top of page

বিনিময়

মৰম পালে

হৃদয় বীণাত ঝংকাৰিত হয়

প্রাপ্তিৰ মহানন্দ

বিনিময়ত যাচোঁ

এমোকোৰা নিভাঁজ হাঁহি

আৰু আলফুলীয়া চেনেহ-সনা পৰশ।


মই বোলে দুষ্ট,

পিছে দুষ্টৰ লগতহে !

মনত দুখ দিলে

প্রতিশোধ লওঁ -

হয় কন্দা -কটা কৰি ,

নহয় উপেক্ষা বা অৱজ্ঞা কৰি।


প্রশংসা কৰিলে

দেখুৱাওঁ দুগুণ উৎসাহ,

অন্যথা

মই শিলৰ খুঁটি

চেষ্টাক কৰোঁ

বৃথা নিষ্ফল ।


আমাৰো এটা মন আছে

আছে আকাশচুম্বী হেঁপাহ

আমি একোটি সদ্য অংকুৰিত বীজ মাথোঁ।


মৰমেৰে আপডাল কৰিলে

উপযুক্ত পৰিৱেশ পালে

আমিও জকমকাই ফুলি


সুৱাস বিলাব পাৰোঁ

মন- মগজুৰ ডালে ডালে

সুমধুৰ ফল হৈ যোগাব পাৰোঁ

জ্ঞানপিপাসুৰ জ্ঞানসুধা

আৰু

অজলা-নিচলাৰ অন্নক্ষুধা।



মনোজ কুমাৰ শৰ্মা (অভিযন্তা)

নগাঁও, অসম

দূৰভাষ নং ৯৪৩৫১ ৬০৫৩২



Recent Posts

See All
উশাহ

হেল্ল’, কোন তুমি? মই? মই--মই । নাম? উপাধি? কোনো নহয়। কীট-পতংগ যিদৰে নিজৰ পথত, নিজৰ গতিত, মই সময় ধূলিৰ খোজত । পৃথিৱীখন নৰয় সুখতো দুখতো কাৰো বাবে কোনোৱেই নৰয় একোৱেই নৰয় । মোৰ নাম, মোৰ ঘৰ, সম্পৰ্ক, পৰিচয়

 
 
 
ভিৰৰ মাজত স্তব্ধ জীৱন

ভিৰৰ মাজত স্তব্ধ জীৱন শব্দৰ মাজত কেৱল কোলাহল হাজাৰ মুখৰ হাঁহিৰ মাজতো বুকুৰ ভিতৰখন নিমাত, অচল। দিনৰ ব্যস্ততাতেই ৰাতিবোৰ হয় দীঘলীয়া নিদ্ৰাৰ মাজতো সাৰে থাকে এটি মন—ভীষণ অকলশৰীয়া। চন্দ্ৰটোৱে নীৰৱে চাই

 
 
 
অশান্ত জনতা

শাওনৰ সেমেকা নিশা বাৰিষাৰ মেঘৰ আঁৰত লুকাভাকু খেলা দশমীৰ জোনটোৱে পৃথিৱীৰ বুকুলৈ সিঁচি দিছে ৰূপালী বিষাদৰ কিৰণ। আকাশৰ বুকুত বৰষুণৰ অন্তহীন ধাৰা ভাব হয় আকাশে যেন নীৰৱে কান্দিছে। কিমান কান্দিব আৰু! এদিন

 
 
 

Comments


bottom of page