নীলা খামৰ চিঠিৰ আবেগ
- সুৰজিৎ গোস্বামী

- May 25
- 5 min read

নীলা খামৰ চিঠি মানেই যেন এসময়ৰ - এক বিশেষ আবেগ, অপেক্ষা আৰু অন্তৰৰ সংযোগ।মোবাইল, WhatsApp বা ই-মেইল নথকা সময়ত এই নীলা খামৰ ভিতৰতেই মানুহে নিজৰ মৰম, দুখ, সুখ, অপেক্ষা আৰু ভালপোৱা সযতনে লিখি পঠিয়াইছিল।
নীলা খামৰ চিঠিখন ডাকোৱালে ঘৰত দি যোৱা পাচতেই এক উৎকণ্ঠাৰে খুলি চাইছিল—
কোনে লিখিছে? কি খবৰ আছে?
আঁতৰত থকা পুত্ৰৰ বাতৰি , সেনাত থকা স্বামীৰ খবৰ, দূৰত থকা বন্ধুৰ মৰম—সকলো যেন সেই নীলা খামখনতেই সজীৱ হৈ আহিছিল।
চিঠিৰ কাগজত হাতৰ লিখনিয়ে কঢ়িয়াই আনিছিল - কেতিয়াবা চকুপানীৰ টোপাল, কেতিয়াবা সুগন্ধি, কেতিয়াবা শুকান ফুলৰ পাপৰি । চিঠি যেন কেৱল শব্দৰ সমষ্টি নাছিল , আছিল হৃদয়ৰ স্পন্দন ।
আজিৰ ডিজিটেল যুগত বাৰ্তা মুহূৰ্ততে আহে, কিন্তু সেই অপেক্ষাৰ আনন্দ, ডাকোৱালৰ চাইকেলৰ টিলিঙাৰ চিনাকি শব্দ আৰু নীলা খাম খুলি পঢ়াৰ হেঁপাহ বহু পৰিমাণে হেৰাই গ'ল।
সেয়েহে “নীলা খামৰ চিঠি” আজিও বহুজনৰ বাবে স্মৃতি, আবেগ আৰু অতীতৰ এক মিঠা অনুভূতি ।
"জুনুক কৰি বাজিল জুনুকা ।
"চেনিমৰা বাগিচাৰ চিঠি লৈ কোবাল খোজেৰে গুছি গ’ল ডাকোৱাল ।
গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল ।"
- কবি হীৰেণ ভট্টাচাৰ্য।
হীৰুদাই তেখেতৰ এই কবিতাত ডাকোৱালক বসন্তৰ বাৰ্তাবাহকৰ ৰূপত চিত্ৰিত কৰিছে যদিও এই 'ডাকোৱাল'ৰ চৰিত্ৰৰ লগত আমাৰ নব্বৈৰ দশকৰ আগৰ লোক সকলৰ যেন এক নিবিড় সম্বন্ধ আছিল । আগতে মানুহৰ মাজত 'ডাকোৱাল' আছিল এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সকলোৰে পৰিচিত চৰিত্ৰ। গাঁৱে গাঁৱে চিঠি, মানিঅৰ্ডাৰ, চৰকাৰী কাগজ-পত্ৰ কঢ়িয়াই অনা এই মানুহজনক সকলোৱে চিনি পাইছিল। ডাকোৱালৰ চাইকেলৰ টিলিঙাৰ শব্দতেই যেন গাঁৱলৈ কঢ়িয়াই অনা চিঠিৰ চিনাকি গোন্ধ গঞাই পাইছিল।
"সন্দেশে আতে হে, হুমেঁ তড়পাতে হেঁ
তো চিঠি আতি হেঁ, তো পুছ যাতি হেঁ
কে ঘৰ কব আৱোগে, লিখো কব আৱোগে
কে তুম বিন ইয়ে ঘৰ সুনা সুনা হেঁ---"
