top of page

বিষয় বস্তুত কিবা আবেগ থাকিব পাৰেনে

পদাৰ্থৰ গতিৰ কোনোবা পৰ্যায়ত

নিয়ত ভাবে গঢ়ি উঠে যি প্ৰাণ

জটিলতৰ ভাবে অসাম্যতাত দুলি ৰোৱা

ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ত্বৰণৰ

মাজত থাকেনে অনুভূতি ?



বিভেদহীন অৰ্নিদিষ্ট সংখ্যাৰ ধ্ৰুৱক ধৰি

ঠাৱৰ কৰিব পাৰিনে জীৱনৰ প্ৰশ্নোত্তৰ

পদাৰ্থৰ গতি অথবা জড়তা একাকাৰ হৈ

ফেনাই উঠে নিশাহ উশাহ  ।



যি প্ৰশ্নৰ উত্তৰ বিচৰা যায়

সি কেৱল শূণ্যৰ দৰে উপঙি থাকে

বাহ্যিক আৰু অন্তৰ্লীন শক্তিৰ ছন্দত

পদাৰ্থই প্ৰাণ পায় বিকাশৰ বাবে ।



কথাবোৰ সহজ কৰি একো লাভ নাই

জটিল কৰিলেও কোনো কথা অবোধ্য নহয়

অদূৰত পৰি থাকে পদাৰ্থৰ ধাৰণা

স্তব্ধ অসহ্যত জৰ্জৰিত জীৱই

শৰীৰত মুখ গুজে জীৱন বিচাৰি ।



বিষয় বস্তুৰ ৰ্নিদিষ্ট পদ্ধতি থাকেনে

পদাৰ্থৰ বিকাশৰ দৰে নিশ্চয়তাত

নিহিত হয়নে প্ৰাণ

পদাৰ্থৰ ৰূদ্ধ বিকাশতো

থাকিব পাৰে জীৱনৰ অনুভূতি ।



ড° প্ৰতাপজ্যোতি সন্দিকৈ

গুৱাহাটী, অসম ।

দূৰভাষ নং ৯৪৩৫০১২৯২০

Recent Posts

See All
সাঁৰথি

জীৱনৰ বৃদ্ধাৱস্থা অলস -সংগীবিহীন এক নিসংগ অৱস্থা যেতিয়া খোজ দিয়াৰ সাহসকনো হেৰাই যায় আপোনজনেই যেতিয়া কাষৰ পৰা নোহোৱা হয় তেতিয়া সেই ব্যক্তিজনৰ বাবে একমাত্ৰ ভৰষা হাতৰ লাখুটি ডাল যাৰ ভৰত জীৱনৰ শেষ অ

 
 
 
অপৰিমেয় সময়

অবিন্যস্ত বন্ধ কোঠাত, শব্দবোৰে পোখা মেলাৰ তাড়নাত নুবুজা ভাৱনাবোৰে সংগোপনে ঠিকনা বিচাৰে। ৰূপকথাৰ সুঁতিয়েদি উজাই আহে কবিতাৰ অলেখ আবেদন। প্ৰত্যয়েৰে সাজিম কবিতাৰ একোটা নিগাজী ঘৰ। জীৱনটো পিছে ইমান সহজো

 
 
 
আখৰ

(১) কটা - কটি আখৰৰ অতিশয় দৰকাৰী কৰি আগ-পিছ সলনি কৰিবৰ হল শিকনি সময়ৰ ভূমি উদ্দীপ্ত নাঙলৰ ফালত আখৰৰ আগ-পিছ কৰিবৰ হল । (২) নিলিখিলে লিখিব কোনে কথা কোৱাৰ সময়ো যে হল ঘহিবা কলম - দোৱাত লগতে দংশে দাগে হাত

 
 
 

Comments


bottom of page