top of page

দিখৌ পাৰৰ দুখ

"অথিৰ ধন-জন, জীৱন-যৌৱন , অথিৰ এহু সংসাৰ"


মাজে-মাজে জীৱনলৈ বিৰাগ ভাৱ আহে । সকলো অৰ্থহীন যেন লাগে । ধন-সম্পত্তি, ভোগ-বিলাস সকলো তেনেই ক্ষন্তেকীয়া যেন লাগে । নিয়তিয়ে মানুহৰ ভাগ্যক ভেঙুচালি কৰা যেন লাগে । প্ৰকৃতিৰ প্ৰচণ্ড শক্তিৰ কাষত মানুহক নিচেই ক্ষুদ্ৰ যেন লাগে।


ভোগ-বিলাসত মত্ত মানুহে নিজৰ ক্ষুদ্ৰতাক বেছিভাগ সময়তে পাহৰি থাকে । অহংকাৰত উন্মাদ হৈ থাকি প্ৰকৃতিক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰে । প্ৰকৃতি ধ্বংস কৰি নিজৰ সাম্ৰাজ্য বঢ়াব খোজে । আৰু তাৰ বিষময় ফল ভোগ কৰে সহজ- সৰল মানুহে । কেতিয়াবা ধুমুহাৰ ৰূপত , কেতিয়াবা ভূমিকম্পৰ ৰূপত আৰু কেতিয়াবা জলপ্ৰলয়ৰ ৰূপত প্ৰাকৃতিক শক্তিয়ে শেষ কৰি দিয়ে শত-সহস্ৰ মানুহৰ শতিকাজোৰা সপোন ! ধুমুহাই এৰি যায় অহংকাৰৰ ধ্বংসস্তুপ আৰু নদীয়ে এৰি যায় নৈপৰীয়া দুখৰ পলস । তেনে এক দিখৌপৰীয়া দুখৰ সঁচা কাহিনীকে মই ক'বলৈ লৈছোঁ ।


টকা-পইছা বেছি হ'লে মানুহে ভিতৰুৱা গাঁৱৰ পৰা ওলাই নগৰৰ ফালে থাকিবলৈ যায় ।  যেতিয়া হাতত ধন-বিত নাথাকে, সংসাৰ চলোৱা টান হৈ পৰে, তেতিয়া বহু মানুহে নগৰৰ ওচৰৰ পৰা ভিতৰুৱা অঞ্চললৈ, হাবি-বনৰ মাজলৈ বা পাহাৰৰ নামনিলৈ গুচি যায় আৰু লোকচক্ষুৰ আঁৰত ইটো-সিটো কৰি শাক-বন খাই কষ্টৰ মাজত জীৱন নিৰ্বাহ কৰে । এয়া আমাৰ সমাজৰ কিছু দৰিদ্ৰ মানুহৰ এক নিৰ্মম সত্য ।


ৰসেশ্বৰ আৰু সৰুমাইহঁতেও ঠিক তেনেকুৱা কাৰণতে নাজিৰাৰ ওচৰৰ নিজৰ গাঁও এৰি ডেকা বয়সতে বিহুবৰৰ ফালে গুচি গৈছিল, আৰু হাবিতলীয়া ঠাই এখনত সৰু জুপুৰি এটা সাজি থাকিবলৈ লৈছিল । নিজৰ একমাত্ৰ ছোৱালীজনীক থৈ গৈছিল নাজিৰাৰ ওচৰৰ কালুগাঁৱৰ মোমায়েকৰ ঘৰত । সেইসময়ত তেনেকৈ জুপুৰি ঘৰ সাজি থাকিবলৈ গৰাকীবিহীন খালি মাটি  বহুত আছিল বাবে এঘৰ-দুঘৰকৈ গৈ এসময়ত এখন গাঁৱৰেই সৃষ্টি কৰিছিল । সেয়া প্ৰায় পঞ্চাশ বছৰমান আগৰ কথা আছিল।


