top of page

প্ৰত্যাৱৰ্তন

বয়সৰ এটা পৰ্যায়ত মানুহে কেতিয়াবা অনুভৱ কৰে -জীৱনত বহু দিঘলীয়া পথ অতিক্ৰম কৰা হ’ল অথচ অতি নিকট, নিজা , এনেকুৱা এটা চমুপথ থাকি গ’ল য’ত খোজ দিয়ায়েই নহ’ল৷ হেমন্ত গোস্বামীয়ে এই অনুভৱটোকে বহুদিন ধৰি উপেক্ষা কৰি আহিছিল ৷


হেমন্ত গোস্বামী দগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰপৰা অৱসৰ লৈ লিখা -মেলাত হাত দিছে ৷ ইতিমধ্যে স্থানীয় কেইবাটাও অনুষ্ঠানৰ সভাপতিৰ পদ গ্ৰহণ কৰিছে ৷ অধ্যয়ন কৰা,বিভিন্ন কাকতলৈ দিবলগীয়া প্ৰবন্ধ প্ৰস্তুত কৰা ,সভা-সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰা আদি কামত হেমন্ত গোস্বামী মহাবিদ্যালয়ৰ জীৱনতকৈ বেছি ব্যস্ত হ’ল ৷ আজি গুৱাহাটীত এখন সভা আছে ৷ বিশিষ্ট অতিথি ৷ ইয়াৰ কিছু আগতীয়া প্ৰস্তুতিৰ বাবে তেওঁ কিতাপ এখনত মনোনিৱেশ কৰিছে ৷


       মানুহজনৰ পঢ়াৰ টেবুলত ৰাতিপুৱাৰ চাহকাপ থৈ প্ৰণতীয়ে ক’লে -“জানানে, আমাৰ মাজৰ কথাবোৰ কমি গৈছে ৷”


কিতাপৰ পৰা চকু নুঠোৱাকৈ মানুহজনে ক’লে -“ এই বয়সত নতুন কথা কি থাকিব পাৰে ?”


ক্ষন্তেক মৌন হৈ থাকি প্ৰণতীয়ে ক’লে -“নতুন কথা নাথাকিব পাৰে ৷ কিন্তু নতুন নিৰৱতা আহিছে ৷ সেইটোলৈ মোৰ ভয় লাগে ৷”


হেমন্তই প্ৰণতীৰ কথাটোত গুৰুত্ব দিব লাগে বুলি নাভাবিলে ৷ একেই মনোযোগেৰে কিতাপখনত দৃষ্টি নিবদ্ধ কৰি থাকিল ৷


প্ৰণতী গোস্বামীও এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকা ৷ শিক্ষকতাৰ জীৱনটো অতি নিয়াৰিকৈ পাৰ কৰিবলৈ যত্ন কৰোঁতে জীৱনত অন্য কিবা উপভোগৰ বিষয় থাকিব পাৰে বুলি ভবাই নহ’ল ৷ শেষৰ বছৰকেইটাত অৱসৰী জীৱনটো ভালদৰে উদ্‌যাপন কৰাৰ সংকল্প এটাই মনত খোপনি পুতিছিল ৷ দুয়োজনে জীৱনৰ গধূলিটো উপভোগ কৰিম ৷ ঘূৰিম ,ফুৰিম,পঢ়িম , ফুলৰ বাগিছা বনাম ৷ পিছে বাস্তৱত সেয়া হৈ উঠা নাই ৷ মানুহজনৰ আজি সময় নাই ৷


কিছুমান কথা মুখৰ ভাষাৰে বুজোৱা নাযায় ৷ মানুহজনীক বুজি পাব বুলি প্ৰণতী মানুহজনৰ পঢ়া টেবুলৰ কাষত কিছুসময় থিয় হৈ  থাকিল ৷ সময় বৰ নিষ্ঠুৰ ৷ কাপৰ চাহখিনিৰ দৰে মানুহজনীৰ শৰীৰটো ক্ৰমশ চেঁচা হৈ আহিল ৷


- “আজি তুমি নাযাবা নেকি ? বহুদিন হ’ল আমি দুয়ো একেলগে ক’তো যোৱা নাই ৷ আজিতো ঘৰতে থাকা ৷”


