top of page

শিলৰ কথাৰে

শিল

মানুহতকৈ প্ৰাচীন ;

চিকাৰী শিলবোৰ

খঙত অগ্নিশৰ্মা হোৱাৰ দিন ধৰি

পূজা কৰি আহিছো শিলক ।


এদিন শিলাকূটীয়ে

কুন্দত কাটি উলিয়াইছিল

বুৰঞ্জীৰ নিৰ্জৰ শৰীৰ ,

যি সেতুবন্ধন হৈ

মাটি- পানী সকলোতে

আজিও বিদ্যমান ।


উজুটিৰ শিলগুটিয়ে

দিক্ দৰ্শন কৰোৱাদি

শিলৰ হৃদয়েও কেতিয়াবা

ভৰহীন কৰে জীৱন ।



পূবালী বৰুৱা শৰ্মা

মুঢ়াতেতেলী ' চন্দ্ৰালয় ' শোণিতপুৰ ।

দূৰভাষ নং ৮০১১১২৩৫৫৬

Recent Posts

See All
জ্যোতি

(জুবিন গাৰ্গৰ স্মৰণত) হে মহান নক্ষত্ৰ তুমি কি বুলি জনাও প্ৰণতি তোমাৰ শত সহস্ৰ গীতেৰে ওলাই অহা মানৱ জীৱনৰ সম্বন্ধ থকা মিঠা মিঠা শব্দবোৰ ভাষাৰ সাৱলীলতা দেশ প্ৰেমৰ গোন্ধ আৰু যুক্তিৰ দৃঢ়তাই মনত পেলাই দিয

 
 
 
ৰ'দৰ দৰে কথাবোৰ

কিশোৰটোৱে ধূলি -বালিৰ মাজতেই জীৱনৰ সপোন আঁকিছিল। চুবুৰীয়াৰ বাৰীত আম কঁঠাল বিচাৰি থাকোতে হেৰুৱালে তাৰ পঢ়াশালিৰ বাট। পিতাইৰ চহা জীৱনৰ ৰ'দে পোৰা পৃষ্ঠাবোৰে শিকাব খুজিছিল তাক কঠিন জীৱনৰ প্ৰত্যয়ৰ খোজ। পি

 
 
 
জীৱন নদী

জীৱন এখন নদী, নীৰৱে বৈ যায় দিনে-নিশাই। কেতিয়াবা শান্ত স্নিগ্ধ সোঁত, কেতিয়াবা প্ৰচণ্ড বেগে বৈ যায়। নিজৰ পথ নিজেই গঢ়ি, আগুৱাই যায় অবিৰাম; বাধা-বিপত্তি নেওচি লৈ, ধৰে আশাৰ নতুন ধাম। কেতিয়াবা শুকান

 
 
 

Comments


bottom of page