ৰসেশ্বৰহঁত এতিয়া একপ্ৰকাৰ বয়সীয়াল মানুহ হ'ল যদিও দিখৌ নৈ খনক এতিয়াও জীৱনৰ লগৰী বুলি ভাৱে । জন্মৰ পৰা দেখা নৈখনৰ ওপৰত তেওঁলোকৰ অগাধ বিশ্বাস । নাজিৰাৰ মাজেদি বৈ যোৱা দিখৌ আৰু বিহুবৰৰ ওচৰৰ দিখৌ একেখনেই বাবে ৰসেশ্বৰ হঁতে নিজৰ জন্মঠাই এৰি যোৱাৰ দুখ অনুভৱ নকৰে । আন নহ'লেও দিখৌ খন কাষতেই আছে বুলি সান্তনা লভে । ৰসেশ্বৰ, সৰুমাই হঁতৰ বাবে দেৱ-দেৱী সকলোবোৰ ভগৱান দিখৌৰ বুকুতেই থাকে আৰু সেইবাবে "সকলো বিপদৰ পৰা ৰক্ষা কৰিবা" বুলি পুৱা-গধূলি দিখৌক সেৱা কৰে ।


সেইদিনা পুৱাৰ পৰাই নেৰানেপেৰা বৰষুণ । আগদিনা ওচৰৰে বাঁহনি জোপাত বাঁহ এটা কাটিবলৈ গৈ ৰসেশ্বৰে ভৰিত বৰ বেয়াকৈ দুখ পাইছিল । সৰুমাইৰো গাটো ভাল নহয়। তিনিদিন ধৰি গাৰ বিষ আৰু জ্বৰ । সেইবাবে দুয়োটা কামলৈ ওলাই নগৈ শুই আছিল ।হঠাৎ পানীৰ হৰহৰ শব্দ আৰু মানুহৰ চিঞৰ-বাখৰত ৰসেশ্বৰ-সৰুমাই দুয়ো শোৱাৰ পৰা উঠি বাহিৰলৈ ওলাই আহিল । কিন্তু বিশেষ একো ভাবিবলৈও সুবিধা নিদিয়াকৈ পানীৰ এটা প্ৰবল ঢৌৱে দুয়োকে গতা মাৰি পানীত পেলাই দিলে । সৰুমাই বুলি চিঞৰি ৰসেশ্বৰে পানীৰ মাজতে সৰুমাইক সাবতি ধৰিলে আৰু জেওৰাৰ খুটা এটাত ধৰি খোপনি পিটি ৰ'বলৈ যত্ন কৰিলে । সৰুমায়ে দেখিলে, তাইৰ ছাগলী কেইটা চকুৰ আগেদিয়েই পানীয়ে উটাই লৈ গ'ল । ৰসেশ্বৰে নিজহাতে সজা জুপুৰিটো অলপ সময়ৰ ভিতৰতে পানীয়ে ভাঙি-চিঙি উটাই নিলে । ক্ৰমে পানী বাঢ়ি আহিল আৰু এপাকত জেওৰা খুটাটোৰ সৈতেই ৰসেশ্বৰক পানীৰ সোঁতে টানি নিলে । সিমানৰ পিছতো ৰসেশ্বৰে সৰুমাইৰ হাতখন এৰি দিয়া নাছিল । ৰসেশ্বৰে মন কৰিছিল যে জ্বৰত ভুগি থকা সৰুমাই জনী চেঁচা পানীৰ মাজত থকথককৈ কঁপিছিল । ইতিমধ্যে পানীৰ সোঁতত উটি গৈ সিহঁত দুয়োটা বাঁহনি জোপাৰ ওচৰ পাইছিল। ৰসেশ্বৰে যেনেতেনে এটা বাঁহত এখন হাতেৰে থাপ মাৰি ধৰি দুডাল বাঁহৰ মাজত ক্ষীণ শৰীৰটো সুমুৱাই দিছিল আৰু আনখন হাতেৰে সৰুমাইক গাৰ ওচৰলৈ টানি আনিবলৈ যত্ন কৰিছিল। মুখেৰে অনবৰত চিঞৰিছিল,'সৰুমাই ! তই চকু মেল আৰু বাঁহ এডালত ধৰ । আমি জীয়াই থাকিব লাগিব ।আমাৰ বিয়া নোহোৱাকৈ কালুগাঁৱতে থাকি যোৱা ছোৱালী জনীৰ বাবে ।'


কিন্তু চকু মেলিবলৈ সৰুমাইৰ সময় আৰু শক্তি এটাও নাছিল । জীৱনৰ সময় উকলিছিল তাইৰ । শৰীৰৰ শক্তিও শেষ হৈছিল । হাতৰ মুঠি শিথিল হৈছিল ।  তেনেকুৱাতে আন এটা পানীৰ প্ৰৱল সোঁতে সৰুমাইক ৰসেশ্বৰৰ কাষৰ পৰা বহু দূৰলৈ উটাই লৈ গৈছিল ।


