সম্পৰ্কৰ এনাজৰী
- জ্যোতিকা বৰা

- May 23
- 1 min read
সম্পৰ্ক এক নীৰৱ সুৰ
কেতিয়াবা হাঁহিৰে
কেতিয়াবা চকুলোৰে
হৃদয়ত এৰি যায় অনুৰাগ ।
'মা'ৰ স্নেহৰ কোমল স্পৰ্শ,
'দেউতা'ৰ হিয়াভৰা আশীৰ্বাদ,
ভাই-ভনীৰ হাঁহিৰ মাজত
সম্পৰ্কই পায় নতুন স্বাদ।
জীৱনৰ পৃষ্ঠাবোৰত
স্মৃতিৰ ৰঙীন আঁচ
সম্পৰ্কৰ এলবামত
সংযোজন নিতৌ নতুন ফটো ।
মৰম -ভালপোৱাৰ সেউজীয়া ডালত
পোখা মেলে নতুন পাত
নিঃশব্দতাৰে আগবাঢ়ে সময়
সম্পৰ্ক হয় নিৰৱ শূন্য ।
কেতিয়াবা নীৰৱতাইও
বহু কথা কয়,
এটা সঁচা সম্পৰ্কই
চকুৰ ভাষা বুজি পায়।
সুখৰ দিনত বহুত আহে,
দুখত যি হাত ধৰে—
সেইজনেই হয়
সম্পৰ্কৰ প্ৰকৃত অৰ্থ।
সম্পৰ্ক যদি সঁচা হয়,
সময়েও ভাঙিব নোৱাৰে,
হৃদয়ৰ গভীৰতাত
চিৰদিন জীয়াই থাকে।
সময়ৰ সোঁতত সলনি হয় জীৱন
সলনি হয় সম্পৰ্কৰ নাম
বন্ধুত্ব হয় আশাৰ বন্তি,
দুখৰ বাটতো শুনাই সাহসৰ গান।
সম্পৰ্ক কেৱল কথা নহয়,
ই এক অনুভৱৰ বাঁহী,
হৃদয়ৰ নিভৃত কোণত
চিৰদিনে বাজে সুৰৰ ঝংকাৰ ।
জ্যোতিকা বৰা
কামপুৰ, নগাঁও।
দূৰভাষ নং ৭৬৩ ৮০১১৫৮৩


Comments