top of page

মনে বাৰুকৈয়ে সুধিছে

বৈ আছে লুইত

সময়ো বাগৰিছে

দিন-ৰাতি একাকাৰ কৰি

অসমে কান্দিছে।


সেই কণ্ঠ আজি যে স্তব্ধ,

সিংহৰ গৰ্জন কিয় হ’ল লুপ্ত—

মনে বাৰুকৈয়ে সুধিছে!


ৰঙৰ ব’হাগত

এইবাৰ ৰঙবোৰ সেমেকিল,

গীতৰ মায়া

চকুলোৰে বিয়পিল।


নতুন বছৰটিত, ব’হাগৰ মঞ্চখনিত

কিয় বাৰু শুনা নাই "আশা"!

গাবলৈ নোহোৱা হ’ল "ৰুমাল", "অনামিকা"।


সেই কণ্ঠ আজি যে স্তব্ধ,

সিংহৰ গৰ্জন কিয় হ’ল লুপ্ত—

মনে বাৰুকৈয়ে সুধিছে!

মনে বাৰুকৈয়ে সুধিছে!!



হিমাংক শৰ্মা

নগাঁও, অসম

দূৰভাষ নং ৬০০১৩ ০২৫১২

Recent Posts

See All
সহজ কথা

বিষয় বস্তুত কিবা আবেগ থাকিব পাৰেনে পদাৰ্থৰ গতিৰ কোনোবা পৰ্যায়ত নিয়ত ভাবে গঢ়ি উঠে যি প্ৰাণ জটিলতৰ ভাবে অসাম্যতাত দুলি ৰোৱা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ত্বৰণৰ মাজত থাকেনে অনুভূতি ? বিভেদহীন অৰ্নিদিষ্ট সংখ্যাৰ ধ

 
 
 
সাঁৰথি

জীৱনৰ বৃদ্ধাৱস্থা অলস -সংগীবিহীন এক নিসংগ অৱস্থা যেতিয়া খোজ দিয়াৰ সাহসকনো হেৰাই যায় আপোনজনেই যেতিয়া কাষৰ পৰা নোহোৱা হয় তেতিয়া সেই ব্যক্তিজনৰ বাবে একমাত্ৰ ভৰষা হাতৰ লাখুটি ডাল যাৰ ভৰত জীৱনৰ শেষ অ

 
 
 
অপৰিমেয় সময়

অবিন্যস্ত বন্ধ কোঠাত, শব্দবোৰে পোখা মেলাৰ তাড়নাত নুবুজা ভাৱনাবোৰে সংগোপনে ঠিকনা বিচাৰে। ৰূপকথাৰ সুঁতিয়েদি উজাই আহে কবিতাৰ অলেখ আবেদন। প্ৰত্যয়েৰে সাজিম কবিতাৰ একোটা নিগাজী ঘৰ। জীৱনটো পিছে ইমান সহজো

 
 
 

Comments


bottom of page