top of page

সম্পৰ্কৰ এনাজৰী

সম্পৰ্ক এক নীৰৱ সুৰ

কেতিয়াবা হাঁহিৰে

কেতিয়াবা চকুলোৰে

হৃদয়ত এৰি যায় অনুৰাগ ।


'মা'ৰ স্নেহৰ কোমল স্পৰ্শ,

'দেউতা'ৰ হিয়াভৰা আশীৰ্বাদ,

ভাই-ভনীৰ হাঁহিৰ মাজত

সম্পৰ্কই পায় নতুন স্বাদ।


জীৱনৰ পৃষ্ঠাবোৰত

স্মৃতিৰ ৰঙীন আঁচ

সম্পৰ্কৰ এলবামত

সংযোজন নিতৌ নতুন ফটো ।


মৰম -ভালপোৱাৰ সেউজীয়া ডালত

পোখা মেলে নতুন পাত

নিঃশব্দতাৰে আগবাঢ়ে সময়

সম্পৰ্ক হয় নিৰৱ শূন্য ।


কেতিয়াবা নীৰৱতাইও

বহু কথা কয়,

এটা সঁচা সম্পৰ্কই

চকুৰ ভাষা বুজি পায়।


সুখৰ দিনত বহুত আহে,

দুখত যি হাত ধৰে—

সেইজনেই হয়

সম্পৰ্কৰ প্ৰকৃত অৰ্থ।


সম্পৰ্ক যদি সঁচা হয়,

সময়েও ভাঙিব নোৱাৰে,

হৃদয়ৰ গভীৰতাত

চিৰদিন জীয়াই থাকে।


সময়ৰ সোঁতত সলনি হয় জীৱন

সলনি হয় সম্পৰ্কৰ নাম

বন্ধুত্ব হয় আশাৰ বন্তি,

দুখৰ বাটতো শুনাই সাহসৰ গান।


সম্পৰ্ক কেৱল কথা নহয়,

ই এক অনুভৱৰ বাঁহী,

হৃদয়ৰ নিভৃত কোণত

চিৰদিনে বাজে সুৰৰ ঝংকাৰ ।



জ্যোতিকা বৰা

কামপুৰ, নগাঁও।

দূৰভাষ নং ৭৬৩ ৮০১১৫৮৩


Recent Posts

See All
অভিমানী তুমি

তুমি আহিলা নীৰৱে মোৰ হৃদয়ে সাৰ পালে কিন্তু তোমাৰ সেই নিঃশব্দ উপস্থিতিয়ে মোৰ অন্তৰত অলেখ প্ৰশ্নৰ জঁটাই দিলে। কেতিয়াবা ভাবো, এয়া কি সঁচাকৈ এক অনুভব? নে কোনো অন্য অনুভূতিৰ প্ৰতিফলন? ইয়াৰ কোনো ব্যাখ্যা না

 
 
 
মানৱতাৰ প্ৰহৰী

কবি সংস্কৃতিৰ ধ্বজাবাহক মানৱতাৰ প্ৰহৰী বাস্তৱৰ কঠিনতাত বালিত সোণ বুটলি সপোনপুৰীৰ সন্ধান দিয়া এক ভৱিষ্যত দ্রষ্টা নিৰৱ স্ৰষ্টা । কবিৰ চাকত সৃষ্ট কাব্য জ্ঞানপিপাসুৰ কল্পবৃক্ষ হৃদয়ৰ পৰা হৃদয়লৈ অমৃত সঞ্চাল

 
 
 
অপ্ৰত্যাশিত

বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ বছৰতে মানসীয়ে পুলকেশক লগ পাইছিল । পুলকেশ তাইতকৈ এক শ্ৰেণীৰ আগৰ আছিল । মানসীৰ বান্ধবী অৰুণিমাই এদিন বিশ্ববিদ্যালয়ৰ চৌহদৰ ৰঙা কৃষ্ণচূড়া ফুল গছজোপাৰ তলত ৰৈ পুলকেশৰ লগত তা

 
 
 

Comments


bottom of page