী।


তোমাৰ হাতৰ চাউলকেইটাৰ বাবেই

চোতালত ওমলেহি বুলবুলি আৰু শালিকী ,

তোমাৰ হাতৰ বিস্কুট কেইটুকুৰাৰ বাবেই

পিছে-পিছে ঘূৰি ফুৰে টমী আৰু পুচী ।


বিদ্যালয়ত তুমি , কাৰ্যালয়ত তুমি ,

আকাশত তুমি , ৰাজপথত তুমি ,

হস্পিটালত অসুখীয়া আত্মীয়ৰ কাষতো তুমি ;

বাহিৰে ভিতৰে এতিয়া মাথোঁ তুমি আৰু তুমি ।

চাৰিওফালে তোমাৰেই শাসন ,

তুমি সম্ৰাজ্ঞী ।


(৩)


কিন্তু এয়া কেৱল তোমাৰ আৰু মোৰ কথা নহয় ;

সমাজৰ অগণন পুৰুষ-নাৰীৰ

জীৱন-মালিতা এনেকুৱাই !

অতীতত যদি উপেক্ষিতা ,

বৰ্তমান হয়তো সৰ্বজন সমাদৃতা !

এঘৰত যদি লাঞ্ছিতা ,

অনেক ঘৰত পূজিতা ।


কাৰণ তোমালোক কেৱল তেজ-মঙহৰ

একোটা সুকোমল শৰীৰ নোহোৱা ;

তোমালোক প্ৰকৃতি , তোমালোক ধৰিত্ৰী ,

তোমালোক মাতৃ ,তোমালোক শক্তি ,

আৰু তোমালোকেই মৰতৰ দেৱী ।।


ডাঃ হেমন্ত কুমাৰ গোস্বামী

নগাঁও, অসম

দূৰভাষ নং ৬০০১৭ ০৭৩৫১

Comments


bottom of page