ৰসেশ্বৰে সকলো দেখিছিল , পানীৰ মাজেৰে ওপৰলৈ ওলাই থকা সৰুমাইৰ হাতৰ আঙুলিকেইটাও বহুসময়লৈ ৰসেশ্বৰে দেখি আছিল । কিন্তু সেই জলপ্ৰলয়ৰ মাজত অসহায় হৈ চাই থকাৰ বাদে আন কোনো উপায় নাছিল। সৰুমাই ,সৰুমাই বুলি কান্দি কান্দি দুডাল বাঁহৰ মাজত ৰসেশ্বৰ একপ্ৰকাৰ সংজ্ঞাহীন হৈ বাগৰি পৰিছিল ।


দুদিন পিছত মৃতপ্ৰায় অৱস্থাত ৰসেশ্বৰক উদ্ধাৰ কৰিলে কোনোবা উদ্ধাৰকাৰী দলে আৰু এখন গাড়ীৰে শিমলুগুৰিৰ ফালে লৈ আনিলে । শিমলুগুৰিত বিশিষ্ট চিকিৎসক দম্পতীৰ এখন ক্লিনিক আছে । সেইকেইদিন তেখেতলোক দুয়ো যিমান পাৰে সিমান বানপীড়িতক সহায় কৰিছিল আৰু বিনামূলীয়াকৈ চিকিৎসা দিছিল । ৰসেশ্বৰকো উদ্ধাৰকাৰী দলে ততাতৈয়াকৈ তাতেই সুমুৱাই দিলে আৰু বহুত যত্ন কৰি চিকিৎসক দম্পতীয়ে তেওঁক মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিলে ।কিন্তু সংজ্ঞা ঘূৰাই পোৱাৰ পিছত সৰুমাইক বিচাৰি ৰসেশ্বৰ উন্মাদৰ দৰে হ'ল। অৱশেষত উপায়ন্তৰ হৈ চিকিৎসক দম্পতীয়ে আন এখন গাড়ীত উঠাই ৰসেশ্বৰক পঠিয়াই দিলে জয়সাগৰৰ হস্পিটেললৈ ; য'ত ৰখা হৈছে উদ্ধাৰকাৰী দলে তুলি অনা মৃতপ্ৰায় মানুহৰ লগতে মৰ্গৰ ভিতৰত অলেখ মৃতদেহ । হয়তো তাৰ মাজতেই পৰি আছে ৰসেশ্বৰৰ জীৱন লগৰী সৰুমাইৰ শৰীৰ !!


(সচাঁ ঘটনাৰ আধাৰত লিখা)


ডাঃ হেমন্ত কুমাৰ গোস্বামী

নগাঁও  অসম

দূৰভাষ নং ৯৪৩৫৩১৯৮৪৩

Recent Posts

See All
প্ৰহসন

চিল্ মিলকৈ টোপনি আহিছিলহে , মোবাইলৰ শব্দত সাৰপাই উঠিলো। ডাক্তৰৰ ঘৈণীয়েক হ'লে এইটোৱেই সমস্যা।খোৱা-বোৱা, ফুৰা-চকা ক'তো শান্তি নাইকিয়া হয়। সকলোৱেই ডাক্তৰৰ টকা-পইচা সৰহ হোৱাহে দেখে , কিন্তু ঘৈণীয়েকজনী

 
 
 
অমাতৰ মাত

গৰমৰ বন্ধৰ প্ৰথম দিন। শ্যামলী আৰু শান্তনু আজি পুৱা সোনকালেই শোৱাৰ পৰা উঠিল। আজি আৰু বাৰে-বাৰে আহি সিহঁতক জগাব লগা নহ'ল। আন দিনা হ'লে কিমানবাৰ যে মাত দিব লাগে! তাকে ভাৱি মাক হিচাপে শেৱালী আচৰিত হোৱাৰে

 
 
 
প্ৰত্যাৱৰ্তন

বয়সৰ এটা পৰ্যায়ত মানুহে কেতিয়াবা অনুভৱ কৰে -জীৱনত বহু দিঘলীয়া পথ অতিক্ৰম কৰা হ’ল অথচ অতি নিকট, নিজা , এনেকুৱা এটা চমুপথ থাকি গ’ল য’ত খোজ দিয়ায়েই নহ’ল৷ হেমন্ত গোস্বামীয়ে এই অনুভৱটোকে বহুদিন ধৰি উপেক্ষা

 
 
 

Comments


bottom of page