হেমন্তই মৃদুভাৱে হাঁহিলে -“এই সভাখন এৰিব নোৱাৰি ৷ বহু মানুহ অপেক্ষা কৰি থাকিব ৷”


- হয় , সকলোৱেই অপেক্ষা কৰে ৷ কেৱল মই নকৰোঁ ? শব্দকেইটা ওঁঠলৈকে আহি ৰৈ গ’ল ৷ প্ৰণতীয়ে একো নক’লে ৷


দহবজাত ড্ৰাইভাৰে গাড়ী উলিয়ালে ৷ হেমন্তই যথাৰীতি গাড়ীৰ দুৱাৰখন খুলি দুৱাৰমুখত ৰৈ থকা প্ৰণতীলৈ চালে ৷ প্ৰণতীয়েও চাই থাকিল ৷ বিদায়ৰ বাবে প্ৰণতীৰ হাতখন ওপৰলৈ নুঠিল ৷


ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী নব্বৈৰ আশ পাশৰ গতিত চলি আছে ৷ বাহিৰৰ গছগছনি,সেউজীয়া পথাৰ ,দূৰৰ নীলিম আকাশ সমান গতিত পিছলৈ ধাবমান ৷ দুৱাৰমুখত নিৰ্বিকাৰ ভাৱত ৰৈ থকা প্ৰণতীৰ মুখখনে হেমন্তক মাজে মাজে আমনি কৰি থাকিল ৷ মানুহজনীৰ মুখতকৈ মৌনতাই বেছি কথা কয় ৷ মানুহজনীৰ বহু অভিমান , বহু প্ৰতিবাদ এনেদৰেই নিৰ্বাপিত হৈ যায় মৌনতাত ৷ সৰু সৰু আক্ষেপবোৰ জমা হৈ হৈ


কেতিয়াবা লাভা হৈ যায় নে ? যায় নে জলন্ত আগ্নেয়গিৰি হৈ কেতিয়াবা মানুহ ? নাই , প্ৰণতী তেনেকুৱা নহয় ৷ হেমন্তৰ বুকুখন মোচৰখাই উঠিল ৷ এক অজান শীতলতাই তেওঁৰ বুকুখনক হেঁচি ধৰিলে ৷ কৰুণ ,শুকান এহালি চকু  মানসপটত উজলি উঠিল ৷ নুফুটা শব্দৰ এযোৰি ওঁঠত এক মৃদু কম্পন ৷ আস! এইজনী মোৰ প্ৰণতী ?


বিভিন্ন কাকত আলোচনীত মানৱীয় প্ৰমূল্যবোধ, মানৱিক সম্পৰ্ক,মানুহৰ পাৰস্পৰিক স্নেহ-শ্ৰদ্ধা আদি বিষয়ক কিমান লেখা লিখিলে তেওঁ ! এইবিলাক বিষয়কে লৈ মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত ছাত্ৰ -ছাত্ৰীক কিমান বুজালে ! ফেচবুকত প্ৰকাশিত তেওঁৰ লেখাৰ কিমান প্ৰশংসা ! কিমান স্বীকৃতি ! একমাত্ৰ সন্তান আছে বিদেশত ৷ ঘৰখনত কোনো অতিৰিক্ত শব্দ নাই ৷ নিৰৱতা ৷ কেৱল নিৰৱতা ৷সঁচা কথা , নিৰৱতা ভয়ংকৰেই ৷ কেৱল কোঠাবোৰৰ মাজতেই নিৰৱতাই বাহ লোৱা নাই ,আমাৰ দুয়োৰে মাজতো ই নিগাজি হৈ বহিছে ৷ এই নিৰৱতাক লৈ প্ৰণতীয়ে ভয় কৰিবলগীয়া কথাই ৷


- "বুবুল , গাড়ী শ্লো কৰা ৷"


- "ছাৰ , চাহ খাব ?"


-" নহয়, গাড়ী ঘূৰোৱা ৷"


- "মানে ছাৰ ?"


- "গুৱাহাটীলৈ আৰু নাযাওঁ ৷ ঘৰলৈ গাড়ী ঘূৰোৱা ৷"


- "আপোনাৰ বেয়া লাগিছে নেকি ছাৰ ?"


