top of page

মোৰ বুকুৰ মাজত আজিও জ্বলি আছে

সেই প্ৰাচীন জুইকুৰা।

ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰোঁ যাৰ দহন ।

সময়েও নিৰ্বাপিত কৰিব নোৱাৰা

উদ্ভাসিত প্ৰেমৰ শিখা ।

চেতনাৰ চোতালত জপিয়াই উঠে

যুৱক স্বপ্ন

মই তৰুণ মই তৰুণ।

হেলাৰঙে অৱহেলা কৰোঁ

মোৰ বয়সৰ জৰাজীৰ্ণ পোচাক।

সৃষ্টিৰ কঠিয়াতলীত সিঁচি

অংকুৰিত বীজ

তৰুণ চেতনাৰে জীয়াই থাকো

চিৰকাল।



ৰাতুল চেতিয়া ফুকন

সোণাৰি চৰাইদেউ

দূৰভাষ নং ৯৪০১০৯৩৫০২

Recent Posts

See All
নীৰাৰ সৈতে এখন্তেক

" আপোনাক মানে আই মিন তোমাক মই ক'ৰবাত লগ পাইছিলো । কিন্তু ক'ত পাইছিলো ঠিক মনত পেলাব পৰা নাই । " সেই একেই ঢৌ খেলি যোৱা চুলি , ওঁঠত তিল , সৰোবৰৰ দৰে শান্ত চকু । এইবোৰ কি পাহৰা যায় । এবাৰ দেখিলেইতো ------

 
 
 
ডেমকেয়াৰণী

বনকৰা ল'ৰাটােৱে ফোপাই-জোপাই আহি উশাহ নসলোৱাকৈ কৈয়ে থাকিল--'বাইদেউ, বাইদেউ,ৰাহুল দাদাৰ বােলে 'এক্সিডেণ্ট' হ'ল। সব মানুহ খবৰ লবলৈ গৈছে। আপুনি নাযায়?' ৰাহুল মানে আমাৰ চুবুৰীৰ নিৰেণ কলিতাৰ ল'ৰা। এইবাৰ স্

 
 
 

Comments


bottom of page