এই গানটো ১৯৯৭ চনৰ জে পি দত্তৰ পৰিচালিত 'বৰ্ডাৰ ' চিনেমাৰ এটি দেশপ্ৰেম মূলক গীত। গানটো লিখিছিল জাভেদ আখতাৰে, সুৰ দিছিল অনু মালিকে আৰু গাইছিল ছোনু নিগম আৰু ৰূপ কুমাৰ ৰাথোড়ে।
এই গানটোৱে ভাৰতীয় সৈনিকসকলৰ মনৰ বেদনাৰ কথা বৰ্ণনা কৰে। সৈনিকৰ পত্নী, মাক-দেউতাক আৰু গাঁৱৰ মানুহৰ সীমান্তত দেশৰ সুৰক্ষাত নিয়োজিত সৈনিক সকলৰ খৱৰ-বাতৰি লাভ কৰাৰ সেইসময়ৰ একমাত্ৰ মাধ্যম আছিল ডাকোৱাল জনে কঢ়িয়াই অনা হেপাহৰ 'চিঠি খন' ।
পৌৰাণিক যুগত আজিৰ দৰে আধুনিক ডাক ব্যৱস্থা নাছিল, কিন্তু মানুহে বাৰ্তা প্ৰেৰণ কৰাৰ বহুতো উপায় ব্যৱহাৰ কৰিছিল। এইবোৰেই পৰৱৰ্তী সময়ত ডাক সেৱাৰ ভিত্তি হৈ পৰিছিল বুলি ক'ব পাৰি-
ৰজা -মহাৰাজাসকলে নিজৰ বাৰ্তা পঠাবলৈ দূত , কটকী ,টেকেলা আদি ব্যৱহাৰ কৰিছিল। এই সকলে খোজকাঢ়ি , নাৱেৰে বা ঘোঁড়াত উঠি এঠাইৰ পৰা আনঠাইলৈ বাৰ্তা কঢ়িয়াই লৈ গৈছিল। উদাহৰণস্বৰূপে, মহাভাৰতত শ্ৰীকৃষ্ণক পাণ্ডৱৰ দূত হিচাপে কৌৰৱৰ ৰাজসভালৈ পঠোৱা কাহিনী আমি জানো । সেইদৰে ৰামায়ণত হনুমানে সীতাৰ সন্ধান পোৱাৰ পাছত ৰামক সেই খবৰ দিবলৈ আহিছিল—এইটোও হনুমানে পালন কৰা এক ধৰণৰ দূতৰ কাৰ্য বুলি আমি ক'ব পাৰোঁ। লিখিত ভাষা যেতিয়া প্ৰচলিত নাছিল তেতিয়া বহু সময়ত মানুহে মুখে-মুখে বাৰ্তা প্ৰেৰণ কৰিছিল।
কেতিয়াবা চিঠি বা বাৰ্তা পাৰ চৰাইৰ পাখীত বান্ধিও পঠোৱা হৈছিল। এই পদ্ধতি বিশেষকৈ যুদ্ধকালত বা দূৰলৈ বাৰ্তা প্ৰেৰণত ব্যৱহাৰ হৈছিল।
আমাৰ খগেন মহন্ত দেৱৰ গীতটো আমি বাৰ্তা প্ৰেৰণৰ বাহক ৰূপে পাৰ চৰাইৰ কথা উল্লেখ কৰা দেখিবলৈ পাওঁ -
"পাৰৰ পাখীত গাঠি দিলো · ফুলাম চিঠি খনি · জনাও বুলি জগত খনক · বিহুৰ ওলগনি · · "
সাংকেতিক ব্যৱস্থাৰ জৰিয়তে যেনে - জুইৰ ধোঁৱা ৰে , শিঙা বজাই বা ঢোল বজাই সংকেতৰে কিছুমান ঠাইত সময় সাপেক্ষে বাৰ্তা জনোৱা হৈছিল। এইবোৰ তৎক্ষণাত তথ্য প্ৰেৰণৰ আহিলা আছিল। অসমত বিদেশী বহিষ্কাৰৰ দাবীত হোৱা গণ আন্দোলনৰ সময়টো ডবা - কাহঁ বজাই তৎক্ষাণাত সাংকেতিক বাৰ্তা প্ৰেৰণ কৰা হৈছিল। ৪২'ৰ গণ আন্দোলনৰ সময়ত অবিভক্ত নগাঁও জিলাৰ বাৰপুজীয়াত শিঙা বজাই সংকেত প্ৰেৰণ কৰাৰ বাবেই ব্ৰিটিছৰ বন্দুকৰ গুলীত তিলক ডেকা শ্বহীদ হোৱা কথা আমি জানো।