- "তেনেকুৱাই ৷ ব’লা উভতি যাওঁ ৷"


বুবুলে ইউটাৰ্ণ লৈ গাড়ীৰ এক্সলেটৰ দবালে ৷ পদূলিৰ মুখত গাড়ীৰ শব্দ ৷ চিনাকি ৷খৰধৰকৈ প্ৰণতী বাহিৰলৈ ওলাল ৷ দেখে বুবুলে গাড়ীৰ দুৱাৰ খুলিছে ৷ হেমন্ত গাড়ীৰ পৰা নামি প্ৰণতীলৈ চালে ৷


- "কিবা এৰি গ’লা ?:


- "ওঁ ৷"


- "কি থাকিল ?"


- "ব’লা ভিতৰলৈ ৷"


বুবুলক বিদায় দি দুয়ো ঘৰ সোমাল ৷ মানুহজনে নোকোৱাকৈয়ে প্ৰণতী নিশ্চিত হ’ল গুৱাহাটীৰ যাত্ৰা বাতিল হ’ল ৷


- "কিয় উভতি আহিলা ? "


- "মই তোমাৰ কাষলৈ উভতি আহিছোঁ ৷"


- "ধেমালি এৰা ৷ কি হ’ল ?"


-"সঁচাকৈ কৈছোঁ ,বহুত হ’ল ৷ নিজৰ মানুহজনীক বাদ দি কোনো প্ৰশংসাৰ ,কোনো স্বীকৃতিৰ অৰ্থ নাই ৷ মই তোমাক কথা দিছোঁ , আজিৰপৰা তোমাক সময় দিম ৷ দূৰ কৰিম তোমাৰ ভিতৰৰ সমস্ত নিসংগতাৰ দুখ ৷ "


কথাকেইটা কৈ হেমন্তই প্ৰণতীৰ হাতদুখন নিজৰ হাতত তুলি ল’লে ৷ ক্ষন্তেক নিৰৱতা ৷ দুয়োৰে চকুত বিৰিঙি উঠিল বিন্দু বিন্দু জলকণা ৷ হাতদুখন উষ্ম হৈ উঠিল ৷ দুয়োৰে অনুভৱ হ’ল নিৰৱতাতো শব্দ থাকে ৷



ত্ৰিদিৱ লস্কৰ

নগাঁও, অসম ।

দূৰভাষ নং  ৯৯৫৭৭১১১৮৯



Recent Posts

See All
প্ৰহসন

চিল্ মিলকৈ টোপনি আহিছিলহে , মোবাইলৰ শব্দত সাৰপাই উঠিলো। ডাক্তৰৰ ঘৈণীয়েক হ'লে এইটোৱেই সমস্যা।খোৱা-বোৱা, ফুৰা-চকা ক'তো শান্তি নাইকিয়া হয়। সকলোৱেই ডাক্তৰৰ টকা-পইচা সৰহ হোৱাহে দেখে , কিন্তু ঘৈণীয়েকজনী

 
 
 
অমাতৰ মাত

গৰমৰ বন্ধৰ প্ৰথম দিন। শ্যামলী আৰু শান্তনু আজি পুৱা সোনকালেই শোৱাৰ পৰা উঠিল। আজি আৰু বাৰে-বাৰে আহি সিহঁতক জগাব লগা নহ'ল। আন দিনা হ'লে কিমানবাৰ যে মাত দিব লাগে! তাকে ভাৱি মাক হিচাপে শেৱালী আচৰিত হোৱাৰে

 
 
 
দিখৌ পাৰৰ দুখ

"অথিৰ ধন-জন, জীৱন-যৌৱন , অথিৰ এহু সংসাৰ" মাজে-মাজে জীৱনলৈ বিৰাগ ভাৱ আহে । সকলো অৰ্থহীন যেন লাগে । ধন-সম্পত্তি, ভোগ-বিলাস সকলো তেনেই ক্ষন্তেকীয়া যেন লাগে । নিয়তিয়ে মানুহৰ ভাগ্যক ভেঙুচালি কৰা যেন লাগ

 
 
 

Comments


bottom of page