বেদখলকাৰী
- পলী মজুমদাৰ

- 3 days ago
- 1 min read
Updated: 2 days ago
সজীৱ অৰণ্যখন চকুৰ আগতেই
নোহোৱা হৈ পৰিল!
এদিন তাত আছিল এখন সেউজ অৰণ্য
চিনাকি অচিনাকি বহু গছ-লতিকাৰে
এক আৰণ্যক প্ৰাচীন ভূমি,
বনফুলৰ সুগন্ধত
নানা ৰঙী পখিলাৰ ব্যাকুলতা
আৰু পক্ষী কুলৰ কল-কাকলিৰে
এখন সজীৱ ধৰণী ।
আৰু লাহে লাহে সেই অৰণ্যতেই
আগ্ৰাসন চলিল বেদখলকাৰীৰ,
গছবোৰ এডাল দুডালকৈ
বাগৰি পৰিল,,,
হেৰাই গ'ল চিৰদিনৰ বাবে
সেই অনাঘ্ৰাত বনৰীয়া ফুল আৰু পখিলাবোৰ...
সৰি পৰিছিল
অনেক পক্ষীৰ বাহবোৰ ...
অৰণ্য আৰু গছ-লতিকাৰ ঠাইত
গজালি মেলিল
এচাম অনাকাঙ্খিত
প্ৰকৃতি নিধনকাৰীয়ে।
অৰণ্য আমাৰ প্ৰাণ!
পশু-পক্ষী আৰু কীট-পতঙ্গৰে সন্তুলিত
ধৰণী এখন আমাৰ কাম্য ---
উচ্ছেদে যদি গঢ়িব পাৰে
সেউজ অৰণ্য ...
উচ্ছেদে যদি সৃষ্টি কৰিব পাৰে
অনেক পশু-পক্ষীৰ
নিৰলা আলয় ---
তেতিয়া হলে সেয়াই আমাৰ কাম্য ।।
মোৰ জন্মভূমি হওক সেউজীয়া
মাথোঁ সেউজীয়া ,
হৈ পৰক চাৰিওফালে
সেউজীয়াৰ আচ্ছাদন !!
পলী মজুমদাৰ
মৰিগাঁও ,অসম ।
দূৰভাষ নং ৮৬৩৮৮ ৭১০৬০





Comments