পৌৰাণিক যুগত ডাক সেৱা আনুষ্ঠানিক ভাৱে সংগঠিত নাছিল, কিন্তু দূত, কটকী ,পক্ষী, সংকেত আদি ব্যৱস্থাৰ জৰিয়তে মানুহে যোগাযোগ স্থাপন কৰিছিল। এইবোৰেই পৰৱৰ্তী সময়ত আধুনিক ডাক ব্যৱস্থাৰ আৰম্ভণিৰ মূল ভিত্তি হিচাপে কাম কৰে।
আধুনিক ভাৰতত ডাক সেৱাই বিকাশ লাভ কৰিছিল ইংৰাজ সকলৰ শাসনৰ সময়ৰ পৰা ।
ভাৰতত আধুনিক ডাক ব্যৱস্থা আনুষ্ঠানিকভাৱে আৰম্ভ হয় 'ইষ্ট ইণ্ডিয়া কোম্পানীৰ' সময়ত।
১৭৬৬ চনত লর্ড ক্লাইভে প্ৰথমে এক ধৰণৰ ডাক ব্যৱস্থা স্থাপন কৰে, যি মূলত চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হৈছিল।১৮৩৭ চনত ভাৰতত প্ৰথম ডাক আইন প্ৰৱৰ্তন কৰা হয়। এই আইনে ডাক ব্যৱস্থাক কিছু সংগঠিত ৰূপ দিয়ে আৰু সাধাৰণ মানুহৰ বাবেও ব্যৱহাৰৰ পথ মুকলি কৰে।১৮৫৪ চনত লর্ড ডলহৌজিৰ উদ্যোগত ভাৰতত আধুনিক ডাক বিভাগ গঠন কৰা হয়।
এই সময়তেই প্ৰথম ডাক টিকটৰ ব্যৱহাৰ আৰম্ভ হয় আৰু এক সমান ডাক মাচুল প্ৰৱৰ্তন হয় ।ডাক সেৱা সাধাৰণ জনতাৰ বাবেও ক্ৰমে সহজলভ্য হৈ পৰে।
এই ব্যৱস্থাৰ আধাৰতেই আজিৰ (India Post)"ভাৰতীয় ডাক বিভাগ "গঢ় লৈ উঠিছিল।ইয়াৰ জৰিয়তে চিঠি, পাৰ্চেল, মানি অৰ্ডাৰ আদি সেৱা আগবঢ়োৱা হয়।
স্বাধীনতাৰ পিছত ভাৰতৰ ডাক ব্যৱস্থা অধিক উন্নত হয়— গ্ৰামাঞ্চললৈ ডাক সেৱাই বিস্তাৰ লাভ কৰে। লাহে লাহে স্পীড পোষ্ট, ৰেজিষ্টাৰ পোষ্ট আদি সেৱা প্ৰচলন হয়। বৰ্তমান ডিজিটেল যুগত অনলাইন ট্ৰেকিং সুবিধাও আহি পৰে।
পৌৰাণিক যুগৰ 'দূত' ব্যৱস্থাৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ যুগৰ সংগঠিত ব্যৱস্থা আৰু আজিৰ আধুনিক ডিজিটেল ডাক সেৱালৈকে ভাৰতৰ ডাক ব্যৱস্থাই দীঘলীয়া পথ অতিক্ৰম কৰিছে।
ডাক সেৱা হৈছে মানুহৰ মাজত যোগাযোগ স্থাপন কৰাৰ এক প্ৰাচীন আৰু গুৰুত্বপূর্ণ মাধ্যম। আধুনিক যুগত মোবাইল আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ বহুলভাৱে বৃদ্ধি পাইছে যদিও ডাক সেৱাৰ প্ৰয়োজনীয়তা আজিও কমি যোৱা নাই। বিশেষকৈ ভাৰতত ভাৰতীয় ডাক বিভাগে জনসাধাৰণক বহুতো গুৰুত্বপূর্ণ সেৱা আগবঢ়াই আহিছে । ডাক সেৱাৰ বাবে মানুহে দূৰ্গম ঠাইত থকা আত্মীয়-স্বজন বা বন্ধুবৰ্গৰ সৈতে চিঠি আৰু পাৰ্চেলৰ জৰিয়তে সংযোগ স্থাপন কৰিব পাৰিছিল আৰু ই দূৰত্বৰ বাধা কমাই আনিছিল।
গ্ৰাম্য অঞ্চল উন্নয়নত ডাক সেৱাৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। বহু দূৰ্গম অঞ্চলত বেংক আদি আধুনিক সুবিধা নাই যদিও ডাকঘৰে চিঠিৰ লগতে সঞ্চয় খাতা, মানি অৰ্ডাৰ, পেঞ্চন আদি সেৱা আগবঢ়াই স্থানীয় লোকসকলক সহায় কৰি আহিছে।অৰ্থনৈতিক দিশত ডাক সেৱাই গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়।ব্যৱসায়ীসকলে পাৰ্চেল সেৱাৰ জৰিয়তে নিজৰ সামগ্ৰী বিভিন্ন ঠাইলৈ পঠাব পাৰে, যাৰ ফলত বেপাৰ-বাণিজ্য বৃদ্ধি পায়।চৰকাৰী কাম-কাজত ডাক সেৱাৰ প্ৰয়োজনীয়তা অত্যন্ত বেছি। চৰকাৰী চিঠি, নথি-পত্ৰ, নোটিচ আদি নিৰাপদভাৱে পঠোৱাৰ বাবে ডাক ব্যৱস্থা আজিও ব্যৱহাৰ কৰা হয়।
শিক্ষাৰ ক্ষেত্ৰতো ডাক সেৱা গুৰুত্বপূর্ণ। পৰীক্ষাৰ এডমিট কাৰ্ড,বহী, ফলাফল, আবেদন পত্ৰ আদি পঠোৱাত ইয়াৰ বিশেষ ভূমিকা আজিও শেষ হোৱা নাই ।
চিঠিত মানুহৰ অন্তৰৰ আৱেগ, সম্পৰ্ক আৰু সময়ৰ ছবি ধৰা পৰে।এসময়ত মানুহৰ মাজত আদান প্ৰদান হোৱা চিঠি পত্ৰ সমূহেও বিশ্বসাহিত্যত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি ক'ব পাৰি।কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পুৰুষানুক্ৰমে সঞ্চয় কৰি থোৱা চিঠি সমূহো অমূল্য সম্পত্তি বুলি কোৱা হৈছে। তেওঁৰ চিঠিৰ সাহিত্যিক আৰু ঐতিহাসিক মূল্য অপৰিসীম।
১৯২৮ চনত জৱাহৰলাল নেহৰু এলাহাবাদত থকা সময়ত তেখেতৰ সৰু কন্যা ইন্দিৰা মুচৌৰীত আছিল। ৰাজনৈতিক কৰ্মসূচীৰ বাবে নেহৰু প্ৰায়ে ঘৰৰ বাহিৰত থাকিব লগীয়া হৈছিল। সেই সময়ত স্নেহৰ কন্যা ইন্দিৰালৈ ধাৰাবাহিকভাৱে বহু চিঠি লিখিছিল। এই চিঠিবোৰ ১৯২৯ চনত একত্ৰিত কৰি কিতাপৰ আকাৰত প্ৰকাশ কৰা হয় । এই কিতাপখনৰ নামেই হ'ল - "Letters from a Father to his Daughter" এই গ্ৰন্থখন কেৱল পিতা-কন্যাৰ মাজৰ প্ৰেমৰ দলিলেই নহয়, ভাৰতীয় ইতিহাস আৰু সভ্যতাৰো এক অনন্য উপহাৰ।
চিত্ৰশিল্পী ভান গখে তেওঁৰ ভাতৃ থিঅ'লৈ লিখা চিঠিসমূহ - "Letters of Vincent van Gogh'' শিল্পকলাৰ এক অনন্য দস্তাবেজ ।
হেলেন হানফ নামৰ এগৰাকী আমেৰিকান লেখিকা আৰু লন্ডনৰ এখন কিতাপৰ দোকানৰ মাজত বছৰৰ পিছত বছৰ ধৰি চলা চিঠি বিনিময়ৰ কাহিনীৰে - ''84, Charing Cross Road '' বিশ্বসাহিত্যৰ এক মনোমোহা গ্ৰন্থ।
মানৱ জীৱনত চিঠি-পত্ৰৰ গুৰুত্ব অতি গভীৰ। আধুনিক যুগত মোবাইল আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ বাঢ়িলেও চিঠিৰ মানসিক, সামাজিক আৰু ঐতিহাসিক মূল্য আজিও অটুট আছে।চিঠিৰ জৰিয়তে মানুহে নিজৰ মনৰ ভাব, সুখ-দুখ, ভালপোৱা, আশা বা বেদনাৰ কথা আন্তৰিকভাৱে প্ৰকাশ কৰিব পাৰে। মুখে ক’ব নোৱাৰা বহু অনুভূতি চিঠিত সহজে লিখিব পাৰি।
চিঠি এক সাহিত্যি - শিল্পও বুলিব পাৰি। বহু চিঠিত ভাষাৰ সৌন্দৰ্য, কাব্যিকতা আৰু ব্যক্তিত্বৰ প্ৰকাশ দেখিবলৈ পোৱা যায়। অসমীয়া সাহিত্যতো চিঠি-সাহিত্যই বিশেষ স্থান দখল কৰি আছে।বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক আবেদনপত্ৰ, ব্যক্তিগত চিঠি, কাৰ্যালয়ী চিঠি লিখা শিক্ষা দিয়া হয়, ইয়াৰ দ্বাৰা ভাষাজ্ঞান, শৃংখলা আৰু ভাব প্ৰকাশৰ দক্ষতা বৃদ্ধি পায়।হাতেলিখা চিঠিৰ মাজত এক বিশেষ আবেগ থাকে। কাগজৰ গোন্ধ, হাতৰ লিখনি আৰু শব্দবোৰে মানুহৰ মন স্পৰ্শ কৰে। সেইবাবে বহুতে আজিও পুৰণি চিঠি সযতনে সাঁচি ৰাখে।
শেষত ক'ব পাৰি যে - চিঠি কেৱল কাগজত লিখা শব্দ নহয় , ই মানুহৰ হৃদয়ৰ ভাষা। আজি প্রযুক্তিৰ যুগত যদিও চিঠিৰ ব্যৱহাৰ কমিছে, তথাপিও ইয়াৰ আবেগিক আৰু সাংস্কৃতিক মূল্য কোনোদিনে শেষ নহয় ।
সুৰজিৎ গোস্বামী।
পানীগাঁও, নগাঁও।
দূৰভাষ নং- ৭০০২৮৬৫৯৬৮





Comments